তৰুণ নন্দী / কলকাতা
মাটিৰ পৰাই তেওঁ গঢ়ি তোলে নানা দেৱ-দেৱীৰ মূৰ্তি। তেওঁৰ আঙুলিৰ যাদুকৰী পৰশত প্ৰাণ পাই উঠে অসাধাৰণ দেৱ-দেৱীৰ প্ৰতিমাই। অথচ এই শিল্পীগৰাকী হৈছে ইছলাম ধৰ্মাৱলম্বী। তেওঁৰ মতে, শিল্পৰ জগতত ধৰ্মৰ কোনো দেৱাল বা প্ৰাচীৰ নাই। উত্তৰ ২৪ পৰগনাৰ দত্তপুকুৰৰ বাসিন্দা এইগৰাকী মৃৎশিল্পী হৈছে ৫৬ বছৰীয়া শ্বৰিফুল ইছলাম। অৱশ্যে শিল্পী সমাজত বা নিজৰ অঞ্চলত তেওঁ ‘খোকা’ নামেই বেছি পৰিচিত।
বছৰৰ পাছত বছৰ ধৰি হিন্দু ধৰ্মৰ বিভিন্ন দেৱ-দেৱীৰ মূৰ্তি নিৰ্মাণ কৰি আহিছে শিল্পী শ্বৰিফুল ইছলামে। তেওঁৰ হাতৰ পৰশত প্ৰাণ পোৱা প্ৰতিমা কেৱল বংগৰ বিভিন্ন জিলাতেই আৱদ্ধ হৈ থকা নাই, মুম্বাই, দিল্লীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তলৈ গৈছে। আনকি দেশৰ সীমা অতিক্ৰম কৰি বিদেশতো তেওঁৰ শিল্পকৰ্মই সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। তেওঁ সৃষ্টি কৰা এই মাটিৰ প্ৰতিমাবোৰৰ জৰিয়তে বাৰে বাৰে এটাই বাৰ্তা প্ৰতিফলিত হৈছে- শিল্পৰ কোনো ধৰ্ম নাথাকে।
আজি তেওঁক এগৰাকী প্ৰতিষ্ঠিত শিল্পী বুলিয়েই ক’ব পাৰি। শ্বৰিফুলৰ নিজস্ব এটা ষ্টুডিঅ’ও আছে। নিজৰ প্ৰতিভাৰ বলত তেওঁ এক সুকীয়া পৰিচয় গঢ়ি তুলিছে। দেশৰ ভিন্ন প্ৰান্তত তেওঁৰ শিল্পকৰ্মৰ ব্যাপক চাহিদা আছে। পিছে, সফলতাৰ এই শীৰ্ষস্থানত উপনীত হোৱাৰ পথটো এইগৰাকী শিল্পীৰ বাবে সমূলি মসৃণ নাছিল।
এটি প্ৰতিমা হাতত লৈ থকা মুহূৰ্তত শ্বৰিফুল ইছলাম
শৈশৱত ধনৰ অভাৱত পঢ়া-শুনা চলাই নিয়াটো শ্বৰিফুলৰ বাবে সম্ভৱ হৈ নুঠিল। সংসাৰৰ অভাৱ দূৰ কৰিবলৈ কম বয়সতেই তেওঁ হাতত তুলি ল’বলগীয়া হৈছিল ভেনগাড়ীৰ হেণ্ডেল। আন বহু ল’ৰা-ছোৱালীৰ দৰে কিতাপ-বহী লৈ স্কুললৈ যোৱাৰ পৰিৱৰ্তে সংসাৰৰ দায়িত্ব কান্ধত তুলি লৈ তেওঁ কঠোৰ সংগ্ৰাম কৰিবলগীয়া হৈছিল। তথাপি সংসাৰৰ এই অনাটন আৰু দৰিদ্ৰতাই তেওঁৰ ভিতৰত থকা শিল্পীসত্তাক স্তব্ধ কৰি দিব পৰা নাছিল।
মাটি, ৰং আৰু প্ৰতিমাৰ মুখাৱয়ব- এই তিনিওটাৰ প্ৰতি সৰুৰে পৰাই তেওঁৰ এক অদ্ভুত টান আছিল। কোনো আনুষ্ঠানিক প্ৰতিষ্ঠানলৈ গৈ প্ৰশিক্ষণ লোৱাৰ সুযোগ তেওঁ পোৱা নাছিল। কোনো প্ৰখ্যাত কৰ্মশালাৰ পৰাই তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰা নাছিল। ভেন চলাই মাটি কঢ়িয়াওঁতে নিজ চকুৰে দেখি, নিজ হাতেৰে চেষ্টা কৰি, ভুলৰ মাজেৰেই লাহে লাহে নিজৰ এক সুকীয়া শিল্পভাষা গঢ়ি তুলিছিল শ্বৰিফুলে। সংসাৰৰ কঠিন বাস্তৱৰ সন্মুখীন হৈয়ো তেওঁ শিল্পৰ সপোনটো মনৰ মাজত সযতনে সাবটি ৰাখিছিল। সেই সপোনেই এদিন তেওঁক নিজৰ এখন শিল্পশালা গঢ়াৰ পথলৈ লৈ যায়। প্ৰতিষ্ঠানটোৰ নাম তেওঁ ৰাখে ‘ইছলাম টেৰাকোটা’।
দেৱীৰ মূৰ্তি নিৰ্মাণৰ মুহূৰ্তত শ্বৰিফুল ইছলাম
সঠিক মাটি চিনি উলিওৱা, তাক শিল্পৰ ৰূপ দিবলৈ প্ৰস্তুত কৰাৰ পৰা আৰম্ভ কৰি প্ৰতিমাৰ গাঁথনি নিৰ্মাণলৈকে সকলো কাম তেওঁ অকলেই কৰে। প্ৰতিমাত মাটিৰ প্ৰলেপ দিয়া, মুখৰ আদল ফুটাই তোলা, সূক্ষ্ম কাৰুকাৰ্য- এই সকলোবোৰতে তেওঁ এজন বিশেষজ্ঞ। বছৰৰ পাছত বছৰ ধৰি একেৰাহে কাম কৰি তেওঁৰ শিল্পকৰ্মত এক নিজস্ব বৈশিষ্ট্য ফুটি উঠিছে। তেওঁৰ ওচৰত কাম শিকি আজি বহু শিল্পী প্ৰতিষ্ঠিত হৈছে। সেয়েহে এই কথা ক’বলৈ কোনো দ্বিধা নাই যে, যিগৰাকী মানুহে এদিন কোনো আনুষ্ঠানিক প্ৰশিক্ষণ লোৱাৰ সুযোগ পোৱা নাছিল, তেৱেঁই আজি নিজৰ অভিজ্ঞতা আনৰ মাজলৈ আগবঢ়াই দিছে।
শ্বৰিফুলৰ শিল্পকৰ্মৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য বোধহয় ইয়াতেই যে, এগৰাকী মুছলমান হৈয়ো তেওঁ হিন্দু দেৱ-দেৱীৰ প্ৰতিমা নিৰ্মাণ কৰে। এই বিষয়টো তেওঁৰ বাবে কোনো ধৰ্মীয় সংঘাতৰ বিষয় নহয়, বৰং ই শিল্পৰ এক স্বাভাৱিক প্ৰকাশহে। এফালে তেওঁৰ নিজ হাতে গঢ়া দেৱী প্ৰতিমা আৰু আনফালে শিল্পীগৰাকীৰ নিজা পৰিচয়- এই দুয়োটাৰ মিলন যেন বংগৰ বহু পুৰণি সংস্কৃতিৰেই এক জীৱন্ত প্ৰতিচ্ছবি।
কথাৰ মাজতে শ্বৰিফুলে কয়, “বহুতেই কয়, মই হেনো সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছোঁ। ইয়াতকৈ ডাঙৰ সন্মান আৰু একো হ’ব নোৱাৰে। শিল্পৰ জগতত সকলো ধৰ্মই এক।” এসময়ত যিগৰাকী শিল্পীয়ে সংসাৰ চলাবলৈ ভেনগাড়ী চলাবলগীয়া হৈছিল, আজি তেওঁক লৈ নিৰ্মাণ হৈছে তথ্যচিত্ৰ। প্ৰকাশ পাইছে গ্ৰন্থও। বিভিন্ন দিশৰ পৰা তেওঁলৈ স্বীকৃতি আহিছে।
দেৱীৰ মূৰ্তি নিৰ্মাণৰ মুহূৰ্তত শ্বৰিফুল ইছলাম
কিন্তু এই স্বীকৃতিৰ সমান্তৰালভাৱে তেওঁৰ মনৰ মাজত ৰৈ গৈছে কিছু আক্ষেপো। শ্বৰিফুলে আক্ষেপ কৰি কয় যে, তেওঁৰ কামৰ প্ৰশংসা বহুতেই কৰে, কিন্তু এই শিল্পক অধিক আগুৱাই নিয়াৰ বাবে প্ৰয়োজনীয় সহযোগিতা তেওঁ আজিলৈকে পোৱা নাই। চৰকাৰী সাহায্যও তেওঁৰ ওচৰ পোৱা নাই বুলি তেওঁ দাবী কৰে। অৱশ্যে তেওঁ বিশ্বাস কৰে যে উপযুক্ত সহযোগিতা পালে কেৱল তেওঁৰ নিজৰ শিল্পকৰ্মই নহয়, এই মৃৎশিল্পৰ লগত নৱপ্ৰজন্মকো অধিক পৰিমাণে জড়িত কৰাটো সম্ভৱ হ’ব।
৫৭ বছৰীয়া শ্বৰিফুল ইছলাম আজি কেৱল এগৰাকী প্ৰতিষ্ঠিত শিল্পীয়েই নহয়, তেওঁ মানৱতা আৰু ভাতৃত্ববোধৰ এক অনবদ্য প্ৰতীক। ধৰ্মীয় পৰিচয়ে কেতিয়াবা তেওঁৰ শিল্পৰ সন্মুখত হেঙাৰ হৈ থিয় দিয়া নাই। ক’বলৈ গ’লে, শিল্পসৃষ্টিৰ ক্ষেত্ৰত মাটিৰ প্ৰতিটো টুকুৰাই যেন তেওঁক বাৰে বাৰে শিকাইছে- মানুহৰ ধৰ্মীয় পৰিচয়তকৈ শিল্পীৰ পৰিচয় বহুত ঊৰ্ধ্বত। তেওঁৰ হাতৰ পৰশত প্ৰাণ পোৱা প্ৰতিটো মূৰ্তিয়েই যেন বংগৰ মাটিত সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক জীৱন্ত ছবি হৈ চিৰদিন জিলিকি থাকিব।