আব্দুল ৱাছিম আনছাৰী, ভূপাল-জব্বলপুৰ, মধ্যপ্ৰদেশ
যি সময়ত সময়ত চৌদিশে কেৱল ঘৃণা, সংঘৰ্ষ আৰু সাম্প্ৰদায়িক উত্তেজনাৰ খবৰে বাতৰিৰ শিৰোনাম দখল কৰে, তেনে সময়তে এনে কিছুমান ঘটনাই আমাৰ বিবেকক জোকাৰি যায়, যিয়ে প্ৰমাণ কৰে যে মানৱতাতকৈ ডাঙৰ ধৰ্ম আন একো নাই। শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ বেৰেলীত এজন মৌলানাৰ কথিত হত্যাই পৰিৱেশটো দুখ আৰু ক্ষোভেৰে ভৰাই তুলিছিল। কিন্তু ইয়াৰ মাজতেই মধ্যপ্ৰদেশৰ জব্বলপুৰৰ পৰা অহা এটি খবৰে প্ৰমাণ কৰিলে যে ভাৰতৰ গংগা-যমুনাৰ সংস্কৃতি আজিও জীয়াই আছে।
মধ্যপ্ৰদেশৰ জব্বলপুৰত সংঘটিত হয় এক হৃদয় বিদাৰক দুৰ্ঘটনা, যি দুৰ্ঘটনাই সমগ্ৰ দেশবাসীক শোকস্তব্ধ কৰি তুলিছে। কিন্তু এই মৃত্যুৰ কিৰিলিৰ মাজতো জিলিকি উঠিল এজন ২২ বছৰীয়া যুৱকৰ অদম্য সাহস আৰু নিঃস্বাৰ্থ মানৱতা। নাম তেওঁৰ ৰমজান। ঘৰ পশ্চিমবংগত। পেছাত এজন শ্ৰমিক। নিজৰ জীৱনৰ মায়া নেওচি তেওঁ যিদৰে কেইবাজনৰো জীৱন বচালে, সেয়া সঁচাকৈয়ে সমগ্ৰ সমাজৰ বাবে এক অনুপ্ৰেৰণা। যাৰ বাবে তেওঁক আজি সকলোৱে প্ৰকৃত নায়ক বুলি অভিহিত কৰিছে।
ঘটনাটো মধ্যপ্ৰদেশৰ জব্বলপুৰৰ। ইয়াত বৰ্গী বান্ধত বৃহস্পতিবাৰে সন্ধিয়া এক বৃহৎ দুৰ্ঘটনা সংঘটিত হয়। নৰ্মদা নদীৰ শান্ত পানীত ফুৰিবলৈ ওলোৱা পৰ্যটকৰ এখন ক্ৰুজ হঠাৎ মৃত্যুৰ ফান্দলৈ পৰ্যবেসিত হয়।
জানিব পৰা মতে, ক্ৰুজখনত প্ৰায় ২৯ জন লোক আছিল। বতৰ হঠাৎ সলনি হ'ল। তীব্ৰ বেগত বতাহ বলিবলৈ ধৰিলে। পানীত ঢৌ উঠিল। ক্ৰুজখনৰ ভাৰসাম্য হেৰাল আৰু কিছু মুহূৰ্তৰ ভিতৰতে সেয়া ডুবিবলৈ ধৰিলে। যিটো ভ্ৰমণৰ আনন্দদায়ক মুহূৰ্ত আছিল, সেয়া মুহূৰ্ততে হাহাকাৰ আৰু চিঞৰ-বাখৰলৈ ৰূপান্তৰিত হ'ল।
প্ৰত্যক্ষদৰ্শীৰ মতে, মানুহে প্ৰাণ বচাবলৈ পানীত জাঁপ দিবলৈ আৰম্ভ কৰিছিল। কিছুমানে সাঁতুৰি পাৰলৈ অহাৰ চেষ্টা কৰিছিল। বহু লোকে সহায় বিচাৰি চিঞৰিছিল। পৰিস্থিতি অত্যন্ত ভয়াৱহ আছিল। সেই সময়তে ওচৰতে এখন দলং নিৰ্মাণৰ কাম চলি আছিল। শ্ৰমিকৰ এটা দলে তাত কাম কৰি আছিল। সেই শ্ৰমিকসকলৰ মাজতেই আছিল ৰমজানো। তেওঁ ক্ৰুজখন ডুবি থকা দেখাৰ লগে লগে এক মুহূৰ্তও পলম নকৰাকৈ দৌৰি গ’ল।
ৰমজানে কয় যে তেওঁ মানুহবোৰ পানীত ডুবি থকা দেখিছিল। তেওঁ একো বুজি পোৱা নাছিল। তেওঁ কেৱল এইটোৱেই ভাবিছিল যে যদি তেওঁ এতিয়াই জাঁপ নিদিয়ে তেন্তে মানুহবোৰ মৰি যাব। তেওঁ লগে লগে এডাল ৰছী তুলি ল'লে আৰু প্ৰায় ২৫ ফুট উচ্চতাৰ পৰা পোনে পোনে পানীত জঁপিয়াই পৰিল।
এই সিদ্ধান্ত সহজ নাছিল। পানী গভীৰ আছিল। ঢৌবোৰ প্ৰবল আছিল। আন্ধাৰ নামি আহিছিল। কিন্তু ৰমজানে নিজৰ জীৱনৰ প্ৰতি কোনো গুৰুত্ব নিদিলে। তেওঁ সাঁতুৰি গৈ ক্ৰুজখনৰ ওচৰ পালে। তাত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল। মানুহবোৰ ডুবি আছিল। তেওঁ এজন এজনকৈ মানুহবোৰক ধৰিবলৈ আৰম্ভ কৰিলে। তেওঁলোকক সহায় কৰিলে আৰু ৰছীৰ সহায়ত পাৰলৈ লৈ আহিল।
২৫ ফুট উচ্চতাৰ পৰা জাঁপ দি চাৰিজনৰ প্ৰাণ ৰক্ষা কৰা শ্ৰমিক ৰমজান
ৰমজানে মুঠ ছয়জন লোকক পানীৰ পৰা উলিয়াই আনিছিল। ইয়াৰে চাৰিজন লোকৰ প্ৰাণ ৰক্ষা পৰিল। দুজন লোকক বচাব পৰা নগ'ল। কিন্তু ৰমজান যদি তাত নাথাকিলহেঁতেন, তেন্তে হয়তো মৃত্যুৰ সংখ্যা আৰু অধিক হ'লহেঁতেন। ইয়াৰ মাজতে তেওঁৰ সতীৰ্থ শ্ৰমিকসকলো পিছ পৰি নাথাকিল। বিহাৰৰ ৰাজকুমাৰ আৰু গোৰখপুৰৰ শিৱনাথৰ দৰে কেইবাজনো শ্ৰমিকেও পানীত নামি সহায় কৰিলে। সকলোৱে মিলি কেইবাজনো লোকক বাহিৰলৈ উলিয়াই আনিলে।
দুৰ্ঘটনাৰ পাছত প্ৰশাসনক খবৰ দিয়া হয়। ৰাজ্যিক দুৰ্যোগ সঁহাৰি নিধি (SDRF)ৰ দল ঘটনাস্থলীত উপস্থিত হয়। গোটেই নিশা উদ্ধাৰ অভিযান চলে। আন্ধাৰ আৰু গভীৰ পানীয়ে সাহায্যৰ কাম কঠিন কৰি তুলিছিল। এতিয়ালৈকে এই দুৰ্ঘটনাত ৯ জন লোকৰ মৃত্যু নিশ্চিত কৰা হৈছে। কেইবাজনো লোক আহত হৈছে। একাংশক জব্বলপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। কিছু লোক সন্ধানহীন হোৱাৰো খবৰ পোৱা গৈছে।
জিলা প্ৰশাসনৰ বিষয়াসকলো ঘটনাস্থলীত উপস্থিত হয়। সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে। প্ৰাৰম্ভিক তথ্য অনুসৰি তীব্ৰ ধুমুহা আৰু বতৰৰ আকস্মিক পৰিৱৰ্তনেই এই দুৰ্ঘটনাৰ কাৰণ বুলি পোহৰলৈ আহিছে। অৱশ্যে, গাফিলতিৰ দিশটোৰো তদন্ত চলি আছে।এই দুৰ্ঘটনাৰ পাছত ছ’চিয়েল মিডিয়াত ৰমজানৰ ব্যাপক প্ৰশংসা কৰা হৈছে। মানুহে তেওঁক মানৱতাৰ নিদৰ্শন বুলি অভিহিত কৰিছে। বহুতে কৈছে যে এয়াই প্ৰকৃত ভাৰত, য’ত ধৰ্ম নহয়, বৰং মানৱতাহে সকলোতকৈ ওপৰত।
মুখ্যমন্ত্ৰী মোহন যাদৱেও ৰমজানৰ বীৰত্বৰ শলাগ লৈছে। তেওঁ ৰমজানৰ বাবে ৫১ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। কিন্তু এতিয়া ছ’চিয়েল মিডিয়াত এক নতুন দাবী উত্থাপন হৈছে। বহু লোকে কৈছে যে যেতিয়া ক্ৰিকেট খেলুৱৈসকলে কোটি কোটি টকা লাভ কৰে, তেন্তে চাৰিজনকৈ লোকৰ প্ৰাণ বচোৱা ৰমজানেও ডাঙৰ সন্মান আৰু ডাঙৰ পুৰস্কাৰ পাব লাগে। কিছুমানে আনকি তেওঁক চৰকাৰী চাকৰি দিয়াৰো দাবী জনাইছে।
এই ঘটনাই পুনৰ এবাৰ প্ৰশ্ন উত্থাপন কৰিছে যে সমাজত প্ৰকৃত নায়ক কোন? যিজনে খেল পথাৰত খেলে তেওঁ, নে যিজনে নিজৰ প্ৰাণ বিপদত পেলাই আনৰ প্ৰাণ ৰক্ষা কৰে তেওঁ? ৰমজানৰ উত্তৰ অতি সৰল। তেওঁ কয় যে তেওঁ যি কৰিলে সেয়া কেৱল মানৱতাৰ খাতিৰতহে কৰিলে। যদি আকৌ এনে সুযোগ আহে, তেন্তে তেওঁ আকৌ জঁপিয়াই পৰিব।
তেওঁৰ এই উত্তৰতেই তেওঁৰ প্ৰকৃত পৰিচয় লুকাই আছে। এই ঘটনা কেৱল এক দুৰ্ঘটনাই নহয়। এয়া এক বাৰ্তা। এক আশা। এখন দাপোণ য'ত সমাজে নিজকে চাব পাৰে। এফালে ঘৃণা আৰু বিদ্বেষৰ খবৰ। আনফালে, ৰমজানৰ দৰে লোক আছে যিয়ে কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ মানুহৰ প্ৰাণ বচায়।
জব্বলপুৰৰ এই দুৰ্ঘটনা সঁচাকৈয়ে মৰ্মান্তিক। বহু পৰিয়ালে নিজৰ আপোনজনক হেৰুৱাইছে। কিন্তু এই শোকৰ মাজতো এনে এটা কাহিনী আছে যিয়ে মনলৈ এক গভীৰ প্ৰশান্তি কঢ়িয়াই আনে। এই কাহিনী সাহসৰ। এই কাহিনী মানৱতাৰ। আৰু এই কাহিনী সেইখন ভাৰতৰ, যিখন আজিও জীয়াই আছে।