২০২৯ চনলৈ আৰু বৃদ্ধি নহয় মোবাইলৰ দাম

Story by  atv | Posted by  [email protected] • 54 m ago
২০২৯ চনলৈ আৰু বৃদ্ধি নহয় মোবাইলৰ দাম
২০২৯ চনলৈ আৰু বৃদ্ধি নহয় মোবাইলৰ দাম
 
নতুন দিল্লী
 
কেন্দ্রীয় চৰকাৰে দেশৰ ইলেক্ট্ৰনিক্স উৎপাদন খণ্ড, ম’বাইলৰ খুচৰা যন্ত্ৰাংশ আৰু লিথিয়াম-আয়ন বেটাৰী উদ্যোগক এক বৃহৎ সকাহ দি কেবাটাও গুৰুত্বপূৰ্ণ সামগ্ৰীৰ ওপৰত আমদানি শুল্ক হ্ৰাস কৰাৰ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে।
 
বিত্ত মন্ত্ৰালয়ৰ এই নতুন নিৰ্দেশনা অনুসৰি, ম’বাইল ফোন নিৰ্মাণত ব্যৱহৃত ট্ৰেকিং মডিউল আৰু ডিছপ্লে আদিকে ধৰি মুঠ ৬ টা গুৰুত্বপূৰ্ণ পাৰ্টছ বা যন্ত্ৰাংশৰ ওপৰত আমদানি শুল্ক সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হৈছে। চৰকাৰৰ এই বিশেষ ৰেহাই অহা ৩১ মাৰ্চ ২০২৯ পৰ্যন্ত বাহাল থাকিব।
 
এই সিদ্ধান্তৰ ফলত ম’বাইল ফোনৰ উপৰিও ৱায়াৰলেচ চাৰ্জিং মডিউল, সৌৰ শক্তিৰ সঁজুলি আৰু ইপিসি কোম্পানীসমূহৰ উৎপাদন ব্যয় বহু পৰিমাণে হ্ৰাস পাব। চৰকাৰৰ এই পদক্ষেপৰ মুখ্য উদ্দেশ্য হৈছে ভাৰতক গোলকীয় চাপ্লাই চেইনত এক শক্তিশালী স্থানত প্ৰতিষ্ঠা কৰা আৰু ঘৰুৱা উৎপাদন খণ্ডক অধিক আত্মনিৰ্ভৰশীল কৰি তোলা।
 
এই আমদানি শুল্ক ৰেহাইৰ ফলত দেশত বৈদুতিক বাহন, এডভান্সড ইলেক্ট্ৰনিক্স আৰু বেটাৰী নিৰ্মাণ খণ্ডই এক নতুন গতি লাভ কৰিব। ইয়াৰ উপৰিও লিথিয়াম-আয়ন বেটাৰী প্ৰস্তুত কৰিবলৈ ব্যৱহৃত প্ৰায় ৮৫ প্ৰকাৰৰ আধুনিক মেচিন (যেনে- মেটেৰিয়েল মিক্সিং, কোটিং, প্ৰেচিং, স্লিটিং, ৱাইণ্ডিং, টেষ্টিং আৰু পেকেজিং মেচিন) এতিয়াৰে পৰা কম খৰচতে আমদানি কৰিব পৰা যাব।
 
একেদৰে ম’বাইলৰ ডিছপ্লে চেল, ফ্লেক্সিবল প্ৰিন্টেড চাৰ্কিট এচেম্বলী, বেকলাইট ইউনিট আৰু ৱায়াৰলেচ চাৰ্জিঙৰ বাবে প্ৰয়োজনীয় কুণ্ডলী বা নিওডিমিয়াম মেগনেটৰ দৰে সঁজুলিসমূহৰ ওপৰতো শুল্ক ৰেহাই দিয়া হৈছে।সাধাৰণ গ্ৰাহকৰ বাবে ম’বাইল ফোন বা বৈদুতিক বাহনসমূহ দাম সস্তা হ’ব নে নহয়, সেইটো পোনপটীয়াকৈ এতিয়াই ক’ব নোৱাৰিলেও, দীৰ্ঘম্যাদী ভিত্তিত ইয়াৰ লাভ লাভ কৰিব পৰা যাব।
 
উল্লেখযোগ্য যে, কোম্পানীসমূহৰ উৎপাদন খৰচ হ্ৰাস পালে ভৱিষ্যতে বজাৰত ম’বাইল ফোন, ইভি আৰু অন্যান্য ইলেক্ট্ৰনিক সামগ্ৰীৰ মূল্য হ্ৰাস পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অৱশ্যে সামগ্ৰীৰ চূড়ান্ত মূল্য কিমান কম হ’ব, সেয়া কোম্পানীসমূহৰ ব্যৱসায়িক ৰণনীতি আৰু বজাৰৰ চাহিদাৰ ওপৰতহে নিৰ্ভৰ কৰিব। ইয়াৰ সমান্তৰালভাৱে ঘৰুৱাভাৱে উৎপাদন বৃদ্ধি পালে দেশৰ অৰ্থনীতি শক্তিশালী হোৱাৰ লগতে ব্যাপক হাৰত নতুন নিয়োগৰ সুযোগ বা কৰ্মসংস্থাপনৰ সৃষ্টি হ’ব বুলি অৰ্থনৈতিক বিশেষজ্ঞসকলে আশা প্ৰকাশ কৰিছে।