ড০ ফিৰদৌছ খান
পুৰুষ-প্ৰধান বুলি গণ্য কৰা অডিঅ' ইঞ্জিনিয়াৰিঙৰ জগতখনত নিজৰ প্ৰতিভা আৰু অক্লান্ত পৰিশ্ৰমৰ জৰিয়তে ইতিহাস ৰচনা কৰিছে হায়দৰাবাদৰ সাজিদা খানে। দেশৰ প্ৰথমগৰাকী মহিলা অডিঅ' ইঞ্জিনিয়াৰ হিচাপে পৰিচিত সাজিদাই কেৱল ভাৰততেই নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সুনাম অৰ্জন কৰিছে। ষাঠিখনতকৈ অধিক চলচ্চিত্ৰত তেওঁৰ কাৰিকৰী অৱদান, শতাধিক সন্মান আৰু সমাজসেৱামূলক কামে তেওঁক এক অনন্য উচ্চতালৈ লৈ গৈছে।
“ভাৰতীয় ইতিহাসৰ প্ৰথম মহিলা” শিতানৰ “ভাৰতৰ শীৰ্ষ ২০০ বিখ্যাত মহিলা ব্যক্তিত্ব”ৰ ভিতৰত সাজিদা খানৰ নাম তালিকাভুক্ত কৰা হৈছে। চিনেমা আৰু সংগীতৰ শীৰ্ষ ১৪ গৰাকী ভাৰতীয় মহিলাৰ ভিতৰতো অন্যতম এগৰাকী হিচাপে তেওঁক গণ্য কৰা হয়। ইয়াৰ উপৰিও ভাৰতীয় মহিলা ইতিহাস সংগ্ৰহালয়ত তেওঁৰ নাম লিপিবদ্ধ হৈ আছে। তেওঁৰ অসাধাৰণ কামৰ জৰিয়তে কেৱল ৰাষ্ট্ৰীয় পৰ্যায়তে নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এক অনন্য পৰিচয় গঢ়ি তুলিছে।
সাজিদা খান
সাজিদা খান এটি শিক্ষিত পৰিয়ালৰ পৰা আহিছে। তেওঁ কয়, "মোৰ দেউতা ছালিম আহমেদ খান ৰে'লৱে প্ৰটেকশ্যন ফ'ৰ্চ (RPF)ৰ পৰিদৰ্শক হিচাপে অৱসৰ গ্ৰহণ কৰিছে। মোৰ মা জাইনাব এগৰাকী গৃহিণী। মোৰ ভাতৃ ছাজিদ তথ্য-প্ৰযুক্তি (IT) ক্ষেত্ৰত কৰ্মৰত আৰু মোৰ ভগ্নী শ্বেহনাজে এমবিএ ডিগ্ৰী সম্পূৰ্ণ কৰিছে। মই ড০ বি আৰ আম্বেদকাৰ মুক্ত বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত এমএ সম্পূৰ্ণ কৰিছোঁ। ইয়াৰ উপৰিও মই তিনিটা স্নাতকোত্তৰ ডিপ্লোমাও লাভ কৰিছোঁ। বৰ্তমান মই ড০ বি আৰ আম্বেদকাৰ মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্থাৰ উপ-সভানেত্ৰী হিচাপে দায়িত্ব পালন কৰি আছোঁ।"
অডিঅ' ইঞ্জিনিয়াৰৰ কাম সম্পৰ্কে ব্যাখ্যা কৰি সাজিদা খানে কয়, “অডিঅ' ইঞ্জিনিয়াৰক ছাউণ্ড ইঞ্জিনিয়াৰ বা ৰেকৰ্ডিং ইঞ্জিনিয়াৰ বুলিও কোৱা হয়। তেওঁলোকৰ কাম হৈছে ৰেকৰ্ডিং অথবা লাইভ অনুষ্ঠানৰ শব্দৰ মান উন্নত কৰা। বিভিন্ন ধৰণৰ শব্দ উৎসৰ ভাৰসাম্য ৰক্ষা, ইকুৱেলাইজেচন, ডাইনামিকছ প্ৰচেছিং, অডিঅ' ইফেক্ট ব্যৱহাৰ, মিক্সিং, শব্দৰ পুনৰুৎপাদন আৰু মানোন্নয়ন আদি সকলো দায়িত্ব অডিঅ' ইঞ্জিনিয়াৰে পালন কৰে। সংগীত আৰু শব্দৰ জগতত তেওঁলোকৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ।”
চলচ্চিত্ৰ জগতত সাজিদা খান হৈছে এক অতি সুপৰিচিত নাম। যি বয়সত বহু যুৱ-যুৱতীয়ে বন্ধুবৰ্গৰ সৈতে সময় কটাই ভালপায়, সেই সময়তে তেওঁ নিজৰ শিক্ষা, কেৰিয়াৰ আৰু সমাজসেৱাৰ দৰে কামত আত্মনিয়োগ কৰিছিল। সাজিদাই কয়, “এদিন মই এটা ষ্টুডিঅ'লৈ গৈছিলোঁ। তাতেই মই এই ক্ষেত্ৰত কাম কৰাৰ অনুপ্ৰেৰণা লাভ কৰিছিলোঁ। তাৰ পিছত দিন-ৰাতি একাকাৰ কৰি পৰিশ্ৰম কৰিলোঁ। ফলস্বৰূপে মোৰ চলচ্চিত্ৰ জীৱনৰ গতি দ্ৰুতগতিত আগবাঢ়িল। মই হিন্দী, তেলেগু, তামিল, মালায়ালম আৰু ভোজপুৰীকে ধৰি বিভিন্ন ভাষাৰ ৬০খনতকৈ অধিক চলচ্চিত্ৰত কাম কৰিছোঁ। ডাবিং, ছাউণ্ড ইফেক্টৰ পৰা আৰম্ভ কৰি জটিল ফাইনেল মিক্সিংলৈকে শব্দ সম্পৰ্কীয় সকলো দায়িত্ব পালন কৰিছোঁ। মই সদায় নিজৰ শ্ৰেষ্ঠখিনি দিবলৈ চেষ্টা কৰিছোঁ। আৰু মোৰ এই একাগ্ৰতাই মোক সফলতা প্ৰদান কৰিছে। প্ৰায় ১৮ বছৰ ধৰি মই তেলেগু চলচ্চিত্ৰ উদ্যোগৰ সৈতে কাম কৰি আছোঁ।”
সাজিদা খান
সাজিদাৰ কেৰিয়াৰৰ অন্যতম উল্লেখযোগ্য সাফল্য হৈছে ৰাষ্ট্ৰীয় বঁটা লাভ কৰা চলচ্চিত্ৰ 'আদাবি না থাল্লী ৰাত'ত কৰা কাম। এই ছবিখনত তেওঁৰ কাৰিকৰী দক্ষতা আৰু গুণগত চলচ্চিত্ৰ নিৰ্মাণত আগবঢ়োৱা অৱদান বিশেষভাৱে প্ৰশংসিত হৈছে।
ষ্টুডিঅ'ত তেওঁৰ উপস্থিতিয়ে সময়ৰ পৰিৱৰ্তনৰ এক স্পষ্ট ছবি দাঙি ধৰে। তেওঁ কয়, “প্ৰত্যেকটো কামতে প্ৰত্যাহ্বান থাকে। দেখাত যিমান সহজ যেন লাগিলেও সিমান সহজ একো কামেই নহয়। আৰম্ভণিতে কিছুমান মানুহে মোক সন্দেহ কৰিছিল। তেওঁলোকে ইয়াক পুৰুষৰ পেছা বুলি ভাবিছিল। কিন্তু মোৰ সততা, কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাই মোক সন্মান অৰ্জন কৰিবলৈ সক্ষম কৰি তুলিছিল। যিসকলে এসময়ত মোক সমালোচনা কৰিছিল, তেওঁলোক এতিয়া মোৰ কৰ্মশৈলী আৰু দক্ষতাৰ আটাইতকৈ ডাঙৰ সমৰ্থকৰ ভিতৰত আছে। সেয়া নিজেই মোৰ বাবে এক ডাঙৰ কৃতিত্ব।"
সন্মান আৰু স্বীকৃতি
সাজিদা খানক ৰাষ্ট্ৰীয় বঁটাকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ পৰা ৪৫০ৰো অধিক বঁটাৰে সন্মানিত কৰা হৈছে। ইয়াৰ ভিতৰত আছে ১৫০ টাতকৈও অধিক প্ৰশংসা আৰু প্ৰমাণপত্ৰ। তেওঁ কয়, “মোৰ এই কামে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল, যেতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ২০১৮ চনৰ ২০ জানুৱাৰীত মোক সন্মানীয় ‘ফাৰ্ষ্ট লেডিজ এৱাৰ্ড’ৰে সন্মানিত কৰিছিল।”
সাজিদা খান
এই বঁটাৰ জৰিয়তে তেওঁক সমগ্ৰ দেশৰ ১১২ গৰাকী মহিলাৰ ভিতৰত অন্যতম এগৰাকী হিচাপে স্বীকৃতি দিয়া হৈছে, যিয়ে নিজৰ নিজৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি আহিছে আৰু অডিঅ’ ইঞ্জিনিয়াৰিঙৰ জগতখনত লিংগ বৈষম্য আঁতৰ কৰাত তেওঁৰ উল্লেখযোগ্য অৱদানৰ ওপৰত আলোকপাত কৰিছিল।
২০১৯ চনৰ ৮ মাৰ্চত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে তেলেংগানা চৰকাৰে তেওঁক 'তেলেংগানা বিশিষ্ট মহিলা বঁটা'ৰে সন্মানিত কৰে। ইয়াৰ উপৰিও তেওঁ ছয়খন সন্মানসূচক ডক্টৰেট ডিগ্ৰী লাভ কৰিছে, যি নিঃসন্দেহে ই এক উল্লেখযোগ্য সাফল্য। তেওঁ কয়, "২০১৯ চনৰ ৩০ মাৰ্চত হায়দৰাবাদত থকা ইউনাইটেড থিয়লজিকেল ৰিচাৰ্চ ইউনিভাৰ্চিটি (আমেৰিকা)ৰ পৰা মোক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হৈছিল। একেদিনাই একেখন বিশ্ববিদ্যালয়ৰ বাহ্যিক অধ্যয়ন আৰু গৱেষণা শাখাৰ পৰা সমাজ সেৱাত সন্মানীয় ডক্টৰেট ডিগ্ৰীও লাভ কৰিছিলো।"
গ্ল’বেল হিউমেন পিচ ইউনিভাৰ্চিটিয়ে মোক ২০২৩ চনৰ ২৭ মে’ত নতুন দিল্লীত চলচ্চিত্ৰ আৰু মনোৰঞ্জনৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ বাবে সন্মানীয় ডক্টৰ অৱ আৰ্টছৰ ডিগ্ৰী প্ৰদান কৰে। ৰিচাৰ্চ ইউনিভাৰ্চিটি ইউ এছ এয়ে মোক ২০২৪ চনৰ ৩ নৱেম্বৰত চেন্নাইত শব্দ অভিযান্ত্ৰিকীত সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। ইউ এছ এ থিয়লজিকেল ইউনিভাৰ্চিটি টেক্সাছে মোক ২০২৪ চনৰ ৪ এপ্ৰিলত হায়দৰাবাদত সমাজ সেৱাৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। গ্ল’বেল হিউমেন পিচ ইউনিভাৰ্চিটিয়ে মোক ২০২৫ চনৰ ২৮ জুনত চেন্নাইত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে।”
সাজিদা খান
অন্যান্য কৃতিত্ব
অগণন বঁটাৰ লগতে সাজিদা খানৰ নাম বহু ৰেকৰ্ড বুকত লিপিবদ্ধ কৰা হৈছে, য’ত আছে তেলেগু বুক অৱ ৰেকৰ্ডছ, তেলেংগানা বুক অৱ ৰেকৰ্ডছ, হাই ৰেঞ্জ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ (আমেৰিকা), ৱাণ্ডাৰ বুক অৱ ৰেকৰ্ডছ (ইণ্টাৰনেশ্যনেল ইউ এছ এ), উইনাৰ বুক অৱ ৰেকৰ্ডছ, ৱৰ্ল্ড বুক অৱ ৰেকৰ্ডছ ইউনাইটেড কিংডম, লাইফ বুক অৱ ৰেকৰ্ডছ আৰু দ্য বুক অৱ তেলেংগানা ৰেকৰ্ডছ আৰু তেলেংগানা কোটি প্ৰতিভান্থুলা খাজানা।
আই বি পি এছ, এছ এছ চি, ইউ পি এছ চি, আৰ আৰ বি, আৰ বি আই, এছ বি আই, আদি বহুতো প্ৰতিযোগিতামূলক পৰীক্ষা আৰু শিক্ষামূলক মঞ্চৰ সাধাৰণ জ্ঞানৰ শিতানতো তেওঁৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে।
আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি
সাজিদা খানৰ যাত্ৰা আৰু তেওঁৰ সৈতে হোৱা এক সাক্ষাৎকাৰক আন্তঃৰাষ্ট্ৰীয় অডিঅ’বুক উইমেন ইন অডিঅ’ত অন্তৰ্ভুক্ত কৰা হৈছে, যি হৈছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ এই ক্ষেত্ৰৰ নিপুণ মহিলাসকলৰ সৈতে হোৱা সাক্ষাৎকাৰৰ সংকলন। ইংলেণ্ডৰ ৰাউটলেজে ২০১৯ চনৰ ডিচেম্বৰ মাহত প্ৰউইমেন ইন অডিঅ’ (অডিঅ’ ইঞ্জিনিয়াৰিং ছ’চাইটি)ৰ প্ৰথম সংস্কৰণ প্ৰকাশ কৰিছিল।
সাজিদা খান
সমাজসেৱা
যোৱা পোন্ধৰ বছৰতকৈও অধিক সময় ধৰি সাজিদা খান সমাজসেৱাৰ সৈতেও জড়িত হৈ আছে। তেওঁ শিক্ষা, সাহিত্য, স্বাস্থ্য আৰু মহিলা সবলীকৰণৰ বাবে কাম কৰি আহিছে। তেওঁ কয়, "মই ২০১৯ চনত বিনামূলীয়া অডিঅ'বুকৰ কাম আৰম্ভ কৰিছিলো। এতিয়ালৈকে মই প্ৰায় ৭০ খন কিতাপ সম্পূৰ্ণ কৰিছো। এবাৰ মই কিতাপ উন্মোচনৰ অনুষ্ঠানত অংশ লৈছিলো, আৰু তাত কিতাপৰ দাম দেখি মই অনুভৱ কৰিছিলো যে সাহিত্যক অধিক ব্যাপকভাৱে প্ৰচাৰ কৰা উচিত। সেইবাবেই মই বিনামূলীয়া কিতাপৰ কাম আৰম্ভ কৰিলোঁ। ভগৱানে ইচ্ছা কৰিলে, এই বছৰ মই এই সকলোবোৰ কিতাপ সন্নিবিষ্ট কৰা এপ এটা মুকলি কৰিম। আশাকৰোঁ এই এপটোৱে শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আৰু উপযোগী বুলি প্ৰমাণিত হ'ব আৰু ই সাহিত্যৰ বাবে অতি প্ৰয়োজন হব।”
প্ৰেৰণাৰ উৎস
সাজিদা খানৰ কাহিনীটো উচ্চাকাংক্ষী মহিলা অভিযন্তা আৰু কাৰিকৰী বিদ্যাবিদসকলৰ বাবে এক শক্তিশালী প্ৰেৰণা। তেওঁৰ উৎকৃষ্ট কামৰ জৰিয়তে তেওঁ অডিঅ’ ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত বৈচিত্ৰ্যপূৰ্ণ কণ্ঠক বৃদ্ধি কৰি ইয়াক এক নতুন মাত্ৰা প্ৰদান কৰিছে। কাৰিকৰী বৃত্তিত মহিলাসকলক উৎসাহিত কৰাটো তেওঁ তীব্ৰ সমৰ্থন কৰে।
তেওঁ কয়, "মহিলাসকলক শিক্ষা আৰু বিভিন্ন কেৰিয়াৰ বিকল্পৰ প্ৰতি সজাগ কৰা উচিত। মই যুৱ প্ৰজন্মক বিশেষকৈ এই ক্ষেত্ৰত প্ৰৱেশ কৰা ছোৱালীক ক'ব বিচাৰো যে, যিকোনো পেছাত সফলতা লাভ কৰিবলৈ কেৱল প্ৰতিভাই নহয় কঠোৰ পৰিশ্ৰম, নিষ্ঠা, আৰু ধৈৰ্য্যৰ প্ৰয়োজন। প্ৰতিটো প্ৰত্যাহ্বানৰ বাবে নিজকে প্ৰস্তুত কৰক আৰু নিজৰ সপোন পূৰণৰ বাবে আগবাঢ়ি যাওক। লগতে নৱ প্ৰজন্মক ক'ব বিচাৰো যে, সামাজিক মাধ্যমক ইতিবাচকভাৱে আৰু প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰক। সময় নষ্ট কৰাৰ পৰিৱৰ্তে ইয়াৰদ্বাৰা স্বাস্থ্য, শিক্ষা, কেৰিয়াৰ আৰু নতুন প্ৰযুক্তি শিকাৰ ওপৰত গুৰুত্ব দিয়া।”
সাজিদা খান
নতুন লক্ষ্য
২০১৮ চনৰ পৰা সাজিদা খানে ফ্ৰিলেন্স হিচাপে কাম কৰি আহিছে। তেওঁ কয়, “মোৰ সপোন হৈছে নিজৰ এটা ব্যক্তিগত ষ্টুডিঅ' স্থাপন কৰা। বৰ্তমান এখন হিন্দী থ্ৰিলাৰ আৰু ছাসপেঞ্চ চলচ্চিত্ৰৰ কাম চলি আছে। এই মুহূৰ্তত মোৰ সম্পূৰ্ণ মনোযোগ সেই প্ৰকল্পটোৰ ওপৰতে আছে। খুব সোনকালে ছবিখনৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব।”