তৰুণ নন্দী / কলকাতা
বংগৰ ৰাজনীতিত হঠাতে যেন উল্কাসদৃশ উদয় হৈছে নৌশ্বাদ চিদ্দিকী। যাক অনুগামীসকলে ‘ভাইজান’ বুলি সম্বোধন কৰে। এই মুহূৰ্তত তেওঁৰ নাম ভাঙড়ৰ অলিগলিৰ পৰা আৰম্ভ কৰি বংগৰ ৰাজনীতিত এক বিশেষ গুৰুত্ব লাভ কৰিছে। নৌশ্বাদৰ এই উত্থান ক্ষমতাৰ জোৰত হোৱা নাই; তেওঁৰ এই জনপ্ৰিয়তা এক অদম্য জেদ আৰু প্ৰান্তীয় মানুহৰ কণ্ঠস্বৰ হৈ উঠাৰ বাবেই সম্ভৱ হৈছে।
ফুৰফুৰা চৰিফৰ পীৰজাদা হিচাপে নৌশ্বাদৰ জনপ্ৰিয়তা যথেষ্ট আছিল। তেওঁ জীৱনটো ধৰ্মীয় কেন্দ্ৰিক আৱদ্ধ কৰি অনায়াসেই কটাই দিব পাৰিলেহেঁতেন। কিন্তু ১৯৯৩ চনত জন্মগ্ৰহণ কৰা এই নৌশ্বাদ চিদ্দিকীয়ে বাছি ল’লে এক অন্য পথ। আলিয়া বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰ নৌশ্বাদে জানে যে কলম আৰু কণ্ঠস্বৰেই হ’ল পৰিৱৰ্তনৰ আচল অস্ত্ৰ।
নিজৰ অস্তিত্ব প্ৰমাণ কৰিবলৈ ২০২১ চনৰ বিধানসভা নিৰ্বাচনত হেভিৱেইটৰ ভিৰত নতুন দল 'আই এছ এফ' (ISF)-এ যুঁজ দিছিল। নতুনকৈ ৰাজনীতিৰ পথাৰত নামিয়েই তেওঁ অকলেই লক্ষ্যত উপনীত হ’বলৈ সক্ষম হৈছিল। আই এছ এফৰ একমাত্ৰ বিধায়ক হৈ অভিজ্ঞ ৰাজনীতিবিদসকলৰ টোপনি হৰিছিল। বিভিন্ন মঞ্চৰ পৰা তেওঁৰ যুক্তিপূৰ্ণ ভাষণ শুনি অনেকেই কৈছিল যে এই ল’ৰাজন বহুদূৰ যাব। তেওঁ বাৰ্তা দিলে যে ৰাজনীতিত পেশী শক্তিতকৈ জনসমৰ্থন আৰু মনৰ সাহস বহু বেছি ফলপ্ৰসূ।
ইমান জনপ্ৰিয়তাৰ মাজতো নৌশ্বাদৰ জীৱনলৈ প্ৰত্যাহ্বান আহিছে। ৰাজনীতিৰ পথাৰত ভৰি দিবলৈ নাপাওঁতেই ধৰ্মতলাত আই এছ এফ আৰু আৰক্ষীৰ সংঘৰ্ষত নৌশ্বাদ আৰু তেওঁৰ দলৰ কেইবাজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। সেই সময়ত একেৰাহে ৪০ দিন অন্ধকাৰ কোঠাত বন্দী হৈ থাকিও শাসক দলে তেওঁক নতি স্বীকাৰ কৰাব নোৱাৰিলে।
ওলোটাকৈ দেখা গ’ল যে, জামিনত মুক্তি পাই ভাঙড়ৰ মাটিত ভৰি দিয়াৰ লগে লগে দুগুণ উৎসাহেৰে প্ৰিয় নেতাজনক অনুগামীৰ পৰা সাধাৰণ মানুহপৰ্যন্ত সকলোৱে আঁকোৱালি লৈছিল। সেই সময়ত তেওঁৰ দৃষ্টিয়েই কৈ দিছিল যে তেওঁৰ যুঁজ এয়া আৰম্ভহে হৈছে। যি ভাঙড়ৰ এসময়ত আৰাবুল-চৌকতসকলৰ ‘গড়’ বুলি পৰিচিত আছিল, তাত নৌশ্বাদৰ মাজত সাধাৰণ জনতাই যেন নিজৰ ‘ভাইজান’ক বিচাৰি পালে।
নৌশ্বাদ চিদ্দিকী
এই সাধাৰণ মানুহজনকলৈও বহুতৰ কৌতুহল আছে। বৰ্তমান নৌশ্বাদৰ সম্পত্তিৰ খতিয়ানক লৈ বহুত চৰ্চা চলিছে। আচৰিত হ’বলগীয়া বিষয়টো হ’ল যে ৰাজনীতিৰ পথাৰত বিধায়ক হোৱাৰ লগে লগে সাধাৰণতে দেখা যায় যে নেতাসকলৰ সম্পত্তিৰ পাহাৰ গঢ়ি উঠে। সেই প্ৰেক্ষাপটৰ পৰা চালে নৌশ্বাদে তেওঁৰ শপতনামাত জনাইছে যে তেওঁৰ নিজৰ নামত কোনো স্থাৱৰ সম্পত্তি নাই। ২ লাখৰ পৰা ৩৩ লাখ টকাৰ অস্থাৱৰ সম্পত্তিৰ বৃদ্ধি মূলত এখন ব্যৱহৃত গাড়ী আৰু বেংক বেলেঞ্চৰ হিচাপ মাত্ৰ।
আই এছ এফৰ এই তৰুণ নেতাজনৰ জীৱন আৰু স্বচ্ছতাই সমাজলৈ এক ডাঙৰ বাৰ্তা কঢ়িয়াই আনিছে। তেওঁ প্ৰমাণ কৰিছে যে ৰাজনীতি মানেই নিজৰ আৰু পৰিয়ালৰ স্বাৰ্থ সিদ্ধি কৰা নহয়, বৰঞ্চ ৰাজনীতি মানে মানুহৰ সেৱাত নিজক নিয়োজিত ৰখা।
নৌশ্বাদ চিদ্দিকী একমাত্ৰ বিধায়ক হ’লেও তেওঁ গোটেই দলটোৰ আইকন। তেওঁৰ আটাইতকৈ ডাঙৰ গুণটো হ’ল উচ্চশিক্ষিত হৈও মানুহৰ সৈতে অতি সহজতে মিলি যাব পাৰে। এই স্বভাৱৰ বাবে অলপ দিনৰ ভিতৰতে নৌশ্বাদ এজন প্ৰকৃত জননেতা হৈ উঠিছে। প্ৰতিকূল সময়তো নীতিত অটল থকাৰ ধৈৰ্য্য হয়তো এই মানুহজনেই দেখুৱাব পাৰে।
ভাঙড়ৰ পৰা কেনিঙলৈ, নৌশ্বাদৰ আধিপত্য আচলতে সাধাৰণ মানুহৰ আত্মবিশ্বাসৰ প্ৰতিফলন। বংগৰ ৰাজনীতিত দুৰ্নীতি যেতিয়া ইছ্যু হৈ পৰে, তেতিয়া নৌশ্বাদ চিদ্দিকীৰ দৰে এই 'তৰুণ আইকন'জনে আজিও হাজাৰ হাজাৰ যুৱকৰ চকুত স্বপ্ন সিঁচি দিয়ে। এজন অচিনাকি পীৰজাদাৰ পৰা বংগৰ ৰাজনীতিৰ অপৰিহাৰ্য ‘ভাইজান’ হৈ উঠাৰ এই যাত্ৰা বংগৰ ইতিহাসত বিৰল।