কাশ্মীৰত চুফীবাদৰ পৰম্পৰাৰ ভেটি স্থাপন কৰা বুলবুল শ্বাহৰ পৱিত্ৰ দৰগাহ আজিও ভক্তৰ আস্থাৰ কেন্দ্ৰ

Story by  atv | Posted by  Munni Begum • 16 h ago
 বুলবুল শ্বাহৰ পৱিত্ৰ দৰগাহ
বুলবুল শ্বাহৰ পৱিত্ৰ দৰগাহ
 
এহছান ফাজিলী/শ্ৰীনগৰ
 
শ্ৰীনগৰৰ পুৰণি চহৰৰ সৰু পথবোৰেৰে আগবাঢ়িলে প্ৰায়ে চকুত পৰে সেই পুৰণি আৰু নতুন স্থাপত্যবোৰ, যিবোৰ স্থাপত্যই আজিও একেলগে অতীতৰ ব্যস্ত নগৰ জীৱনৰ স্মৃতি জীয়াই ৰাখিছে। নৱাকদল দলঙৰ পৰা প্ৰায় ৫০ গজ আঁতৰত থকা এনে এটা পথ, যিটো কাশ্মীৰৰ প্ৰথমজন চুফী সন্ত ছৈয়দ শ্বাৰফ-উদ-দীন আব্দুৰ ৰহমানৰ পৱিত্ৰ দৰগাহলৈ যায়। জনসাধাৰণৰ মাজত তেওঁ বুলবুল শ্বাহ নামেৰে সুপৰিচিত। 
 
ঝিলম নদী (স্থানীয়ভাৱে ভেথ)ৰ সোঁপাৰত অৱস্থিত এই দৰগাহ বুলবুল লংকাৰ নামৰ অঞ্চলত অৱস্থিত। এই অঞ্চলৰ নামো বুলবুল শ্বাহৰ নামৰ পৰাই আহিছে। বিশ্বাস কৰা হয় যে, ১৪শ শতিকাৰ আৰম্ভণিতে তেওঁৰ আধ্যাত্মিক শিক্ষা আৰু মানৱসেৱাৰ আদৰ্শ অনুসৰি ইয়াত কাশ্মীৰৰ প্ৰথম লংগৰ (সকলোৰ বাবে বিনামূলীয়া আহাৰৰ ব্যৱস্থা) আৰম্ভ কৰা হৈছিল। বছৰৰ পিছত বছৰ ধৰি এই দৰগাহত মূলতঃ স্থানীয় ভক্তসকলৰ ভিৰ লাগি থাকে। ইতিহাসবিদসকলৰ মতে, এই স্থানেই কাশ্মীৰৰ প্ৰথম খানকাহ (চুফী সাধনাকেন্দ্ৰ), যি তুৰ্কিস্তানৰ পৰা কাশ্মীৰলৈ আহি ইছলামৰ বাণী প্ৰচাৰ কৰা প্ৰথমজন চুফী সাধক বুলবুল শ্বাহৰ স্মৃতিত নিৰ্মাণ কৰা হৈছিল।
 
 
আজিও এই দৰগাহ আধ্যাত্মিক সাধনা, উপাসনা আৰু ভক্তিৰ এক সজীৱ কেন্দ্ৰ হিচাপে পৰিচিত। নৱাকদলস্থিত চৰকাৰী মহিলা মহাবিদ্যালয়ৰ ঠিক বিপৰীতফালে, দলঙৰ আনটো মূৰত ইয়াৰ অৱস্থান। ইতিহাস অনুসৰি, ইয়াৰ ওচৰতে এসময়ত কাশ্মীৰৰ তেতিয়াৰ শাসক ৰিঞ্চন শ্বাহৰ ৰাজপ্ৰাসাদ আছিল। নৱাকদলৰ পৰা বুলবুল শ্বাহৰ দৰগাহৰ সন্মুখেৰে যোৱা সৰু পথটোৱে ঐতিহাসিক এছ আৰ গঞ্জ, অৰ্থাৎ মহাৰাজগঞ্জ বজাৰলৈ যায়। ১৮৭১ চনত প্ৰতিষ্ঠা হোৱা এই বজাৰ আজিও কাশ্মীৰৰ অন্যতম গুৰুত্বপূৰ্ণ পাইকাৰী বাণিজ্যিক কেন্দ্ৰ।  
 
দৰগাহৰ পৰিচালনা সমিতিৰ এজন জ্যেষ্ঠ সদস্যই কয়, "শ্বাহ-ই-হামাদান (মীৰ ছৈয়দ আলী হামাদানী) কাশ্মীৰলৈ অহাৰ ৫৯ বছৰৰ আগতেই বুলবুল শ্বাহ ইয়ালৈ আহিছিল।" তেওঁৰ মতে, শ্বাহ-ই-হামাদানৰ আগতে কাশ্মীৰত ইছলামৰ বাণী প্ৰচাৰৰ উদ্দেশ্যে অহা তিনিজন বিশিষ্ট আলিম আৰু চুফী আছিল ক্ৰমে, বুলবুল শ্বাহ (ছৈয়দ শ্বাৰফ-উদ-দীন আব্দুৰ ৰহমান), যি চুহৰাৱৰ্দী তৰীকাৰ অন্তৰ্গত আছিল। ছৈয়দ তাজুদ্দীন, যাক শ্বাহ-ই-হামাদানে কাশ্মীৰৰ পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে আগতীয়াকৈ প্ৰেৰণ কৰিছিল। মীৰ ছৈয়দ হাছান চেমনানী, যি শ্বাহ-ই-হামাদানৰ ঘনিষ্ঠ সহযোগী আৰু দূত আছিল।
 
দৰগাহৰ প্ৰৱেশদ্বাৰৰ সোঁফালে শেহতীয়াকৈ স্থাপন কৰা ক'লা মাৰ্বেলৰ এখন ফলকত উৰ্দু ভাষাৰ লগতে ইংৰাজীতো বুলবুল শ্বাহৰ জীৱন, কাশ্মীৰলৈ আগমন আৰু তেওঁৰ ধৰ্মীয় শিক্ষাৰ সংক্ষিপ্ত বিৱৰণ লিপিবদ্ধ কৰা হৈছে। ফলকখনত লিখা আছে, "ছৈয়দ শ্বাৰফ-উদ-দীন, যিজন বুলবুল শ্বাহ চাহাব নামেৰে অধিক পৰিচিত, তেওঁ শ্বাহ নিয়ামত উল্লাহ ফাৰ্ছীৰ শিষ্য আছিল। শ্বাহ নিয়ামত উল্লাহ ফাৰ্ছী আকৌ শ্বেখ শিহাব-উদ-দীন চুহৰাৱৰ্দীৰ শিষ্য আছিল। ছৈয়দ শ্বাৰফ-উদ-দীনৰ আদি নিবাস আছিল তুৰ্কিস্তানৰ।" 
 
বুলবুল শ্বাহৰ পৱিত্ৰ দৰগাহ
 
নিজৰ আধ্যাত্মিক গুৰুৰ ইচ্ছা অনুসৰি ছৈয়দ শ্বাৰফ-উদ-দীন (বুলবুল শাহ) কাশ্মীৰৰ ৰজা সাহদেৱ (খ্ৰীষ্টাব্দ ১৩০১–১৩২০)ৰ শাসনকালত উপত্যকাটোলৈ আহিছিল। তেওঁক কাশ্মীৰৰ ইতিহাসত প্ৰথমজন পৰিচিত চুফী সাধক হিচাপে গণ্য কৰা হয়। 
 
তেওঁৰ আটাইতকৈ উল্লেখযোগ্য অৱদান আছিল তেতিয়াৰ বৌদ্ধ শাসক ৰিঞ্চন শ্বাহ (খ্ৰীষ্টাব্দ ১৩২০–১৩২৩)ক ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ উদ্বুদ্ধ কৰা। ইছলাম গ্ৰহণ কৰাৰ পিছত ৰিঞ্চন শ্বাহে শ্বাদৰ-উদ-দীন নাম গ্ৰহণ কৰিছিল। বুলবুল শ্বাহৰ প্ৰতি সন্মান আৰু কৃতজ্ঞতা স্বৰূপে তেওঁ তেওঁৰ নামত এখন খানকাহ নিৰ্মাণ কৰায় আৰু ইয়াৰ বাবে কৰমুক্ত ভূমিও দান কৰে। ইতিহাসবিদসকলৰ মতে, এইখনেই কাশ্মীৰৰ প্ৰথম খানকাহ আছিল। ইয়াৰ লংগৰ ইমানেই জনপ্ৰিয় হৈ উঠিছিল যে, যি মহল্লাত এই খানকাহ নিৰ্মাণ কৰা হৈছিল, সেয়া পৰৱৰ্তী সময়ত বুলবুল লংকৰ নামেৰে পৰিচিত  হৈছিল।
 
দৰগাহ পৰিচালনা সমিতিৰ সভাপতি অৱেইছ কৰীম কানুৱে জনোৱা মতে, ইছলামী চন্দ্ৰ পঞ্জিকা অনুসৰি প্ৰতিবছৰে ৭ ৰজব তাৰিখে বুলবুল শ্বাহৰ বাৰ্ষিক উৰুছ উদ্‌যাপন কৰা হয়। এই অনুষ্ঠানত মূলতঃ স্থানীয় ভক্তসকলৰ বিপুল সমাগম ঘটে। দিনটোত বিশেষ দোআ অনুষ্ঠিত কৰা হয় আৰু পিছদিনা মৌলুদ পাঠৰ আয়োজন কৰা হয়। ইয়াৰ উপৰিও, ইছলামী পঞ্জিকাৰ প্ৰতিটো মাহৰ সপ্তম দিনা দৰগাহত বিশেষ উপাসনা আৰু দোআ অনুষ্ঠিত হয়। এই সকলো অনুষ্ঠানত শতাধিক পুৰুষ আৰু মহিলা ভক্তই উপস্থিত হৈ শ্ৰদ্ধা নিবেদন কৰে। 
 
বুলবুল শ্বাহৰ পৱিত্ৰ দৰগাহ
 
দৰগাহৰ পৰিচালনা সমিতিয়ে দৰগাহৰ সংৰক্ষণ, ধৰ্মীয় অনুষ্ঠান, লংগৰৰ ব্যৱস্থা, ধৰ্মীয় বয়ান, পৱিত্ৰ নিদৰ্শন (ৰেলিক) প্ৰদৰ্শন আদি সকলো দায়িত্ব পালন কৰে। ইয়াৰ লগতে শিশু-কিশোৰৰ বাবে এখন দৰছগাহ (ধৰ্মীয় শিক্ষাকেন্দ্ৰ) চলাই থকা হৈছে, য'ত বৰ্তমান প্ৰায় ৪০ জন শিক্ষাৰ্থীয়ে শিক্ষা লাভ কৰি আছে।  
 
পুৰুষ-মহিলা নিৰ্বিশেষে প্ৰতিদিনে অসংখ্য ভক্তই দৰগাহত উপস্থিত হৈ বুলবুল শ্বাহৰ মাজাৰত শ্ৰদ্ধা নিবেদন কৰে। মহিলা ভক্তসকলৰ বাবে মাজাৰ বা ৰোজা(শ্ৰদ্ধাৰ বিশ্ৰাম স্থান)লৈ যোৱাৰ পৃথক পথৰ ব্যৱস্থা কৰা আছে। বুলবুল শ্বাহৰ কবৰৰ কাষতে তেওঁৰ মাতৃকুলীয়া ককাক, বিশিষ্ট আলিম আৰু আধ্যাত্মিক পথপ্ৰদৰ্শক মুল্লা মহম্মদ আহমদৰ সমাধিও অৱস্থিত।  
 
পৰিচালনা সমিতিৰ জ্যেষ্ঠ সদস্য জাভেদ আহমদ মাট্টুৱে জনায় যে, যোৱা বছৰত উত্তৰ প্ৰদেশৰ চাহাৰানপুৰৰ পৰা চুহৰাৱৰ্দী তৰীকাৰ সৈতে সম্পৰ্কিত এটি পৰিয়াল এই দৰগাহ দৰ্শন কৰিবলৈ আহিছিল। ইয়াৰ উপৰিও, দেশৰ বিভিন্ন প্ৰান্তৰ বহু অনুসাৰীয়ে সময়ে সময়ে চুহৰাৱৰ্দী তৰীকাৰ প্ৰতি নিজৰ আস্থা প্ৰকাশ কৰিবলৈ এই পৱিত্ৰ স্থানলৈ আহি থাকে। 
 
বুলবুল শ্বাহৰ পৱিত্ৰ দৰগাহ
 
ঐতিহাসিক খানকাহ-ই-বুলবুল শ্বাহ তিনিটা গুৰুত্বপূৰ্ণ অংশৰে গঠিত। ইয়াৰ মূল দৰগাহটো ৰাজ্য চৰকাৰৰ সহযোগত নিৰ্মাণ কৰা হয়। ২০০৬ চনত ইয়াৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল। এই দৰগাহৰ ভিতৰত বুলবুল শ্বাহ আৰু তেওঁৰ আধ্যাত্মিক পথপ্ৰদৰ্শকৰ মাজাৰ অৱস্থিত। দৰগাহৰ সন্মুখৰ ঝিলম নদীমুখী সেউজীয়া প্ৰাংগণত ইছলাম গ্ৰহণৰ পিছত শ্বাদৰ-উদ-দীন নামেৰে পৰিচিত হোৱা ৰিঞ্চন শ্বাহৰ স্মৃতিসৌধ (Cenotaph) স্থাপন কৰা হৈছে, যিয়ে কাশ্মীৰৰ ইতিহাসত চুফীবাদ আৰু ইছলামৰ প্ৰসাৰৰ এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ স্মৃতি বহন কৰি আছে। 
 
বৰ্তমান সমাধিৰ আৱৰণৰ ভিতৰত থকা ৰিঞ্চন শ্বাহৰ স্মৃতিসৌধ ১৯৯০ চনৰ ওচৰতে ৰাজ্যৰ আৰ্কাইভছ বিভাগে পুনৰ চিনাক্ত কৰিছিল বুলি স্থানীয় লোকসকলে জনায়। যি স্থানত ৰিঞ্চন শ্বাহ (পিছলৈ শ্বাদৰ-উদ-দীন)ৰ শাসনকালত মূল খানকাহ নিৰ্মাণ কৰা হৈছিল, সেই ঠাইত এতিয়া জামিয়া মছজিদ 'মছজিদ-ই-হানফিয়া' অৱস্থিত। 
 
ইতিহাস অনুসৰি, এই খানকাহ কেইবাবাৰো পুনৰ নিৰ্মাণ কৰা হৈছিল। কিন্তু বিংশ শতিকাত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত ই সম্পূৰ্ণৰূপে ভষ্মিভূত হৈ ধ্বংস হয়। আঠজনীয়া পৰিচালনা সমিতিৰ জ্যেষ্ঠ সদস্য আলী মহম্মদ ৱানীয়ে অতীতৰ স্মৃতি ৰোমন্থন কৰি কয়, “মোৰ শৈশৱকালতেই খানকাহখন অগ্নিকাণ্ডত ভস্মীভূত হৈছিল। সেই সময়ত আমি শিশুসকলে সেই ঠাইত খেল-ধেমালি কৰিছিলোঁ।”   
 
দৰগাহত সংৰক্ষিত শিলালিপি অনুসৰি, বুলবুল শ্বাহৰ স্মৃতিত নিৰ্মিত এই মছজিদ বা খানকাহ প্ৰথমবাৰৰ বাবে ৭২০ হিজৰী (খ্ৰীষ্টাব্দ ১৩২০) চনত নিৰ্মাণ কৰা হৈছিল। বৰ্তমান দেখা পোৱা মছজিদ-খানকাহৰ কাঠামো ১৩৯৯ হিজৰী (খ্ৰীষ্টাব্দ ১৯৭৯) চনত নিৰ্মাণ কৰা হয়।
  
বুলবুল শ্বাহৰ পৱিত্ৰ দৰগাহ
 
বুলবুল শ্বাহৰ জন্ম ত্ৰয়োদশ শতিকাত এটা উইঘুৰ মুছলিম পৰিয়ালত হৈছিল। তেওঁ সেই সময়ৰ খ্যাতনামা চুফী পণ্ডিত শ্বেখ শ্বাহাবুদ্দীন চুহৰাৱৰ্দী আৰু ছৈয়দ শ্বাহ নিয়ামতুল্লাহ আদি মহান আধ্যাত্মিক গুৰুৰ ওচৰত চুফীবাদৰ শিক্ষা গ্ৰহণ কৰিছিল। পিছলৈ চুফীবাদৰ আদৰ্শ আৰু আধ্যাত্মিক শিক্ষাৰ জৰিয়তে ইছলামৰ বাণী প্ৰচাৰ কৰাৰ উদ্দেশ্যে তেওঁ ধৰ্মীয় যাত্ৰা আৰম্ভ কৰিছিল। আধ্যাত্মিক নিৰ্দেশ অনুসৰি তেওঁ প্ৰায় ১৩০২ খ্ৰীষ্টাব্দত কাশ্মীৰত উপস্থিত হোৱা বুলি বিশ্বাস কৰা হয়।
 
খ্ৰীষ্টাব্দ ১৩২৭ (৭২৬ হিজৰী) চনত বুলবুল শ্বাহৰ মৃত্যু হয়। শ্ৰীনগৰৰ নৱাকদলৰ ওচৰৰ বৰ্তমানৰ বুলবুল লংকৰত অৱস্থিত তেওঁৰ খানকাহৰ কাষতেই তেওঁক সমাধিস্থ কৰা হয়। বুলবুল শ্বাহ নামৰ সৈতে এটা জনপ্ৰিয় কাহিনীও জড়িত হৈ আছে। কোৱা হয়, এদিন তেওঁ ঝিলম নদীৰ পাৰত অজু কৰি থকা সময়ত এটা বুলবুল চৰাই (পাৰ্চী ভাষাত বুলবুল) দেখা পাইছিল।
 
তেওঁৰ শিষ্যসকলে সেই চৰাইটোৰ উৰি যোৱা আৰু হঠাতে অন্তৰ্ধান হৈ যোৱাক তেওঁৰ আত্মাৰ আধ্যাত্মিক উৎকৰ্ষৰ এক প্ৰতীক হিচাপে ব্যাখ্যা কৰিছিল। এই ঘটনাৰ পিছত বুলবুল শ্বাহে তেওঁৰ এজন শিষ্যক এক অলৌকিক আধ্যাত্মিক অভিজ্ঞতাৰ অনুভৱ কৰোৱাইছিল বুলি জনশ্ৰুতি আছে। তাৰ পিছৰে পৰাই তেওঁ ‘বুলবুল শ্বাহ’ নামেৰে সৰ্বসাধাৰণৰ মাজত জনপ্ৰিয় হৈ পৰে।