যোৱা মঙলবাৰে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মহামহিম ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ হাতৰ পৰা সন্মানীয় পদ্মশ্ৰী বঁটা গ্ৰহণ কৰে শিল্পী নুৰুদ্দিন আহমেদে। সুদীৰ্ঘ সময় ধৰি শিল্প আৰু কলাৰ জগতখনলৈ আগবঢ়োৱা তেওঁৰ অনবদ্য আৰু বহুমূলীয়া অৱদানৰ বাবেই তেওঁক এই সন্মানেৰে বিভূষিত কৰা হয়। নিজৰ কৰ্ম, নিষ্ঠা আৰু দীৰ্ঘদিনীয়া সাধনাৰে সমাজলৈ আগবঢ়োৱা সেৱা এই সন্মানৰ জৰিয়তে সাৰ্থক ৰূপত মূল্যায়িত হ'ল।
'আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত কলা নিৰ্দেশকগৰাকীয়ে নিজৰ মনৰ ভাব প্ৰকাশ কৰি কয়, "মই ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ প্ৰতি গভীৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই এজন সাধাৰণ ব্যক্তি, মই এজন গাঁওৰ মানুহ, এজন সাধাৰণ শিল্পী। মোক এই সন্মানৰ যোগ্য বুলি বিবেচনা কৰাৰ বাবে মই সঁচাকৈয়ে আনন্দিত। মই অনুভৱ কৰোঁ, এই প্ৰাপ্তিয়ে পূৰ্বতকৈ সমাজৰ প্ৰতি মোৰ দায়িত্ব আৰু অধিক বৃদ্ধি কৰিলে।"
নিজৰ সুদীৰ্ঘ যাত্ৰাৰ স্মৃতিচাৰণ কৰি তেওঁ লগতে কয়, "বিগত ৫০ বছৰ ধৰি মই এই শিল্পকৰ্মৰ সৈতে জড়িত হৈ আছোঁ। নলবাৰীৰ এখন একেবাৰে ভিতৰুৱা গাঁৱৰ পৰাই মোৰ এই যাত্ৰা আৰম্ভ হৈছিল। মোৰ প্ৰথম গুৰু আছিল প্ৰয়াত আদ্য শৰ্মাদেৱ। পৰৱৰ্তী সময়ত মই মুম্বাইলৈ যাওঁ আৰু তাৰ পাছত লখিমপুৰত গুৰু চন্দ্ৰকমল বৰদলৈৰ ওচৰত শিক্ষা গ্ৰহণ কৰোঁ। ১৯৮১ চনৰ পৰা প্ৰায় দুবছৰ ধৰি মই দিল্লীত মডাৰ্ন টেকনিক স্কাল্পছাৰ (আধুনিক ভাস্কৰ্য) আৰু পাপেট্ৰিৰ কাম আয়ত্ত কৰিছিলোঁ।"
কলা নিৰ্দেশকগৰাকীয়ে নিজৰ পথেৰে দুয়োগৰাকী পুত্ৰক আগুৱাই লৈ গৈছে। বৰ্তমান তেওঁৰ দুয়োগৰাকী পুত্ৰই পিতৃৰ পদচিহ্ন অনুসৰণ কৰি এই ক্ষেত্ৰখনত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। গৌৰৱান্বিত পিতৃ নুৰুদ্দিন আহমেদে কয়, "বৰ্তমান মোৰ দুয়োগৰাকী ল'ৰাই মোতকৈয়ো ভাল কাম কৰে। থিয়েটাৰ, নাটক আৰু চলচ্চিত্ৰ জগততো তেওঁলোকে নিজৰ দক্ষতা প্ৰমাণ কৰিছে। বিশেষকৈ গুৰুজনাৰ জন্মস্থান বৰদোৱাত তেওঁলোকে যিখিনি কলাত্মক কাম কৰিছে, সেয়া অসমৰ ৰাইজে অত্যন্ত ভাল পাইছে।"
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে ভাস্কৰ্যশিল্পী নুৰুদ্দিন আহমেদ আৰু তেওঁৰ পুত্ৰ দীপ আহমেদ
বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থকা কনিষ্ঠ পুত্ৰ দ্বীপ আহমেদে এই মুহূৰ্তটোক পৰিয়ালৰ বাবে সৰ্বশ্ৰেষ্ঠ উপহাৰ বুলি অভিহিত কৰে। তেওঁ ব্যক্ত কৰে, "এই সন্মানটো আমাৰ বাবে এক বিশাল প্ৰাপ্তি। দেউতাৰ জীৱনজোৰা সাধনাৰ এয়া উৎকৃষ্ট প্ৰতিফলন। মঙলবাৰে ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তিসকলৰ উপস্থিতিত দেউতাই পদ্ম বঁটা গ্ৰহণ কৰা মুহূৰ্তটো আমাৰ বাবে অত্যন্ত গৌৰৱৰ আছিল। বঁটা গ্ৰহণৰ পাছত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ উদ্যোগত আয়োজিত নৈশ ভোজত আমি দেশৰ বহু বিশিষ্ট ব্যক্তিক লগ পোৱাৰ সুযোগ পাওঁ। তাত আমি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ কৰোঁ। আটাইতকৈ ভাল লগা কথাটো আছিল যে, আমি আহাৰ গ্ৰহণ কৰি থকা সময়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আমাৰ সৈতে একেখন মেজতে বহি একেলগে আহাৰ গ্ৰহণ কৰে। গোটেই দিনটো আমাৰ বাবে আছিল অত্যন্ত গৌৰৱময়।"
ৰাষ্ট্ৰপতি ভৱনৰ সেই ঐতিহাসিক ক্ষণত শিল্পীগৰাকীক গৌৰৱেৰে থিয় হৈ হাতচাপৰিৰে অভিনন্দন জনাবলৈ উপস্থিত আছিল তেওঁৰ পত্নী জুনু ৰাজখোৱা, কনিষ্ঠ পুত্ৰ দ্বীপ আহমেদ আৰু ডাঙৰ বোৱাৰী ৰস্না দেৱী।
শৈশৱৰ পৰাই মনৰ মাজত উদ্ভাৱন হোৱা ৰঙীন কল্পনাবোৰক নিজৰ দুহাতৰ পৰশেৰে বাস্তৱ ৰূপ দিয়া এইগৰাকী যাদুকৰৰ জন্ম হৈছিল নলবাৰী জিলাৰ হাতিকুঁছিত। ঐকান্তিক সাধনা, আশাসুধীয়া প্ৰচেষ্টা আৰু শ্ৰমৰ ফলত তেওঁ গঢ়ি তুলিছে অলেখ অনন্য কীৰ্তি। ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাসত তেওঁৰ নাম সোণালী আখৰেৰে খোদিত। ৪৫০ খনতকৈও অধিক ভ্ৰাম্যমাণৰ নাটকৰ মঞ্চসজ্জা আৰু দেশৰ বিভিন্ন ভাষাৰ প্ৰায় ৫,৬০০ খন নাটকত কলা নিৰ্দেশনা কৰি তেওঁ এক বিৰল অভিলেখ গঢ়িছে। কেৱল সেয়াই নহয়, ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও গুৰুত্বপূৰ্ণ শৈল্পিক প্ৰকল্পতো তেওঁৰ দক্ষতা প্ৰতিফলিত হৈছে।
নুৰুদ্দিন আহমেদৰ যাদুকৰী স্পৰ্শত বিগত সময়ছোৱাত প্ৰাণ পাই উঠিছে বহু ঐতিহাসিক স্মাৰক, কালজয়ী দৃশ্যপট, ধ্ৰুপদী শিল্প আৰু বিশিষ্ট ব্যক্তিৰ পূৰ্ণাংগ মূৰ্তি। শেহতীয়াকৈ তেওঁ সম্পূৰ্ণ নিজা খৰচত লুইতকণ্ঠ জুবিন গাৰ্গৰ এক সুউচ্চ পূৰ্ণাংগ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল। তেওঁৰ হাততেই প্ৰাণ পাই উঠিছিল অমৃতকণ্ঠৰ এই পূৰ্ণাবয়ব প্ৰতিমূৰ্তিটো। সাধাৰণতে কেইবা লক্ষাধিক টকা ব্যয়সাপেক্ষ এনে প্ৰতিমূৰ্তি তেওঁ সম্পূৰ্ণ নিজৰ খৰচত মাত্ৰ ওঠৰ দিনৰ নেৰানেপেৰা শ্ৰমেৰে নিৰ্মাণ কৰি উলিয়াইছিল। জুবিন গাৰ্গৰ এমহীয়া শ্ৰাদ্ধৰ সৈতে সংগতি ৰাখি প্ৰিয় শিল্পীগৰাকীলৈ তেওঁ এই শ্ৰদ্ধাৰ্ঘ্য আগবঢ়াইছিল।
তদুপৰি, নুৰুদ্দিন আহমেদৰ হাতৰ পৰশতে প্ৰাণ পাই উঠে গুৱাহাটীৰ বৃহৎ বৃহৎ দুৰ্গা পূজা মণ্ডপ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় কাৰ্যকালৰ শপতগ্ৰহণ অনুষ্ঠানৰ আকৰ্ষণীয় মঞ্চখনো শিল্পীগৰাকীয়ে দুই পুত্ৰৰ সহযোগত সজাই তুলিছিল। জাপানৰ প্ৰধানমন্ত্ৰীক অসমৰ কলা সংস্কৃতিৰ সৈতে চিনাকি কৰি দিয়াৰ উদ্দেশ্য অসম চৰকাৰে ঠায়ে ঠায়ে বিভিন্ন সাজসজ্জা প্ৰস্তুত কৰিছিল। তাৰো নেতৃত্ব দি আছিল নুৰুদ্দিন আহমেদে।
ভাস্কৰ্যশিল্পী নুৰুদ্দিন আহমেদৰ পুত্ৰ দীপ আহমেদ, তেওঁৰ পত্নী আৰু বোৱাৰী
মহাভাৰতৰ পাণ্ডৱ ৰাজ্যৰ ৰাজধানী ইন্দ্ৰপ্ৰস্থ, 'দ্য গ্ৰেট ৱাল অৱ চাইনা', ৰোমৰ 'কল'চিয়াম'কে ধৰি বিভিন্ন চমকপ্ৰদ নিদৰ্শন নিপুণতাৰে গঢ়ি খ্যাতি অৰ্জন কৰা এইগৰাকী শিল্পীৰ ভৱিষ্যত পৰিকল্পনাও সমানেই সুদূৰপ্ৰসাৰী। তেওঁ জনায়, "মোৰ বাসগৃহৰ সমীপতে কাহিলীপাৰাত নিজাকৈ এটা মিউজিয়াম নিৰ্মাণ কৰাৰ পৰিকল্পনা আছে। লগতে এখন আৰ্ট স্কুল আৰম্ভ কৰাৰো চিন্তা-চৰ্চা কৰিছোঁ, যিখন চলিত বৰ্ষৰ ভিতৰতে কাৰ্যক্ষম কৰিম বুলি আশা ৰাখিছোঁ।"
নিজৰ সমান্তৰালকৈ তেওঁৰ প্ৰচেষ্টাত জন্মলাভ কৰা কাহিলীপাৰাৰ 'ৰাজদ্বীপ ষ্টুডিঅ’'ই আজি বহু নৱাগত কলা-কুশলী আৰু ভাস্কৰ্য শিল্পীক নিজৰ প্ৰতিভা বিকাশৰ সুযোগ দিয়াৰ লগতে জীৱন আৰু জীৱিকাৰ পথো মুকলি কৰি দিছে। কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰে শিল্প সাধনাত ব্ৰতী এইগৰাকী স্বনামধন্য শিল্পীক ২০০৫ চনত নাটকৰ মঞ্চসজ্জাৰ বাবে 'কমল লাল মেম'ৰিয়েল বঁটা' আৰু ২০১৭ চনত সন্মানীয় 'সংগীত নাটক অকাডেমী বঁটা' প্ৰদান কৰা হৈছিল। ইমানবোৰ সাফল্যৰ শীৰ্ষত অৱস্থান কৰাৰ পাছতো তেওঁৰ অতি সাধাৰণ জীৱনশৈলী আৰু অমায়িক স্বভাৱে সকলোৰে হৃদয় জয় কৰি আহিছে।
নলবাৰীৰ গাঁৱৰ পৰা আৰম্ভ হোৱা নুৰুদ্দিন আহমেদৰ এই বৰ্ণিল শিল্পযাত্ৰা কেৱল তেওঁৰ পৰিয়ালৰ বাবেই নহয়, সমগ্ৰ অসমীয়া জাতিৰ বাবে এক অমূল্য সম্পদ আৰু পৰম গৌৰৱৰ বিষয়। কলা আৰু শিল্পৰ প্ৰতি থকা তেওঁৰ নিঃস্বাৰ্থ প্ৰেম আৰু সমৰ্পণৰ এই যাত্ৰাই বাৰে বাৰে প্ৰমাণ কৰে যে যিগৰাকী ব্যক্তিয়ে নিজৰ ঐকান্তিক কৰ্মৰ মাজেৰে সমাজক সমৃদ্ধ কৰে, মহাকালৰ বুকুত সময়ে নিজেই তেওঁক স্বীকৃতি প্ৰদান কৰে। জীৱিত কালতেই নিজৰ শ্ৰম আৰু সাধনাৰ এনে সৰ্বোচ্চ ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰাটো এগৰাকী শিল্পীৰ বাবে হয়তো জীৱনৰ আটাইতকৈ সুখকৰ আৰু পৱিত্ৰ প্ৰাপ্তি। নুৰুদ্দিন আহমেদৰ এই জীৱনগাথাই আগন্তুক প্ৰজন্মক যুগে যুগে সপোন দেখিবলৈ আৰু সেই সপোন বাস্তৱায়িত কৰিবলৈ অনন্ত সাহস যোগাই যাব।