চন্দ্ৰপুৰত ইছৰোৰ এডভান্সড ৰাডাৰ ৰিছাৰ্চ চেণ্টাৰৰ আধাৰশিলা স্থাপন

Story by  atv | Posted by  Munni Begum • 50 m ago
চন্দ্ৰপুৰত ইছৰোৰ এডভান্সড ৰাডাৰ ৰিছাৰ্চ চেণ্টাৰৰ আধাৰশিলা স্থাপন
চন্দ্ৰপুৰত ইছৰোৰ এডভান্সড ৰাডাৰ ৰিছাৰ্চ চেণ্টাৰৰ আধাৰশিলা স্থাপন
 
গুৱাহাটী
 
গুৱাহাটীৰ সমীপৱৰ্তী চন্দ্ৰপুৰত আজি (সোমবাৰ) ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইছৰোৰ প্ৰকল্প নেত্ৰাৰ অংশৰূপে এই কেন্দ্ৰটো স্থাপন কৰা হৈছে।
 
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এই কথা ঘোষণা কৰে আৰু অসম এনে অত্যাধুনিক ৰাষ্ট্ৰীয় আন্তঃগাঁথনিৰ কেন্দ্র হ’বলৈ যোৱাটো অতি সন্তুষ্টিৰ বিষয় বুলি উল্লেখ কৰে৷
সোমবাৰে 'এক্স'ৰ এটা পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "অসমৰ বাবে এক ঐতিহাসিক মুহূৰ্ত। আজি চন্দ্ৰপুৰত ইছৰোৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰা হব। নেত্ৰা প্ৰকল্পৰ অংশ হিচাপে নিৰ্মাণ হ’বলগীয়া এই অত্যাধুনিক কেন্দ্ৰটোৱে মহাকাশত থকা বিভিন্ন উপাদানৰ গতিবিধি নিৰীক্ষণৰ লগতে ভাৰতৰ গুৰুত্বপূৰ্ণ মহাকাশ সম্পদসমূহ সুৰক্ষিত ৰখাৰ সক্ষমতা অধিক শক্তিশালী কৰিব।"
 
তেওঁ লগতে কয়, "এসময়ত ভাৰতৰ প্ৰধান প্ৰযুক্তি কেন্দ্ৰস্থলসমূহৰ পৰা বহু দূৰত বুলি বিবেচিত হোৱা অসমৰ ভূমিত আজি এনে অত্যাধুনিক ৰাষ্ট্ৰীয় আন্তঃগাঁথনি গঢ় লৈ উঠাটো আমাৰ সকলোৰে বাবে সঁচাকৈয়ে গভীৰ সন্তুষ্টিৰ বিষয়।" 
 
মুখ্যমন্ত্ৰীয়ে লগতে কয়, "এই কৌশলগত ৰাষ্ট্ৰীয় প্ৰকল্পৰ বাবে অসমক বাছনি কৰাৰ লগতে ৰাজ্যখনক ভাৰতৰ মহাকাশ আৰু প্ৰযুক্তিৰ মানচিত্ৰত এক নতুন স্থান প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।"
 
উল্লেখ্য যে, অসম চৰকাৰে এই প্ৰকল্পৰ বাবে ২০০ বিঘা (প্ৰায় ৬.৬১ একৰ) মাটি আৱণ্টন দিছে। এই প্ৰকল্পৰ লক্ষ্য হৈছে মহাকাশৰ বস্তু নিৰীক্ষণ, কক্ষপথৰ ধ্বংসাৱশেষ অনুসৰণ, ভাৰতৰ মহাকাশ পৰিস্থিতি সজাগতা (SSA) ক্ষমতা শক্তিশালী কৰাৰ বাবে এটা নিৰীক্ষণ আৰু অনুসৰণ কেন্দ্ৰ গঢ়ি তোলা।