মালিক আছগৰ হাচমী / নতুন দিল্লী
ৰিয়েলিটি শ্ব' 'ইণ্ডিয়ান আইডল ছিজন-১২'ৰ মঞ্চত নিজৰ জাদুকৰী কণ্ঠৰে কোটি কোটি শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰা জনপ্ৰিয় কণ্ঠশিল্পী মহম্মদ দানিছক আজি কোনে নাজানে! উত্তৰ প্ৰদেশৰ মুজাফৰনগৰৰ সন্তান দানিছে নিজৰ উচ্চ স্বৰ আৰু অনবদ্য গায়কীৰে কেৱল দেশতেই নহয়, সমগ্ৰ বিশ্বৰ সংগীত প্ৰেমীৰ হৃদয়ত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। পিছে, এইগৰাকী জনপ্ৰিয় যুৱ কণ্ঠশিল্পীয়ে এতিয়া সুৰৰ জগতখনৰ পৰা ওলাই আহি এক সম্পূৰ্ণ ব্যতিক্ৰমী আৰু মহান যাত্ৰাৰ সূচনা কৰিবলৈ ওলাইছে। দৰিদ্ৰ আৰু ভোকাতুৰ লোকৰ মুখত অন্ন তুলি দিয়াৰ এক বৃহৎ মানৱীয় পদক্ষেপৰে সমাজ সেৱাৰ পথাৰত ভৰি থৈছে দানিছে।
মহম্মদ দানিছে অতি সোনকালেই নিজৰ গৃহচহৰ মুজাফৰনগৰত এক বৃহৎ লংগৰখানা স্থাপন কৰিবলৈ গৈ আছে। ইয়াৰ বাবে তেওঁ চহৰখনৰ এক পুৰণি অঞ্চলক নতুন ৰূপ দিয়াৰ কাম চলাই আছে। এই লংগৰখানাটোৰ নাম ৰখা হ'ব 'দস্তৰখ্ৱান-এ-হুছেইন'। সেই অঞ্চলটোৰে পাৰ হৈ যোৱা কোনো এজনো লোক যাতে কেতিয়াও ভোকাতুৰ হৈ শুবলগীয়া নহয়, সেয়াই হৈছে দানিছৰ সংকল্প। তেওঁৰ এই পদক্ষেপে শিল্পকলাৰ সমান্তৰালকৈ সমাজৰ প্ৰতি থকা তেওঁৰ গভীৰ দায়বদ্ধতা আৰু সংবেদনশীলতাকেই প্ৰতিফলিত কৰিছে।
মহম্মদ দানিছৰ এতিয়ালৈকে যাত্ৰাপথলৈ লক্ষ্য কৰিলে দেখা যায় যে তেওঁৰ শিপা সংগীতৰ সৈতে অতি গভীৰভাৱে সাঙোৰ খাই আছে। উত্তৰ প্ৰদেশৰ মুজাফৰনগৰৰ বিখ্যাত কিৰানা ঘৰানাত তেওঁৰ জন্ম হৈছিল। সংগীতৰ পৰিৱেশ এটা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰাৰ বাবে তেওঁ অতি সৰুৰে পৰাই শাস্ত্ৰীয় সংগীত শিকিবলৈ আৰম্ভ কৰিছিল। মাত্ৰ চাৰি বছৰ বয়সৰ পৰাই ককাদেউতাক ওস্তাদ আব্দুল কৰিম খানে তেওঁক সংগীতৰ তালিম দিবলৈ আৰম্ভ কৰিছিল।
দূৰদৰ্শনৰ জনপ্ৰিয় অনুষ্ঠান 'ভইচ অৱ পঞ্জাৱ'ৰ ষষ্ঠ ছিজনৰ জৰিয়তে দানিছে নিজৰ সংগীত কেৰিয়াৰৰ পাতনি মেলিছিল। এই শ্ব'টোত তেওঁ কেৱল দৰ্শকৰ প্ৰিয় প্ৰতিযোগীয়েই হৈ উঠা নাছিল, বৰং ফাইনেললৈকে নিজৰ স্থান সুৰক্ষিত কৰিছিল। ইয়াৰ পিছত তেওঁ 'দ্য ভইচ ইণ্ডিয়া'ৰ দ্বিতীয় ছিজনত নিজৰ কণ্ঠৰ যাদু বিয়পায়। এই মঞ্চখনেই তেওঁক সমগ্ৰ দেশতে এক সুকীয়া পৰিচয় প্ৰদান কৰে। পৰৱৰ্তী সময়ত 'ইণ্ডিয়ান আইডল'ৰ দ্বাদশ ছিজনে তেওঁৰ কেৰিয়াৰক এক নতুন উচ্চতালৈ লৈ যায়।
ইণ্ডিয়ান আইডলৰ মঞ্চত নেহা কক্কৰ, হিমেশ ৰেশমিয়া আৰু বিশাল দাদলানিৰ দৰে প্ৰবীণ সংগীতজ্ঞই তেওঁৰ গায়কীক ভূয়সী প্ৰশংসা কৰিছিল। ছ’চিয়েল মিডিয়া, বিশেষকৈ ইউটিউবতো দানিছ অত্যন্ত জনপ্ৰিয়। তেওঁৰ অফিচিয়েল ইউটিউব চেনেলটোত ১৩ লাখতকৈ অধিক চাবস্ক্ৰাইবাৰ আছে। ইয়াৰ উপৰি তেওঁ 'ছুপাৰষ্টাৰ ছিংগাৰ ২'ৰ দৰে জনপ্ৰিয় শ্ব'ৰ আঁত ধৰোতা হিচাপেও কাম কৰিছে। তেওঁৰ কনিষ্ঠ ভাতৃ তাবিছ আলীও সংগীত জগতৰ সৈতেই জড়িত।
কণ্ঠশিল্পী মহম্মদ দানিছ
এই বৃহৎ সাফল্যৰ পিছত এতিয়া দানিছে জীৱনৰ এক নতুন যাত্ৰাপথত আগবাঢ়িছে। ছিয়া সম্প্ৰদায়ৰ অন্তৰ্গত মহম্মদ দানিছে বিশ্বাস কৰে যে সংগীতৰ জৰিয়তে ভগৱান আৰু দৰ্শকে তেওঁক বহুত কিবা-কিবি দিছে। নিজৰ গায়কীৰ বলত তেওঁ খ্যাতি আৰু ধন- দুয়োটাই যথেষ্ট উপাৰ্জন কৰিছে। সেয়ে দানিছে কয় যে এতিয়া সময় আহি পৰিছে, এই সকলোবোৰ প্ৰাপ্তি সমাজৰ সৈতে ভগাই লোৱাৰ।
শেহতীয়াকৈ এক পডকাষ্ট অনুষ্ঠানত যেতিয়া দানিছক তেওঁৰ এই ড্ৰীম প্ৰজেক্টৰ বিষয়ে সোধা হৈছিল, তেতিয়া তেওঁ অতি উৎসাহেৰে সমগ্ৰ পৰিকল্পনাটোৰ বিষয়ে বৰ্ণনা কৰিছিল। দানিছে জনোৱা অনুসৰি, মুজাফৰনগৰত নিৰ্মাণ হ'বলগীয়া এই 'দস্তৰখ্ৱান-এ-হুছেইন' চলিত বৰ্ষৰ পৱিত্ৰ মহৰম মাহৰ পৰাই মুকলি কৰা হ'ব। তেওঁ লগতে স্পষ্ট কৰি দিয়ে যে এয়া মাত্ৰ কেইদিনমানৰ বাবে কৰা কোনো অস্থায়ী ব্যৱস্থা নহয়। এই লংগৰখানা বছৰৰ বাৰমাহে, দিনে-ৰাতিয়ে নিৰন্তৰ চলি থাকিব, যাতে কোনো দুখীয়া আৰু নিৰাশ্ৰয় লোকে এসাজ ভাতৰ বাবে কষ্ট ভুগিবলগীয়া নহয়।
বৰ্তমান সময়ৰ জনপ্ৰিয় গায়কসকলৰ মাজত অতি কম বয়সতে আৰু কম সময়ৰ ভিতৰতে দানিছে নিজৰ এক সুদৃঢ় স্থান দখল কৰিবলৈ সক্ষম হৈছে, তাত কোনো সন্দেহ নাই। তথাপি সমসাময়িক আন ডাঙৰ গায়কসকলক চেৰ পেলোৱাৰ প্ৰতিযোগিতাতকৈ এই লংগৰখানাটোক লৈহে তেওঁৰ মনত বেছি আগ্ৰহ দেখা গৈছে। তেওঁ বৰ্তমান নিজৰ সমগ্ৰ শক্তি সমাজৰ বঞ্চিত শ্ৰেণীৰ সেৱাত ব্যৱহাৰ কৰিবলৈ অতিশয় ইচ্ছুক।
কণ্ঠশিল্পী মহম্মদ দানিছ
একেটা পডকাষ্টতে যেতিয়া তেওঁক সংগীত জগতৰ তেওঁৰ আদৰ্শৰ বিষয়ে সোধা হৈছিল, তেতিয়া তেওঁ বৰ স্পষ্টভাৱে উত্তৰ দিছিল। দানিছে কয় যে মহান ছুফি গায়ক নুছৰত ফটেহ আলী খানৰ বাহিৰে তেওঁৰ আন কোনো ৰ'ল মডেল নাই। যিহেতু খান ছাহাব এতিয়া এই পৃথিৱীত নাই, সেয়ে তেওঁ বৰ্তমান যুগৰ আন কোনো গায়ককে নিজৰ আদৰ্শ বুলি নাভাবে। অৱশ্যে আজিৰ প্ৰজন্মৰ শ্ৰেষ্ঠ শিল্পীসকলৰ সৈতে মিলি কাম কৰাৰ ইচ্ছা তেওঁ প্ৰকাশ কৰিছে।
মহম্মদ দানিছৰ এই মহানুভৱতাই প্ৰমাণ কৰিছে যে প্ৰকৃত শিল্পীয়ে কেৱল নিজৰ কলাৰে মানুহক মনোৰঞ্জন দিয়াই নহয়, ইচ্ছা কৰিলে সমাজলৈ এক বৃহৎ আৰু ইতিবাচক পৰিৱৰ্তনো কঢ়িয়াই আনিব পাৰে। মুজাফৰনগৰত আৰম্ভ হ'বলগীয়া এই 'দস্তৰখ্ৱান-এ-হুছেইন' আগন্তুক দিনত হাজাৰ হাজাৰ ভোকাতুৰ লোকৰ বাবে একমাত্ৰ আশ্ৰয় আৰু আশাৰ ৰেঙনি হৈ পৰিব। খ্যাতি আৰু যশস্যাৰ শীৰ্ষত উপনীত হৈ নিজৰ শিপা আৰু সমাজক পাহৰি যোৱা একাংশ যুৱপ্ৰজন্মৰ বাবে দানিছৰ এই পদক্ষেপ এক অনুপ্ৰেৰণা।