য'ত বিশ্বাস আৰু কল্পকাহিনীৰ মিলন ঘটেঃ ছাৰা মেহমুদৰ সৃষ্টিশীল পৃথিৱী

Story by  atv | Posted by  Munni Begum • 57 m ago
 ছাৰা মেহমুদ
ছাৰা মেহমুদ
 
ছানিয়া আঞ্জুম
 
কেতিয়াবা এটা সাধু বা গল্পৰ আৰম্ভণি বহুত আগতেই হয়, আনকি লেখকে নিজৰ ক’বলগীয়া এটা কাহিনী আছে বুলি উপলব্ধি কৰাৰো বহু পূৰ্বে।
 
ছাৰা মেহমুদৰ ক্ষেত্ৰত ইয়াৰ আৰম্ভণি হৈছিল পঢ়াৰ জৰিয়তে। এটা অনলাইন প্লেটফৰ্মত, য'ত সমগ্ৰ বিশ্বৰ যুৱ লেখকসকলে তেওঁলোকৰ উপন্যাসসমূহৰ খণ্ডবোৰ এটা এটাকৈ প্ৰকাশ কৰিছিল, তাত তেওঁ সেই কাহিনীসমূহৰ প্ৰতি আকৰ্ষিত হৈছিল। কিন্তু সমান্তৰালভাৱে তেওঁ তাত কিহৰ অভাৱ আছিল সেয়াও লক্ষ্য কৰিছিল: ভাৰতীয় প্ৰেক্ষাপটত ৰচিত মুছলিম কল্পকাহিনীৰ অভাৱ, বিশেষকৈ যিবোৰ কাহিনীত যুৱ মুছলমান মহিলাৰ জীৱন আৰু আকাংক্ষাসমূহ প্ৰতিফলিত হয়।
 
 
ছাৰাই মনত পেলায় কয়, "মই আকস্মিকভাৱেই লেখা-মেলাৰ জগতখনত প্ৰৱেশ কৰিছিলোঁ।"
 
এগৰাকী পাঠকৰ কৌতূহল হিচাপে আৰম্ভ হোৱা এই কথাবোৰ অতি সোনকালে সেই কাহিনীবোৰ সৃষ্টি কৰাৰ হেঁপাহলৈ ৰূপান্তৰিত হৈছিল, যিবোৰ কাহিনী তেওঁ নিজে পঢ়িবলৈ বিচাৰি পোৱা নাছিল। তেওঁৰ লক্ষ্য কেৱল মুছলমান প্ৰতিনিধিত্ব বৃদ্ধি কৰাই নাছিল, ইয়াক এক বিশ্বাসযোগ্য আৰু নিভাঁজ ৰূপত উপস্থাপন কৰাটোও আছিল।
 
তেওঁ কয়, "মই মুছলমান প্ৰতিনিধিত্বৰ ক্ষেত্ৰত এনে এক ধৰণে অৱদান যোগাব বিচাৰিছিলোঁ যিটো সঁচা আৰু ইতিবাচক যেন লাগে। লগতে আমাৰ সময়ৰ যুৱতীসকলক এনে কিছুমান চৰিত্ৰ উপহাৰ দিব বিচাৰিছিলোঁ যিবোৰৰ সৈতে তেওঁলোকে নিজকে মিলাই চাব পাৰে আৰু যিবোৰৰ পৰা তেওঁলোকে অনুপ্ৰেৰণা লাভ কৰিব পাৰে।"
 
ইয়াৰ অৰ্থ আছিল সচৰাচৰ চলি অহা ধ্যান-ধাৰণাবোৰৰ পৰা আঁতৰি অহা। ছাৰাই এনে কিছুমান মহিলাৰ কল্পনা কৰিছিল যিসকলে পৰিধানত শালীনতা বজাই ৰাখিব পাৰে, নিজৰ সৃষ্টিকৰ্তাৰ প্ৰতি অনুগত হ'ব পাৰে আৰু তথাপি নিজৰ ভৱিষ্যতক লৈ উচ্চাকাংক্ষী হ'ব পাৰে। এনে মহিলা যিসকলে বিনা সংকোচে নিজৰ ধৰ্মীয় বিশ্বাসক অনুকৰণ কৰিব পাৰে, কিন্তু কেৱল সেইটোৱেই তেওঁলোকৰ একমাত্ৰ পৰিচয় নহয়।
 
 ছাৰা মেহমুদৰ গ্ৰন্থ ব'ল্ড অভাৰ বাই দ্য ব্ৰ'কেন
 
তেওঁৰ কল্পকাহিনীসমূহে ইছলামিক দৃষ্টিভংগীৰে যুৱ-প্ৰজন্মৰ সম্পৰ্ক আৰু প্ৰেমক অন্বেষণ কৰে। তথাপি, ইয়াৰ চৰিত্ৰবোৰে আন এক সাৰ্বজনীন দিশো অতিক্ৰম কৰে: সমাজে তেওঁলোকক যি ৰূপত চাব বিচাৰে আৰু তেওঁলোকে নিজে যি হ’ব বিচাৰে- এই দুটাৰ মাজৰ মানসিক সংঘাত।
 
এই মানসিক সংঘাত তেওঁৰ গ্ৰন্থ ব'ল্ড অভাৰ বাই দ্য ব্ৰ'কেন (Bowled Over by the Broken)-ত অতি স্পষ্টভাৱে প্ৰতিফলিত হৈছে।
 
কল্পকাহিনীক বাস্তৱৰ কাষলৈ লৈ যোৱাৰ চাৰাহৰ প্ৰৱল ইচ্ছাৰ পৰাই এই কিতাপখনৰ জন্ম হৈছিল। তেওঁ এনে কিছুমান পাঠকক লগ পাইছিল যিসকলে কিতাপৰ পৰিস্থিতিবোৰক এই পৰিচিত মন্তব্যটোৰে নাকচ কৰিছিল: "কিন্তু এইবোৰ কেৱল সাধুকথাতহে বা কিতাপতহে ঘটে।" তেওঁ ইয়াৰ বিপৰীতটো প্ৰমাণ কৰিব বিচাৰিছিল।
 
তেওঁ কয়, "যদি পাঠকসকলে কিতাপ পঢ়িবলৈ নিজৰ সময় ব্যয় কৰে, তেন্তে মই বিচাৰোঁ যে তেওঁলোকৰ সেই অভিজ্ঞতা অৰ্থপূৰ্ণ আৰু মূল্যৱান হওক।" সেয়েহে তেওঁ এনে কিছুমান অভিজ্ঞতাৰ আশ্ৰয় লৈছিল যিবোৰ দক্ষিণ এছিয়াৰ বহু যুৱতীয়ে সহজে বুজিব পাৰে। যেনে- শ্যামল বৰণৰ বাবে ইতিকিঙৰ সন্মুখীন হোৱা, শিক্ষা সাং কৰাৰ লগে লগে বিবাহৰ বাবে হেঁচা প্ৰয়োগ কৰা আৰু বিয়াৰ পিছত যেনেতেনে বুজাবুজি বা মিলা-প্ৰীতি গঢ়ি উঠিব বুলি ধৰি লোৱা।
 
এইবোৰ কোনো অসাধাৰণ ঘটনা নহয়। আৰু ঠিক এই কথাটোৱেই ইহঁতক শক্তিশালী কৰি তোলে। এইবোৰ হৈছে দৈনন্দিন জীৱনৰ মন্তব্য, প্ৰত্যাশা আৰু পাৰিবাৰিক বাৰ্তালাপ, যিবোৰে অতি নীৰৱে যুৱতীসকলৰ নিজৰ আৰু ভৱিষ্যতৰ প্ৰতি থকা দৃষ্টিভংগীক গঢ় দিয়ে।
 
ছাৰাই এই বাস্তৱতাবোৰক কেৱল এক ৰোমাণ্টিক পটভূমিতে আৱদ্ধ নাৰাখে। তেওঁ এইবোৰ ব্যৱহাৰ কৰি সম্পৰ্ক আৰু বিবাহৰ সৈতে জড়িত পূৰ্বধাৰণাবোৰক প্ৰশ্ন কৰে।
 
 
আটাইতকৈ উল্লেখযোগ্য কথাটো হ'ল, তেওঁ বিয়াখনক জীৱনৰ চূড়ান্ত লক্ষ্য বা সমাপ্তি ৰেখা বুলি মানি ল'বলৈ অস্বীকাৰ কৰে। তেওঁ কয়, "বেছিভাগ কাহিনীয়েই বিবাহৰ লগে লগে শেষ হয়। কিন্তু এই কিতাপখনত আটাইতকৈ গুৰুত্বপূৰ্ণ ঘটনাৱলী বিয়াৰ পিছতহে আৰম্ভ হয়।"
 
কাহিনী কোৱাৰ শৈলীত এয়া এক সৰু পৰিৱৰ্তন হ'লেও, ই অতি তাৎপৰ্যপূৰ্ণ। বিয়াৰ লগে লগে উৎসৱ-পাৰ্বনবোৰ শেষ হ'ব পাৰে, কিন্তু প্ৰকৃত জীৱন, পাৰস্পৰিক বুজাবুজি, প্ৰত্যাশা, আপোচ আৰু এটা সম্পৰ্ক গঢ়ি তোলাৰ প্ৰকৃত কাম তাৰ পৰাহে আৰম্ভ হয়।
 
অৱশ্যে, ছাৰাৰ তিনিখন স্ব-প্ৰকাশিত গ্ৰন্থৰ মাজেৰে বৈ যোৱা এক গভীৰ সূত্ৰ হৈছে: বিশ্বাস কেৱল এটা আছুতীয়া কোঠাত আৱদ্ধ কৰি ৰখা বস্তু নহয়, ই হৈছে দৈনন্দিন জীৱনৰ সৈতে জীয়াই থকা এক অনুভৱ।
 
তেওঁ কয়, "মোৰ সকলো কিতাপৰ মূল কথাটোৱেই হৈছে যে নিজৰ সপোন পূৰণ কৰিবলৈ গৈ আপুনি নিজৰ ধৰ্মক ত্যাগ কৰাৰ কোনো প্ৰয়োজন নাই।"
 
ছাৰাৰ বাবে এই নীতি কল্পকাহিনীৰ মাজতে আৱদ্ধ নহয়। তেওঁ আশা কৰে যে তেওঁৰ পাঠকসকলে সম্পৰ্ক, উচ্চাকাংক্ষা আৰু কঠিন সময়ত লোৱা সাধাৰণ সিদ্ধান্তবোৰত বিশ্বাসে কেনেদৰে প্ৰভাৱ পেলায়, সেই বিষয়ে চিন্তা কৰিব।
 
"যেতিয়া পাঠকসকলে কিতাপখন পঢ়ি শেষ কৰিব, মই বিচাৰোঁ যে তেওঁলোকে নিজৰ দৈনন্দিন জীৱন আৰু সিদ্ধান্তবোৰত নিজৰ বিশ্বাসক কেনেদৰে মূৰ্ত কৰি তুলিব পাৰে, তাৰ ওপৰত চিন্তা-চৰ্চা কৰক।"
 
এই দৃষ্টিভংগী কেৱল তেওঁৰ ব্যক্তিগত বিশ্বাসৰ দ্বাৰাই গঢ় লৈ উঠা নাই, তেওঁৰ শৈক্ষিক জীৱনৰ দ্বাৰাও প্ৰভাৱিত হৈছে।
 
ছাৰা এগৰাকী সহকাৰী অধ্যাপিকা, যাৰ শৈক্ষিক পটভূমি হৈছে খাদ্য বিজ্ঞান আৰু পুষ্টিবিদ্যা আৰু গৱেষণা তেওঁৰ পেছাদাৰী যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ অংশ। তেওঁৰ শৈক্ষিক প্ৰশিক্ষণে তেওঁক পৰিস্থিতিবোৰ পৰ্যবেক্ষণ কৰাৰ ধৰণত প্ৰভাৱ পেলাইছে, যিয়ে তেওঁক প্ৰশ্ন কৰিবলৈ, বিশ্লেষণ কৰিবলৈ আৰু কেৱল চকুত পৰা কথাবোৰৰ বাহিৰলৈ গৈ গভীৰভাৱে চাবলৈ উৎসাহিত কৰিছে।
 
তেওঁ কয়, "সামগ্ৰিকভাৱে মোৰ শিক্ষাই মোৰ লেখাৰ জৰিয়তে প্ৰকাশ পোৱা দৃষ্টিভংগীক গঢ় দিছে। ই মোক পৰিস্থিতি এটাক সমালোচনাত্মক দৃষ্টিভংগীৰে আৰু এনে এক বুজাবুজিৰে চাবলৈ সক্ষম কৰিছে, যাৰ বিকল্প হয়তো মোৰ নাথাকিলহেঁতেন।"
 
অধ্যাপনা, গৱেষণা আৰু লেখা-মেলাৰ মাজত ভাৰসাম্য ৰক্ষা কৰা এজন ব্যক্তিৰ বাবে আজৰি সময় পোৱাটো প্ৰায় অসম্ভৱ। তথাপি, ছাৰাই নিজৰ সৃষ্টিশীল কামবোৰক কেতিয়াও সময় কাঢ়ি নিয়া এক বোজা হিচাপে নাভাবে। বৰং সঘনাই এইটোৱেই তেওঁক বাকী সকলো কামৰ সৈতে মোকাবিলা কৰাত সহায় কৰে।
 
তেওঁ কয়, "যিবোৰ দিনত মই অনুভৱ কৰোঁ যে কামৰ বাহিৰে অন্য কোনো কামৰ বাবেই মোৰ সময় নাই, ঠিক সেইবোৰ দিনতেই মানসিক চাপ কমাবৰ বাবে মই মোৰ ভাবনাবোৰ লিপিৱদ্ধ কৰিবলৈ ঢাপলি মেলোঁ।"
তেওঁৰ এই স্বীকাৰোক্তি সঁচাকৈয়ে আন্তৰিকতাপূৰ্ণ। লেখা-মেলাৰ কামটো তেওঁ পেছাদাৰী জীৱনৰ সৈতে মিলাই সদায় পৰিপাটিকৈ নিৰ্ধাৰণ নকৰে। কেতিয়াবা, ই নিজে নিজেই আৱিৰ্ভাৱ হয় আৰু লিখিবলৈ বাধ্য কৰায়।
 
আৰু হয়তো ইয়াৰ কাৰণ হ'ল, ছাৰাৰ বাবে লিখাটো নিজৰ সফলতাৰ তালিকাত আন এক অৰ্জন যোগ কৰাতকৈ বেছি গুৰুত্বপূৰ্ণ হৈছে নিজৰ ভাবনাবোৰ প্ৰকাশ কৰাৰ এক মাধ্যম, চিন্তাবোৰ চালি-জাৰি চোৱাৰ এক পৰিৱেশ, ধাৰণাবোৰ অন্বেষণ কৰা আৰু এনে কিবা এটা সৃষ্টি কৰা যিয়ে আন কাৰোবাৰ মনত আলোড়ন তুলিব পাৰে।
 
তেওঁ কথাটো আৰু বেছি সৰলভাৱে প্ৰকাশ কৰি কয়: "চিত্ৰকৰে ছবি আঁকে, বেকাৰসকলে বেকিং কৰে আৰু লেখকে লিখে।" ই হৈছে এক সৃষ্টিশীল প্ৰবৃত্তিৰ উপযুক্ত বৰ্ণনা, যিটো জীৱন ব্যস্ত হৈ পৰিলেই নাইকিয়া হৈ নাযায়।
 
এগৰাকী অনলাইন পাঠকৰ পৰা স্ব-প্ৰকাশিত লেখিকা আৰু শিক্ষাবিদলৈ ছাৰাৰ এই যাত্ৰাই কোনো গতানুগতিক পথ অনুসৰণ কৰা নাছিল। কল্পকাহিনী, গৱেষণা আৰু শৈক্ষিক জগতখনক একত্ৰিত কৰাৰ বাবে তেওঁৰ কোনো পূৰ্বপৰিকল্পিত সুবৃহৎ আঁচনি নাছিল। ইয়াৰ আৰম্ভণি হৈছিল কেৱল এটা অভাৱ বা শূন্যতা লক্ষ্য কৰাৰ জৰিয়তে আৰু তেওঁ নিজে সেই শূন্যতা পূৰণ কৰিবলৈ চেষ্টা কৰিলে কি হ'ব পাৰে, সেই কৌতূহলৰ মাজেৰে।
 
বৰ্তমান তেওঁৰ কৰ্মৰাজিয়ে ব্যক্তিগত আৰু সাৰ্বজনীনতাৰ মাজৰ এক সুন্দৰ স্থান অধিকাৰ কৰিছে: সেয়া হৈছে বিশ্বাস আৰু উচ্চাকাংক্ষা, কল্পকাহিনী আৰু বাস্তৱ, পৰম্পৰা আৰু স্বকীয়তা। হয়তো সেইবাবেই তেওঁৰ কাহিনীবোৰ মনোযোগ দি পঢ়িবলগীয়া।
 
তেওঁৰ কাহিনীবোৰে যুৱ মুছলমান মহিলাসকলক এটা পৰিচয়ৰ বিনিময়ত আন এটা পৰিচয় বাছি ল'বলৈ বাধ্য নকৰে। ইয়াৰ পৰিৱৰ্তে, সেইবোৰে জীৱনৰ জটিলতাৰ বাবে, ভক্তিৰ সমান্তৰালভাৱে সপোনৰ বাবে, মূল্যবোধৰ সমান্তৰালভাৱে উচ্চাকাংক্ষাৰ বাবে আৰু 'সুখৰ সমাপ্তি'ৰ পিছত অহা বাস্তৱতাৰ সমান্তৰালভাৱে প্ৰেমৰ বাবে এক সুন্দৰ স্থান মুকলি কৰি দিয়ে।
 
ছাৰাই লিখিবলৈ আৰম্ভ কৰিছিল কাৰণ তেওঁ নিজৰ জীৱনৰ সৈতে মিলি যোৱা পৰ্যাপ্ত কাহিনী বিচাৰি পোৱা নাছিল। এতিয়া তেওঁ এনে কিছুমান কাহিনী লিখি উলিয়াইছে, যাৰ মাজত আন বহুতেই অৱশেষত নিজকে বিচাৰি পাব পাৰে।