মৌলানা ৱাহিদুল্লাহ আনছাৰী চতুৰ্বেদী: চাৰি বেদ আৰু কোৰাণৰ জ্ঞানেৰে সদৃদ্ধ এগৰাকী ব্যক্তিত্ব

Story by  atv | Posted by  Munni Begum • 7 h ago
মৌলানা ৱাহিদুল্লাহ আনছাৰী চতুৰ্বেদী
মৌলানা ৱাহিদুল্লাহ আনছাৰী চতুৰ্বেদী
 
অনিকা মহেশ্বৰী/নতুন দিল্লী
 
"গীতা পঢ়ক বা কোৰাণ পঢ়ক,  আপোনাৰ প্ৰতি মোৰ আৰু মোৰ প্ৰতি থকা আপোনাৰ প্ৰেমেই হৈছে প্ৰতিখন গ্ৰন্থই দিয়া জ্ঞান।" এই  কথাফাঁকি গোণ্ডাৰ (উত্তৰ প্ৰদেশ)ৰ বাসিন্দা মৌলানা ৱাহিদুল্লাহ আনছাৰী চতুৰ্বেদীৰ লগত একেবাৰে মিলি যায়। তেওঁ কেৱল বেদ, পুৰাণ আৰু কোৰাণ গভীৰভাৱে অধ্যয়ন কৰাই নহয়, তেওঁ সমাজ সংস্কাৰ আৰু সম্প্ৰীতিৰ উদ্দেশ্যে এই জ্ঞান প্ৰচাৰ কৰাটোও মানৱতাৰ সেৱাৰ দৰেই গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰি আহিছে।   
 
বেদ, পুৰাণ, উপনিষদ আদিৰ কোনখন হিন্দু শাস্ত্ৰ গভীৰভাৱে অধ্যয়ন কৰিছে বুলি সোধাত, উত্তৰত মৌলানাই তেওঁৰ জ্ঞান যাত্ৰাৰ বিষয়ে বৰ্ণনা কৰি কয়, "মই ১৯৮০ চনত বেদ অধ্যয়ন আৰম্ভ কৰিছিলো, চাৰিওখন বেদৰ সম্পূৰ্ণ জ্ঞান লাভ কৰাৰ পিছতহে মোৰ প্ৰশংসকসকলে মোক 'চতুৰ্বেদী' উপাধিৰে সন্মানিত কৰিছিল।" 
 
এক অনুষ্ঠানত মৌলানা ৱাহিদুল্লাহ আনছাৰী চতুৰ্বেদী
 
তদুপৰি তেওঁ বিভিন্ন লেখকৰ ৰামায়ণ, ভাগৱত, বাইবেল আদিও পুংখানুপুংখভাৱে অধ্যয়ন কৰিছে। মৌলানা ৱাহিদুল্লাহ আনছাৰী হিন্দী, উৰ্দু, ইংৰাজী, আৰবী, পাৰ্চী, আৰু সংস্কৃত ভাষাত পাকৈত। সৰুৰে পৰাই তেওঁ সংস্কৃতৰ প্ৰতি আকৰ্ষিত হৈছিল। সেয়ে তেওঁ স্কুলত হিন্দীৰ লগতে সংস্কৃত ভাষাও অধ্যয়ন কৰিছিল। 
 
মৌলানাৰ মতে, হিন্দু আৰু ইছলাম ধৰ্ম উভয়ে বহু ক্ষেত্ৰত সংলগ্ন হৈ আছে। তেওঁৰ জীৱন আৰু জ্ঞানে প্ৰমাণ কৰিছে যে, ধৰ্মীয় বৈচিত্ৰ্যতো প্ৰেম, বুজাবুজি আৰু প্ৰচাৰ কৰা মূল্যবোধৰ গুৰুত্ব সৰ্বোচ্চ। তেওঁৰ এই উল্লেখযোগ্য যাত্ৰা কেৱল ব্যক্তিগত কৃতিত্ব নহয় বৰঞ্চ সমাজত সমন্বয় আৰু সহনশীলতাৰ এক প্ৰেৰণাদায়ক বাৰ্তাও।   
 
মৌলানা ৱাহিদুল্লাহ আনছাৰী চতুৰ্বেদীয়ে পণ্ডিত ব্রিজ নাৰায়ণ চকবস্তৰ ৰামায়ণৰ শাৰীকেইটাৰে নিজৰ যাত্ৰাৰ বিষয়ে কয়, "যেতিয়া শ্ৰীৰামে নিৰ্বাসনলৈ যোৱাৰ আগতে শেষবাৰৰ বাবে পিতৃ-মাতৃৰ ওচৰলৈ গৈছিল, তেতিয়া তেওঁ কৈছিল, " ঈশ্বৰৰ নাম লৈ তেওঁ তেওঁৰ পিতৃৰ পৰা বিদায় ল'লে, কিয়নো আনুগত্যৰ পথ সকলোতকৈ  উৰ্দ্ধত আছিল (ৰুখসাত হুয়া ৱো বাপ সে খুদা কা নাম, ৰাহে ৱাফা কি মাঞ্জিলেন- আৱল হুই তামাম)।" তেওঁ কয় যে, সকলো ধৰ্মীয় গ্ৰন্থতে প্ৰেমৰ বাৰ্তা প্ৰচাৰ কৰা হৈছে, কিন্তু ধৰ্ম প্ৰচাৰকাৰীসকলে ধৰ্মক ভেজাল কৰি মানুহক বিপথে পৰিচালিত কৰি আহিছে। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
এই আগ্ৰহৰ আঁৰত কোনো নিৰ্দিষ্ট ঘটনা বা প্ৰেৰণা আছে নেকি বুলি সোধাত, তেওঁ উল্লেখ কৰিছিল যে, সৰুতে তেওঁৰ এজন সংস্কৃত শিক্ষকে তেওঁক এজন ঋষিৰ কাহিনী এটা সুধিছিল, তেতিয়া তেওঁ সেই কাহিনীটো মনত পেলাব পৰা নাছিল, যাৰ বাবে তেওঁ প্ৰায় ৩৫ মিনিট সময় সমগ্ৰ শ্ৰেণীটোক কাহিনীটো আবৃত্তি কৰি শুনাবলগীয়া হৈছিল। তেওঁ সহপাঠীৰ ওচৰত পোৱা এই লাজ সহ্য কৰিব নোৱাৰি বজাৰৰ পৰা সেই কিতাপখন কিনি আনিছিল আৰু সম্পূৰ্ণ কাহিনীটো মুখস্থ কৰি পেলাইছিল। পিছৰবাৰ যেতিয়া মৌলানা ৱাহিদুল্লাহ আনছাৰীয়ে সম্পূৰ্ণ কাহিনীটো শিক্ষক গৰাকীক গাই শুনাইছিল তেতিয়া গোটেই শ্ৰেণীটোৱে তেওঁক প্ৰশংসা কৰিছিল আৰু কৈছিল যে, "ভৱিষ্যতে তুমি পৃথিৱীত নিজৰ নাম উজলাবা।"  
 
হিন্দু পুৰাণ আৰু ইছলামিক নবীৰ বাক্যৰ মাজত কিবা সাদৃশ্য আছে নেকি বুলি সোধাত তেওঁ কৈছিল যে, বেদৰ মতে ওম খাম ব্ৰহ্ম অৰ্থাৎ ব্ৰহ্ম সকলোতে উপস্থিত। ইছলামিক কোৰাণৰ মতে, আল্লাহ সকলো বস্তুৰ সৃষ্টিকৰ্তা আৰু পৰিচালক। তেওঁ কয় যে, ওম আৰু আল্লাহৰ ধাৰণাবোৰ প্ৰায়ে ঈশ্বৰ বা পৰম শক্তিৰ সৈতে সমান কৰা হয় যদিও উভয়ে পৃথক পৃথক হয়। ওম হৈছে হিন্দু ধৰ্মৰ এক পবিত্ৰ শব্দ, প্ৰতীক আৰু চূড়ান্ত সত্যক প্ৰতিনিধিত্ব কৰে, যিটো ব্ৰহ্ম, বিষ্ণু আৰু মহেশ (ত্ৰিত্ব)ৰ সৈতেও জড়িত। আল্লাহ হৈছে ইছলামত ঈশ্বৰৰ আৰবী শব্দ, অৰ্থাৎ এক ঈশ্বৰ।  
 
বেদ, পুৰাণ, কোৰাণৰ সাদৃশ্যৰ কথা উল্লেখ কৰি মৌলানা চতুৰ্বেদীয়ে কয় যে, কল্কি পুৰাণত মুছলমানৰ শেষ নবী মহম্মদক কল্কি অৱতাৰ বুলি উল্লেখ কৰা হৈছে। তেওঁ উল্লেখ কৰিছিল যে, 'আদম আৰু হাৱা', 'মনু আৰু শতৰূপা', আৰু 'এডম আৰু ইব' একেই হয়। একেদৰে আৰবী ভাষাত আল্লাহৰ প্ৰশংসা কৰা সাতটা আয়াত থাকিলেও সংস্কৃততো সাতটা শ্লোক আছে। ভাষা বেলেগ, কিন্তু অৰ্থ একে হয়, আৰু এই কথাটোৱে মানুহে বুজি উঠিব লাগিব। তেতিয়াহে আমাৰ মজৰ পাৰ্থক্যবোৰ নাইকিয়া হ’ব আৰু প্ৰেমৰ সুৰুজ উদয় হব।  
 
মৌলানা ৱাহিদুল্লাহ আনছাৰী চতুৰ্বেদী
 
যেতিয়া আপুনি এই গ্ৰন্থসমূহ অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিছিল, তেতিয়া আপোনাৰ পৰিয়াল আৰু সমাজৰ প্ৰতিক্ৰিয়া কি আছিল বুলি সোধাত, উত্তৰত তেওঁ কৈছিল যে, ঈশ্বৰে আমাক স্বাধীনতা দিছে, আৰু মোৰ বাবে ই হৈছে জ্ঞানৰ উৎস। সৰুৰে পৰা ঈশ্বৰে মোক সকলো পঢ়া আৰু মুখস্থ কৰাৰ ক্ষমতা দিছে, তাত সমাজৰ কি আপত্তি থাকিব পাৰে? যিসকলৰ এনে আপত্তি আছিল, তেওঁলোকক মই মৰমেৰে বুজাই দিছিলোঁ যে, ঈশ্বৰে আমাক এই পৃথিৱীলৈ ভাল কাম কৰিবলৈ পঠিয়াইছে, তাৰ ভিতৰত এটা হ’ল সমাজত প্ৰচলিত ভুল ধাৰণাবোৰ দূৰ কৰা। ইয়াৰ বাবে আমি সকলোতে জ্ঞান আহৰণ কৰিব লাগিব, যাতে সকলোৰে মাজত থকা বৈষম্যৰ ওৰণিখন আঁতৰি যায় আৰু সকলোৱে ঐক্য আৰু প্ৰেমক আকোঁৱালি লয়।  
 
মৌলানা ৱাহিদুল্লাহ আনছাৰী চতুৰ্বেদীয়ে আৱাজ-দ্য ভইচ'ক জনোৱা মতে, তেওঁ বেদ আৰু কোৰাণৰ সাদৃশ্যৰ ওপৰত বিদেশত অসংখ্য কাৰ্যসূচী পৰিচালনা কৰিছে, য’ত ডুবাই আমীৰাটৰ সাতটা হাব আৰু চৌদি আৰৱৰ মক্কা আৰু মদিনাও অন্তৰ্ভুক্ত আছে। ২০০৮ চনত মৌলানা চতুৰ্বেদীয়ে বেদ, পুৰাণ, কোৰাণৰ সাদৃশ্যৰ ওপৰত চৌদি আৰৱত আয়োজন কৰা কাৰ্যসূচীৰ বাবে ১.৫ লাখ টকাৰ পুৰস্কাৰ লাভ কৰিছিল। 
 
আপুনি এনে এখন শিক্ষামূলক মঞ্চৰ কল্পনা কৰেনে য’ত সকলো ধৰ্মৰ লোকে ইজনে সিজনৰ শাস্ত্ৰসমূহ সন্মানেৰে অধ্যয়ন কৰিব পাৰে বুলি সোধাত, মৌলানাই উত্তৰত কৈছিল যে, শেহতীয়াকৈ তেওঁ পুনেৰ "ৱৰ্ল্ড পিছ গম্বুজ" নামেৰেও জনাজাত ৱৰ্ল্ড পিছ চেণ্টাৰত এক অনুষ্ঠান পৰিৱেশন কৰিছিল। শান্তি আৰু সম্প্ৰীতিৰ প্ৰসাৰৰ বাবে ডিজাইন কৰা এই স্মৃতিসৌধটোত প্ৰাৰ্থনা হল আৰু পুথিভঁৰাল আছে। তেওঁ দৰ্শকক বুজাই দিছিল যে, হিন্দু আৰু ইছলাম ধৰ্মৰ মাজত বহু মিল আছে।   
 
মৌলানা ৱাহিদুল্লাহ আনছাৰী চতুৰ্বেদীৰ ওপৰত লিখা এক বাতৰি
 
মৌলানা ৱাহিদুল্লাহ আনছাৰী চতুৰ্বেদীয়ে অংশগ্ৰহণ কৰা প্ৰতিটো অনুষ্ঠানতে মানুহক মানৱতাৰ পাঠ শিকোৱা আৰু প্ৰদান কৰাত কেতিয়াও ব্যৰ্থ হোৱা নাছিল। তেওঁ বাসুদেৱ কুতুম্বকম (সংস্কৃত বাক্যৰ অৰ্থ "সমগ্ৰ জগত এক পৰিয়াল")ত দৃঢ় বিশ্বাস কৰে আৰু  মানুহৰ মাজত ইয়াৰ জ্ঞান বিলাই আহিছে। মৌলানা ৱাহিদুল্লাহ আনছাৰী চতুৰ্বেদীৰ চাৰিও বেদৰ জ্ঞান আহৰণ কৰিছে, সেয়েহে তেওঁৰ নামত "চতুৰ্বেদী" উপাধিটি সন্নিবিষ্ট হৈছে। মৌলানা ৱাহিদুল্লাহ আনছাৰী বৰ্তমান উত্তৰ প্ৰদেশৰ আৰু লক্ষ্ণৌত থাকে।
 
কোনো কাহিনী বা পদ্যই তেওঁৰ হৃদয় চুই গৈছে নেকি সোধাত তেওঁ উত্তৰত কৈছিল যে, কবি নৰোত্তমদাসে লিখা বিখ্যাত কবিতা সুদামা চৰিত তেওঁৰ প্ৰিয় কবিতা। ইয়াত ৰজা কৃষ্ণই নিজৰ দুখীয়া বন্ধু সুদামাক সহায় কৰি প্ৰেম, ভাতৃত্ববোধ আৰু মানৱতাৰ প্ৰতীক হৈ পৰিছিল। একেদৰে সমাজৰ সকলোৱে যদি ইজনে সিজনৰ কথা চিন্তা কৰে, তেন্তে এই পৃথিৱীখন এখন সুন্দৰ পৃথিৱীত পৰিণত হ’ব।
 
বেদ, পুৰাণ, কোৰাণৰ আয়াতৰ সমান্তৰালভাৱে প্ৰেমৰ বাৰ্তা প্ৰেৰণ কৰা মৌলানা ৱাহিদুল্লাহ আনছাৰী চতুৰ্বেদী আৱেগিক হৈ পৰিছিল। তেওঁ কৈছিল যে, কোনো কাৰণ নোহোৱাকৈ মৰ্যাদা পুৰুষোত্তম (আদৰ্শ পুৰুষ) নহয়। মাহী মাকক পিতৃয়ে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ শ্ৰীৰামে বিলাসী আৰু আৰামৰ জীৱন ত্যাগ কৰি নিঃসংকোচে ১৪ বছৰ ধৰি কষ্ট আৰু নিৰ্বাসনৰ জীৱন কটাবলৈ সন্মত হৈছিল। তেওঁ এই বাৰ্তা দিছিল যে, এই পৃথিৱীত কোনোৱেই পিতৃ-মাতৃতকৈ ডাঙৰ হব নোৱাৰে। আমাৰ পিতৃ-মাতৃৰ আজ্ঞা পালনৰ গুৰুত্ব আমি শ্ৰীৰামৰ পৰা শিকা উচিত। 
 
দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত কেনেকৈ মুখ্য অতিথি হিচাপে উপস্থিত থকা পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰিছিল সেই কথাও তেওঁ বৰ্ণনা কৰিছিল। তেওঁ সেই অনুষ্ঠানত উপস্থিত শ্ৰোতাৰ কোনো লোকে চাৰি বেদ পঢ়িছে নেকি সুধিছিল আৰু পিছত এখন সভ্য সমাজৰ বাবে বেদৰ জ্ঞান থকাটো কিমান গুৰুত্বপূৰ্ণ সেই কথাও বুজাই দিছিল। মৌলানা ৱাহিদুল্লাহ চতুৰ্বেদীয়ে বৰ্তমান বাবুৰাও কুমথেকাৰৰ জ্ঞানেশ্বৰী গীতা উৰ্দুলৈ অনুবাদ কৰি আছে। তেওঁ কয় যে, জ্ঞানেশ্বৰী গীতাৰ মূল ভাগৱতগীতাৰ সৈতে যথেষ্ট সাদৃশ্য আছে। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
মৌলানা ৱাহিদুল্লাহ আনছাৰী চতুৰ্বেদীয়ে বিশ্বাস কৰে যে, ঈশ্বৰে আমাক মানৱতাৰ সেৱা আৰু এই পৃথিৱীখনক অধিক সুন্দৰ কৰাৰ দায়িত্ব লৈ পৃথিৱীলৈ পঠিয়াইছে। সকলো ভূল-ভ্ৰান্তিৰ পৰা আঁতৰি সত্য আৰু প্ৰেম প্ৰচাৰ কৰিলেহে আমাৰ মানৱ জীৱন সফল হ’ব। তেওঁ বুজাই দিছিল যে, "আইছি বানি বলিয়ে মান কা আপ খোয়" মানে আমি অহংকাৰ অবিহনে আৰু নম্ৰতাৰে কথা ক'ব লাগে, শ্ৰোতাক আন্তৰত সুখ আৰু নিজৰ মনলৈ শান্তি কঢ়িয়াই আনিব লাগে। কবীৰদাস জীৰ এই শাৰীটোৰ বাৰ্তা হ'ল আমাৰ ভাষাটো মধুৰ আৰু সংযত হ'ব লাগে। সকলোৱে এই নীতি মানি চলিলে আমাৰ মাজত কোনো কাজিয়া বা সংঘৰ্ষ নহব, জনসাধাৰণৰ মাজত কেৱল শান্তি বিৰাজমান হ'ব। 
 
আপুনি ইছলাম আৰু হিন্দু ধৰ্মৰ শিক্ষাত কি কি সাদৃশ্য লক্ষ্য কৰিলে বুলি সোধাত, তেওঁ কৈছিল যে, ইছলাম আৰু হিন্দু ধৰ্মৰ উৎপত্তি বিভিন্ন সাংস্কৃতিক আৰু ঐতিহাসিক পটভূমিৰ পৰা হোৱা সত্ত্বেও বহু সাদৃশ্য আছে। দুয়োটা ধৰ্মই এজন পৰম সত্তাক বিশ্বাস কৰে— ইছলামত “আল্লাহ” আৰু হিন্দু ধৰ্মত “ব্ৰহ্ম” বা “পৰমাত্মা”— যাক সৃষ্টিৰ একমাত্ৰ উৎস বুলি গণ্য কৰা হয়। দুয়োটাৰে মৌলিক বাৰ্তা হ’ল ঈশ্বৰ এক, সৰ্বশক্তিমান আৰু সৰ্বব্যাপী।  
 
এই ধৰ্মসমূহে সত্য, মমতা, অহিংসা আৰু সৎ আচৰণক অধিক গুৰুত্ব দিয়ে। ইছলামে দয়া আৰু ন্যায়ৰ শিক্ষা দিয়ে, আনহাতে হিন্দু ধৰ্ম "অহিংসা পৰম ধৰ্ম" আৰু "সত্যম বাদ ধৰ্ম চৰ" আদি নীতিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। দুয়োটা ধৰ্মই আত্মনিয়ন্ত্ৰণ, উপবাস, প্ৰাৰ্থনাৰ জৰিয়তে মনক শুদ্ধ কৰি ঈশ্বৰৰ কাষ চাপিবলৈ এক পথৰ সন্ধান দিয়ে।
 
ইছলামৰ মতে, প্ৰতিজন মানুহৰ মাজত "আল্লাহৰ আত্মা" থাকে, আনহাতে হিন্দু ধৰ্মই আত্মাক ব্ৰহ্মৰ এটা অংশ বুলি কৈছে — অৰ্থাৎ প্ৰতিটো সত্তাত দৈৱতা উপস্থিত থাকে। একেদৰে দুয়োটা ধৰ্মই কৰ্ম আৰু ইয়াৰ পৰিণতিক বিশ্বাস কৰে; ইছলামে শিকায় যে, প্ৰতিটো কামৰ হিচাপ 'কিয়ামত'ৰ দিনত কৰা হ’ব, আনহাতে হিন্দু ধৰ্মই কৰ্মৰ নীতিত বিশ্বাস কৰে, যিয়ে প্ৰতিটো কৰ্মই ইয়াৰ পৰিণাম বহন কৰাটো নিশ্চিত। শেষত দুয়োটা ধৰ্মৰ মৌলিক উদ্দেশ্য হৈছে মানৱতা, শান্তি আৰু ভাতৃত্ববোধ প্ৰতিষ্ঠা — ইছলামৰ অৰ্থ নিজেই "শান্তি" আৰু হিন্দুৰ প্ৰাৰ্থনাৰ সামপন "ঔম শান্তি শান্তি"। এইদৰে দুয়োটা ধৰ্মৰ পৰম্পৰাই ধাৰ্মিকতা, সত্য আৰু প্ৰেমৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা জীৱনক উৎসাহিত কৰে।