নতুন দিল্লী
ভাৰত-আমেৰিকা কৌশলগত সম্পৰ্কক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আমেৰিকাৰ বিদেশ সচিব তথা ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা মাৰ্কো ৰুবিঅ'ই সোমবাৰে পুৱা ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা, নিৰাপত্তা আৰু কৌশলগত প্ৰযুক্তি সহযোগিতাক অধিক গভীৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ লগতে ভাৰত-আমেৰিকাৰ দ্বিপাক্ষিক “অংশীদাৰিত্ব ট্ৰেন্সফৰ্মিং দ্য ৰিলেচনশ্বিপ ইউটিলাইজিং ষ্ট্ৰেটেজিক টেকন'লজি(TRUST)” উদ্যোগক লৈও বিস্তৃত আলোচনা কৰা হয়।
দুয়োগৰাকী উপদেষ্টাই দ্বিপাক্ষিক কম্প্ৰিহেন্সিভ গ্ল’বেল ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপক প্ৰদান কৰা উচ্চ অগ্ৰাধিকাৰৰ কথা পুনৰবাৰ উল্লেখ কৰে। লগতে আঞ্চলিক আৰু বিশ্বব্যাপী বিভিন্ন বিষয়তো মত বিনিময় কৰে।
ইফালে, আমেৰিকাৰ স্বাধীনতাৰ ২৫০ বছৰীয়া জয়ন্তী উদযাপনৰ উপলক্ষে অনুষ্ঠিত এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক 'মহান বন্ধু' বুলি অভিহিত কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।
নতুন দিল্লীৰ ভাৰত মাণ্ডপামত অনুষ্ঠিত এই অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ আৰু ভাৰতস্থিত আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গ’ৰে শোভা বঢ়ায়। অনুষ্ঠানটোৰ বিশেষ আকৰ্ষণ আছিল বিশ্ববিখ্যাত সংগীতশিল্পী এ আৰ ৰহমানৰ সঙ্গীতানুষ্ঠান।
ৰাষ্ট্ৰদূত গ’ৰৰ সৈতে ফোনযোগে হোৱা বাৰ্তালাপত ট্ৰাম্পে কয় যে, "মই সকলোকে শুভেচ্ছা জনাইছোঁ। মই প্ৰধানমন্ত্ৰী মোদীক ভাল পাওঁ, (নৰেন্দ্ৰ) মোদী মহান, তেওঁ মোৰ বন্ধু আৰু মই প্ৰধানমন্ত্ৰী মোদীৰ এজন ডাঙৰ অনুৰাগী। আৰু মই সকলোৰে এই সন্ধিয়াটি অতি সুন্দৰ হওঁক বুলি কব বিচাৰো।"
আমেৰিকাৰ ৰাষ্ট্ৰদূত ছাৰ্জিঅ’ গ’ৰে নিজৰ ফোনটো মাইক্ৰ’ফোনৰ ওচৰত ধৰি উপস্থিত দৰ্শকক ট্ৰাম্পৰ মন্তব্য শুনাইছিল। ট্ৰাম্পে আৰু কয়, “আমেৰিকা আৰু ভাৰতৰ সম্পৰ্ক এতিয়ালৈকে ইমানও ঘনিষ্ঠ হোৱা নাই, ভাৰতে মোৰ আৰু আমাৰ দেশৰ ওপৰত ১০০ শতাংশ ভৰসা কৰিব পাৰে।"
তেওঁ লগতে কয়, "যদি কেতিয়াবা তেওঁলোকক সহায়ৰ প্ৰয়োজন হয়, তেন্তে তেওঁলোকে ক'লৈ ফোন কৰিব লাগে জানে -- তেওঁলোকে সদায় আমালৈয়ে ফোন কৰে।" নিজ দেশৰ অৰ্থনীতিৰ বিষয়েও ট্ৰাম্পে কয় যে, আমেৰিকাৰ অৰ্থনীতি বৰ্তমান অভিলেখ সৃষ্টি কৰিছে আৰু ষ্টক মাৰ্কেটো শক্তিশালী অৱস্থাত আছে।
অনুষ্ঠানটোৰ অন্যতম আকর্ষণ আছিল বিশ্ববিখ্যাত সংগীতশিল্পী এ আৰ ৰহমানৰ সজীৱ সংগীত পৰিবেশন অনুষ্ঠান। তেওঁ "দিল ছে", "মা তুঝে চালাম" আৰু "তেৰে বিনা" আদি জনপ্ৰিয় গীত পৰিবেশন কৰি উপস্থিত দৰ্শকক মুগ্ধ কৰে।
চমু ভাষণত ৰুবিঅ’ই ভাৰতক আমেৰিকাৰ এক গুৰুত্বপূৰ্ণ কৌশলগত অংশীদাৰ বুলি উল্লেখ কৰে। আনহাতে বিদেশ মন্ত্ৰী জয়শংকৰে কয় যে, আমেৰিকাৰ স্বাধীনতা ঘোষণাই ব্যক্তিগত স্বাধীনতা, আইনৰ শাসন, মত প্ৰকাশৰ স্বাধীনতা আৰু জবাবদিহিমূলক শাসনৰ দৰে আধুনিক মূল্যবোধ বিশ্বলৈ আগবঢ়াইছিল, যাৰ সৈতে ভাৰতৰ বহুত্ববাদী সমাজব্যৱস্থাৰ গভীৰ সাদৃশ্য আছে।
উল্লেখ্য যে, ভাৰত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হোৱা ৰুবিঅ’ই ২৬ মে’ত দিল্লীত অনুষ্ঠিত হ’বলগীয়া কোৱাডৰ বৈদেশিক মন্ত্ৰীৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ ওলাইছে।