আৰ্চলা খান
কিছুমান স্মৃতি সময়ৰ লগে লগে ম্লান হৈ নাযায়, বৰঞ্চ হৃদয়ৰ গভীৰত এক নীৰৱ বেদনাৰ দৰে আজীৱন জীয়াই থাকে। ৰূপালী পৰ্দাত নিজৰ নিখুঁত কৌতুক অভিনয়েৰে লাখ লাখ দৰ্শকৰ মুখত হাঁহি বিৰিঙাব পৰা অভিনেতা আৰ্শ্বাদ ৱাৰ্ছীৰ হাঁহিমুখীয়া মুখৰ আঁৰতো লুকাই আছে তেনে এক গভীৰ যন্ত্ৰণা। এনে এক অপৰাধবোধ, যিয়ে আজিও প্ৰায়ে নিশা তেওঁক শুবলৈ নিদিয়ে।
যেতিয়াই কোনো সাক্ষাৎকাৰ বা কথোপকথনত তেওঁৰ মাকৰ কথা উত্থাপন হয়, তেতিয়াই তেওঁৰ মুখৰ হাঁহি নিমিষতে ম্লান হৈ পৰে। তেওঁৰ উজ্জ্বল চকুযুৰিত বিষাদৰ ছাঁ নামি আহে, কণ্ঠ ৰুদ্ধ হৈ পৰে। সেই মুহূৰ্তত তেওঁ এজন সফল অভিনেতা নহয়, বৰঞ্চ নিজৰ মাকৰ ওচৰত আজিও নিজকে অপৰাধী বুলি ভাবি থকা এজন অসহায় সন্তানহে যেন হৈ পৰে।
যেতিয়া দৰিদ্ৰতা আৰু অসুস্থতাই জীৱন আৱৰি ধৰিছিল
আৰ্শ্বাদৰ শৈশৱ সুখ-স্বাচ্ছন্দ্যৰে ভৰা নাছিল। অতি কম বয়সতেই জীৱনে তেওঁক কঠিন বাস্তৱৰ সন্মুখীন কৰোৱাইছিল। পৰিয়ালৰ আৰ্থিক অৱস্থা ইমানেই দুৰ্বল আছিল যে, দৈনন্দিন প্ৰয়োজনীয়তাবোৰ পূৰণ কৰাটোৱেই আছিল এক ডাঙৰ সংগ্ৰাম। এই অভাৱৰ মাজতেই তেওঁৰ মাতৃ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল। উন্নত চিকিৎসা বা প্ৰয়োজনীয় ঔষধৰ বাবে পৰিয়ালৰ হাতত ধন নাছিল। অসুখ বাঢ়ি গৈ অৱশেষত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছিল।
সেই অন্তিম নিশা আৰু এটোপাল পানীৰ আকুল আহ্বান
চিকিৎসালয়ৰ নিস্তব্ধ কোঠাটোত তেওঁৰ মাতৃয়ে জীৱন আৰু মৃত্যুৰ মাজত যুঁজ দি আছিল। চেলাইনৰ জৰিয়তে চিকিৎসা চলি আছিল। চিকিৎসকসকলে কঠোৰভাৱে নিৰ্দেশ দিছিল যে, ৰোগীক কোনো কাৰণতে এটোপাল পানীও দিব নালাগে। নিশা গভীৰ হৈ আহিছিল। সৰু আৰ্শ্বাদে মাকৰ কাষত বহি তেওঁৰ হাতখন ধৰি আছিল। সেই সময়তে মাকে শুকান ওঁঠেৰে অতি মৃদু কণ্ঠে ক'লে, "বেটা, মোক অলপ পানী খুৱাই দিয়া।"
মুহূৰ্ততে চিকিৎসকৰ সেই সতৰ্কবাণী আৰ্শ্বাদৰ মনত ভাহি উঠিল। বুকুৰ মাজত যান্ত্ৰাণা চেপি ৰাখি তেওঁ মাকক পানী নিদিলে। কিন্তু মাকে বাৰে বাৰে পানী বিচাৰি কাকুতি-মিনতি কৰি থাকিল। পিয়াহত শুকাই যোৱা ওঁঠেৰে এটোপাল পানীৰ বাবে আকুল অনুৰোধ জনাই থাকিল। আনহাতে, সৰু আৰ্শ্বাদে কেৱল চিকিৎসকৰ পৰামৰ্শ মানি চলি মাকক বচাব বিচাৰিছিল। সেই বিশ্বাসতেই তেওঁ মাকৰ অনুৰোধ পূৰণ নকৰিলে।
আৰ্শ্বাদ ৱাৰ্ছীৰ শৈশৱৰ এক ছবি
তেওঁ জানিবই নোৱাৰিলে যে, যি নিৰ্দেশ তেওঁ মাকৰ মংগল বুলি ভাবি পালন কৰিছিল, সেয়াই মাকৰ জীৱনৰ অন্তিম মুহূৰ্তৰ সাক্ষী হ'ব। অৱশেষত পানীৰ আকুল আহ্বানৰ মাজতেই সকলো নিস্তব্ধ হৈ গ'ল। নিজৰ সন্তানৰ সন্মুখতে শেষ নিশ্বাস ত্যাগ কৰিলে তেওঁৰ মাকে।
এঘোঁট পানীৰ বাবে আজীৱন অনুশোচনা
সেই নিশাৰ পিছত আৰ্শ্বাদৰ জীৱন চিৰদিনৰ বাবে সলনি হৈ গ'ল। আজিও সেই ঘটনাৰ কথা মনত পৰিলেই তেওঁৰ কণ্ঠ ৰুদ্ধ হৈ আহে। শেহতীয়াকৈ এটা প'ডকাষ্টত এই স্মৃতি সুঁৱৰি তেওঁ আৱেগিক হৈ পৰিছিল।
গধুৰ কণ্ঠেৰে তেওঁ কৈছিল, "মোৰ মায়ে বাৰে বাৰে পানী বিচাৰিছিল। কিন্তু মই কেৱল চিকিৎসকৰ পৰামৰ্শ মানি চলিছিলোঁ। আজিও ভাবোঁ, যদি সেই নিশা চিকিৎসকৰ কথা নুশুনি মাক অলপ পানী খুৱাই দিলোঁহেঁতেন, হয়তো তেওঁ আজিও মোৰ লগত থাকিলহেঁতেন।"
আৰ্শ্বাদ ৱাৰ্ছী
এই অনুশোচনাই আজিও তেওঁক খেদি ফুৰে। এগৰাকী সন্তানৰ বাবে ইয়াতকৈ ডাঙৰ বেদনা আৰু কি হ'ব পাৰে যে, নিজৰ চকুৰ সন্মুখতে মাকে পিয়াহত পৃথিৱী এৰি গ'ল, অথচ তেওঁ অসহায় হৈ কেৱল চাই থাকিবলগীয়া হ'ল।
নিঃসংগতা, সংগ্ৰাম আৰু সফলতাৰ দীঘলীয়া যাত্ৰা
মাকৰ মৃত্যুৰ শোক ম্লান হোৱাৰ আগতেই কিছুদিনৰ পিছতে পিতৃকো হেৰুৱালে আৰ্শ্বাদে। কৈশোৰৰ আৰম্ভণিতে তেওঁ সম্পূৰ্ণ অকলে জীৱনৰ সৈতে যুঁজ দিবলগীয়া হ'ল। পঢ়া-শুনা এৰিবলগীয়া হ'ল। জীৱিকাৰ তাগিদাই তেওঁক সৰু-সুৰা কাম কৰিবলৈ বাধ্য কৰিলে। ঘৰে ঘৰে গৈ সামগ্ৰী বিক্ৰী কৰিলে, বিভিন্ন সৰু চাকৰি কৰিলে। প্ৰতিটো দিনেই আছিল দাৰিদ্ৰ্য, ক্ষুধা আৰু নিঃসংগতাৰ সৈতে এক নতুন সংগ্ৰাম।
কিন্তু তেওঁ কেতিয়াও হতাশ হৈ পৰা নাছিল। নিজৰ বেদনাক তেওঁ শক্তিলৈ ৰূপান্তৰ কৰিছিল। তেওঁ নৃত্যৰ জগতত খোজ পেলাই অক্লান্ত পৰিশ্ৰম কৰিছিল। তাৰ পিছত অভিনয়ৰ জগতত নিজৰ সুকীয়া প্ৰতিভাৰে দেশজুৰি অগণন দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হ'ল।
আজি আৰ্শ্বাদ ৱাৰ্ছী সফলতাৰ শিখৰত। তেওঁৰ অভিনয়ৰ অনুৰাগী অগণন মানুহ। কিন্তু সেই উজ্জ্বল সফলতাৰ আঁৰত হৃদয়ৰ এক নিভৃত কোণত আজিও যেন পিয়াহত কাতৰ মাকে এঘোঁট পানী বিচাৰি আছে... আৰু এজন সন্তানে সেই নিশাৰ স্মৃতি বুকুত লৈ নীৰৱে এতিয়াও কান্দি আছে।