২০২৭ চনৰ লোকপিয়লৰ বাবে ৰাজ্যজুৰি চলা ৰাইজৰ সচেতনতা অভিযানৰ ক্ষেত্ৰত এই শুভাৰম্ভণি এক গুৰুত্বপূৰ্ণ পদক্ষেপ। দেশজুৰি হ’বলগীয়া লোকপিয়ল কাৰ্যসূচীত নাগৰিকসকলক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰাই হৈছে ইয়াৰ মূল উদ্দেশ্য।
জুবিন গাৰ্গৰ সোঁৱৰণত বন্তি প্ৰজ্বলনেৰে এই কাৰ্যসূচীৰ আৰম্ভণি হয়। লগতে, লোকপিয়লৰ সচেতনতা অভিযানলৈ তেওঁ গোৱা এই গীতটিক এক চিৰস্থায়ী অৱদান বুলি অভিহিত কৰা হয়।
গীতটি কোকৰাঝাৰৰ উপ-আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে লিখিছিল। গীতটিৰ জৰিয়তে লোকপিয়লৰ গুৰুত্ব আৰু দেশ গঢ়াৰ ক্ষেত্ৰত প্ৰতিগৰাকী নাগৰিকৰ ভূমিকাৰ কথা দাঙি ধৰিছে।
উল্লেখযোগ্য যে, ৰাজ্যত দুটা পৰ্যায়ত লোকপিয়ল ২০২৭ৰ স্ব-গণনা ২ আগষ্টৰ পৰা আৰম্ভ হৈছে। এইবাৰ প্ৰথমবাৰৰ বাবে এজন ব্যক্তিয়ে নিজেই লোকপিয়লৰ গণনাৰ অংশীদাৰ হ'ব পাৰিব। অৱশ্যে স্ব-গণনা বাধ্যতামূলক নহয়।
স্ব-গণনা কৰিলে বা নকৰিলেও গণনাকাৰী বিষয়া ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিব। আনহাতে বান পৰিস্থিতিৰ বাবে শিৱসাগৰ আৰু চৰাইদেউ জিলাত লোকপিয়লৰ এই প্ৰক্ৰিয়া সাময়িকভাৱে স্থগিত ৰখা হৈছে।
লক্ষণীয় বিষয় যে এইবাৰৰ লোকপিয়লত ব্যক্তিগত খাদ্যাভাষৰ তথ্যও সন্নিবিষ্ট থাকিব। অৱশ্যে লোকপিয়লৰ যোগেদি লাভ কৰা সকলো ব্যক্তিগত তথ্য গোপনীয়ভাৱে নেশ্বনেল ডাটা চেণ্টাৰত সংৰক্ষিত থাকিব।
শেহতীয়াকৈ অনুষ্ঠিত হোৱা এক সংবাদ মেলত লোকপিয়ল সঞ্চালকালয় অসমৰ সঞ্চালক বিশ্বজিৎ পেগুৱে কৈছিল যে ২ আগষ্টৰ পৰা আৰম্ভ হোৱা লোকপিয়লৰ স্ব-গণনা প্ৰক্ৰিয়া ১৬ আগষ্টলৈ চলি থাকিব। ইয়াৰ পিছত ১৭ আগষ্টৰ পৰা গৃহ তালিকাকৰণ আৰু গৃহ গণনা আৰম্ভ হ'ব। গণনাকাৰী বিষয়াসকল ১৭ আগষ্টৰ পৰা ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিব। এই প্ৰক্ৰিয়া ১৭ ছেপ্টেম্বৰলৈ চলিব।
প্ৰতিনিধিত্বমূলক ছবি
ৰাজ্যৰ ৩৫ খন জিলাত এইবাৰৰ লোকপিয়ল হ'ব। ২০১১ৰ লোকপিয়ল ২৭ খন জিলাত হৈছিল। গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰাৰ সময়ত ৩৪ টা প্ৰশ্ন কৰিব। আনহাতে স্ব-গণনাৰ বাবে ১৬ টা ভাষা প্ৰযোজ্য কৰা হৈছে। ১৫ দিনৰ বাবে থকা এই স্ব-গণনাত প'ৰ্টেলৰ যোগেদি যিকোনো ভাষা বাচনি কৰি তথ্যসমূহ সন্নিবিষ্ট কৰিব পাৰিব। এই প্ৰক্ৰিয়াটো সম্পন্ন হ'লে এটা ইউনিক আই ডি নম্বৰ উপলব্ধ হ'ব। সেই নম্বৰটো গণনাকাৰী বিষয়া ঘৰলৈ অহাৰ সময়ত দেখুৱালে কম সময়তে সমগ্ৰ প্ৰক্ৰিয়াটো সম্পন্ন হ'ব।
এইবাৰৰ লোকপিয়লৰ সমগ্ৰ প্ৰক্ৰিয়াটো প্ৰযুক্তিগতভাৱে হ'ব। ইয়াত কাগজৰ ব্যৱহাৰ নহ'ব। ডিজিটেলি সকলোখিনি কৰা হ'ব। স্ব-গণনাৰ বাবে "se.census.gov.in"ত গৈ লগইন কৰি তথ্য দাখিল কৰিব পাৰিব। এই প্ৰক্ৰিয়াটো যথেষ্ট সহজ। আনহাতে অধিক তথ্য জানিবৰ বাবে ১৮৫৫ টোল ফ্ৰী নম্বৰ মুকলি কৰা হৈছে।
লোকপিয়ল ১৮৭২ চনৰ পৰা ১৬ বাৰ হৈছে আৰু স্বাধীনতাৰ পাছত ৮ বাৰ হৈছে। ২০১১ চনত শেহতীয়া লোকপিয়ল হৈছিল। এইবাৰৰ অৰ্থাৎ লোকপিয়ল ২০২৭ৰ তালিকা প্ৰকাশ পাব ২০২৭ চনৰ পহিলা মাৰ্চত। লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ জনসংখ্যা গণনা ২০২৭ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব।