নিকুঞ্জ নাথ / গুৱাহাটী
আকাশৰ বুকু ফালি শত্ৰুৰ শিবিৰত নাইবা দুৰ্যোগগ্ৰস্ত অঞ্চলত নামি পৰাৰ দুৰন্ত সাহস আৰু তাৰ মাজতেই গুৰুতৰভাৱে আহতজনক জীৱনদান দিয়াৰ ঐশ্বৰিক দায়িত্ব! সমাজৰ প্ৰচলিত ধাৰণাক সলনি কৰি নিজৰ অদম্য সাহস আৰু একাগ্ৰতাৰে ইতিহাস ৰচনা কৰা এগৰাকী অসাধাৰণ অসমীয়া কন্যা হৈছে মেজৰ ডাঃ দ্বীপান্বিতা কলিতা। ভাৰতীয় সেনা বাহিনীৰ চিকিৎসা বিভাগৰ এগৰাকী সুদক্ষ বিষয়া হোৱাৰ সমান্তৰালকৈ তেওঁ পৰিগণিত হৈছে অসমৰ প্ৰথমগৰাকী মহিলা পেৰাট্ৰুপাৰ হিচাপে। শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ দৰে এখন সৰু চহৰৰ পৰা গৈ দেশৰ প্ৰতিৰক্ষা বাহিনীৰ আটাইতকৈ সন্মানীয় 'মেৰুন বেৰেট' অৰ্জন কৰালৈকে তেওঁৰ এই বৰ্ণিল যাত্ৰা প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে এক জীৱন্ত অনুপ্ৰেৰণা।
অসমৰ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত জন্মগ্ৰহণ কৰা আৰু ডাঙৰ-দীঘল হোৱা মেজৰ ডাঃ কলিতাই এক সাধাৰণ পৰিয়ালৰ পৰা আহি নিজৰ সপোনক বাস্তৱ ৰূপ দিছে। অসমৰ এখন সৰু চহৰৰ পৰা ভাৰতীয় সেনাৰ উচ্চ পৰ্যায়লৈকে তেওঁৰ এই যাত্ৰা হৈছে উৎকৃষ্টতাৰ প্ৰতি থকা তেওঁৰ অটল দায়বদ্ধতাৰ এক জ্বলন্ত প্ৰমাণ। তেওঁ প্ৰাথমিক আৰু স্কুলীয়া শিক্ষা ঢেকীয়াজুলিৰ দেবেন্দ্ৰ গ্ৰীন গ্ৰোভ ইংলিছ স্কুলত সম্পূৰ্ণ কৰে। পৰৱৰ্তী সময়ত তেজপুৰৰ সন্মানীয় দৰং মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰে। চিকিৎসা বিজ্ঞান অধ্যয়ন কৰাৰ এক সুদৃঢ় উচ্চাকাংক্ষাৰে তেওঁ উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যাত্ৰা কৰে আৰু এই ক্ষেত্ৰত নিজ জিলাখনৰ পৰা বিদেশলৈ যোৱা প্ৰথমগৰাকী ছাত্ৰী হিচাপে পৰিগণিত হয়। তেওঁ ফিলিপাইনছৰ মানিলাৰ পৰা সফলতাৰে MBBS ডিগ্ৰী অৰ্জন কৰি নিজৰ পেছাদাৰী যাত্ৰাৰ এক সুন্দৰ আৰম্ভণি কৰে।
বিদেশৰ পৰা চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰি ভাৰতলৈ ঘূৰি অহাৰ পিছত, ডাঃ দ্বীপান্বিতা কলিতাই ২০১৫ চনত নতুন দিল্লীৰ মৰ্যদাপূৰ্ণ 'অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ' (AIIMS)-ৰ পৰা চিকিৎসা বিজ্ঞানৰ ইনটাৰ্নশ্বিপ সম্পূৰ্ণ কৰে। ইয়াৰ পিছত তেওঁ দিল্লীৰ দীনদয়াল উপাধ্যায় চিকিৎসালয়কে ধৰি কেইবাখনো আগশাৰীৰ চিকিৎসালয়ত অসামৰিক চিকিৎসক হিচাপে সেৱা আগবঢ়ায়। বিশেষকৈ জৰুৰীকালীন চিকিৎসা আৰু প্ৰসূতি তথা স্ত্ৰী ৰোগ বিভাগত লাভ কৰা অভিজ্ঞতাই তেওঁৰ ট্ৰমা কেয়াৰ আৰু জৰুৰী অৱস্থাত ক্ষিপ্ৰ সিদ্ধান্ত গ্ৰহণৰ দক্ষতা অধিক নিখুঁত আৰু তীক্ষ্ণ কৰি তোলে।
২০১৯ চনত তেওঁ আৰ্মি মেডিকেল কৰ্পছ (AMC)-ৰ বিষয়া ডাঃ চাৰাং মাটেৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। পিছে বিবাহে কেতিয়াও তেওঁৰ সপোনৰ উৰণত বাধাৰ সৃষ্টি কৰিব নোৱাৰিলে। বৰং ২০২০ চনত, তেওঁ সমগ্ৰ দেশৰ ১০০ গৰাকীতকৈও অধিক প্ৰতিভাশালী প্ৰাৰ্থীৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰি আৰ্মি মেডিকেল কৰ্পছত 'কেপ্তেইন' হিচাপে নিযুক্তি লাভ কৰিবলৈ সক্ষম হয়। ত্ৰিশৰ দশকত ভৰি দিয়া এগৰাকী বিবাহিতা মহিলা হিচাপে সক্ৰিয় সামৰিক সেৱাত যোগদান কৰি মেজৰ কলিতাই বয়স, লিংগ আৰু বৈবাহিক অৱস্থাক লৈ সমাজত প্ৰচলিত থকা দীৰ্ঘদিনীয়া পুৰণি ধাৰণাক একপ্ৰকাৰ প্ৰত্যাহ্বান জনায়।
তেওঁৰ এই অদম্য স্পৃহা আৰু দৃঢ়তাই ২০২৩ চনত এক ঐতিহাসিক মাইলৰ খুঁটিত উপনীত হয়। ৩৪ বছৰ বয়সত তেওঁ আগ্ৰাত অনুষ্ঠিত হোৱা কঠোৰ পেৰাট্ৰুপাৰ আৰু এয়াৰবৰ্ণ প্ৰশিক্ষণৰ বাবে স্বেচ্ছাই আগবাঢ়ি আহে। এই অত্যন্ত প্ৰত্যাহ্বানমূলক আৰু শৰীৰ-মনৰ চূড়ান্ত পৰীক্ষা লোৱা পাঠ্যক্ৰম সফলতাৰে সম্পূৰ্ণ কৰি তেওঁ বহু আকাংক্ষিত 'পেৰাট্ৰুপাৰ বেজ' আৰু সন্মানীয় 'মেৰুন বেৰেট' অৰ্জন কৰে। এই মেৰুন বেৰেট হৈছে অসাধাৰণ ধৈৰ্য, শৃংখলা আৰু অসীম সাহসৰ প্ৰতীক। এই বিৰল সফলতাৰ জৰিয়তে তেওঁ পেৰাট্ৰুপাৰ হিচাপে যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথমগৰাকী মহিলা হিচাপে নিজৰ নাম সোণালী আখৰেৰে লিপিৱদ্ধ কৰে।
'ফেমিনা ইণ্ডিয়া’ আলোচনীৰ বেটুপাতত আন পথপ্ৰদৰ্শক মহিলাৰ সৈতে মেজৰ ডাঃ দ্বীপান্বিতা কলিতা
শেহতীয়াকৈ ২০২৫ চনৰ জানুৱাৰী মাহত তেওঁক 'মেজৰ' পদলৈ পদোন্নতি দিয়া হয়। বৰ্তমান তেওঁ যুদ্ধক্ষেত্ৰ আৰু দুৰ্যোগপীড়িত অঞ্চলত কাম কৰিবলৈ বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত এক অতি গুৰুত্বপূৰ্ণ গোট 'পেৰাচুট মেডিকেল ৰেজিমেণ্ট'ত সেৱা আগবঢ়াই আছে। এই ৰেজিমেণ্টৰ সদস্যসকলক সক্ৰিয় সংঘাতপূৰ্ণ অঞ্চল আৰু জৰুৰীকালীন পৰিস্থিতিত জীৱনদায়িনী চিকিৎসা সাহায্য প্ৰদান কৰিবলৈ আকাশমাৰ্গৰ পৰা পেৰাচুটৰ সহায়ত নমাই দিব পৰা যায়। মেজৰ ডাঃ দ্বীপান্বিতা কলিতাৰ দায়িত্বসমূহৰ ভিতৰত আছে দুৰ্গম আৰু প্ৰত্যাহ্বানমূলক অঞ্চলত ফিল্ড চিকিৎসালয় স্থাপন কৰা, গুৰুতৰ আঘাতপ্ৰাপ্ত লোকৰ চিকিৎসা কৰা আৰু চৰম প্ৰতিকূল পৰিস্থিতিত জৰুৰীকালীন চিকিৎসা সেৱা আগবঢ়োৱা। তেওঁৰ কৰ্মৰাজিয়ে সামৰিক চিকিৎসা পেছাদাৰীসকলৰ সন্মুখত থকা অসাধাৰণ প্ৰত্যাহ্বানসমূহকেই প্ৰতিফলিত কৰে।
মেজৰ ডাঃ দ্বীপান্বিতা কলিতাৰ এই যাত্ৰাই প্ৰমাণ কৰে যে সাহসৰ কোনো বয়সৰ সীমা নাথাকে আৰু লিংগ তথা বৈবাহিক অৱস্থাই কেতিয়াও এজন ব্যক্তিৰ সামৰ্থ্যক নিৰ্ধাৰণ কৰিব নোৱাৰে। ২০২৫ চনৰ আগষ্ট মাহত, ফেমিনা ইণ্ডিয়া আলোচনীৰ স্বাধীনতা দিৱসৰ বিশেষ সংখ্যাৰ বেটুপাতত স্থান লাভ কৰি তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত এক বিশেষ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয়। উক্ত সংখ্যাটোত ভাৰতীয় সেনাৰ দহগৰাকী পথপ্ৰদৰ্শক মহিলা বিষয়াক সন্মান জনোৱা হৈছিল, য'ত কৰ্নেল ছফিয়া কুৰেশ্বীকে ধৰি আন বিশিষ্ট বিষয়াসকলৰ সৈতে তেৱোঁ গৌৰৱেৰে স্থান লাভ কৰিছিল।
তেওঁৰ এই সৰ্বোচ্চ সফলতাক অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰীগৰাকীয়েও ভূয়সী প্ৰশংসা কৰিছে আৰু তেওঁক ৰাজ্যখনৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ মহিলাসকলৰ বাবে এক অনুপ্ৰেৰণা হিচাপে অভিহিত কৰিছে। ইপিনে, অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ ডাঃ নোমল মমিনে মেজৰ ডাঃ দ্বীপান্বিতা কলিতাক অভিনন্দন জ্ঞাপন কৰি সামাজিক মাধ্যমত কয়, "ভাৰতীয় সেনা বাহিনীৰ সন্মানীয় 'মেৰুন বেৰেট' অৰ্জন কৰি অসমৰ প্ৰথমগৰাকী মহিলা পেৰাট্ৰুপাৰ হিচাপে পৰিগণিত হোৱা মেজৰ ডাঃ দ্বীপান্বিতা কলিতালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। অসমৰ পৰা গৈ পেৰাচুট ৰেজিমেণ্টৰ নিচিনা এক সুউচ্চ পৰ্যায়ত উপনীত হোৱা তেওঁৰ এই অসাধাৰণ যাত্ৰা সাহস, শৃংখলা আৰু দৃঢ়তাৰ এক উজ্জ্বল নিদৰ্শন। সেনা বাহিনীৰ এগৰাকী নিষ্ঠাৱান চিকিৎসক তথা বিষয়া হিচাপে তেওঁ কেৱল অসমলৈয়ে নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চললৈ অপৰিসীম গৌৰৱ কঢ়িয়াই আনিছে।"
কঠোৰ সামৰিক দায়িত্বৰ উপৰি মেজৰ কলিতাই নিজৰ ফিটনেছৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ে। আজৰি সময়ত তেওঁ ফুলনিবাৰীৰ কাম কৰা, ৰন্ধা-বঢ়া কৰা আৰু ছফ্ট জাজ সংগীত শুনি ভাল পায়। তদুপৰি, পোহনীয়া কুকুৰকেইটাৰ সৈতে সময় কটাবলৈ তেওঁ বৰ ভাল পায় আৰু এই নিৰীহ প্ৰাণীকেইটাক তেওঁ মৰমতে নিজৰ মানসিক চাপ নিৰাময়ৰ উৎস বুলি অভিহিত কৰে।
জীৱনৰ প্ৰতিটো খোজতে প্ৰত্যাহ্বানক আঁকোৱালি লোৱা মেজৰ কলিতাৰ জীৱন দৰ্শন তেওঁৰেই এক শক্তিশালী মন্তব্যত সুন্দৰকৈ প্ৰতিফলিত হয়। তেওঁ কয়, “আপুনি সমাজৰ গণ্ডীৰ ভিতৰত সোমাই থাকিবলৈ ইয়ালৈ অহা নাই, আপুনি ইয়ালৈ আহিছে সেই গণ্ডী ভাঙি ওলাই আহিবলৈ।”
ঢেকীয়াজুলিৰ দৰে শান্ত চহৰ এখনৰ পৰা আৰম্ভ কৰি সন্মানীয় 'মেৰুন বেৰেট' অৰ্জন কৰালৈকে মেজৰ ডাঃ দ্বীপান্বিতা কলিতাৰ যাত্ৰা হৈছে অসাধাৰণ সাহস আৰু দৃঢ়তাৰ এক অমল নিদৰ্শন। তেওঁ কেৱল অসমৰ প্ৰথমগৰাকী মহিলা পেৰাট্ৰুপাৰেই নহয়, বৰং সীমাবদ্ধতাক নেওচি সেনাৰ পোছাকত এগৰাকী ভাৰতীয় মহিলাই কিমান উচ্চতাত উপনীত হ'ব পাৰে, তাৰ এক উজ্জ্বল দৃষ্টান্ত।