বিয়াৰ এমাহ পিছতেই শ্বহীদ মেজৰ হামজা আৰিফ; উচুপি উঠিল সমগ্ৰ ইন্দোৰ

Story by  atv | Posted by  Munni Begum • 1 d ago
শ্বহীদ মেজৰ হামজা আৰিফ
শ্বহীদ মেজৰ হামজা আৰিফ
 
আব্দুল ৱাছিম আনছাৰী / ভূপাল
 
যিখন ঘৰত এমাহ পূৰ্বে বিয়াৰ শ্বেহনাই বাজিছিল, সেইখন ঘৰত হঠাতে নামি আহিল শোকৰ ছাঁ। ৰাজস্থানৰ জেইছলমেৰত সংঘটিত এক মৰ্মান্তিক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় ৩১ বছৰীয়া মেজৰ হামজা আৰিফে। যেতিয়া তেওঁৰ নশ্বৰ দেহ ত্ৰিৰংগাত মেৰিয়াই ইন্দোৰলৈ অনা হয়, তেতিয়া তাত উপস্থিত প্ৰতিগৰাকী লোকৰ চকু সেমেকি উঠে। দেশ সেৱাৰ অদম্য হেঁপাহ থকা এইগৰাকী যুৱ বিষয়াৰ আকস্মিক বিদায়ে সমগ্ৰ চহৰখনকে জোকাৰি যায়। ইন্দোৰৰ ইমলী বজাৰস্থিত ছিয়া দাউদী বোহৰা কবৰস্থানত সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে মেজৰ হামজা আৰিফৰ শেষকৃত্য সম্পন্ন কৰা হয়।
 
সেনা জোৱানসকলে তেওঁক 'গাৰ্ড অৱ অনাৰ' প্ৰদান কৰি শেষ বিদায় জনায়। এই সময়ছোৱাত মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ পৰা অহা সেনাৰ বহু জ্যেষ্ঠ বিষয়া, চহৰবাসী, আত্মীয় আৰু বন্ধুবৰ্গ বৃহৎ সংখ্যাত উপস্থিত থাকে। এই দুৰ্ঘটনাটো বৃহস্পতিবাৰে নিশা সংঘটিত হয় যেতিয়া মেজৰ হামজা আৰিফে তেওঁৰ দুজন সতীৰ্থ বিষয়াৰ সৈতে কৰ্তব্য শেষ কৰি সেনাৰ গাড়ীৰে জেইছলমেৰ মিলিটেৰী ষ্টেচনলৈ উভতি আহিছিল।
গাড়ীখন থাইয়াত সামৰিক এলেকাৰ সমীপ পাওঁতেই হঠাতে ৰাস্তাত এটা উটৰ আবিৰ্ভাৱ হয়। আন্ধাৰৰ বাবে গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই উটটোক প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। খুন্দা ইমানেই তীব্ৰ আছিল যে গাড়ীখন ৰাস্তাত বহুদূৰলৈ চুঁচৰি গৈ কেইবাবাৰো লুটি বাগৰ মাৰে। এই দুৰ্ঘটনাত মেজৰ হামজা আৰিফৰ থিতাতে মৃত্যু হয়, আনহাতে তেওঁৰ লগত থকা দুজন লেফটেনেণ্ট গুৰুতৰভাৱে আহত হয়। বৰ্তমান তেওঁলোকৰ সামৰিক চিকিৎসালয়ত চিকিৎসা চলি আছে। এই মৰ্মান্তিক দুৰ্ঘটনাটোত উটটোৰো মৃত্যু হয়।
 
শেষ বিদায়ৰ সময়ত আটাইতকৈ আৱেগিক মুহূৰ্তটো তেতিয়া আহিছিল, যেতিয়া মেজৰগৰাকীৰ পত্নী জ্যোতি অৰোৰাই স্বামীক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হৈছিল। তেওঁলোকৰ বিবাহৰ মাত্ৰ এমাহহে পাৰ হৈছিল। কঁপি থকা হাতেৰে তেওঁ ত্ৰিৰংগাত মেৰিওৱা নশ্বৰদেহটোক চেলুট দিয়ে আৰু নিজৰ আৱেগ ধৰি ৰাখিব নোৱাৰি উচুপি উঠে। 'গাৰ্ড অৱ অনাৰ'ৰ পিছত সেনা বিষয়াসকলে যেতিয়া মেজৰগৰাকীৰ নশ্বৰদেহ মেৰিয়াই অনা সেই ত্ৰিৰংগাখন পত্নীৰ হাতত অৰ্পণ কৰে, তেতিয়া তেওঁ পতাকাকখন বুকুৰ মাজত সাবটি ধৰে। এই হৃদয় বিদাৰক দৃশ্য দেখি তাত উপস্থিত থকা প্ৰতিগৰাকী লোকৰে চকু পানীৰে উপচি পৰে।
 
দেওবাৰে পুৱা ইন্দোৰৰ ছেফী নগৰ মছজিদত ধৰ্মীয় ৰীতি-নীতি অনুসৰি নামাজ পঢ়া হয়। ইয়াৰ পিছত নশ্বৰদেহটো সেনাৰ এখন বিশেষ বাহনত শেষ যাত্ৰাৰ বাবে লৈ যোৱা হয়। জানাজাৰ যাত্ৰা ছেফী নগৰৰ পৰা আৰম্ভ হৈ মাণিকবাগ দলং, কালেক্টৰ চক, ৰাজবাড়া আৰু সদৰ বজাৰ হৈ ইমলী বজাৰ কবৰস্থানত উপস্থিত হয়গৈ। সমগ্ৰ ৰাস্তাত মানুহে নিজৰ ঘৰ আৰু দোকানৰ সন্মুখত থিয় হৈ মেজৰগৰাকীক চেলুট দিয়ে।
 
যেতিয়া সেনাৰ বাহনখন ঐতিহাসিক ৰাজবাড়াত উপস্থিত হয়, তাত আগৰে পৰাই এক বিশাল জনতাৰ সমাগম ঘটিছিল। সমগ্ৰ অঞ্চলটো "ভাৰত মাতা কী জয়" আৰু "মেজৰ হামজা আৰিফ অমৰ ৰহে" শ্ল’গানেৰে মুখৰিত হৈ পৰে। মানুহে হাতযোৰ কৰি আৰু চেলুট দি নিজৰ বীৰ জোৱানজনক শ্ৰদ্ধাঞ্জলি জনায়। কবৰস্থানত সেনাই 'গাৰ্ড অৱ অনাৰ' প্ৰদান কৰে আৰু ইয়াৰ পিছত ধৰ্মীয় ৰীতি-নীতিৰে তেওঁক সুপুৰ্দ-এ-খাক (কৱৰস্থ) কৰা হয়।
 
শ্বহীদ মেজৰ হামজা আৰিফ
 
পুত্ৰৰ বিয়োগত ম্ৰিয়মাণ হৈ পৰা মেজৰ হামজাৰ পিতৃ ফখৰুদ্দিনে জনোৱা মতে, তেওঁৰ পুত্ৰৰ মাত্ৰ এমাহ পূৰ্বেহে বিবাহ সম্পন্ন হৈছিল। বিয়াৰ পিছত কেইদিনমানৰ ছুটী কটাই তেওঁ পুনৰ নিজৰ ডিউটীলৈ উভতি গৈছিল। তেওঁ যোৱা ৯ বছৰ ধৰি ভাৰতীয় সেনাত সেৱা আগবঢ়াই আছিল। তেওঁ লেফটেনেণ্ট হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু পদোন্নতি লাভ কৰি কেপ্টেইন আৰু তাৰ পিছত মেজৰ পদত অধিষ্ঠিত হয়।
 
মেজৰ হামজাৰ কলেজীয়া বন্ধু হাৰ্দিকে জনায় যে তেওঁলোকে একেলগে ইঞ্জিনীয়াৰিং পঢ়িছিল। হামজা পঢ়া-শুনাত যথেষ্ট মেধাৱী আছিল। তেওঁ বিচৰা হ'লে কোনো ডাঙৰ IT কোম্পানীত যোগদান কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ দেশ সেৱাৰ পথহে বাছি লৈছিল। বন্ধুমহলৰ ভিতৰত তেৱেঁই আটাইতকৈ প্ৰথমে সেনাত যোগদান কৰিছিল। বন্ধুসকলে আৱেগিক হৈ কয় যে, Friendship Day-ৰ দিনাখন নিজৰ বন্ধুক এনেদৰে বিদায় দিবলগীয়া হোৱাটো সঁচাকৈয়ে অত্যন্ত দুখজনক আৰু মৰ্মান্তিক।
 
মেজৰ হামজা আৰিফৰ এই শ্বহীদ হোৱা ঘটনাই সমগ্ৰ ইন্দোৰ চহৰকে শোকস্তব্ধ কৰি তুলিছে। এজন মেধাৱী, প্ৰতিভাৱান তথা দেশপ্ৰেমী সামৰিক বিষয়াৰ এনেদৰে অকাল প্ৰস্থান কেৱল তেওঁৰ পৰিয়ালৰ বাবেই নহয়, সমগ্ৰ দেশৰ বাবে এক অপূৰণীয় ক্ষতি।