আমাৰ আকাশৰ ৰক্ষক: ভাৰতীয় বায়ুসেনা দিৱসত বায়ুযোদ্ধাসকললৈ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীসহ দেশৰ শীৰ্ষ নেতাসকলৰ সশ্ৰদ্ধ অভিবাদন

Story by  atv | Posted by  [email protected] • 3 h ago
ভাৰতীয় বায়ুসেনা দিৱসত বায়ুযোদ্ধাসকললৈ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীসহ দেশৰ শীৰ্ষ নেতাসকলৰ সশ্ৰদ্ধ অভিবাদন
ভাৰতীয় বায়ুসেনা দিৱসত বায়ুযোদ্ধাসকললৈ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীসহ দেশৰ শীৰ্ষ নেতাসকলৰ সশ্ৰদ্ধ অভিবাদন
 
নতুন দিল্লী
 
প্ৰতি বছৰে ৮ অক্টোবৰৰ দিনটো সমগ্ৰ দেশবাসীয়ে গৌৰৱ আৰু শ্ৰদ্ধাৰে 'ভাৰতীয় বায়ুসেনা দিৱস' হিচাপে উদযাপন কৰে। এইবাৰৰ ৯৩ সংখ্যক বায়ুসেনা দিৱসৰ পৱিত্ৰ ক্ষণত বায়ুযোদ্ধাসকলৰ অদম্য সাহস, অতুলনীয় ত্যাগ আৰু ৰাষ্ট্ৰৰ প্ৰতি থকা তেওঁলোকৰ সমৰ্পণক স্মৰণ কৰি দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীকে ধৰি কেইবাগৰাকীও শীৰ্ষ নেতাই সশ্ৰদ্ধ অভিবাদন জ্ঞাপন কৰে।
 
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সামাজিক মাধ্যম 'এক্স' যোগে দেশৰ সকলো বায়ুযোদ্ধা, প্ৰবীণ বায়ুসেনা বিষয়া আৰু তেওঁলোকৰ পৰিয়ালবৰ্গলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। ভাৰতীয় বায়ুসেনাই নিজৰ শৌৰ্য আৰু সাজু অৱস্থাৰে দেশক প্ৰতিটো খোজতে গৌৰৱান্বিত কৰি আহিছে বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, "আমাৰ বায়ুযোদ্ধাসকলে আকাশমাৰ্গৰ সুৰক্ষা নিশ্চিত কৰাৰ সমান্তৰালকৈ দুৰ্যোগ আৰু মানৱীয় সংকটৰ সময়ত অক্লান্ত নিষ্ঠাৰে দেশমাতৃৰ সেৱা কৰে। প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ তেওঁলোকে যি শক্তি প্ৰদৰ্শন কৰে সেয়া সঁচাকৈয়ে গৌৰৱৰ বিষয়। ভৱিষ্যতৰ সকলো প্ৰচেষ্টাত সফলতা লাভৰ বাবে মই ভাৰতীয় বায়ুসেনালৈ শুভকামনা জনাইছোঁ।"
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও বায়ুসেনাৰ জোৱানসকলৰ বীৰত্বক ভূয়সী প্ৰশংসা কৰি এক বিশেষ বাৰ্তা প্ৰেৰণ কৰে। অতি প্ৰত্যাহ্বানজনক পৰিস্থিতিতো ভাৰতৰ আকাশ নিৰাপদ কৰি ৰখাত এই বাহিনীয়ে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ ভূমিকাক তেওঁ শ্ৰদ্ধাৰে সোঁৱৰে। প্ৰধানমন্ত্ৰীয়ে কয়, "বায়ুসেনা দিৱসত সকলো সাহসী বায়ুযোদ্ধা আৰু তেওঁলোকৰ পৰিয়াললৈ মোৰ উষ্ম শুভেচ্ছা। ভাৰতীয় বায়ুসেনাই সদায় সাহস, অনুশাসন আৰু নিখুঁত অভিযানৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে।" তেওঁ লগতে কয় যে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত বায়ুসেনাই পালন কৰা ভূমিকা অতি প্ৰশংসনীয়। তেওঁলোকৰ দায়বদ্ধতা, পেছাদাৰিত্ব তথা অদম্য মনোবলো প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৌৰৱৰ প্ৰতীক।
ইফালে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বায়ুসেনাৰ বীৰ জোৱানসকলক 'আকাশৰ ৰক্ষক' বুলি অভিহিত কৰি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। এক্স প্লেটফৰ্মত তেওঁ লিখে, "ভাৰতীয় বায়ুসেনা দিৱসত আমাৰ আকাশৰ ৰক্ষকসকলক উষ্ম শুভেচ্ছা জনালোঁ। এই বাহিনীটোৰ নামটোৱেই প্ৰতিগৰাকী ভাৰতীয়ৰ হৃদয়ত অপৰিসীম গৌৰৱৰ সঞ্চাৰ কৰে।" ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দায়িত্ব পালনৰ পৰা আৰম্ভ কৰি প্ৰাকৃতিক দুৰ্যোগত জীৱন ৰক্ষা কৰালৈকে বায়ুসেনাই প্ৰদৰ্শন কৰা লৌহসদৃশ সাহস আৰু অদম্য দেশপ্ৰেমক তেওঁ প্ৰশংসা কৰে। লগতে, দেশৰ হকে সৰ্বোচ্চ বলিদান দিয়া বাহিনীটোৰ অমৰ শ্বহীদসকললৈ তেওঁ আন্তৰিক প্ৰণাম জনায়।
কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও বায়ুসেনাৰ গৌৰৱোজ্জ্বল মূলমন্ত্ৰ 'नभः स्पृशं दीप्तम्' (গৌৰৱৰে আকাশ স্পৰ্শ কৰা) উল্লেখ কৰি এক্স যোগে বীৰ সেনাবাহিনীটোক শুভেচ্ছা জনায়।
আনহাতে, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো সাহসী বায়ুযোদ্ধাসকলৰ অৱদানক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এক্সত পোষ্ট কৰি লিখে, "আমাৰ সাহসী বায়ুযোদ্ধাসকলে পহৰা দিয়াৰ বাবেই ভাৰতৰ আকাশ আজি অধিক নিৰাপদ। ভাৰতীয় বায়ুসেনাৰ সাহস, ত্যাগ আৰু অটল দায়বদ্ধতাক মই প্ৰণাম জনাইছোঁ। তেওঁলোকৰ সমৰ্পণে প্ৰতিজন ভাৰতীয়ক অনুপ্ৰাণিত কৰি আহিছে। তেওঁলোকে সদায় নিজস্ব মহিমাৰে আকাশ স্পৰ্শ কৰক।"