মানুহ জুবিন

Story by  atv | Posted by  Munni Begum • 1 Months ago
জুবিন গাৰ্গ
জুবিন গাৰ্গ
 
মুনিন বায়ন
 
চেলুনত আজি পুৱা দুজনৰ কথোপকথন ....
 
জুবিন ক্যা হায় , জুবিন কা ঔকাদ ক্যা হায়
চব কো মিল গয়া। পেইছা নহী তো ক্যা হুৱা?
 
আৰে, পেইছা তো জুবিন নে কামায়া।
লেকিন ও তো লুট লিয়া।
ও তো ছহি। বাত এহি হায়, জুবিন আছম কি ভগৱান।
 
যোৱা পাঁচটা দিনে জুবিন গাৰ্গক লৈ আৱেগ-উন্মাদনা দেখি প্ৰায় বাকৰুদ্ধ হৈ আছোঁ। ছোৱালীৰ দাবী পেলাব নোৱাৰি সোমবাৰে চাৰি ঘন্টা খোজ কাঢ়ি সৰুসজাইত জুবিনক চাবলৈ গৈছিলোঁ। বিৰ দি বাট পাবলৈ নাই। সোঁৱে-বাঁৱে, আগলৈ-পিছলৈ কেৱল মানুহ। জুবিনৰ গান ভাল পোৱা , জুবিন মানুহজনক ভাল পোৱা আৰু জুবিনৰ larger than life ভাবমূৰ্তিত গদগদ লোকসকলৰ জুবিনৰ শেষ যাত্ৰাত চামিল হ'বলৈ কি যে আকূল আগ্ৰহ। 
 
জুবিন গাৰ্গৰ অন্তিম যাত্ৰাত লাখ লাখ অনুৰাগীৰ ভিৰ
 
সেই জনাৰণ্যত থাকি অন্য ধৰণৰ অভিজ্ঞতা হ'ল। এজন মানুহক ইমান মানুহে এনেদৰে ভাল পাব পাৰে নে? স্বাভাৱিকতে জুবিন মানুহজনৰ গাত দেৱত্ব আৰোপেৰে সাধাৰণ মানুহৰ মনত জুবিনৰ যিখন ছবি গঁথা হৈ গৈছে, তাক বোধহয় সতকাই মচি পেলোৱা সম্ভৱ  নহ'ব। এইটো জুবিনৰ জীৱনৰ ডাঙৰ irony বা পৰিহাস বুলিব পাৰি। জুবিনে কৈছিল, "মোৰ কোনো জাতি নাই। মোৰ কোনো ধৰ্ম নাই। মোৰ কোনো ভগৱান নাই।" কিন্তু সেই জুবিন আজি বহুজনৰ মনত ভগৱান হৈ পৰিছে!
 
মোৰ মাজে মাজে ভাব হৈছে, জুবিনে নিজেও অতি-মানৱ হোৱাৰ সপোন দেখিছিল নেকি? ইমান প্ৰতিভা, ইমানবোৰ সৃষ্টি, দুৰ্দমনীয় অস্থিৰতা, এনে অফুৰন্ত আত্মবিশ্বাস আৰু আত্ম-নিগ্ৰহ- একেলগে ইমানবোৰ অতি মানৱীয় গুণ আৰু দুৰ্বলতা এজন মানুহৰ গাত সাধাৰণতে দেখা নাযায়। জুবিন যে, এজন প্ৰথাবিৰুদ্ধ শিল্পীয়েই আছিল এনে নহয়, জুবিনে প্ৰচলিত নৈতিকতা আৰু সামাজিক অনুশাসনৰো পৰোৱা কৰা নাছিল।  অতি সংবেদনশীল শিল্পী হিচাপে জুবিনে আজিৰ পৃথিৱীখনত মনে বিচৰা মানুহৰ অভাৱ বৰকৈ অনুভৱ কৰিছিল। তেওঁ 'মেটামৰফ'ছিছ' নামৰ কবিতাটোত লিখিছিল,

মই যদি ঈশ্বৰ হলোঁহেঁতেন 
দিলোঁহেঁতেন এখনি বুকু, আকাশৰদৰে উদাৰ
সাগৰৰদৰে বিশাল, য'ত নাথাকে 
কপটতা, যিখন বুকুত
আশ্ৰয় পাব হেজাৰ মানুহৰ 
সুখ, দুখ আৰু সপোনে।
 
দিলোঁ হেঁতেন এটা পেট, যি কেৱল 
খাবলৈ নিশিকি এৰিবলৈও শিকিব
আনৰ বাবে।
 
দিলোঁ হেঁতেন এটা যৌনাংগ য'ত 
কিলবিলাই ফুৰিব সহস্ৰ বুদ্ধৰ বীৰ্য।
 
শিল্পী জুবিন গাৰ্গৰ মাজত ফ্ৰিডৰিক নীৎসে (১৮৪৪-১৯০০) ই কোৱা অতি-মানৱজন (জাৰ্মান ভাষাত Ubermensch, ইংৰাজীত Superman, Overman)ৰ প্ৰতিশ্ৰুতি আছিল নে নাই কোৱা টান। ভগৱানহীন পৃথিৱীত নীৎসেৰ অতি-মানৱে নিজেই নিজৰ সত্য, প্ৰমূল্য নিৰ্মাণ কৰি নিজৰ ভাগ্যনিয়ন্তা হৈ উঠিব বুলি নীৎসেই আশা কৰিছিল। কিন্তু জুবিনৰ সত্তা আৰু সংগীতত নীৎসেই 'দ্য বাৰ্থ অব গ্ৰীক ট্ৰেজেডী'ত উল্লেখ কৰা এপ'ল'নিয়ান (Apollonian) আৰু ডায়'নিছিয়ান (Dionysian) প্ৰৱণতাৰ বিপৰীতমুখী টনা-আজোৰা যে চলিছিল সেই বিষয়ে বোধহয় সন্দেহ নাই। 
 
জুবিন গাৰ্গক অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ এক দৃশ্য
 
গ্ৰীক পৌৰাণিক আখ্যানত এপ'ল' আছিল যুক্তি-শৃংখলা, পোহৰ-নিশ্চয়তাৰ দেৱতা। যিবোৰ প্ৰমূল্যক কেন্দ্ৰ কৰি মানুহৰ সত্তা গঢ় লৈ উঠে সেয়ে হৈছে এপ'ল'নিয়ান প্ৰমূল্য। আনহাতে ডায়'নিছাছ হৈছে সুৰাৰ দেৱতা। যিয়ে প্ৰতিনিধিত্ব কৰে সংগীত, আনন্দোল্লাস, অনুৰাগ-উন্মাদনা, শৃংখলাহীনতা আৰু ধ্বংসমুখিতা। আমাৰ সত্তাক যিবোৰ এপ'ল'নিয়ান মূল্যবোধে আটোম-টোকাৰিকৈ বান্ধি ৰাখিব খোজে তাৰপৰা বন্ধন মুক্তি হৈছে ডায়'নিছিয়ান প্ৰৱণতাৰ লক্ষ্য। 
 
নীৎসেৰ মতে গ্ৰীক ট্ৰেজেডীত এই দুই প্ৰৱণতাৰ সাৰ্থক প্ৰতিফলন ঘটিছিল। আচল, অকৃত্ৰিম জীৱনৰ প্ৰতিচ্ছবি বহন কৰা এহাতে এই এপ'ল'নিয়ান শৃংখলা আৰু তাৰ বিপৰীতে ডায়'নিছিয়ান বিদ্ৰোহৰ মৰ্ম পৰৱৰ্তীকালৰ সাহিত্য-দৰ্শনৰ কঠোৰ যুক্তিবোধ আৰু ৰীতি সৰ্বস্বতাৰ চেপাত ঢাক খাই পৰিল। আধুনিক সভ্যতাৰ প্ৰগতি সত্ত্বেও আধুনিক সংস্কৃতিৰ প্ৰতি নীৎসেৰ বিৰাগ আছিল এই খিনিতে। 
 
এক অনুষ্ঠানত জুবিন গাৰ্গক তেওঁৰ অনুৰাগী সকলৰ সৈতে
 
আমাৰ বেছিভাগ শিল্পী-সাহিত্যিকৰে মধ্যবিত্ত মানসিকতা, নীতি-নৈতিকতা , নিৰাপত্তাবোধ আৰু অহৰহ political correctness বা ৰাজনৈতিক সুবিধাবাদৰ মাজত থাকি শিল্প-সাহিত্য চৰ্চা কৰাৰ তৎপৰতাৰ বিপৰীতে জুবিনে হয়তো জীৱনৰ উল্লেখিত এপ'ল'নিয়ান বনাম ডায়'নিছিয়ান প্ৰাচীৰখন সজ্ঞানে নহ'লেও ভাঙি পেলোৱাৰ দুঃসাহস কৰিছিল। সুখী, সফল মানুহ হোৱাতকৈ অসুখী, কিন্তু আচল মানুহ হোৱাৰ সপোন দেখিছিল। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ দৰে হিচাপত চলা মানুহৰ ওচৰত এনে এজন মানুহৰ মূল্য কিমান হ'ব পাৰে সেইটো সহজে অনুমেয়। 'ধুমুহাৰ সৈতে মোৰ বহু যুগৰ নাচোন'ত  মত্ত হ'ব পৰা এই জুবিনজন বহুতৰ বাবে অচিনাকি। 
 
জুবিনে সঁচাকৈয়ে নীৎসেৰ অতি-মানৱজন হ'বলৈ হাবিয়াস কৰিছিল নে নাই মই এতিয়াও নাজানো। কিন্তু তেওঁ যে, ভগৱান হোৱাৰ সপোন দেখা নাছিল সেই কথা মই নিশ্চিত। সেয়ে জুবিনক ভগৱানৰ শাৰীলৈ তোলাৰ প্ৰয়াস কোনেও নকৰিব। আমাৰ এনেয়ো বহু ভগৱান আছে, বহুতক আমি ভগৱানৰ মৰ্যাদা দি মূৰত তুলিছোঁ। জুবিনকো এই সকলৰ লগতে ভগৱানৰ শাৰীত তুলিলে ধূপ-ধূনাৰ মাজত হেৰাই যাব। আমি মানু্হ জুবিনজনক, আচল মানুহজনক জনাৰ সুযোগেই নাপাম। জুবিনৰ বিশাল, বহু ব্যাপ্ত সংগীতৰ মাজত সোমাই থকা জুবিনজনক পুনৰাৱিষ্কাৰ কৰাৰ আনন্দৰ পৰা আমি নিৰ্মমভাৱে বঞ্চিত হ'ম।
 
(এই লেখাটি বিশিষ্ট সাংবাদিক মুনিন বায়নৰ ফেচবুক পেজৰ পৰা সংগ্ৰহ কৰা হৈছে)