দিল্লীৰ নতুন সীমাপুৰীত খহি পৰিল পাঁচমহলীয়া অট্টালিকা; এটি শিশুসহ নিহত ৪, আহত কমেও ৮ জন

Story by  atv | Posted by  [email protected] • 4 h ago
দিল্লীৰ নতুন সীমাপুৰীত খহি পৰিল পাঁচমহলীয়া অট্টালিকা
দিল্লীৰ নতুন সীমাপুৰীত খহি পৰিল পাঁচমহলীয়া অট্টালিকা
 
নতুন দিল্লী
 
দেশৰ ৰাজধানী দিল্লীত পুনৰ সংঘটিত হৈছে এক শোকাৱহ ঘটনা। বুধবাৰে দিল্লীৰ নতুন সীমাপুৰী এলেকাৰ ইদগাহ মাছ বজাৰৰ সমীপত থকা এটা পাঁচমহলীয়া বিশাল অট্টালিকা হঠাতে খহি পৰে। নিমিষতে সংঘটিত হোৱা এই দুৰ্ঘটনাৰ ফলত সমগ্ৰ অঞ্চলটোতে এক তীব্ৰ আতংক আৰু হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়। ঘটনাটোত এটি নিস্পাপ শিশুসহ মুঠ ৪ জন লোকে প্ৰাণ হেৰুৱাৰ লগতে কমেও ৮ গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে।
 
প্ৰাপ্ত তথ্য অনুসৰি, বুধবাৰে বিয়লি প্ৰায় ৩:১৫ বজাত এই অট্টালিকাটো খহি পৰাৰ খবৰ দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়লৈ আহে। খবৰ পোৱাৰ লগে লগেই পলম নকৰি দিল্লী অগ্নিনিৰ্বাপক বাহিনী আৰু দিল্লী আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰে। অট্টালিকাটোৰ ধ্বংসাৱশেষৰ তলত বহুকেইজন লোক আৱদ্ধ হৈ থকাৰ খবৰ বিয়পি পৰাৰ লগে লগে উদ্ধাৰকাৰ্য অধিক ক্ষিপ্ৰ কৰি তোলা হয়। প্ৰশাসনৰ লোক উপস্থিত হোৱাৰ পূৰ্বেই স্থানীয় ৰাইজে নিজাববীয়াকৈ উদ্ধাৰকাৰ্য চলাই দুটাকৈ শিশুক ধ্বংসাৱশেষৰ মাজৰ পৰা জীৱন্তে উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যাবলৈ সক্ষম হয়।
 
অগ্নিনিৰ্বাপক বাহিনীয়ে সদৰী কৰা অনুসৰি, পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথম অৱস্থাতে তিনিখন পানীৰ টেংকাৰ আৰু এটা বিশেষ উদ্ধাৰকাৰী দল ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছিল। পৰৱৰ্তী সময়ত এছ টি অ’ মনোজ ত্যাগীয়ে আন এজন জ্যেষ্ঠ বিষয়াৰ সাহায্য বিচাৰে। সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত মুখ্য অগ্নিনিৰ্বাপক বিষয়া এ. মালিকে সংবাদ মাধ্যমৰ আগত তথ্য প্ৰদান কৰে আৰু জনায় যে বৰ্তমানো ঘটনাস্থলীত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে।
 
দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা আহতসকলক ততাতৈয়াকৈ সমীপৰ ৰাজীৱ গান্ধী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু বৰ্তমান তেওঁলোকৰ তাত চিকিৎসা চলি আছে। অতি দুৰ্ভাগ্যজনকভাৱে, চিকিৎসাধীন অৱস্থাতে এটি শিশুৱে মৃত্যুক আঁকোৱালি লোৱা বুলি জানিব পৰা গৈছে।
 
উল্লেখযোগ্য যে, যিটো পাঁচমহলীয়া অট্টালিকা খহি পৰিছে, সেইটো যোৱা বছৰহে নিৰ্মাণ কৰা হৈছিল। অট্টালিকাটোৰ একেবাৰে তলৰ মহলাত কেইবাখনো দোকান আছিল আৰু ইয়াৰ ওপৰৰ চাৰিটা মহলাৰ প্ৰতিটোতেই ভিন ভিন পৰিয়ালে বসবাস কৰিছিল। তাতোকৈ দুখজনক কথাটো হ'ল, অট্টালিকাটোৰ মালিক আৰু তেওঁৰ পৰিয়ালটোৱেও সেই একেটা গৃহতে বাস কৰিছিল আৰু বৰ্তমান তেওঁলোকো এই ধ্বংসাৱশেষৰ মাজত আৱদ্ধ হৈ পৰা বুলি জানিব পৰা গৈছে। সমগ্ৰ ঘটনাটোৱে এতিয়া সমগ্ৰ দিল্লীজুৰি শোকৰ ছাঁ পেলাইছে।