ৰবীন্দ্ৰনাথঃ সময়ক অতিক্ৰম কৰা এক চিৰন্তন সত্তা

Story by  atv | Posted by  [email protected] • 4 d ago
গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰ
গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰ
 
অপৰ্ণা দাস / গুৱাহাটী
 
কোনো এটা নাম কেতিয়াবা এটা সম্পূৰ্ণ শিক্ষাব্যৱস্থাৰ সমাৰ্থক হ’ব পাৰেনে? এজন মানুহে অকলেই সাহিত্য, সংগীত, দৰ্শন, শিক্ষা, সমাজ চিন্তা আৰু মানৱতাৰ ইমান বিশাল পৰিসৰ ধাৰণ কৰিব পাৰেনে? মোৰ দৃষ্টিত ইয়াৰ উত্তৰ মাত্ৰ এটাই- গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰ। আজিৰ যুগত যদি কোনোবা একেধাৰে ইউটিউব ক্ৰিয়েটৰ, লেখক, সুৰকাৰ, শিক্ষাবিদ আৰু ইনফ্লুৱেন্সাৰ হয়, তেন্তে আমি তেওঁক বহুমুখী প্ৰতিভাসম্পন্ন বুলি আখ্যা দিওঁ। কিন্তু ৰবীন্দ্ৰনাথ আছিল এই ধাৰণাৰো বহু ঊৰ্ধ্বত। তেওঁ অকলেই আছিল কবি, সুৰকাৰ, ঔপন্যাসিক, চিত্ৰশিল্পী, শিক্ষাবিদ আৰু দাৰ্শনিকৰ এক বিস্ময়কৰ সমন্বয়। বৰ্তমানৰ ভাষাত ক’বলৈ গ’লে, তেওঁ যেন নিজেই এক 'all-in-one creative ecosystem'। তেওঁক পাঠ্যপুথিৰ কেইটামান অধ্যায়ত বান্ধি ৰাখিব নোৱাৰি, পৰীক্ষাৰ প্ৰশ্নকাকতত সীমাবদ্ধ কৰিব নোৱাৰি। তেওঁ এনে এক বিশাল বিস্তৃতি, যি কিতাপৰ পাতৰ সীমা অতিক্ৰম কৰি জীৱনৰ প্ৰতিটো স্তৰলৈ বিয়পি আছে। সেয়েহে মই ভাবোঁ, ৰবীন্দ্ৰনাথ কোনো নিৰ্দিষ্ট পাঠ্যক্ৰমৰ অংশ নহয়, তেওঁ নিজেই এক চলন্ত, জীৱন্ত পাঠ্যক্ৰম; এক অনন্ত বিশ্ববিদ্যালয়, য’ত শিকাৰ কোনো শেষ নাই।
 
আজিৰ সময়ত, বিশেষকৈ ৰবীন্দ্ৰ জয়ন্তীৰ প্ৰেক্ষাপটত, এই উপলব্ধি অধিক গভীৰ হৈ পৰে। আমি যেতিয়া তেওঁৰ জয়ন্তী পালন কৰোঁ, তেতিয়া আমি সঁচাকৈয়ে তেওঁৰ চিন্তাধাৰাৰ গভীৰতাত প্ৰৱেশ কৰিব পাৰোঁনে? নে কেৱল গান, আবৃত্তি আৰু আনুষ্ঠানিকতাৰ মাজতেই তেওঁক আৱদ্ধ কৰি ৰখা উচিত? আজিৰ দিনত এই প্ৰশ্নটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ।
 
গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰ
 
আমাৰ শৈশৱৰ প্ৰথম কবিতা, প্ৰথম গল্প, এই সকলোৰে আৰম্ভণি যেন ৰবীন্দ্ৰনাথৰ জৰিয়তেই হয়। বৰ্ণপৰিচয়ৰ লগতে তেওঁৰ শিশু কবিতা আৰু সহজ ভাষাৰ ছন্দই আমাৰ মন চুই যায়। তাৰ পিছত ক্ৰমান্বয়ে বিদ্যালয়, উচ্চতৰ মাধ্যমিক, মহাবিদ্যালয়, বিশ্ববিদ্যালয়- শিক্ষাৰ প্ৰতিটো স্তৰতে তেওঁ আমাৰ সংগী হৈ ৰয়। ক’ৰবাত তেওঁ পাঠ্য, ক’ৰবাত তেওঁ এক চিন্তা, আকৌ ক’ৰবাত তেওঁ এক গভীৰ দৰ্শন। কিন্তু তেওঁ কেতিয়াও শেষ হৈ নাযায়। বৰং আমি যিমানেই আগবাঢ়ি যাওঁ, সিমানেই তেওঁক নতুনকৈ আৱিষ্কাৰ কৰোঁ। আজিও তেওঁৰ বিষয়ে অসংখ্য গৱেষণা চলি আছে, নতুন নতুন ব্যাখ্যা পোহৰলৈ আহিছে, তথাপি ৰবীন্দ্ৰনাথ যেন এক অনন্ত প্ৰৱাহ, যাৰ কোনো শেষ নাই, কোনো সীমা নাই।
 
ৰবীন্দ্ৰনাথৰ সাহিত্য জগত ইমানেই বিশাল যে তাক কোনো নিৰ্দিষ্ট ধাৰাত বান্ধি ৰাখিব নোৱাৰি। ‘গীতাঞ্জলি’ৰ পৰা ‘ঘৰে-বাইৰে’লৈ, ‘গোৰা’ৰ পৰা ‘শেষেৰ কবিতা’লৈ, প্ৰতিটো ৰচনাতে তেওঁ মানুহ, সমাজ আৰু আত্মপৰিচয়ৰ নতুন নতুন প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ বহু দেশ ভ্ৰমণ কৰিছিল, বিভিন্ন সংস্কৃতিৰ সৈতে পৰিচিত হৈছিল আৰু সেই অভিজ্ঞতাৰ গভীৰ প্ৰভাৱ তেওঁৰ সাহিত্য আৰু দৰ্শনত স্পষ্টকৈ পৰিলক্ষিত হয়। সেয়েহে তেওঁৰ সৃষ্টিত যিদৰে বঙালিয়ানা আছে, ঠিক তেনেদৰে বিশ্বমানৱতাৰো এক বিশাল প্ৰতিফলন ঘটিছে। তেওঁৰ কবিতাত যিদৰে আধ্যাত্মিকতা আৰু মানৱতাবোধৰ অপূৰ্ব মিলন ঘটিছে, ঠিক একেদৰে তেওঁৰ উপন্যাসত জাতীয়তাবাদ, নাৰী স্বাধীনতা আৰু ব্যক্তি স্বাধীনতাৰ জটিল বিশ্লেষণ পোৱা যায়। তেওঁ কেৱল সাহিত্যই ৰচনা কৰাই নহয়, চিন্তাৰ নতুন দুৱাৰো মুকলি কৰিছে।
 
ৰবীন্দ্ৰনাথ ঠাকুৰে ১৮৮১ চনত ‘বাল্মিকী প্ৰতিভা’ নাটকত শিৰোনাম চৰিত্ৰত অভিনয় কৰাৰ দৃশ্য
 
এই আন্তৰ্জাতিক স্বীকৃতিৰ অন্যতম শিখৰত তেওঁ উপনীত হয় যেতিয়া তেওঁ ‘গীতাঞ্জলি’ৰ ইংৰাজী অনুবাদ 'Song Offerings'-ৰ বাবে ১৯১৩ চনত নোবেল বঁটা লাভ কৰে। ইয়াৰ জৰিয়তে তেওঁ কেৱল ভাৰতৰেই নহয়, সমগ্ৰ এছিয়াৰ ভিতৰতে এই সন্মান অৰ্জন কৰা প্ৰথমগৰাকী ব্যক্তি হিচাপে পৰিগণিত হয়। পাশ্চাত্যৰ সাহিত্য জগত তেওঁৰ কবিতাৰ গভীৰতা আৰু দাৰ্শনিকতাত মুগ্ধ হৈছিল আৰু এই স্বীকৃতিয়ে ভাৰতীয় সাহিত্যক বিশ্ব দৰবাৰত এক নতুন মৰ্যাদা প্ৰদান কৰিছিল।
 
আজিৰ Spotify প্লেলিষ্টে যিদৰে আমাৰ আৱেগ-অনুভূতিক সজাই তোলে, ৰবীন্দ্ৰসংগীতে বহু আগতেই সেই কাম সুচাৰুৰূপে কৰি থৈ গৈছে। আৰু এই কথাটো বুজি পালেই তেওঁৰ সৃষ্টিৰ বিশালতা অধিক স্পষ্ট হৈ পৰে। তেওঁ প্ৰায় ২২০০-তকৈও অধিক গীত ৰচনা কৰিছে, যিবোৰ ‘গীতবিতান’ত সংকলিত হৈছে। সমান্তৰালভাৱে তেওঁৰ সাহিত্য ভঁৰালত আছে প্ৰায় ১২খন উপন্যাস, ৯৫টাতকৈও অধিক চুটিগল্প, প্ৰায় ৫০খনৰো অধিক নাটক আৰু নৃত্যনাটিকা, প্ৰায় ১৩খন উল্লেখযোগ্য প্ৰবন্ধ গ্ৰন্থ আৰু সহস্ৰাধিক কবিতা, যিবোৰ বিভিন্ন কাব্যগ্ৰন্থত সংকলিত হৈছে। কবিতা, চুটিগল্প, উপন্যাস, প্ৰবন্ধ, নাটক, ভ্ৰমণকাহিনী, চিঠিপত্ৰ- এই সকলোবোৰ মিলি তেওঁৰ ৰচনাৰ সংখ্যা কেইবা হাজাৰো অতিক্ৰম কৰিছে। বঙালী চুটিগল্পৰ বাটকটীয়া হিচাপে তেওঁ এক নতুন ধাৰাৰ সূচনা কৰিছিল, আকৌ নাট্য সাহিত্যতো তেওঁৰ পৰীক্ষা-নিৰীক্ষা আছিল অনন্য। শিশু সাহিত্যৰ পৰা আৰম্ভ কৰি গভীৰ দৰ্শন চিন্তালৈকে, প্ৰতিটো ক্ষেত্ৰতেই তেওঁ সমানেই দক্ষতাৰে কলম চলাইছিল। এই বিপুল সৃষ্টিৰ পৰিসৰেই প্ৰমাণ কৰে যে তেওঁ কোনো এটা বিভাগৰ নহয়, তেওঁ এক সম্পূৰ্ণ জ্ঞানৰ ভঁৰাল।
 
শান্তিনিকেতনৰ এক ঐতিহাসিক মুহূৰ্ত, মহাত্মা আৰু কস্তুৰবা গান্ধীৰ সৈতে ৰবীন্দ্ৰনাথ ঠাকুৰ, ১৯৪০
 
আজি যদি কোনোবাই সমগ্ৰ বিশ্ব ভ্ৰমণ কৰি বিভিন্ন অভিজ্ঞতাৰে কণ্টেণ্ট প্ৰস্তুত কৰে, তেন্তে আমি তেওঁক গ্ল’বেল ইনফ্লুৱেন্সাৰ বুলি কওঁ। কিন্তু ৰবীন্দ্ৰনাথে বহু আগতেই সেই কাম এক সুকীয়া মাত্ৰাত কৰি থৈ গৈছে। বিশ্বৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি তেওঁ সেই অভিজ্ঞতাসমূহ নিজৰ লেখাত ধাৰণ কৰিছিল, সেয়েহে আজিৰ ভাষাত তেওঁ আছিল এজন গ্ল’বেল থিংকাৰ, যাৰ লেখাসমূহ যেন একপ্ৰকাৰৰ ইণ্টেলেচুৱেল ট্ৰেভেল ভ্লগ। এই ভ্ৰমণৰ প্ৰতিফলন দেখা যায় বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা লিখা তেওঁৰ চিঠিপত্ৰসমূহত, যিবোৰ আজি ‘ছিন্নপত্ৰ’ বা ‘ছিন্নপত্ৰাৱলী’ৰ দৰে গ্ৰন্থত সংকলিত হৈ সাহিত্য হিচাপে সমান মৰ্যাদা লাভ কৰিছে। তেওঁৰ বাবে লিখাটো কেৱল এক মাধ্যম নাছিল, ই আছিল এক অবিৰাম সৃষ্টিৰ ধাৰা।
 
শিক্ষাব্যৱস্থাৰ ক্ষেত্ৰতো তেওঁৰ দৃষ্টিভংগী আছিল বৈপ্লৱিক। শান্তিনিকেতন আছিল তেওঁৰ শিক্ষাদৰ্শনৰ এক বাস্তৱ আৰু দূৰদৰ্শী ৰূপায়ণ। প্ৰকৃতিৰ কোলাত মুক্ত পৰিৱেশত শিক্ষা গ্ৰহণৰ ধাৰণাক আগত ৰাখি তেওঁ ইয়াত গঢ়ি তুলিছিল এক অনন্য শিক্ষাকেন্দ্ৰ, যি পৰৱৰ্তী সময়ত 'বিশ্বভাৰতী' হিচাপে বিকশিত হয়। তেওঁৰ লক্ষ্য আছিল, “য’ত সমগ্ৰ বিশ্ব এক নীড়ত আহি মিলি যাব”- এই ভাবনাৰ পৰাই তেওঁ ইউৰোপ, আমেৰিকা, জাপানকে ধৰি বিভিন্ন দেশৰ বিশিষ্ট শিক্ষক আৰু পণ্ডিতসকলক আমন্ত্ৰণ জনাইছিল, যাতে ছাত্ৰ-ছাত্ৰীসকলে প্ৰত্যক্ষভাৱে আন্তঃৰাষ্ট্ৰীয় জ্ঞান আৰু সংস্কৃতিৰ সৈতে পৰিচিত হ’ব পাৰে। সাহিত্য, ভাষা, সংগীত, শিল্প, দৰ্শন- প্ৰতিটো ক্ষেত্ৰতে এই বিশ্বজনীন আদান-প্ৰদানে শিক্ষাক এক নতুন উচ্চতালৈ লৈ গৈছিল।
 
১৯৪১ চনত মৃত্যুৰ পূৰ্বে শেষ ফটো
 
ইমানেই নহয়, সেই সময়ত য’ত নাৰী শিক্ষা বহু ক্ষেত্ৰতে সীমাবদ্ধ আছিল, তেতিয়া শান্তিনিকেতনত তেওঁ ছোৱালীৰ বাবেও বহুমুখী শিক্ষাৰ ব্যৱস্থা কৰিছিল। পঢ়া-শুনাৰ সমান্তৰালভাৱে নাচ, গান, শিল্পচৰ্চা আৰু সৃষ্টিশীল শিক্ষাত নাৰীক সমানেই দক্ষ কৰি তোলাৰ যি আধুনিক আৰু মুক্ত চিন্তাৰ পদক্ষেপ তেওঁ গ্ৰহণ কৰিছিল, সেয়া সেই যুগত সঁচাকৈয়ে অভিনৱ আছিল। সাম্প্ৰতিক সময়ত শান্তিনিকেতনে কেন্দ্ৰীয় বিশ্ববিদ্যালয় হিচাপে কাৰ্যনিৰ্বাহ কৰিলেও, ইয়াৰ মূল দৰ্শনে আজিও বহুমাত্ৰিক শিক্ষাৰ অনুপ্ৰেৰণা যোগায়। ২০২৩ চনত UNESCO-এ ইয়াক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰে, যিয়ে তেওঁৰ চিন্তাৰ গোলকীয় গুৰুত্ব আৰু প্ৰাসংগিকতাক নতুনকৈ প্ৰতিষ্ঠা কৰে।
 
ভাৰতৰ ‘জন গণ মন অধিনায়ক জয় হে’ আৰু বাংলাদেশৰ ‘আমাৰ সোনাৰ বাংলা আমি তোমায় ভালোবাসি’- এই দুয়োখন দেশৰ জাতীয় সংগীত তেওঁৰেই ৰচনা, যি বিশ্ব সাহিত্যত এক বিৰল ঘটনা। তাতোকৈ আকৰ্ষণীয় কথাটো হ’ল, শ্ৰীলংকাৰ জাতীয় সংগীতৰ সৈতেও তেওঁৰ এক পৰোক্ষ সম্পৰ্ক আছে। শান্তিনিকেতনত তেওঁৰ শিষ্য আনন্দ ছিমাৰানকুল, যি শ্ৰীলংকাৰ নাগৰিক আছিল, তেওঁ ৰবীন্দ্ৰনাথৰ গীতবিতানৰ এটি গীতৰ অনুকৰণত ‘মাতা শ্ৰীলংকা, নমো নমো নমো নমো মাতা, সুন্দৰ শ্ৰী বৰণী’ ৰচনা কৰিছিল। ইয়াৰ জৰিয়তে স্পষ্ট হয় যে তেওঁৰ সৃষ্টিৰ প্ৰভাৱ দেশ-কাল-ভাষাৰ সীমা অতিক্ৰম কৰি বহুদূৰলৈ বিস্তৃত।
 
তেওঁৰ গ্ৰামোন্নয়নৰ কামো সমানেই গুৰুত্বপূৰ্ণ। শ্ৰীনিকেতনৰ জৰিয়তে তেওঁ গ্ৰাম্য অৰ্থনীতি, কৃষি আৰু স্বাৱলম্বীতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেওঁৰ দৃষ্টিত শিক্ষাৰ অৰ্থ কেৱল ব্যক্তিগত উন্নতিয়েই নাছিল, ই আছিল সামাজিক পৰিৱৰ্তনৰ এক শক্তিশালী অস্ত্ৰ। তেওঁৰ সমাজ সংস্কাৰমূলক চিন্তাধাৰা তেওঁৰ সাহিত্যতো সুন্দৰকৈ ফুটি উঠিছে। ‘বিসৰ্জন’ত তেওঁ অন্ধ ধৰ্মীয় আচাৰ আৰু বলি প্ৰথাৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰিছে আৰু ‘কাবুলীৱালা’ত এজন আফগান মুছলমান চৰিত্ৰৰ জৰিয়তে ধৰ্মৰ ঊৰ্ধ্বত মানৱীয় সম্পৰ্কৰ কথা কৈছে। ‘গোৰা’ত জাতিভেদ আৰু পৰিচয়ৰ সংকট, ‘চণ্ডালিকা’ত অস্পৃশ্যতা প্ৰথাৰ বিৰুদ্ধে তেওঁৰ প্ৰতিবাদ আৰু ‘ইহুদী’ প্ৰসংগতো নিপীড়িত মানুহৰ প্ৰতি থকা তেওঁৰ সমমৰ্মিতা প্ৰকাশ পাইছে। এইবোৰ ৰচনাৰ জৰিয়তে তেওঁ দেখুৱাইছে যে সমাজৰ প্ৰকৃত পৰিৱৰ্তন মানুহৰ চিন্তা আৰু মানৱতাবোধৰ জাগৰণৰ মাজেৰেহে আহে।
 

কেতিয়াবা এনে লাগে যেন ৰবীন্দ্ৰনাথে কেৱল নিজৰ সময়ছোৱাকেই দেখা নাছিল, তেওঁ যেন ভৱিষ্যতৰ মানুহকো পঢ়ি পেলাইছিল। ১৮৬১ চনত জন্মগ্ৰহণ কৰা এজন লেখকৰ চিন্তাধাৰা আজি ২০২৬ চনতো ইমানেই প্ৰাসংগিক, সেয়া ভাবিলেই আচৰিত লাগে। মানুহৰ মন, তাৰ সংঘাত, সম্পৰ্কৰ জটিলতা- এই সকলোবোৰৰ যি সূক্ষ্ম মনস্তাত্ত্বিক বিশ্লেষণ তেওঁ কৰিছে, সেয়া আজিও বিৰল। ‘চোখেৰ বালি’ৰ মনস্তাত্ত্বিক গভীৰতা, বিনোদিনীৰ অন্তৰ্দ্বন্দ্ব, ‘ঘৰে-বাইৰে’ৰ বিমলাৰ দোমোজাপূৰ্ণ অৱস্থা বা ‘শেষেৰ কবিতা’ৰ অমিতৰ আত্মবিশ্লেষণ- সকলোৱেই যেন আজিৰ মানুহৰ মনৰ ভিতৰৰ কথাবোৰকে তুলি ধৰে। তেওঁৰ লেখাৰ আধুনিকতা ইমানেই প্ৰখৰ যে ই বহল অৰ্থত আজিৰ প্ৰজন্মৰ চিন্তাধাৰাকো চেৰ পেলাই যায়। সেয়েহে এনে লাগে, আজিৰ পৰা আৰু এশ বছৰৰ পাছতো তেওঁৰ ৰচনাই সেই সময়ৰ মানুহৰ মনতো একেদৰেই আলোড়ন সৃষ্টি কৰিব, কাৰণ ৰবীন্দ্ৰনাথ কোনো এটা নিৰ্দিষ্ট সময়ৰ আৱদ্ধ সত্তা নহয়, তেওঁ সময়ক অতিক্ৰম কৰি যোৱা এক অনন্য চিৰন্তন সত্তা।
 
শেষত, প্ৰশ্নটো অতি সহজ- আমি সঁচাকৈয়ে ৰবীন্দ্ৰনাথক পঢ়িছোঁনে, নে কেৱল তেওঁক পঢ়াৰ ভাও জুৰিছোঁ? কাৰণ তেওঁক প্ৰকৃত অৰ্থত বুজিবলৈ কিতাপৰ পাতৰ প্ৰয়োজন নাই, প্ৰয়োজন কেৱল দৃষ্টিভংগীৰ পৰিৱৰ্তনৰ। তেওঁ আমাক কেৱল জ্ঞান অৰ্জন কৰিবলৈয়ে শিকায় এনে নহয়, জ্ঞানক অনুভৱ কৰিবলৈ শিকায়; কেৱল জীৱনক চাবলৈয়ে নকয়, জীৱনক গভীৰভাৱে উপলব্ধি কৰিবলৈ শিকায়। সেয়েহে, ৰবীন্দ্ৰনাথ কোনো অতীত নহয়, তেওঁ কোনো স্মৃতিও নহয়; তেওঁ এনে এক চিৰসেউজ চেতনা, যি সময়ৰ সোঁতত সলনি হৈ নাযায়, বৰং সময়কহে নতুনকৈ ভাবিবলৈ বাধ্য কৰে। তেওঁৰ মাজত আমি কেৱল এজন সাহিত্যিকক বিচাৰি নাপাওঁ, পাওঁ এক অন্তহীন যাত্ৰাৰ দিশ। পোহৰৰ সেই অন্তহীন যাত্ৰাৰ পথ প্ৰদৰ্শক গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰলৈ তেওঁৰ জয়ন্তীৰ এই পৱিত্ৰ ক্ষণত জ্ঞাপন কৰিছো গভীৰ শ্ৰদ্ধাঞ্জলি।