অপাৰেচন সেন্দুৰত শ্বহীদ মহম্মদ ইমতিয়াজে লাভ কৰে বীৰ চক্ৰ

Story by  atv | Posted by  [email protected] • 13 h ago
সীমান্ত সুৰক্ষা বাহিনীৰ উপ-পৰিদৰ্শক শ্বহীদ মহম্মদ ইমতেয়াজ
সীমান্ত সুৰক্ষা বাহিনীৰ উপ-পৰিদৰ্শক শ্বহীদ মহম্মদ ইমতেয়াজ
 
নতুন দিল্লী
 
সীমান্ত সুৰক্ষা বাহিনীৰ উপ-পৰিদৰ্শক মহম্মদ ইমতেয়াজ আৰু কনিষ্টবল দীপক চিংগাখামক মৰণোত্তৰভাৱে যুদ্ধকালীন তৃতীয় সৰ্বোচ্চ বীৰত্ব বঁটা বীৰ চক্ৰ বঁটা প্ৰদান কৰা হয়। প্ৰতিকূল পৰিস্থিতিৰ সন্মুখত তেওঁলোকৰ ব্যতিক্ৰমী সাহস আৰু আত্মনিৰ্ভশীল নেতৃত্বক স্বীকৃতি দি এই বঁটা প্ৰদান কৰা হয়।
 
যোৱা ১০ মে’ত জম্মু-কাশ্মীৰৰ আৰ এছ পুৰা ছেক্টৰত আন্তঃৰাষ্ট্ৰীয় সীমান্তত শ্বহীদ হৈছিল উপ পৰিদৰ্শক মহম্মদ ইমতেয়াজ। তেওঁ নিজৰ বীৰত্ব আৰু দেশৰ প্ৰতি থকা ভালপোৱাৰ প্ৰমাণ দি সীমা অতিক্ৰম কৰি শত্ৰুপক্ষৰ ওপৰত গুলীচালনা কৰিছিল আৰু সেই সময়ত তেওঁৰ উপৰতো গুলিবৰ্ষণ কৰিছিল শত্ৰুৱে। ইমতিয়াজৰ ঘৰ বিহাৰৰ শাৰণ জিলাৰ গৰখাৰ নাৰায়ণপূৰত।
 
আনহাতে কনিষ্টবল দীপক চিংগাখামৰ ঘৰ উত্তৰ-পূৱ ভাৰতৰ মণিপুৰত। তেওঁ আৰ এছ পুৰাত আন্তঃৰাষ্ট্ৰীয় সীমান্তত পাকিস্তানীৰ সৈতে হোৱা গুলীচালনাৰ সময়ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। অৱশেষত তেওঁ দেশৰ বাবে প্ৰাণ আহুতি দিয়ে।
 
বি এছ এফৰ বঁটাপ্ৰাপকসকল:
জম্মুৰ ৰণবীৰসিংহ পুৰা ছেক্টৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত উপ-পৰিদৰ্শক মহম্মদ ইমতিয়াজক পোষ্ট কৰা হৈছিল। সীমান্ত সুৰক্ষা বাহিনীৰ এজন বিষয়াই জনোৱা মতে, উপ-পৰিদৰ্শক মহম্মদ ইমতিয়াজে সাহসেৰে সন্মুখৰ পৰা নেতৃত্ব দি দেশৰ বাবে সৰ্বোচ্চ ত্যাগ কৰে।
 
শাৰণ জিলাৰ গৰখা ব্লকৰ নাৰায়ণপুৰ গাঁৱত অৱস্থিত কবৰস্থানত “ভাৰত মাতা কি জয়” ধ্বনিৰে সমাধিস্থ কৰে। তেওঁক সামৰিক সন্মানেৰে সমাধিস্থ কৰা হয়। ইমতিয়াজৰ শৰীৰত উপস্থিত ৰাইজে ফুলেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল।
 
মৃত্যুৰ সময়ত মহম্মদ ইমতিয়াজে পত্নী, দুজন পুত্ৰ, আৰু দুগৰাকী কন্যাক এৰি থৈ যায়। সীমা সুৰক্ষা বাহিনীয়ে জনোৱা মতে, মহম্মদ ইমতিয়াজে সন্মুখৰ পৰা নেতৃত্ব দিছিল।
 
উল্লেখযোগ্য যে, ঘৰত মহম্মদ ইমতিয়াজ শ্বহীদ খবৰ পোৱাৰ লগে লগে প্ৰথম অৱস্থাত তেওঁৰ গাঁওখন আৰু পিছলৈ সমগ্ৰ জিলাখনত শোকৰ ছাঁ পৰে। তেওঁৰ ঘৰত এক বৃহৎ জনসমাগম গোট খাইছিল। মানুহে পৰিয়ালটোৰ প্ৰতি নিজৰ সহানুভূতি আৰু দেশমাতৃৰ সাহসী পুত্ৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছিল।