ক্ৰিকেটাৰ মহম্মদ ছামীক মোক্ষম আঘাত কলকাতা উচ্চ ন্যায়ালয়ৰ; বিচ্ছেদিত পত্নী-কন্যাক দিব লাগিব প্ৰতিমাহে ৪ লাখ টকা

Story by  atv | Posted by  [email protected] • 18 h ago
ভাল দিনত পত্নী আৰু কন্যাৰ সৈতে মহম্মদ ছামী
ভাল দিনত পত্নী আৰু কন্যাৰ সৈতে মহম্মদ ছামী
 
কলকাতা

ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেগী বলাৰ মহম্মদ ছামীয়ে কলকাতা উচ্চ ন্যায়ালয়ত বিবাহ বিচ্ছেদৰ গোচৰত এক ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। আদালতে তাৰকা ক্ৰিকেটাৰগৰাকীক তেওঁৰ বিচ্ছেদিত পত্নী হাছিন জাহান আৰু কন্যা আইৰাক প্ৰতিমাহে ৪ লাখ টকাকৈ পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছে।
 
এই নিৰ্দেশ অনুসৰি মহম্মদ ছামীয়ে হাছিন জাহানক প্ৰতিমাহে ১.৫০ লাখ টকা আৰু কন্যাক প্ৰতিমাহে ২.৫০ লাখ টকা প্ৰদান কৰিব লাগিব। এই ধনৰাশি সাত বছৰ আগৰ পৰা আদায় কৰা হ'ব। নিম্ন আদালতক ছমাহৰ ভিতৰত এই গোচৰটো নিষ্পত্তি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই গোচৰটো 'ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা' আইনৰ অধীনত ৰুজু কৰা হৈছিল।
 
কলকাতা উচ্চ ন্যায়ালয়ে এই আদেশৰ ব্যাখ্যা দি কয় যে ছামীৰ উপাৰ্জন, তেওঁৰ কন্যাৰ ভৱিষ্যত আৰু তেওঁৰ বিচ্ছিন্ন পত্নী হাছিন জাহানৰ জীৱনশৈলীৰ প্ৰতি লক্ষ্য ৰাখি এই ধনৰাশি নিৰ্ধাৰণ কৰা হৈছে।
ভাৰতৰ হৈ ৬৪খন টেষ্ট, ১০৮খন এদিনীয়া আৰু ২৫খন টি-২০ খেলা অভিজ্ঞ বেগী বলাৰ মহম্মদ ছামীয়ে তেওঁৰ কন্যা আইৰাৰ সৈতে যোৱা বছৰ এক আৱেগিক আলোচনাত মিলিত হৈছিল। ভাৰত আৰু ইংলেণ্ডৰ মাজত টেষ্ট শৃংখলাৰ অংশ নোহোৱা ভাৰতীয় ক্ৰিকেট দলৰ তাৰকাজনে দীৰ্ঘদিনৰ পিছত তেওঁৰ কন্যাক লগ পাইছিল আৰু পিতৃ-কন্যা উভয়কে একেলগে শ্বপিং কৰা দেখা গৈছিল।
 
"বহুদিনৰ মূৰত যেতিয়া মই তাইক দেখিলোঁ, তেতিয়া সময়বোৰ যেন থমকি ৰৈছিল। মই তোমাক কিমান ভাল পাওঁ, শব্দৰে বৰ্ণনা কৰিব নোৱাৰো", ছামীয়ে ইনষ্টাগ্ৰামত এইদৰে পোষ্ট কৰিছিল। এই পোষ্টটো মাত্ৰ এঘণ্টাৰ ভিতৰতে ১.৬০ লাখ লোকে লাইক কৰিছিল। অৱশ্যে, ছামীৰ বিচ্ছেদিত পত্নী হাছিন জাহানে পিতৃ আৰু কন্যা মিলিত হোৱা সন্দৰ্ভত কিছু গুৰুতৰ অভিযোগ উত্থাপন কৰে।
 
"এইটো কেৱল দেখুৱাবৰ বাবে কৰা হৈছে। মোৰ কন্যাৰ পাছপোৰ্টৰ ম্যাদ উকলিল। নতুন পাছপোৰ্টৰ বাবে ছামিৰ স্বাক্ষৰৰ প্ৰয়োজন হৈছে। সেইবাবেই তেওঁ পিতৃক লগ কৰিবলৈ গৈছিল। কিন্তু ছামীয়ে স্বাক্ষৰ নকৰিলে। তেওঁ কন্যাৰ সৈতে শ্বপিং মললৈ গৈছিল। ছামীয়ে যি কোম্পানীৰ হৈ বিজ্ঞাপন কৰে, তেওঁ সেইখন কোম্পানীৰ শ্বপিং মললৈ আমাৰ কন্যাক লৈ গৈছিল।"-ছামীৰ বিচ্ছেদিত পত্নী হাছিন জাহানে কয়।
"মোৰ কন্যাই সেই দোকানতে জোতা আৰু কাপোৰ কিনিছিল। ছামীয়ে যদি তাত কিবা কিনিছে, তেন্তে তেওঁ টকা দিব নালাগে। সেইবাবেই তেওঁ জীয়েকক তালৈ লৈ গৈছিল। মোৰ কন্যাই এটা গীটাৰ আৰু কেমেৰা বিচাৰিছিল, কিন্তু তেওঁ সেইবোৰ বস্তু কিনি দিয়া নাই", হাছিন জাহানে পুনৰ কয়।
 
ছামীৰ বিচ্ছেদিত পত্নীগৰাকীয়ে কয় "ছামীয়ে কেতিয়াও মোৰ কন্যাৰ বিষয়ে সোধা-পোচা কৰা নাছিল। ছামীয়ে কেৱল নিজৰ বিষয়েহে চিন্তা কৰে। তেওঁ এমাহ পূৰ্বেতে তাইক লগ পাইছিল, কিন্তু তেতিয়া তেওঁ একো পোষ্ট কৰা নাছিল। মই ভাবো যে এতিয়া তেওঁৰ পোষ্ট কৰিবলৈ একো নাই, সেয়ে তেওঁ এই ভিডিঅ'টো আপলোড কৰিছে"।