আজিৰ যুগত, য'ত প্ৰযুক্তি আমাৰ হাতৰ মুঠিত আছে, যোগাযোগৰ ধৰণো সলনি হৈছে। কিন্তু এই পৰিৱৰ্তনে আমাৰ বুজাবুজিকো উন্নত কৰিছে নেকি? এই গুৰুতৰ প্ৰশ্নটোৰ ওপৰতেই অধ্যাপক আখতাৰুল ৱাছেই 'আৱাজ - দ্য ভইচ'ৰ বিশেষ পডকাষ্ট 'দীন ঔৰ দুনিয়া'ত নিজৰ মত প্ৰকাশ কৰিছে। আঁতধৰোঁতা ছাকিব ছেলিমৰ সৈতে হোৱা তেওঁৰ এই বাৰ্তালাপ কেৱল এটা সাক্ষাৎকাৰ নাছিল। ই আছিল বৰ্তমানৰ সমাজ, ধৰ্মৰ ব্যাখ্যা আৰু ছ’চিয়েল মিডিয়াৰ বাস্তৱতাৰ এক প্ৰতিচ্ছবি।
বাৰ্তালাপৰ আৰম্ভণি হৈছিল 'কাফিৰ'ৰ দৰে শব্দৰ ব্যৱহাৰক লৈ। অধ্যাপক ৱাছেই অতি যুক্তিসংগতভাৱে কয় যে মানুহে প্ৰায়ে শব্দৰ গভীৰতা পাহৰি যায়। 'কাফিৰ' শব্দটো আজি ঘৃণা আৰু দূৰত্ব বৃদ্ধিৰ এক অস্ত্ৰ হৈ পৰিছে। তেওঁ বুজাই দিয়ে যে আক্ষৰিক অৰ্থত চাবলৈ গ'লে এই শব্দটো যিকোনো ব্যক্তিৰ বাবেই ব্যৱহাৰ হ'ব পাৰে
কিন্তু ছ’চিয়েল মিডিয়াত মানুহে ইয়াক অতি দায়িত্বজ্ঞানহীনভাৱে ব্যৱহাৰ কৰিছে। এই সংবেদনশীলতাৰ অভাৱৰ বাবেই সমাজত অবিশ্বাসৰ ব্যৱধান ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। তেওঁ জোৰ দি কয় যে এনে সংবেদনশীল শব্দৰ সৈতে খেলা কৰা বন্ধ হ'ব লাগে।
অধ্যাপক ৱাছেই এটা উল্লেখযোগ্য কথা উল্লেখ কৰি কয় যে ধৰ্মৰ ওপৰত আলোচনা কৰাটো ভুল নহয়। কিন্তু সমস্যা তেতিয়াহে আৰম্ভ হয় যেতিয়া প্ৰতিগৰাকী ব্যক্তিয়েই নিজকে জ্ঞানী বুলি ভাবিবলৈ লয়। তেওঁ স্পষ্ট ভাষাত কয় যে ধৰ্মৰ ব্যাখ্যা কৰাৰ অধিকাৰ কেৱল সেই বিশেষজ্ঞসকলৰহে থাকিব লাগে যিসকলে বছৰ বছৰ ধৰি ধৰ্মীয় গ্ৰন্থসমূহ অধ্যয়ন কৰিছে। কোৰাণ, হাদিছ, তফছীৰ আৰু ন্যায়শাস্ত্ৰৰ গভীৰ বোধগম্যতা অবিহনে কোনো সিদ্ধান্তত উপনীত হোৱাটো সমাজক বিপথে পৰিচালিত কৰাৰ সমতুল্য। আজি প্ৰতিজন ব্যক্তিয়েই ইণ্টাৰনেটৰ জৰিয়তে পণ্ডিত হোৱাৰ চেষ্টা কৰিছে। এই প্ৰৱণতা কেৱল বিপজ্জনকেই নহয়, ই ধৰ্মৰ মূল ভাৱনাকো আঘাত কৰে।
ছ’চিয়েল মিডিয়াৰ এই যুগত নিজকে আটাইতকৈ বেলেগ দেখুওৱাৰ এক প্ৰতিযোগিতা চলিছে। অধ্যাপক ৱাছেই এই বিষয়ত কটাক্ষ কৰি কয় যে কিছুমান মানুহে ধৰ্মক অপপ্ৰচাৰৰ মাধ্যম কৰি তুলিছে। এই দৌৰত ইছলামৰ বিষয়ে বহুতো ভুল ধাৰণা বিয়পি পৰিছে। ইয়াৰ ফলত মুছলমানসকলৰ মাজতো দুই ধৰণৰ আচৰণৰ সৃষ্টি হৈছে।
'আৱাজ - দ্য ভইচ'ৰ বিশেষ পডকাষ্ট 'দীন ঔৰ দুনিয়া'ত ছাকিব ছেলিমৰ সৈতে অধ্যাপক আখতাৰুল ৱাছে
এচাম লোকে নিজকে শ্ৰেষ্ঠ বুলি ভাবিবলৈ লৈছে, আনহাতে আন এচাম লোক হীনমন্যতাৰ চিকাৰ হৈছে। তেওঁ মনস্তাত্ত্বিক দৃষ্টিকোণৰ পৰা বুজাই দিয়ে যে শ্ৰেষ্ঠতাৰ অহংকাৰ প্ৰায়ে ভিতৰত লুকাই থকা হীনমন্যতাৰেই এক বৰ্ধিত ৰূপ। এই মানসিক সংঘাতে সমাজৰ ভাৰসাম্য বিনষ্ট কৰিছে।
বাৰ্তালাপত আধুনিকতা আৰু গণতন্ত্ৰৰ বিষয়টোৰ ওপৰতো আলোচনা কৰা হয়। আজিও কিছুমান মানুহ এনেকুৱা আছে যিয়ে প্ৰতিটো নতুন আৰু আধুনিক বস্তুক ইছলামবিৰোধী বা 'তাগুতী' বুলি আখ্যা দিয়ে। অধ্যাপক ৱাছেই ইয়াৰ বাবে ইতিহাসৰ আশ্ৰয় লয়। তেওঁ ছাৰ চৈয়দ আহমেদ খানৰ সময়ছোৱাৰ কথা উল্লেখ কৰে।
সেই সময়তো আধুনিক শিক্ষাৰ তীব্ৰ বিৰোধিতা কৰা হৈছিল। কিন্তু সময়ে প্ৰমাণ কৰিলে যে শিক্ষা আৰু প্ৰগতিৰ অবিহনে কোনো জাতি আগবাঢ়িব নোৱাৰে। তেওঁ কয় যে আমি 'আকিদা' অৰ্থাৎ আমাৰ বিশ্বাস আৰু 'আকিদত' অৰ্থাৎ আমাৰ শ্ৰদ্ধাৰ মাজৰ পাৰ্থক্যটো বুজিব লাগিব। কাৰোবাৰ ফতোৱা দিয়াৰ বাবেই কোনো ব্যৱস্থা ইছলামবিৰোধী হৈ নাযায়। আধুনিক বিশ্বৰ সত্যক গ্ৰহণ কৰাটোৱেই হৈছে বুদ্ধিমত্তাৰ পৰিচায়ক।
অধ্যাপক ৱাছেই সহনশীলতা আৰু পাৰস্পৰিক ভাতৃত্ববোধৰ বিষয়েও হৃদয়স্পৰ্শী কথা কয়। ভাৰতৰ দৰে দেশত য'ত শতিকাৰ পিছত শতিকা ধৰি বিভিন্ন ধৰ্মৰ লোক একেলগে বাস কৰি আহিছে, তাত ইজনে সিজনক সন্মান কৰাটোৱেই হৈছে আটাইতকৈ ডাঙৰ শক্তি। তেওঁ কয় যে হজৰত মহম্মদ (ছাঃ) পৃথিৱীত মানুহক একত্ৰিত কৰিবলৈহে আহিছিল, বিভাজন কৰিবলৈ নহয়। মক্কাৰ দুৰ্যোগ হওক বা মদিনাৰ সময়ছোৱাই হওক, তেওঁ সকলো পৰিস্থিতিতে মৰম আৰু ভাতৃত্ববোধৰ বাৰ্তা দিছিল। তেওঁৰ 'শেষ উপদেশ'তো মানৱতাক ওচৰ চপাই অনাৰ কথাই কোৱা হৈছিল। আজি ছ’চিয়েল মিডিয়াত সাম্প্ৰদায়িকতা বেছিকৈ দেখা গ'লেও, অধ্যাপক ৱাছেৰ মতে বাস্তৱত ধৰ্মান্ধতা হ্ৰাস পাইছে। মানুহ লাহে লাহে উদাৰতা আৰু ভাৰসাম্যৰ পথলৈ উভতি আহিছে।
'আৱাজ - দ্য ভইচ'ৰ বিশেষ পডকাষ্ট 'দীন ঔৰ দুনিয়া'ত ছাকিব ছেলিমৰ সৈতে অধ্যাপক আখতাৰুল ৱাছে
চাৰিখন বিয়াৰ বিতৰ্কিত বিষয়টো সন্দৰ্ভতো অধ্যাপক ৱাছেই মুকলিকৈ মত প্ৰকাশ কৰে। তেওঁ ইয়াক এক বিভ্ৰান্তি বুলি আখ্যা দিয়ে আৰু কয় যে ইয়াক একেবাৰে ভিত্তিহীনভাৱে উপস্থাপন কৰা হয়। ইছলামত চাৰিখন বিয়াৰ অনুমতি আছে, কিন্তু ইয়াক বাধ্যতামূলক কৰা হোৱা নাই। ইয়াৰ আটাইতকৈ ডাঙৰ চৰ্তটো হ'ল 'ইনছাফ' অৰ্থাৎ সম্পূৰ্ণ ন্যায়।
কোৰাণে নিজেই কয় যে এগৰাকীতকৈ অধিক পত্নী থাকিলে ন্যায় কৰাটো মানুহৰ বাবে অতি কঠিন কাম। কিন্তু বাস্তৱত দেখা যায় যে আজিৰ যুগত পুৰুষসকলে চাৰিবাৰ বিয়া কৰোৱা নাই আৰু মহিলাসকলেও নিজৰ দায়িত্বৰ পৰা পলায়ন কৰা নাই। ইয়াক অকাৰণতে মুছলমানসকলক লক্ষ্য কৰি ল'বলৈ ইছ্যু কৰাটো ভুল। সিদ্ধান্তবোৰ সদায়েই প্ৰয়োজন আৰু পৰিস্থিতিৰ ওপৰত নিৰ্ভৰশীল, ইয়াক কোনো এটা সম্প্ৰদায়ৰ পৰিচয়ৰ সৈতে সংযুক্ত কৰাটো উচিত নহয়।
বাৰ্তালাপৰ শেষত তেওঁ এটা অতি প্ৰয়োজনীয় পৰামৰ্শ দিয়ে। তেওঁ কয় যে আমি আমাৰ আচৰণ আৰু প্ৰদৰ্শনত সৰলতা অৱলম্বন কৰিব লাগে। হজৰত মহম্মদ (ছাঃ) বা তেওঁৰ সংগীসকলৰ আদৰ্শৰ লগত অমিল থকা পদ্ধতিসমূহৰ পৰা আমি বিৰত থাকিব লাগে। ধৰ্মৰ প্ৰতিনিধিত্ব এনেকুৱা হ'ব লাগে যি সঁচা আৰু পোনপটীয়া হয়। অধ্যাপক ৱাছেৰ বাৰ্তা স্পষ্ট আছিল যে সমাজত মতভেদ থাকিব পাৰে, কিন্তু পাৰস্পৰিক সন্মান অটুট থাকিব লাগে।
অধ্যাপক আখতাৰুল ৱাছেৰ এই কথাবোৰ বৰ্তমানৰ পৰিৱেশত এজাক শীতল বতাহৰ দৰে। এই পডকাষ্টটো সেইসকল লোকৰ বাবে এক শিক্ষা যিসকলে ছ’চিয়েল মিডিয়াৰ কোলাহলৰ মাজত নিজৰ শিপা আৰু নিজৰ সংস্কৃতিক পাহৰি গৈছে।