গুৱাহাটী
ৰাজ্যত পুনৰ সক্ৰিয় হৈ পৰিছে মৌচুমী বায়ু। ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰা এক শেহতীয়া জাননী অনুসৰি, অহা ৩ ৰ পৰা ৪ দিনৰ ভিতৰত গুৱাহাটী মহানগৰীৰ লগতে অসমৰ কেইবাখনো জিলাৰ বিভিন্ন স্থানত ধুমুহা-বৰষুণৰ সৈতে প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
ৰাজ্যৰ বৰ্তমানৰ বতৰৰ পৰিস্থিতি আৰু বৰ্ষাকালীন প্ৰভাৱক লক্ষ্য ৰাখি এই হাই এলাৰ্ট জাৰি কৰা হৈছে। পুনৰ সৃষ্টি হ’ব পাৰে কৃত্ৰিম বান আৰু ভূমিস্খলন।
ASDMA-ৰ বিবৃতিত উল্লেখ কৰা অনুসৰি, বতৰৰ এই পৰিৱৰ্তনৰ বাবে গুৱাহাটী আৰু অসমৰ বেছিভাগ জিলাতে বিজুলী-ঢেৰেকণিৰ সৈতে ধুমুহা আৰু দিনটোত প্ৰায় ৬ ছেণ্টিমিটাৰ পৰ্যন্ত পাতলৰ পৰা মজলীয়া বৰষুণ হ’ব পাৰে।
মহানগৰীৰ লগতে নামনি অঞ্চলসমূহত পানী জমা হৈ বানপানীৰ সৃষ্টি হ’ব পৰা প্ৰবল আশংকা আছে।ধাৰাসাৰ বৰষুণ আৰু জলমগ্ন পথৰ বাবে যাতায়ত ব্যৱস্থা ব্যাহত হ’ব পাৰে।
ভূমিস্খলনপ্ৰৱণ বা পাহাৰীয়া স্পৰ্শকাতৰ অঞ্চলসমূহত স্থানীয়ভাৱে ভূমিস্খলনৰ আশংকা বৃদ্ধি পাইছে। বতৰৰ এই জটিল পৰিস্থিতিলৈ চাই জিলা প্ৰশাসন আৰু ASDMA-ই ক্ষিপ্ৰতাৰে পৰিস্থিতি নিৰীক্ষণ কৰিছে। যিকোনো জৰুৰীকালীন অৱস্থাৰ মোকাবিলা কৰিবলৈ উদ্ধাৰকাৰী দল আৰু সঁহাৰি ব্যৱস্থাসমূহ সাজু কৰি ৰখা হৈছে।