আৱাজ - দ্য ভইচ ব্যুৰ’
ৰুবেল নাগিৰ শিক্ষাৰ ক্ষেত্ৰত আৰম্ভ হোৱা এই যাত্ৰা কোনো শ্ৰেণীকোঠা, বিশ্ববিদ্যালয় বা নীতি নিৰ্ধাৰণ কেন্দ্ৰৰ পৰা আৰম্ভ হোৱা নাছিল। ই আৰম্ভ হৈছিল ২৭ বছৰ পূৰ্বে এটা সৰু কলা কৰ্মশালা (art workshop)ত, য’ত তেওঁ এনে এটি শিশুক লগ পাইছিল যিয়ে জীৱনত কেতিয়াও এটা পেঞ্চিল দেখা নাছিল।
নাগিয়ে মনত পেলাই কয়, "মোৰ যাত্ৰা ২৭ বছৰ আগতে আৰম্ভ হৈছিল যেতিয়া মোৰ এটা কলা কৰ্মশালাৰ সময়ত মই এনে এটা শিশুক লগ পাইছিলো যিয়ে নিজৰ জীৱনত পেঞ্চিল দেখা নাছিল।"
সেই মূহূৰ্তটোৱে তেওঁৰ জীৱনৰ গতিপথ সলনি কৰি দিছিল আৰু অৱশেষত ভাৰতৰ লাখ লাখ শিশুৰ জীৱনলৈ পৰিৱৰ্তন আনিছিল। ২০২৬ চনত নাগিক ‘গ্ল’বেল টিচাৰ প্ৰাইজ’ (Global Teacher Prize) বিজয়ী হিচাপে ঘোষণা কৰা হয়। এই সন্মানীয় ১ নিযুত ডলাৰ (প্ৰায় ৯ কোটি টকা) বঁটা লাভ কৰা তেওঁ প্ৰথমগৰাকী ভাৰতীয় মহিলা। এই বঁটাক প্ৰায়ে "শিক্ষকতাৰ নোবেল বঁটা" বুলি অভিহিত কৰা হয়।
সেৱাৰ মনোভাৱেৰে গঢ়া জীৱন ৰুবেল নাগি অৱসৰপ্ৰাপ্ত কৰ্নেল গিয়ান সিং ছুডানৰ কন্যা আৰু সেৱাৰ মনোভাৱ তেওঁৰ শৈশৱৰ এক অংশ আছিল। বিবাহৰ পিছত তেওঁ মুম্বাইলৈ গুচি যায় আৰু তাত সুবিধাবঞ্চিত সম্প্ৰদায়ৰ শিশুসকলৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰে।
এক পৰম্পৰাগত শিক্ষকতাৰ কেৰিয়াৰ বাছনি কৰাৰ পৰিৱৰ্তে তেওঁ শিল্পকলা, সক্ৰিয়তা আৰু শিক্ষাক একত্ৰিত কৰিছিল। তেওঁ বিশ্বাস কৰিছিল যে যিসকল শিশু কেতিয়াও শ্ৰেণীকোঠালৈ নাযায়, শিক্ষা তেওঁলোকৰ ওচৰলৈ যোৱা উচিত।
বঁটা লাভ কৰা মুহূৰ্তত ৰুবল নাগী
‘ৰুবল নাগি আৰ্ট ফাউণ্ডেচন’ৰ জৰিয়তে তেওঁ ভাৰতৰ ১০০ টাতকৈও অধিক নিম্ন আয়ৰ সম্প্ৰদায় আৰু গাঁৱত ৮০০ ৰো অধিক শিক্ষা কেন্দ্ৰ স্থাপন কৰিছে।
তেওঁৰ পদ্ধতি আছিল অনন্য৷ তেওঁ দেৱালত এনে কিছুমান ছবি (murals) আঁকিছিল যিয়ে সাক্ষৰতা, বিজ্ঞান, গণিত আৰু ইতিহাসৰ শিক্ষা দিয়ে। সম্প্ৰদায়ৰ দেৱালসমূহ একো একোটা আন্তঃক্ৰিয়ামূলক শিক্ষা স্থান হৈ পৰিছিল। শিল্পকলাক শিশুসকলৰ মাজত কৌতুহল আৰু আত্মবিশ্বাস জগাই তোলাৰ এক আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছিল। বহু শিশুৰ বাবে এই দেৱালৰ ছবি আৰু কেন্দ্ৰসমূহেই আছিল আনুষ্ঠানিক শিক্ষাৰ প্ৰথম সংস্পৰ্শ।
গ্ল’বেল টিচাৰ প্ৰাইজ লাভ কৰাৰ পিছত নাগিয়ে অলেখ অভিনন্দন বাৰ্তা লাভ কৰিছিল, কিন্তু তাৰে এটা বাৰ্তা তেওঁৰ বাবে অতি বিশেষ আছিল। তেওঁ নিয়ন্ত্ৰণ ৰেখা (LoC)ৰ ওচৰত থকা তেওঁৰ এটি কম্পিউটাৰ কেন্দ্ৰত পঢ়ি থকা এটা শিশুৰ পৰা এটা ভিডিঅ’ লাভ কৰিছিল। শিশুটি আছিল কাশ্মীৰৰ টাংধৰৰ কৰ্না গাঁৱৰ। সেই মুহূৰ্তটো তেওঁৰ বাবে অতি আৱেগিক আছিল, যিয়ে প্ৰমাণ কৰিছিল যে ভাৰতৰ অতি দুৰ্গম আৰু স্পৰ্শকাতৰ অঞ্চলসমূহতো তেওঁৰ কামৰ প্ৰসাৰ ঘটিছে।
১৩৯ খন দেশৰ ৫,০০০ তকৈও অধিক মনোনয়ন আৰু আবেদনৰ মাজৰ পৰা ২০২৬ চনৰ গ্ল’বেল টিচাৰ প্ৰাইজৰ বাবে ৰুবেল নাগিক নিৰ্বাচিত কৰা হৈছিল। তেওঁ কেৱল এগৰাকী শিক্ষকেই নহয়, বৰঞ্চ এগৰাকী শিল্পী আৰু সামাজিক কৰ্মীও, যিয়ে শিক্ষাক পৰম্পৰাগত শ্ৰেণীকোঠাৰ বাহিৰলৈ নিয়াৰ বাবে বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে। এই বঁটাত ১ নিযুত ডলাৰ (প্ৰায় ৯ কোটি টকা) আৰু বিশ্বজোৰা স্বীকৃতি প্ৰদান কৰা হয়।
নাগিৰ বাবে এই বঁটা কোনো গন্তব্য স্থান নহয়, বৰঞ্চ ই তেওঁৰ পৰৱৰ্তী অভিযানৰ এক আৰম্ভণিহে। তেওঁ বঁটাৰ ১ নিযুত ডলাৰ ধন ব্যৱহাৰ কৰি এনে এটা প্ৰতিষ্ঠান স্থাপন কৰাৰ পৰিকল্পনা কৰিছে যিয়ে সুবিধাবঞ্চিত শিশু আৰু যুৱক-যুৱতীসকলক বিনামূলীয়াকৈ বৃত্তিমূলক প্ৰশিক্ষণ (vocational training) প্ৰদান কৰিব। তেওঁৰ লক্ষ্য হৈছে শিক্ষাৰ জৰিয়তে যাতে দক্ষতা বৃদ্ধি হয়, নিয়োগ সৃষ্টি হয় আৰু আত্মসন্মান গঢ়ি উঠে, বিশেষকৈ যিসকলৰ আনুষ্ঠানিক শিক্ষাৰ সুযোগ নাই।
কেৱল এটা বঁটাই নহয়, এটা আন্দোলন কেতিয়াও পেঞ্চিল নেদেখা এটি শিশুৰ পৰা আৰম্ভ কৰি হাজাৰ হাজাৰ শিশুক দেৱালৰ ছবি আৰু সামাজিক কেন্দ্ৰৰ জৰিয়তে শিক্ষা দিয়ালৈকে ৰুবেল নাগিৰ কাহিনীটো কেৱল শিক্ষকতাৰ বিষয়েই নহয়— ই হ’ল শিক্ষাৰ অধিকাৰ, সমতা আৰু কল্পনাশক্তিৰ কাহিনী।
তেওঁৰ এই যাত্ৰাই প্ৰমাণ কৰে যে, শিক্ষা সদায় শ্ৰেণীকোঠাৰ পৰা আৰম্ভ নহয়। কেতিয়াবা ই এখন দেৱালত, এডাল তুলিকাৰ সহায়ত আৰু প্ৰতিটো শিশুৱে এটা পেঞ্চিল তথা সুন্দৰ ভৱিষ্যতৰ যোগ্য বুলি কৰা বিশ্বাসৰ পৰাও আৰম্ভ হ’ব পাৰে।