পিতৃ-মাতৃৰ সেৱাৰ বাবে আমেৰিকাৰ কোটি টকাৰ চাকৰি ত্যাগ আই আই টি বোম্বেৰ এগৰাকী স্নাতকৰ
আৱাজ -দ্য ভইচ অসম ব্যুৰ’
আমেৰিকাত উচ্চ দৰমহাৰ চাকৰি এৰি অসুস্থ পিতৃ-মাতৃক সেৱা আগবঢ়োৱাৰ বাবে ঘৰলৈ উভতি অহা আই আই টি বোম্বেৰ এগৰাকী স্নাতক বিবেক শৰ্মাৰ কাহিনীয়ে সামাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে। তেওঁৰ এই কাহিনীটোৱে সফলতা, পৰিয়ালৰ দায়িত্ব আৰু ব্যক্তিগত অগ্ৰাধিকাৰৰ বিষয়ত এক বিস্তৃত আলোচনাৰ সূচনা কৰিছে।
বিবেক শৰ্মাৰ এই কাহিনীটো এক্সত বিবেক অলৱাইছ (Vivek Alwys) নামৰ এজন ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰিছিল। অৱশ্যে, এই কাহিনীটো অত্যন্ত আবেগিক আৰু বিশ্বাস কৰিবলৈ কঠিন যেন লাগিছিল, সেয়েহে সামাজিক মাধ্যমৰ ব্যৱহাৰকাৰীসকলে ইয়াৰ সত্যতা সম্পৰ্কে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰাৰ পিছত শীঘ্ৰেই পৰীক্ষা-নিৰীক্ষা কৰা হয়।
পেছাগত সফলতাৰ ওপৰত নিজৰ পৰিয়ালক অগ্ৰাধিকাৰ দিয়াৰ এক অনুপ্ৰেৰণাদায়ক উদাহৰণ হিচাপে বিবেক শৰ্মাৰ কাহিনীটোৱে দ্ৰুতগতিত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে। কিন্তু পিছত বহু লোকে দাবী কৰে যে, এই কাহিনীৰ সমৰ্থনত কোনো বিশ্বাসযোগ্য প্ৰমাণ উপলব্ধ নহয়।
সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা পোষ্ট অনুসৰি, বিবেক শৰ্মা এগৰাকী আই আই টি বোম্বেৰ বি টেক (B.Tech Computer Science) বিভাগৰ স্বৰ্ণপদকপ্ৰাপ্ত ছাত্ৰ আছিল। তেওঁ আমেৰিকাৰ ছান ফ্ৰান্সিস্কোৰ এটা ষ্টাৰ্টআপ কোম্পানীৰ পৰা বছৰি প্ৰায় ২ লাখ ৪০ হাজাৰ ডলাৰ (প্ৰায় ২.২ কোটি টকা) দৰমহাৰ এটা চাকৰিৰ প্ৰস্তাৱ লাভ কৰিছিল। কিন্তু পিতৃ-মাতৃৰ স্বাস্থ্যৰ হঠাতে অৱনতি ঘটাত তেওঁ সেই চাকৰি গ্ৰহণ নকৰি নিজৰ জন্মস্থান কানপুৰতে থকাৰ সিদ্ধান্ত লৈছিল।
পোষ্টটোত কোৱা হৈছিল যে, আমেৰিকালৈ যোৱাৰ ঠিক আগমুহূৰ্ততে তেওঁৰ পিতৃ হৃদৰোগত আক্ৰান্ত হৈছিল আৰু একে সময়তে মাতৃৰ স্তন কেঞ্চাৰ ধৰা পৰিছিল। এনে পৰিস্থিতিত বিদেশত উজ্জ্বল কেৰিয়াৰ গঢ়াৰ সুযোগ আৰু পৰিয়ালৰ কাষত থকা এই দুয়োটাৰ মাজৰ বাছনি কৰাৰ সময়ত বিবেকে পিতৃ-মাতৃৰ সেৱাকেই প্ৰথম অগ্ৰাধিকাৰ দিছিল।
পোষ্টটোত দাবী কৰা অনুসৰি, বিবেক শৰ্মাই ভিছা সাক্ষাৎকাৰ বাতিল কৰি চাকৰিৰ প্ৰস্তাৱো নাকচ কৰিছিল। ইয়াৰ পিছত তেওঁ প্ৰথমে কানপুৰত এটা স্থানীয় ছফ্টৱেৰ কোম্পানীত কাম আৰম্ভ কৰে। পৰিয়ালৰ আৰ্থিক দায়িত্ব বৃদ্ধি পোৱাত নিজৰ ঘৰৰ তলত 'শৰ্মা জেনেৰেল ষ্টোৰ (Sharma General Store) নামৰ এখন সৰু গেলামালৰ দোকান খোলে। লগতে, পিতৃ-মাতৃৰ স্বাস্থ্য কিছু উন্নত হোৱাৰ পিছত তেওঁ দোকান চলোৱাৰ উপৰিও দৰিদ্ৰ শিশুসকলক বিনামূলীয়াকৈ কোডিং শিকাবলৈ আৰম্ভ কৰে আৰু নিশাৰ ভাগত ফ্ৰীলেঞ্চ ছফ্টৱেৰ প্ৰকল্পতো কাম কৰিছিল বুলি পোষ্টটোত উল্লেখ কৰা হৈছিল।
বিবেক শৰ্মাৰ কাহিনীটো ভাইৰেল হোৱাৰ পিছত বহু ব্যৱহাৰকাৰীয়ে ইয়াৰ সত্যতা পৰীক্ষা কৰিবলৈ আৰম্ভ কৰে। অনুসন্ধানত আই আই টি বোম্বেৰ বিবেক শৰ্মা নামৰ এনে কোনো স্নাতকৰ বিশ্বাসযোগ্য তথ্য বা নথি-পত্ৰ পোৱা নগ'ল। লগতে, পোষ্টটোত কোনো উৎস বা প্ৰমাণো উল্লেখ কৰা হোৱা নাছিল।
পিছত জানিব পৰা গৈছে যে, এই কাহিনীটো প্ৰথমে প্ৰায় এমাহ আগতে ড° দিলীপ গোছাইৰ এটা LinkedInৰ এক পোষ্টত প্ৰকাশ পাইছিল। সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত তেওঁ পোষ্টটোত একাধিক সংশোধন কৰে আৰু অৱশেষত স্বীকাৰ কৰে যে 'বিবেক শৰ্মা' নামৰ চৰিত্ৰটো বাস্তৱ ব্যক্তি নহয়, বৰঞ্চ ই এক কাল্পনিক চৰিত্ৰহে।
প্ৰথম সংস্কৰণত তেওঁ দাবী কৰিছিল যে, বিবেক শৰ্মাই ২০১২ চনত জেইইত ১৪৭ নম্বৰ ৰেংক লাভ কৰি আই আই টি বোম্বেত নামভৰ্তি কৰিছিল। কিন্তু এই তথ্যৰ কোনো বিশ্বাসযোগ্য নথি কোনো ব্যৱহাৰকাৰীয়ে বিচাৰি নাপালে। পিছত ড° গোসাইয়ে কয় যে, এই কাহিনীটো কেৱল পৰিয়ালৰ দায়িত্ববোধ আৰু মানৱীয় মূল্যবোধৰ গুৰুত্ব বুজাবলৈ লিখা এক কাল্পনিক কাহিনী আছিল।
ইয়াৰ মাজতে আই আই টি বোম্বেৰ এজন প্ৰকৃত প্ৰাক্তন ছাত্ৰ, বিবেক শৰ্মাই আগবাঢ়ি আহি কয় যে, অনুমতি অবিহনে তেওঁৰ ছবি ব্যৱহাৰ কৰা হৈছে। তেওঁ স্পষ্টভাৱে জনায় যে, ভাইৰেল কাহিনীটো সম্পূৰ্ণ মিছা। আৰু কোনো প্ৰমাণ নথকা তথ্য প্ৰচাৰ নকৰিবলৈ সকলোকে আহ্বান জনায়।
আন এক অনুসন্ধানত একে ধৰণৰ কাহিনীৰ আন এটা সংস্কৰণো উদ্ধাৰ হৈছে। য'ত এটা সৰু ঘোষণা আছিল যে, এইটো সামাজিক চিন্তা-চৰ্চাৰ উদ্দেশ্যে প্ৰস্তুত কৰা এক কাল্পনিক কাহিনী। কিন্তু বহু ব্যৱহাৰকাৰীয়ে অভিযোগ কৰিছে যে, সত্যতা সন্দেহৰ সন্মুখীন হোৱাৰ পিছতহে সেই ঘোষণা সংযোজন কৰা হৈছিল।
ইয়াৰ উপৰি, বিভিন্ন পোষ্টত ব্যৱহাৰ কৰা ছবিখনো এআইৰ সহায়ত তৈয়াৰ বা সম্পাদনা কৰা হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। পিছত অনুসন্ধানত জানিব পৰা যায় যে, ছবিখন দুবছৰ পূৰ্বে ইউটিবত প্ৰকাশিত সুমিত গোৰাই নামৰ আন এজন ব্যক্তিৰ ভিডিঅ'ৰ পৰা লোৱা হৈছিল।