ভূপালত মৃত্যুৰ পিছতো দুজন হিন্দু ৰোগীক জীৱনদান কৰিলে মুছলমান মহিলা চিকিৎসকে

Story by  atv | Posted by  Munni Begum • 5 h ago
ভূপালত মৃত্যুৰ পিছতো দুজন হিন্দু ৰোগীক জীৱনদান কৰিলে মুছলমান মহিলা চিকিৎসকে
ভূপালত মৃত্যুৰ পিছতো দুজন হিন্দু ৰোগীক জীৱনদান কৰিলে মুছলমান মহিলা চিকিৎসকে
 
মালিক আছগৰ হাচমী / নতুন দিল্লী
 
মানৱতা ধর্মতকৈ ডাঙৰ হ'ব পাৰেনে? ভূপালৰ পৰা পোহৰলৈ অহা এক হৃদয়স্পৰ্শী ঘটনাই এই প্ৰশ্নটোৰ উত্তৰ অতি দৃঢ়তাৰে 'হয়' বুলি প্ৰতিপন্ন কৰিছে। যি সময়ত ধৰ্ম আৰু পৰিচয়ক লৈ হোৱা বিতৰ্কই সমাজখনক বিভাজিত কৰা দেখা যায়, তেনে সময়তে কেৰালাৰ এগৰাকী মুছলমান মহিলা চিকিৎসকে মৃত্যুৰ পিছতো মানৱতাৰ এনে এক অনন্য নিদৰ্শন দাঙি ধৰিছে, যিয়ে কেৱল দুখত ভাগি পৰা দুটা পৰিয়ালৰ জীৱনেই পোহৰাই তোলা নাই, বৰং মানৱতা, সম্প্ৰীতি আৰু সামজিক একতাৰ এক নতুন দৃষ্টান্ত দাঙি ধৰিছে।
 
মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত এগৰাকী মুছলমান মহিলা চিকিৎসকৰ অংগদানে দুজন হিন্দু ৰোগীক নতুন জীৱন দিছে। বিশেষ কথাটো হ'ল, এই সিদ্ধান্ত এনে এটা পৰিয়ালে লৈছে যিয়ে হঠাতে অহা অকাল মৃত্যুৰ গভীৰ শোকত ভাগি পৰিছিল। কিন্তু সেই অবৰ্ণনীয় বেদনাৰ মাজতো তেওঁলোকে মানৱতাক অগ্ৰাধিকাৰ দিছিল। এই ঘটনাই ছ’চিয়েল মিডিয়াতো আৱেগিক বিতৰ্কৰ সূত্ৰপাত ঘটাইছে আৰু হাজাৰ হাজাৰ লোকে ইয়াক "মানৱতাৰ সৰ্বশ্ৰেষ্ঠ নিদৰ্শন" বুলি অভিহিত কৰিছে।
 
 
কেৰালাৰ বাসিন্দা ৪২ বছৰীয়া আয়ুৰ্বেদ চিকিৎসক শ্ৰীমতী সজনা এছ. এ. যোৱা প্ৰায় ছমাহ ধৰি ভূপালত কৰ্মৰত আছিল। জানিব পৰা মতে, ২০২৬ চনৰ ১৫ মে' তাৰিখে গুৰুতৰ ব্ৰেইন হেমোৰেজ ৰোগত আক্ৰান্ত হৈ তেওঁক ভূপালৰ বানছল চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসকৰ অশেষ চেষ্টাৰ পিছতো তেওঁৰ অৱস্থা ক্ৰমান্বয়ে অৱনতি ঘটিবলৈ ধৰে আৰু চিকিৎসাৰ সময়তে তেওঁক 'ব্ৰেইন-ষ্টেম ডেড' (মগজুৰ মৃত্যু) বুলি ঘোষণা কৰা হয়।
 
পৰিয়ালটোৰ বাবে এই সময়কণ আছিল অতিশয় কঠিন। এফালে আপোনজনক হেৰুওৱাৰ শোক, আনফালে অস্বাভাৱিক চিকিৎসা পৰিস্থিতি। কিন্তু এই কঠিন সময়তো পৰিয়ালটোৱে এনে এক সিদ্ধান্ত ল'লে, যিটো আজি সমগ্ৰ দেশতে চৰ্চিত হৈছে। চিকিৎসালয় কৰ্তৃপক্ষ আৰু ট্ৰান্সপ্লাণ্ট দলৰ পৰামৰ্শৰ পিছত পৰিয়ালটোৱে অংগদানৰ বাবে সন্মতি প্ৰদান কৰে।
 
জানিব পৰা মতে, সজনা এছ. এ.ৰ যকৃৎ আৰু বৃক্ক সফলতাৰে সংস্থাপন কৰা হয়। এটা যকৃৎ আৰু এটা বৃক্ক সেই একেখন চিকিৎসালয়তে সংস্থাপন কৰা হয় আৰু আনটো বৃক্ক ভূপালৰে আন এখন বেচৰকাৰী চিকিৎসালয়ৰ এগৰাকী প্ৰয়োজনীয় ৰোগীক দিয়া হয়। এই সমগ্ৰ প্ৰক্ৰিয়াটো 'নেচনেল অৰ্গেন এণ্ড টিছু ট্ৰান্সপ্লাণ্ট অৰ্গেনাইজেচন' (NOTTO) ৰ নীতি-নিৰ্দেশনা আৰু কৰ্তৃত্বশীল সমিতিৰ তত্বাৱধানত সম্পূৰ্ণ কৰা হৈছিল।
 
বানছল চিকিৎসালয়ৰ সঞ্চালক ডাঃ এছ. কে. ত্ৰিবেদীয়ে এই ঘটনাৰ কথা উল্লেখ কৰি এক অতি আৱেগিক মুহূৰ্তৰ কথা বৰ্ণনা কৰে। তেওঁ জনায় যে যেতিয়া পৰিয়ালটোক সোধা হৈছিল যে অংগ গ্ৰহণ কৰা লোকজনৰ ধৰ্ম বা পৰিচয়ক লৈ তেওঁলোকৰ কিবা অগ্ৰাধিকাৰ আছে নেকি, তেতিয়া বেংগালুৰুত আইটি মেনেজাৰ হিচাপে কৰ্মৰত সজনাৰ স্বামীয়ে অতি সৰলতাৰে উত্তৰ দিছিল, "যিজন মানুহৰ প্ৰয়োজন, তেওঁকেই দিয়ক।"
 
এই একাষাৰ কথাই সমগ্ৰ ঘটনাটোৰ মূল আধাৰ হৈ পৰিল। কোনো ধৰ্ম নাই, কোনো জাতি নাই, কোনো পৰিচয় নাই, কেৱল মানৱতা।
 
ভূপালৰ বানছল চিকিৎসালয়ৰ পৰা সজনা এছ. এ.ৰ নশ্বৰ দেহ যেতিয়া অন্তিম বিদায়ৰ বাবে ওলাই আহিছিল, সেই দৃশ্য আছিল অত্যন্ত আৱেগিক। চিকিৎসালয়ৰ কৰ্মচাৰী, চিকিৎসক, ৰোগীৰ আত্মীয় আৰু স্থানীয় প্ৰশাসনৰ বিষয়াসকলে তেওঁক শেষ শ্ৰদ্ধা জনাবলৈ উপস্থিত আছিল। আৰক্ষীয়ে তেওঁক সন্মানসূচক 'গাৰ্ড অৱ অনাৰ' প্ৰদান কৰে আৰু সম্পূৰ্ণ সন্মানেৰে তেওঁৰ নশ্বৰ দেহ তিৰুৱনন্তপুৰমলৈ প্ৰেৰণ কৰা হয়।
 
চিকিৎসালয় কৰ্তৃপক্ষ, জিলা প্ৰশাসন, এছ.এ.এম. মহাবিদ্যালয় আৰু 'ইউনাইটেড মালয়ালয়ী এছোচিয়েচন' (UMA)ৰ প্ৰতিনিধিসকলেও পৰিয়ালটোক সম্বৰ্ধনা জনায়। চিকিৎসালয়ৰ কৰ্মচাৰীসকলে পৰিয়ালটোক এটি স্মৃতিচিহ্ন প্ৰদান কৰি কয় যে এয়া কেৱল এক সন্মান নহয়, বৰং মৃত্যুৰ পিছতো আনক জীৱনদান দিয়া সেইগৰাকী মহিলাৰ সহানুভূতি আৰু মানৱতাক স্মৰণ কৰাৰ এক প্ৰয়াস।
 
ভূপালৰ বানছল চিকিৎসালয়ৰ পৰামুছলমান মহিলা চিকিৎসক সজনা এছ. এ.ৰ নশ্বৰ দেহৰ অন্তিম বিদায়ৰ এক দৃশ্য
 
এই ঘটনাৰ এক সামাজিক আৰু ধৰ্মীয় দিশো চৰ্চালৈ আহিছে। সাধাৰণতে মুছলমান সমাজত অংগদানক লৈ বিভিন্ন ধৰ্মীয় ব্যাখ্যা আগবঢ়োৱা দেখা যায়। ইছলামত অংগদান বৈধ নে অবৈধ, সেই লৈ বহুতৰ মনত ভ্ৰান্তি থাকে। অৱশ্যে, বহু ইছলামিক পণ্ডিতে বিশ্বাস কৰে যে যদি কোনো মানুহৰ প্ৰাণ ৰক্ষাৰ উদ্দেশ্যে অংগদান কৰা হয়, তেন্তে সেয়া মানৱতাৰ সেৱাৰ অন্তৰ্গত।
 
ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ভিডিঅ' আৰু পোষ্টবোৰতো এই দিশটোৰ ওপৰত ব্যাপক চৰ্চা দেখা গৈছে। ভূপালৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম আৰু ইনষ্টাগ্ৰাম পেজসমূহত শ্বেয়াৰ কৰা ভিডিঅ'সমূহ লাখ লাখ লোকে চাইছে আৰু হাজাৰ হাজাৰ লোকে আৱেগিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
 
বহু ব্যৱহাৰকাৰীয়ে লিখিছে যে "মানৱতাই হৈছে সৰ্বশ্ৰেষ্ঠ ধৰ্ম", আনহাতে একাংশই এই ঘটনাক হিন্দু-মুছলমানৰ একতা আৰু ভাৰতৰ উমৈহতীয়া সংস্কৃতিৰ প্ৰতীক বুলি অভিহিত কৰিছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "প্ৰাণ কাঢ়ি লোৱাটো সহজ, কিন্তু জীৱন দান কৰাটো সৰ্বশ্ৰেষ্ঠ দান।" আন এক প্ৰতিক্ৰিয়াত কোৱা হৈছে, "যিজনে এজন মানুহৰ জীৱন ৰক্ষা কৰে, তেওঁ সমগ্ৰ মানৱ জাতিকে ৰক্ষা কৰে।
 
আমোদজনক কথাটো হ'ল, এই ঘটনা এনে এখন ৰাজ্যত সংঘটিত হৈছে, য'ত ৰাজনীতিত প্ৰায়ে হিন্দু-মুছলমান মেৰুকৰণৰ অভিযোগ উত্থাপন হৈ থাকে। কিন্তু ভূপালত দেখা পোৱা এই ছবিয়ে ৰাজনৈতিক বিতৰ্কৰ ঊৰ্ধ্বত গৈ সমাজৰ মানৱীয় দিশটো পোহৰলৈ আনিলে। এগৰাকী মুছলমান মহিলাৰ অংগদান, হিন্দু ৰোগীৰ নতুন জীৱন, চিকিৎসালয়ত সন্মানেৰে বিদায় আৰু প্ৰশাসনৰ উপস্থিতি- এই সকলোৱে মিলি এনে এক বাৰ্তা দিলে, যাক মানুহে "গংগা-যমুনাৰ সংস্কৃতি"ৰ জীৱন্ত নিদৰ্শন বুলি অভিহিত কৰিছে।
 
মধ্যপ্ৰদেশত মৃত্যুৰ পিছত অংগদানৰ হাৰ এতিয়াও যথেষ্ট কম। বিশেষজ্ঞসকলৰ মতে ৰাজ্যখনত প্ৰতি বছৰে খুব বেছি ২৪ টা এনে ঘটনা পোহৰলৈ আহে। সময়মতে 'ব্ৰেইন-ষ্টেম ডেথ' চিনাক্তকৰণত পলম হোৱা, ট্ৰমা চেণ্টাৰসমূহৰ মাজত সমন্বয়ৰ অভাৱ আৰু মানুহৰ মাজত সজাগতাৰ অভাৱেই ইয়াৰ মূল কাৰণ। এনে পৰিস্থিতিত সজনা এছ. এ.ৰ পৰিয়ালৰ এই সিদ্ধান্ত কেৱল অনুপ্ৰেৰণাদায়কেই নহয়, ভৱিষ্যতে অংগদানৰ ক্ষেত্ৰত সমাজত সজাগতা বৃদ্ধিৰ এক বলিষ্ঠ পদক্ষেপ বুলিও বিবেচিত হৈছে।
 
আজিৰ স্বাৰ্থপৰ সময়ত যেতিয়া ছ’চিয়েল মিডিয়াত ঘৃণা আৰু ধৰ্মীয় বিতৰ্কই প্ৰায়ে শিৰোনাম দখল কৰে, তেতিয়া ভূপালৰ এই ঘটনাই আমাক সোঁৱৰাই দিয়ে যে ভাৰতৰ প্ৰকৃত পৰিচয় এতিয়াও মানৱতা, উমৈহতীয়া ঐতিহ্য আৰু ইজনে সিজনৰ কাষত থিয় দিয়াৰ মহান সংস্কৃতিৰ মাজতেই নিহিত হৈ আছে। সজনা এছ. এ. আজি আমাৰ মাজত নাই সঁচা, কিন্তু তেওঁ আৰু তেওঁৰ পৰিয়ালৰ সেই নিঃস্বাৰ্থ সিদ্ধান্তই দুটা পৰিয়ালৰ স্পন্দনত চিৰদিনৰ বাবে জীৱন্ত হৈ ৰ'ব। সেয়েহে হয়তো ছ’চিয়েল মিডিয়াত সকলোৱে একেমুখে মাথোঁ এটাই কথা লিখিছে- "তেওঁ গুচি গ'ল সঁচা, কিন্তু যোৱাৰ পৰত দুখন ঘৰত জীৱনৰ জিলিঙনি এৰি থৈ গ'ল।"