অযোধ্যাৰ শ্বৰীফ চাচা: মানৱীয়তাৰ ডাঙৰ উদাহৰণ

Story by  atv | Posted by  [email protected] • 7 h ago
অযোধ্যাৰ শ্বৰীফ চাচা
অযোধ্যাৰ শ্বৰীফ চাচা
 
অনিকা মহেশ্বৰী/নতুন দিল্লী
 
অযোধ্যাৰ অতি ঠেক পথৰ পৰা ওলাই আহি সমগ্ৰ বিশ্বক মানৱতাৰ প্ৰকৃত অৰ্থ বুজাই দিয়া মহম্মদ শ্বৰীফয়ে (যাক মানুহে মৰমেৰে শ্বৰীফ চাচা বুলি কয়) ধৰ্ম, জাতি আৰু পৰিচয়ৰ সীমা অতিক্ৰম কৰি আজি সকলোৰে বাবে এক উৎকৃষ্ট নিদৰ্শন হৈ পৰিছে। এজন সাধাৰণ চাইকেল মেকানিকৰ পৰা আৰম্ভ কৰি এজন সমাজকৰ্মী হোৱালৈকে এই ব্যক্তিজনে তেওঁৰ জীৱনৰ ২৫ বছৰতকৈও অধিক সময় সেইসকল লোকৰ নামত উৎসৰ্গা কৰিছিল যিসকললোকৰ এই পৃথিৱীত কোনো আত্মীয় নাছিল।
 
অযোধ্যা পুলিচ লাইন অঞ্চলৰ মোহল্লা খিড়কী আলি বেগত অৱস্থিত তেওঁৰ সাধাৰণ ঘৰৰ কাষলৈ যোৱা ঠেক কিন্তু পৰিষ্কাৰ পথটোৱে তেওঁৰ সৰল জীৱনৰ কাহিনী নিজেই বৰ্ণনা কৰি আহিছে। নীলা ৰঙৰ দেৱালৰ এই ঘৰটোৰ ওপৰত লগোৱা এখন সৰু ফলকে এইটো বুজাবলৈ যথেষ্ট যে, এইটো কোনো সাধাৰণ ব্যক্তিৰ ঘৰ নহয়, বৰং পদ্মশ্ৰী সন্মানেৰে সন্মানিত এজন অসাধাৰণ ব্যক্তিৰ ঘৰ হয়।
 
ৰাষ্ট্ৰপতিৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰাৰ মুহূৰ্তত শ্বৰীফ চাচা
 
পিতৃৰ যন্ত্ৰণাৰ পৰা জন্ম হোৱা সেৱাৰ উদাহৰণ
 
মহম্মদ শ্বৰীফৰ জীৱনৰ আটাইতকৈ ডাঙৰ টাৰ্নিং পইণ্টটো আহিছিল প্ৰায় ২৮ বছৰ পূৰ্বে, যেতিয়া তেওঁৰ ২৫ বছৰীয়া পুত্ৰ মহম্মদ ৰাইছে ছুলতানপুৰলৈ গৈছিল আৰু তাৰ পৰা তেওঁ কেতিয়াও উভতি নাহিল। কেইবা সপ্তাহ ধৰি সন্ধান কৰাৰ পিছতো এজন আৰক্ষীয়ে তেওঁলোকৰ ঘৰলৈ আহি তেওঁলোকক এটা কামিজ দেখুৱাইছিল আৰু সেইটো তেওঁলোকৰ পুত্ৰৰ বুলি কৈছিল। এই কথা জানি পৰিয়ালটোৰ ওপৰত দুখৰ পাহাৰ ভাঙি  পৰিছিল যে, তেওঁলোকৰ পুত্ৰক হত্যা কৰা হৈছে আৰু তেওঁৰ মৃতদেহটো গৰাকীবিহীন হৈ গোমতী নদীত পেলাই দিয়া হৈছিল।
 
এই ঘটনাই শ্বৰীফৰ জীৱনৰ গতি সলনি কৰি পেলালে। সেইদিনাই তেওঁ প্ৰতিজ্ঞা গ্ৰহণ কৰিছিল যে, তেওঁৰ চহৰত কোনো গৰাকীবিহীন মৃতদেহ সন্মানহীন হৈ নাথাকিব। তেওঁ সিদ্ধান্ত লৈছিল যে, মৃত ব্যক্তিজন যি ধৰ্মৰেই নহওঁক কিয়, সেই ধৰ্মৰ ৰীতি-নীতি অনুসৰি তেওঁলোকৰ অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ সন্মানেৰে সম্পন্ন  কৰা হ’ব।
 
৫,০০০ৰো অধিক অন্ত্যেষ্টিক্ৰিয়া—মানৱতাৰ এক উদাহৰণ
 
আজিলৈকে শ্বৰীফ চাচাই প্ৰায় ৩০০০ হিন্দু আৰু ২৫০০ মুছলমানকে ধৰি ৫৫০০ৰো অধিক গৰাকীবিহীন মৃতদেহৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠান পালন কৰিছে। তেওঁ নিশ্চিত কৰে যে, প্ৰতিগৰাকী ব্যক্তি নিজৰ ধৰ্ম অনুযায়ী চূড়ান্ত বিদায় লাভ কৰে- হিন্দু লোকসকলৰ বাবে দাহ-সৎকাৰ আৰু মুছলমান লোকসকলৰ বাবে কবৰ দিয়া হয়।
 
মছজিদৰ বাকৰিত শ্বৰীফ চাচা
 
স্থানীয় প্ৰশাসনৰ এক ব্যৱস্থা অনুসৰি, যদি ৭২ ঘন্টাৰ ভিতৰত কোনো লোকে মৃতদেহটো বিচাৰি নাহে, তেন্তে মৃতদেহটো শ্বৰীফক গতাই দিয়া হয়। তেওঁ সমাজৰ পৰা অনুদান সংগ্ৰহ কৰি শেষকৃত্যৰ বাবে প্ৰয়োজনীয় খৰচ বহন কৰে। কেতিয়াবা দুপৰনিশা ২ বজাতো চিকিৎসালয় বা আৰক্ষী থানাৰ পৰা  তেওঁলৈ ফোন আহে আৰু তেওঁ লগে লগে সহায়ৰ বাবে সাজু হয়। তেওঁৰ ঘৰত সদায় কফন আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী সাজু থাকে।

 
 
 
 
 
 
 
 
 
 
 
 
 
 
 

A post shared by INDIANS (@indians)

সামাজিক অৱহেলাৰ পৰা সন্মানলৈ এক যাত্ৰা
 
আজি তেওঁ সমাজৰ পৰা সন্মান আৰু স্বীকৃতি লাভ কৰিছে, যদিও তেওঁৰ এই যাত্ৰা সহজ নাছিল। প্ৰায় ১৫ বছৰ আগতে মানুহে তেওঁক অস্পৃশ্য বুলি গণ্য কৰিছিল আৰু মানুহে তেওঁৰ সৈতে বহি খোৱা-বোৱা কৰাৰ পৰাও বিৰত আছিল। বহু লোকে তেওঁক 'পাগল' বা 'জল্লাদ' বুলি অভিহিত কৰিছিল। কিন্তু শ্বৰীফ চাচাই কেতিয়াও হতাশ হোৱা নাছিল আৰু নিজৰ অভিযানত অটল হৈ আছিল। তেওঁ মৃতদেহ শ্মশানলৈ নিয়াৰ বাবে হখন ঠেলাগাড়ী ক্ৰয় কৰিছিল আৰু সেইখন নিজে শ্মশানলৈ চলাই লৈ গৈছিল। আজিও তেওঁৰ ওচৰত সেই গৰাকীবিহীন মৃত লোকসকলৰ ফটো আৰু তথ্যৰ এক বৃহৎ সংগ্ৰহ আছে, যিসকলৰ তেওঁ শেষকৃত্য সম্পন্ন কৰিছিল।
 
ক'ভিড-১৯ৰ সময়তো তেওঁ নিজৰ কৰ্তব্য পালন কৰিছিল
 
ক’ভিড-১৯ৰ দ্বিতীয় ঢৌৰ সময়ত যেতিয়া ভয় আৰু আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিল, তেতিয়া শ্বৰীফ চাচাই পুনৰবাৰ মানৱতাৰ নিদৰ্শন দাঙি ধৰিছিল। তেওঁ নিজৰ আপোনজনে পৰিত্যাগ কৰা ৩৫ জনতকৈও অধিক ক'ভিড ৰোগীৰ শেষকৃত্য সম্পন্ন কৰিছিল। পৰিস্থিতি ইমানেই ভয়াৱহ আছিল যে, বহু পৰিয়ালে মৃত আত্মীয়ৰ শ'টো নিবলৈও নাহিল।
 
চাইকেল ৰেপিয়েৰিং কৰি থকা মুহূৰ্তত শ্বৰীফ চাচা

পদ্মশ্ৰী বঁটা আৰু ৰাষ্ট্ৰীয় স্বীকৃতি
 
তেওঁৰ নিস্বাৰ্থ সেৱাৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে ২০২০ চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল। কিন্তু ক'ভিড নিষেধাজ্ঞাৰ বাবে পৰৱৰ্তী সময়ত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত তেওঁক এই সন্মান প্ৰদান কৰা হয়। সেই মুহূৰ্তটোৱে কেৱল শ্বৰীফ চাচাকে নহয়, সমগ্ৰ দেশকে সোঁৱৰাই দিলে যে, প্ৰকৃত মানৱতা কোনো ধৰ্ম বা পৰিচয়ৰ ওপৰত নিৰ্ভৰশীল নহয়।
 
আজিও সংগ্ৰাম অব্যাহত আছে
 
এনে উল্লেখযোগ্য কৃতিত্ব আৰু সন্মানৰ পিছতো শ্বৰীফ চাচা আৰু তেওঁৰ পৰিয়ালে আজিও আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আহিছে। পেছাত চালক মহম্মদ ছাগিৰে কয় যে তেওঁৰ পিতৃ এতিয়া বৃদ্ধ আৰু আঁঠুৰ বিষত ভুগি আছে। আগতে ঠেলাগাড়ী টানিছিল আৰু চাইকেলেৰে যাত্ৰা কৰিছিল, কিন্তু এতিয়া তেওঁ স্কুটাৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে। বহু বিশিষ্ট নেতা আৰু জনপ্ৰতিনিধিয়ে তেওঁক আৰ্থিক সাহায্য আৰু ঘৰ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু এতিয়ালৈকে সেই প্ৰতিশ্ৰুতি পূৰণ হোৱা নাই। চৰকাৰে তেওঁক সহায় কৰিব বুলি এতিয়াও শ্বৰীফ চাচাই আশা প্ৰকাশ কৰিছে।
 
কবৰস্থানত শ্বৰীফ চাচা
 
মানৱতাৰ আটাইতকৈ ডাঙৰ বাৰ্তা

মহম্মদ শ্বৰীফৰ কাহিনীয়ে আমাক শিকাইছে যে মানৱতা হৈছে সৰ্বশ্ৰেষ্ঠ ধৰ্ম। তেওঁ এই কথা প্ৰমাণ কৰিলে যে, প্ৰকৃত সেৱা হৈছে এনে এক সেৱা য'ত কোনো স্বাৰ্থ নিহিত হৈ নাথাকে। যেতিয়া সমগ্ৰ পৃথিৱীবাসীয়ে মুখ ঘূৰাই লয়, তেতিয়াও যদি কোনো ব্যক্তিয়ে থিয় হৈ থাকে, তেন্তে তেওঁৱেই হৈছে প্ৰকৃত মানুহ। তেওঁৰ জীৱন এক অনুপ্ৰেৰণা, এক উদাহৰণ, যি আমাক এই কথা মনত পেলাই দিয়ে যে, কৰুণা, সহানুভূতি আৰু সেৱা হৈছে এনে মূল্যবোধ যিয়ে এই পৃথিৱীখনক উন্নত কৰিব পাৰে।