ইম্ফল
মণিপুৰৰ সেনাপতি জিলাত সোমবাৰে দুটা ফৈদৰ মাজত সংঘটিত গুলীয়াগুলীত এজন চি আৰ পি এফ জোৱান আহত হোৱাৰ লগতে কেইবাটাও ঘৰ জ্বলাই দিয়া হয়। এই ঘটনাৰ পিছতে স্থানীয় লোকসকলে পথ অৱৰোধ কৰাত অঞ্চলটোত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে, পুৱা প্ৰায় ২.৩০ বজাত কাংপকপি জিলাৰ তাফৌ কুকি গাঁৱত দুৰ্বৃত্তই এটা ঘৰ জ্বলাই দিয়ে। তেওঁ কয়, "কাংপকপিত সংঘটিত অগ্নিসংযোগৰ ঘটনাৰ পিছত পুৱা প্ৰায় ৪ বজাত সেনাপতি জিলাৰ নাগা তাফৌ অঞ্চলতো কেইবাটাও ঘৰ জ্বলাই দিয়া হয়। ইয়াৰ পিছত পুৱা প্ৰায় ৯.২০ বজাত তাফৌ নাগা অঞ্চলত দুটা ফৈদৰ মাজত গুলীয়াগুলী হয় আৰু তাত এজন চি আৰ পি এফ জোৱান আহত হয়।"
আহত জোৱানজনক সেনাপতি জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু বৰ্তমান তেওঁৰ অৱস্থা বিপদমুক্ত বুলি বিষয়াজনে জানিবলৈ দিয়ে। সেনাপতিত সংঘটিত অগ্নিসংযোগৰ ঘটনাক কেন্দ্ৰ কৰি স্থানীয় লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। সেনাপতি গেটত সমবেত হৈ প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰীয় ঘাইপথ-২ত কাঠ আৰু টায়াৰ জ্বলাই পথ অৱৰোধ কৰিছে। ফলত ঘাইপথটোত যান-বাহনৰ চলাচল ব্যাহত হয়।
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰা হৈছে বুলি আৰক্ষী বিষয়াজনে জনায়। ইফালে, তাফৌ কুকি গাঁও কৰ্তৃপক্ষই এই ঘটনাত সম্পত্তিৰ ক্ষতি হোৱাৰ তীব্ৰ গৰিহণা দিয়ে। লগতে ঘটনাৰ সৈতে জড়িত লোকসকলক চিনাক্ত কৰি ২৪ ঘণ্টাৰ ভিতৰত তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।
উল্লেখ্য যে, ২০২৩ চনৰ মে' মাহৰ পৰা মেইতেই আৰু কুকি-জো গোষ্ঠীৰ মাজত চলি অহা জাতিগত সংঘাতত ২৬০ৰো অধিক লোকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ লোক গৃহহীন হৈছে।