বৃদ্ধকালত পিতৃ-মাতৃক চোৱা-চিতা নকৰা সন্তানে নাপাব সা-সম্পত্তিৰ ভাগ

Story by  atv | Posted by  [email protected] • 45 m ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
বৃদ্ধকালত পিতৃ-মাতৃক কোনো সন্তানে অনাদৰ কৰিলে তেনে সন্তানক সকলো পৈতিক সা-সম্পত্তি পৰা আইনগতভাৱে বঞ্চিত কৰিব পাৰিব। বম্বে উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ ৰায়দানত স্পষ্ট কৰি দিছে যে যদি সন্তানৰ লালন-পালন কৰাৰ পিছতো তেওঁলোকে বৃদ্ধ বয়সত পিতৃ-মাতৃৰ চোৱাচিতা নকৰে, তেন্তে পিতৃ-মাতৃয়ে সন্তানক দিয়া নিজৰ সম্পত্তি ঘূৰাই লোৱাৰ সম্পূৰ্ণ অধিকাৰ আছে। আনকি পিতৃ-মাতৃ আৰ্থিকভাৱে স্বাৱলম্বী হ’লেও এই নিয়ম প্ৰযোজ্য হ’ব বুলি আদালতে কয়।
 
মুম্বাইৰ লোৱাৰ পৰেলৰ এজন ৪২ বছৰীয়া ব্যক্তিয়ে ট্ৰাইবিউনেলৰ এটা নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। ট্ৰাইবিউনেলে উক্ত ব্যক্তাজনক ফ্লেটটোৰ দখল তেওঁৰ ৬৮ বছৰীয়া বৃদ্ধ পিতৃৰ হাতত গতাই দিবলৈ নিৰ্দেশ দিছিল। কৰ্মৰত মুখ্য ন্যায়াধীশ ৰবীন্দ্ৰ ঘুগে আৰু ন্যায়াধীশ গৌতম অংখাড়ৰ বিচাৰপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰি ট্ৰাইবিউনেলৰ ৰায়টোকে বাহাল ৰাখে।
 
গোচৰৰ বিৱৰণী অনুসৰি, পিতৃয়ে ২০০৫ চনত ফ্লেটটো ক্ৰয় কৰিছিল আৰু পৰিয়ালৰ সৈতে তাতে বাস কৰিছিল। ২০২৩ চনৰ মে’ মাহত তেওঁ এক 'গিফট ডীড'ৰ জৰিয়তে ফ্লেটটো পুত্ৰক উপহাৰ হিচাপে দিছিল। কিন্তু ইয়াত এটা চৰ্ত আছিল যে পুত্ৰই তেওঁক আৰু তেওঁৰ ৬০ বছৰীয়া পত্নীক মৌলিক সা-সুবিধা আৰু যত্ন প্ৰদান কৰিব লাগিব।
 
কিন্তু সম্পত্তি লাভ কৰাৰ পিছৰে পৰা পুত্ৰৰ ব্যৱহাৰ সলনি হ’বলৈ ধৰে আৰু পৰিস্থিতি ইমানেই বেয়া হয় যে ২০২৫ চনত বৃদ্ধ পিতৃ-মাতৃয়ে ঘৰ এৰিবলৈ বাধ্য হয়।ইয়াৰ পিছতে পিতৃ-মাতৃয়ে Senior Citizens Act, 2007ৰ অধীনত আদালতৰ কাষ চাপে।
 
উল্লেখযোগ্য যে, ন্যায়ালয়ে পুত্ৰক ৬০ দিনৰ ভিতৰত ফ্লেট খালী কৰিবলৈ নিৰ্দেশ দিয়ে। পুত্ৰই উচ্চ ন্যায়ালয়ত যুক্তি দৰ্শাইছিল যে তেওঁৰ পিতৃ আৰ্থিকভাৱে সক্ষম আৰু তেওঁলোক অসহায় নহয়। অৱশ্যে উচ্চ ন্যায়ালয়ে এই যুক্তি নাকচ কৰি কয় যে জ্যেষ্ঠ নাগৰিক আইন, ২০০৭ ৰ ধাৰা ২৩ অনুসৰি যদি কোনো সম্পত্তি চোৱাচিতা কৰাৰ চৰ্তত হস্তান্তৰ কৰা হয় আৰু সন্তানে সেই চৰ্ত পূৰণ কৰাত ব্যৰ্থ হয়, তেন্তে ট্ৰিবিউনেলে সেই উপহাৰ বা হস্তান্তৰ প্ৰক্ৰিয়া বাতিল কৰিব পাৰে। এই ৰায়ে বৃদ্ধ বয়সত অবহেলিত হৈ থকা বহু পিতৃ-মাতৃৰ বাবে এক ডাঙৰ সকাহ কঢ়িয়াই আনিছে।