ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ঐতিহাসিক পদক্ষেপ: দেশৰ সৰ্ববৃহৎ সাঁচিপতীয়া পুথিৰ অনলাইন আৰ্কাইভ মুকলি

Story by  atv | Posted by  [email protected] • 35 m ago
ডিব্ৰুগড় বিশ্ববিদ্যালয়
ডিব্ৰুগড় বিশ্ববিদ্যালয়
 
গুৱাহাটী
 
বিশিষ্ট কবি নৱকান্ত বৰুৱাৰ জন্ম শতবৰ্ষৰ পৱিত্ৰ ক্ষণত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ৰাজ্যৰ শৈক্ষিক আৰু বৌদ্ধিক জগতলৈ এক অভূতপূৰ্ব অৱদান আগবঢ়াইছে। এই ঐতিহাসিক ক্ষণক সোঁৱৰণ কৰি বিশ্ববিদ্যালয়খনে দেশৰ ভিতৰতে সৰ্ববৃহৎ সাঁচিপতীয়া পুথিৰ অনলাইন আৰ্কাইভ ৰাইজৰ বাবে মুকলি কৰাৰ লগতে এখনি দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰৰ শুভাৰম্ভ কৰিছে।
 
নৱকান্ত বৰুৱা জন্ম শতবাৰ্ষিকী আলোচনাচক্ৰৰ উদ্বোধনী অধিৱেশনতেই বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য প্ৰাধ্যাপক জীতেন হাজৰিকাই অসমীয়া বিভাগৰ আপুৰুগীয়া সাঁচিপাতৰ পুথিৰ এই বিশেষ অনলাইন আৰ্কাইভটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰি ৰাইজৰ বাবে উছৰ্গা কৰে। নন্দ তালুকদাৰ ফাউণ্ডেচনৰ সৈতে স্বাক্ষৰিত এক বুজাবুজি চুক্তিৰ আধাৰত প্ৰস্তুত কৰা এই আৰ্কাইভটোত বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অন্তৰ্গত 'লীলা গগৈ সোঁৱৰণী পাণ্ডুলিপি সংগ্ৰহালয়'ত সংৰক্ষিত ৫৩,২৭৫ পৃষ্ঠা সাঁচিপাতৰ পুথি আপলোড কৰা হৈছে।
 
এতিয়াৰে পৰা বিশ্বৰ যিকোনো প্ৰান্তৰ অনুসন্ধিৎসু পাঠকে https://duasmdig.assamarchive.org ৱেবছাইটৰ জৰিয়তে সম্পূৰ্ণ বিনামূলীয়াকৈ অসমীয়া, টাই আৰু সংস্কৃত ভাষাত লিপিবদ্ধ এই আপুৰুগীয়া পুথিসমূহ অধ্যয়ন কৰিব পাৰিব। ইয়াৰ উপৰিও প্ৰসিদ্ধ সমালোচক মহেন্দ্ৰ বৰাৰ ব্যক্তিগত গ্ৰন্থাগাৰৰ পৰা সংগ্ৰহ কৰি বিভাগত সংৰক্ষণ কৰি ৰখা দুষ্প্ৰাপ্য গ্ৰন্থসমূহৰো ৭২,৮৬৭ পৃষ্ঠা ইয়াত উপলব্ধ কৰা হৈছে, যিয়ে আৰ্কাইভটোক দেশৰ ভিতৰতে এক বিৰল মৰ্যাদা প্ৰদান কৰিছে।
 
আৰ্কাইভ মুকলিৰ সমান্তৰালকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ভৱনত 'নৱকান্ত বৰুৱা জন্ম শতবাৰ্ষিকী আলোচনাচক্ৰ' শীৰ্ষক দুদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা হয়। অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক জয়ন্ত কুমাৰ বৰাৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটো উদ্বোধন কৰে উপাচাৰ্য প্ৰাধ্যাপক জীতেন হাজৰিকাই। অনুষ্ঠানত কৃষ্ণকান্ত সন্দিকৈ অসম ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক প্ৰাণজিৎ বৰাই বীজ ভাষণ প্ৰদান কৰে। তেখেতে নিজৰ সাৰগৰ্ভ ভাষণত কবি নৱকান্ত বৰুৱাৰ বহুমুখী সাহিত্য কৰ্মৰ সকলো দিশ সামৰি এক মনোগ্ৰাহী বিশ্লেষণ আগবঢ়ায়।
 
আলোচনাচক্ৰৰ প্ৰথম দিনটোত সমল ব্যক্তি আৰু গৱেষকসকলৰ অংশগ্ৰহণেৰে তিনিখনকৈ গুৰুত্বপূৰ্ণ অধিৱেশন অনুষ্ঠিত হয়। মদন শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত 'যি পৰিপ্ৰেক্ষাই নৱকান্ত বৰুৱাক জন্ম দিছিল' শীৰ্ষক প্ৰথমখন অধিৱেশনত মুনীন বায়ন আৰু দিগন্ত ওজাই ক্ৰমে 'নৱকান্ত বৰুৱাৰ লেখক জীৱনৰ বৌদ্ধিক পৰিপ্ৰেক্ষা' আৰু 'নৱকান্ত বৰুৱাৰ লেখক জীৱনৰ আঁৰৰ সামাজিক-ৰাজনৈতিক পৰিপ্ৰেক্ষা' বিষয়ক দুখন তথ্যগধুৰ আলোচনাপত্ৰ পাঠ কৰে। একেদৰে, নীৰাজনা মহন্ত বেজবৰাৰ সঞ্চালনাত অনুষ্ঠিত দ্বিতীয়খন অধিৱেশনত বিভাস চৌধুৰীয়ে 'নৱকান্ত বৰুৱাৰ বৌদ্ধিক স্থিতি' আৰু জুৰি দত্তই 'নব্য ইতিহাসবাদৰ দৃষ্টিৰে নৱকান্ত বৰুৱা' শীৰ্ষক দুখন প্ৰবন্ধ আগবঢ়ায়।
 
আনহাতে, বিভাস চৌধুৰীয়ে পৌৰোহিত্য কৰা তৃতীয়খন অধিৱেশনত অৰিন্দম বৰকটকীয়ে 'নৱকান্ত বৰুৱাৰ সাহিত্যৰ সমাজ-ৰাজনৈতিক স্থিতি', দেৱভূষণ বৰাই 'গৌতম বুদ্ধ আৰু কবি নৱকান্ত' আৰু পল্লবী ডেকা বুজৰবৰুৱাই 'ৰবীন্দ্ৰনাথ আৰু নৱকান্ত বৰুৱা' শীৰ্ষক ভিন্নধৰ্মী আলোচনাপত্ৰ পাঠ কৰে। সামগ্ৰিকভাৱে, পুথি সংৰক্ষণৰ দৰে আধুনিক প্ৰযুক্তিগত পদক্ষেপ আৰু সাহিত্যৰ এনে বৌদ্ধিক মন্থনে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এই কাৰ্যসূচীক এক অনন্য মাত্ৰা প্ৰদান কৰিছে।