মহাকাশচাৰী শুভাংশু শুক্লাৰ সফলতাৰ আঁৰত আছিল শৈশৱৰ প্ৰেমৰ অটুট শক্তি
Story by atv | Posted by Munni Begum • 1 Months ago
মহাকাশচাৰী শুভাংশু শুক্লাৰ সফলতাৰ আঁৰত আছিল শৈশৱৰ প্ৰেমৰ অটুট শক্তি
মালিক আছগৰ হাছমী
লক্ষ্ণৌৰ ৰাজপথৰ পৰা আৰম্ভ হোৱা এটি শৈশৱৰ বন্ধুত্বই আজি দেশৰ অন্যতম অনুপ্ৰেৰণাদায়ক প্ৰেম কাহিনীত পৰিণত হৈছে। এই কাহিনীৰ নায়ক হৈছে ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন তথা গগনযান অভিযানৰ মহাকাশচাৰী শুভাংশু শুক্লা।
বিশ্বই তেওঁক এগৰাকী নিৰ্ভীক যুঁজাৰু বিমান চালক আৰু মহাকাশচাৰী হিচাপে চিনি পায়। কিন্তু এই দৃঢ়চিত্ত ব্যক্তিগৰাকীৰ হৃদয়ত লুকাই আছে এক সৰল, নিৰ্মল আৰু গভীৰ প্ৰেমৰ কাহিনী, যাৰ আৰম্ভণি হৈছিল শৈশৱতেই।
প্ৰথম সাক্ষাৎ আৰু নিষ্পাপ বন্ধুত্বৰ আৰম্ভণি
শুভাংশু শুক্লা আৰু কামনা মিশ্ৰাৰ প্ৰথম চিনাকি হৈছিল লক্ষ্ণৌৰ এখন বিদ্যালয়ত, তেতিয়া তেওঁলোক দুয়োজনেই তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আছিল। সেই সময়ত শুভাংশু আছিল অত্যন্ত লাজকুৰীয়া আৰু শান্ত স্বভাৱৰ। আনহাতে, কামনা আছিল বুদ্ধিমতী, মৰমিয়াল আৰু অতি সহজ-সৰল স্বভাৱৰ। বিদ্যালয়ত একেলগে পঢ়া-শুনা কৰি থকাৰ মাজতে দুয়োৰে মাজত গঢ়ি উঠিছিল এক আন্তৰিক বন্ধুত্বৰ। সময়ৰ লগে লগে সেই বন্ধুত্ব অধিক গভীৰ হৈ পৰিছিল। শ্ৰেণীকোঠাৰ একেখন বেঞ্চত আৰম্ভ হোৱা এই সম্পৰ্ক কেতিয়া যে, নীৰৱে প্ৰেমলৈ ৰূপান্তৰিত হ'ল, সেই কথা দুয়োজনৰ কোনোৱে উপলব্ধি কৰিবই নোৱাৰিলে।
দূৰত্ব বাঢ়ি গ'ল, যদিও হৃদয়ত প্ৰেম ৰৈ গ'ল
দ্বাদশ শ্ৰেণীৰ শিক্ষা সমাপ্ত হোৱাৰ পিছত জীৱনৰ পথ দুয়োৰে বাবে পৃথক হৈ গ'ল। মাত্ৰ ১৬ বছৰ বয়সতে শুভাংশু নেচনেল ডিফেন্স একাডেমী (এনডিএ)ৰ বাবে নিৰ্বাচন হয়। আনহাতে, কামনাই চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰি পিছলৈ এগৰাকী দন্ত চিকিৎসক (ডেণ্টিষ্ট) হিচাপে প্ৰতিষ্ঠিত হয়। শাৰীৰিকভাৱে দুয়োজন পৃথক পৃথক ঠাইত থাকিলেও, হৃদয়ৰ বন্ধন কেতিয়াও দুৰ্বল হৈ পৰা নাছিল।
মহাকাশচাৰী শুভাংশু শুক্লা তেওঁৰ পত্নীৰ সৈতে
শুভাংশু নিজৰ মনৰ অনুভৱ সহজে প্ৰকাশ কৰিব নোৱাৰা স্বভাৱৰ আছিল। কিন্তু কামনাই তেওঁৰ নীৰৱতাই কোৱা প্ৰতিটো অনুভূতি বিনা শব্দৰেই বুজি পাইছিল। কঠোৰ সামৰিক প্ৰশিক্ষণ, নিয়মানুৱৰ্তী জীৱন আৰু বিভিন্ন চহৰত বাস কৰাৰ পিছতো তেওঁলোকৰ পাৰস্পৰিক বিশ্বাস আৰু আস্থা অটুট হৈ থাকিল।
আত্মবিশ্বাসী বন্ধু বিশাল শ্ৰীবাস্তৱ
এই সম্পৰ্কৰ অন্যতম সাক্ষী আছিল তেওঁলোকৰ শৈশৱৰ বন্ধু বিশাল শ্ৰীবাস্তৱ। বিশালে প্ৰায় ৩০ বছৰ ধৰি কামনাৰ ৰাখী-ভাতৃ আৰু শুভাংশুৰ সৈতে তেওঁৰ ৩৬ বছৰীয়া গভীৰ বন্ধুত্ব আছে। তেওঁ কয়, বিদ্যালয় জীৱনৰ দিনৰ পৰা আৰম্ভ কৰি বিবাহলৈকে শুভাংশু আৰু কামনাৰ সম্পৰ্কৰ প্ৰতিটো অধ্যায় তেওঁ ওচৰৰ পৰা প্ৰত্যক্ষ কৰিছে। তেওঁৰ মতে, দুয়োৰে মাজত পাৰস্পৰিক সন্মান, বিশ্বাস আৰু একাগ্ৰতা সদায় অটুট আছিল।
বিবাহ আৰু জীৱনৰ নতুন অধ্যায়
দীৰ্ঘদিনৰ এই সম্পৰ্ক অৱশেষত বিবাহৰ পৱিত্ৰ বন্ধনত আবদ্ধ হয়। পৰিয়ালৰ আশীৰ্বাদত শুভাংশু আৰু কামনাই নতুন জীৱনৰ সূচনা কৰে। বৰ্তমান তেওঁলোকৰ এটি ছয় বছৰীয়া পুত্ৰ সন্তান আছে। অৱসৰপ্ৰাপ্ত বিষয়া দয়াল শুক্লা আৰু গৃহিণী আশা শুক্লাৰ কনিষ্ঠ পুত্ৰ শুভাংশুৱে আজি ভাৰতৰ নাম বিশ্বদৰবাৰত উজলাই তুলিছে।