নতুন ৰূপত কাশ্মীৰৰ চুফী ঐতিহ্যৰ উজ্জ্বল প্ৰতীক খানকাহ-ই-ফৈজ পানাহ

Story by  atv | Posted by  Munni Begum • 1 d ago
খানকাহ-ই-ফৈজ পানাহ
খানকাহ-ই-ফৈজ পানাহ
 
এহছান ফজিলী / শ্ৰীনগৰ 
 
কাশ্মীৰ উপত্যকাৰ অন্যতম ঐতিহাসিক আৰু আধ্যাত্মিক কেন্দ্ৰ খানকাহ-ই-ফৈজ পানাহ, ত্ৰাল চুফী মহাপুৰুষ মীৰ ছৈয়দ আলী হামাদানী (শ্বাহ-ই-হামাদান)ৰ স্মৃতিত উৎসৰ্গিত। উপত্যকাটোৰ উল্লেখযোগ্য খানকাহসমূহৰ ভিতৰত ই অন্যতম। ইতিহাস অনুসৰি, শ্বাহ-ই-হামাদান আৰু তেওঁৰ পুত্ৰ মীৰ মহম্মদ হামাদানীৰ তত্ত্বাৱধানত কাশ্মীৰৰ পৰা কাশ্বগৰলৈ মুঠ ৫১টা খানকাহ স্থাপন কৰা হৈছিল। ত্ৰাল চহৰৰ মাজমজিয়াত, শ্ৰীনগৰৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ দূৰত দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাত অৱস্থিত এই খানকাহটো কাশ্মীৰ উপত্যকাত মীৰ মহম্মদ হামাদানীৰ তত্ত্বাৱধানত নিৰ্মাণ হোৱা ১৬টা খানকাহৰ ভিতৰত অন্যতম।   
 
চতুৰ্দশ শতিকাত চুলতান ছিকান্দৰৰ শাসনকালত নিৰ্মিত এই শতাব্দী প্ৰাচীন কাঠৰ স্থাপত্যটো ১৯৯৭ চনৰ ১৬ ডিচেম্বৰত ৰহস্যজনক অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল। কিন্তু সুদীৰ্ঘ প্ৰায় তিনিটা দশক ধৰি নানা বাধা-বিপত্তিৰ সন্মুখীন হোৱাৰ পিছত এতিয়া ইয়াৰ পুনৰ নিৰ্মাণৰ কাম অন্তিম পৰ্যায়ত উপনীত হৈছে। 
 
 
জম্মু-কাশ্মীৰ ৱাক্ফ ব'ৰ্ডৰ অধ্যক্ষা ড° ছৈয়দ দৰাখছন আন্দ্ৰাবীৰ মতে, ২০২৫ চনত ৱাক্ফ ব'ৰ্ডে এই পুনৰ নিৰ্মাণৰ দায়িত্ব গ্ৰহণ কৰিছে আৰু ইয়াৰ পিছত কাম দ্ৰুতগতিত আগবাঢ়িছে আৰু চলিত বৰ্ষৰ ছেপ্টেম্বৰৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছে। এই প্ৰকল্পটো প্ৰথমে জম্মু-কাশ্মীৰ পৰ্যটন বিভাগে আৰম্ভ কৰিছিল আৰু জম্মু আৰু কাশ্মীৰৰ প্ৰজেক্টছ কনষ্ট্ৰাকশ্যন কৰ্পোৰেচন (JKPCC)য়ে ইয়াৰ কাৰ্য্য ৰূপায়ণ কৰি আহিছে। অৱশ্যে, পৰ্যাপ্ত ধনৰ অভাৱৰ বাবে কাম বহু সময়লৈ স্থবিৰ হৈ আছিল। 
 
যদিও ১৯৯৭ চনৰ অগ্নিকাণ্ডত মূল স্থাপত্যটো ধ্বংস হৈছিল, তথাপিও প্ৰতিদিনে শতাধিক ভক্ত এই পবিত্ৰ স্থানত সমবেত হৈ চুফী সন্তৰ আশীৰ্বাদ বিচাৰে। আনহাতে বাৰ্ষিক উৰুছ আৰু অন্যান্য ধৰ্মীয় অনুষ্ঠান উপলক্ষে হাজাৰ হাজাৰ লোক ইয়াত উপস্থিত হয়। 
 
ড° নিচাৰ আহমদ ভাট ট্ৰালীয়ে তেওঁৰ 'আইনা-এ-ত্ৰাল' গ্ৰন্থত উল্লেখ কৰিছে যে, এই খানকাহত প্ৰতি বছৰে জিলহজ মাহৰ প্ৰথম ছয়টা দিন উৰুছ উদযাপন কৰা হয়। শ্ৰীনগৰৰ খানকাহ-ই-মৌল্লাৰ পিছতে ত্ৰালৰ এই খানকাহেই একমাত্ৰ স্থান, য'ত শ্বাহ-ই-হামাদানৰ পবিত্ৰ 'আছা-এ-শ্বৰীফ' (খোজকঢ়া লাঠি) সংৰক্ষিত আছে। এই পবিত্ৰ নিদৰ্শন মূলতঃ বাৰ্ষিক উৰুছৰ সময়ত ভক্তসকলৰ দৰ্শনৰ বাবে মুকলি কৰা হয়।  
 
খানকাহ-ই-ফৈজ পানাহ
 
ড° নিচাৰ আহমদ ভাটে লিখিছে যে, "কাশ্মীৰৰ বহুতো ঐতিহাসিক খানকাহ অগ্নিকাণ্ড, সময়ৰ প্ৰভাৱ আৰু প্ৰাকৃতিক ক্ষয়-ক্ষতিৰ ফলত নষ্ট বা দুৰ্বল হৈ পৰিছে। ত্ৰালৰ খানকাহ-ই-ফৈজ পানাহো ১৯৯৭ চনৰ ১৬ ডিচেম্বৰৰ ৰহস্যজনক অগ্নিকাণ্ডত গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছিল।" 
 
তেওঁৰ বৰ্ণনা অনুসৰি, শ্বাহ-ই-হামাদানৰ কাশ্মীৰলৈ তৃতীয় আৰু অন্তিম ভ্ৰমণ (১৩৮৩-৮৪ খ্ৰীষ্টাব্দ)ৰ সময়ত তেওঁ কিছুদিন ত্ৰালৰ কৌছাৰবালত অৱস্থান কৰিছিল। সেই স্থান আজিও মীৰ মহম্মদ হামাদানীৰ জিয়াৰত নামেৰে পৰিচিত। সেই সময়ত ইছলাম গ্ৰহণ কৰা নতুন লোকসকলক ধৰ্মীয় শিক্ষা দিয়াৰ বাবে অধিক বিস্তৃত স্থানৰ প্ৰয়োজন হৈছিল। তাৰ ফলত বৰ্তমানৰ খানকাহৰ স্থান নিৰ্বাচন কৰা হয়। 
 
চুলতান ছিকান্দৰে নিৰ্মাণ কাৰ্যত পূৰ্ণ সহায় আগবঢ়াইছিল আৰু সকলো কাম মীৰ মহম্মদ হামাদানীৰ তত্ত্বাৱধানত সম্পন্ন হৈছিল। হিজৰী ৮৮০ চনত এই নিৰ্মাণ সম্পূৰ্ণ হয়। শ্ৰীনগৰৰ খানকাহ-ই-মৌল্লাৰ আৰ্হিত নিৰ্মিত এই স্থাপত্যটো মূলতঃ দেৱদাৰু কাঠেৰে গঢ়ি তোলা হৈছিল। ইয়াৰ নিৰ্মাণত মাটি, ইটা আৰু কেঁচামালৰ ব্যৱহাৰ অতি কমকৈ কৰা হৈছিল। নিখুঁত কাঠৰ কাৰুকাৰ্যই ইয়াক অনন্য সৌন্দৰ্য প্ৰদান কৰিছিল।
 
প্ৰায় ৪০ × ৬০ ফুট আয়তনৰ এই খানকাহটোৰ মাজভাগত চাৰিটা মূল খুঁটি আছিল। লগতে ৰমজান মাহত ইতিকাফ পালন কৰিবলৈ ১২টা সৰু 'চিল্লা কোঠৰি' (নিৰ্জনত উপাসনাৰ বাবে সুকীয়া কক্ষ) আছিল। 
 
মূল স্থাপত্যটোৰ ছাদ ভোজপত্ৰ (বুৰ্জা পোষ বা ছাদ)ৰে আৱৃত আছিল। আৰু সেই ছাদৰ ওপৰত মাটিৰ আস্তৰণ দিয়া হৈছিল আৰু ইয়াত নানা ধৰণৰ ফুল গছ গজিছিল। ১৯৫৩ চনত তেতিয়াৰ জম্মু-কাশ্মীৰৰ প্ৰধানমন্ত্ৰী বখছী গুলাম মহম্মদৰ সময়ত সেই ছাদৰ ঠাইত টিনৰ চাল আৰু মাজত গোলাকাৰ মিনাৰ সংযোজন কৰা হয়।  
 
খানকাহ-ই-ফৈজ পানাহ
 
বৰ্তমান পুনৰ নিৰ্মাণাধীন খানকাহটো তিনিমহলীয়া। তলৰ মহলত একেলগে এক হাজাৰৰো অধিক ভক্তই নামাজ সম্পন্ন কৰিব পাৰে। দ্বিতীয় মহলৰ তিনিওফালে খোলা বাৰান্দা আছে আৰু ওপৰৰ মহলটো সম্পূৰ্ণভাৱে ব্যৱহাৰযোগ্য। পুৰণি স্থাপত্যটোৰ দৰে ৰমজানত ইতিকাফৰ বাবে পৃথক কক্ষৰ ব্যৱস্থা অৱশ্যে এতিয়া নাই।  
 
খানকাহৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত থকা বিশেষ কক্ষ (হুজৰা-এ-খাছ)ত আজিও পুৰুষ-মহিলা উভয় ভক্তই প্ৰাৰ্থনা কৰি চুফী সন্তসকলৰ পৰা আশীৰ্বাদ বিচাৰে। এই সুৰক্ষিত কক্ষটোত কাপোৰেৰে আৱৃত পবিত্ৰ ‘আছা-এ-শ্বৰীফ’ সংৰক্ষিত আছে। কক্ষৰ দেৱালত শ্বাহ-ই-হামাদানৰ 'আৱৰাদ-এ-ফাতিহা' লিপিবদ্ধ কৰি ৰখা হৈছে। 
 
এই পবিত্ৰ খোজকাঢ়া লাঠিডাল প্ৰায় পাঁচ দশক ধৰি খানকাহত সংৰক্ষিত হৈ আছে। ইয়াৰ পূৰ্বে এই নিদৰ্শন 'কাৰ' পৰিয়ালৰ জিম্মাত আছিল। ড° নিচাৰ আহমদ ভাটৰ মতে, এই পৰিয়ালৰ পূৰ্বপুৰুষ কৃষেণ কাৰে শ্বাহ-ই-হামাদানৰ সময়ত ইছলাম গ্ৰহণ কৰিছিল। প্ৰায় পাঁচ দশক পূৰ্বে কাৰ পৰিয়ালে এই পবিত্ৰ নিদৰ্শন আনুষ্ঠানিকভাৱে খানকাহৰ পৰিচালনা সমিতিৰ হাতত অৰ্পণ কৰে। সেই সময়ৰ পৰাই ইয়াক খানকাহত সযতনে সংৰক্ষণ কৰি অহা হৈছে।