আৰিফুল ইছলাম/গুৱাহাটী
অসমৰ মুছলমান অধ্যুষিত অঞ্চলত অতি কম সংখ্যক ছাত্ৰ-ছাত্ৰী থকা বহু মাদ্ৰাছা কাঠফুলাৰ দৰে গঢ়ি উঠিছে। যাৰ ফলত সেই মাদ্ৰাছাসমূহৰ বিভিন্ন সময়ত বিভিন্ন বিতৰ্কৰ সৃষ্টি হৈ আহিছে। বহু ব্যক্তিয়ে নিজৰ ব্যক্তিগত স্বাৰ্থসিদ্ধিৰ বাবে ঘৰতেই মাদ্ৰাছা স্থাপন কৰি দান-বৰঙণিৰ পইচা হৰলুকি কৰাও পৰিলক্ষিত হৈছে। বিগত কিছু সময়ৰ পৰা ৰাজ্যিক প্ৰশাসনে তেনে মাদ্ৰাছাৰ ওপৰত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰাও দেখা গৈছে। কিন্তু এইবাৰ তেনে মাদ্ৰাছাসমূহক নাকি লগাবলৈ কঠোৰ হৈছে সদৌ অসম তানজিম মাদাৰিছে কৌমীয়া ব'ৰ্ড।
এইসমূহ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত লক্ষ্য ৰাখি শুকুৰবাৰে হোজাইৰ নীলবাগানত সদৌ অসম তানজিম মাদাৰিছে কৌমীয়া ব'ৰ্ডে এক পৰ্যালোচনা সভা অনুষ্ঠিত কৰে। সমগ্ৰ অসমৰ ৩৪০ খন মাদ্ৰাছাৰ প্ৰতিনিধিৰ উপস্থিতিত এই পৰ্যালোচনা সভাখন অনুষ্ঠিত হয়। পৰ্যালোচনা সভাত মাদ্ৰাছা পৰিচালনা কৰোঁতে চৰকাৰী আৰু শ্বৰীয়তৰ নিয়মসমূহ মানি চলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। পৰ্যালোচনা সভা অনুসৰি, নীতি-নিয়ম নমনা মাদ্ৰাছাৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ উপৰিও তানজিম ব'ৰ্ডৰ পৰা বহিস্কাৰ কৰা হ'ব।
সদৌ অসম তানজিম মাদাৰিছে কৌমীয়া ব'ৰ্ডৰ সাধাৰণ সম্পাদক মৌলানা আব্দুল কাদিৰ কাছিমিয়ে কয়; "সমগ্ৰ অসমৰ ৩৪০ খন ছোৱালী মাদ্ৰাছাৰ শিক্ষক তথা প্ৰতিনিধি আজিৰ এই পৰ্য্যালোচনা সভাত আমন্ত্ৰণ কৰা হৈছিল। আমাৰ মাদ্ৰাছাসমূহ শ্বৰীয়ত আৰু চৰকাৰী দুয়োটা নিয়মৰ মাধ্যমেৰে যাতে চলে, সেই বিষয়ে আমি বহু বছৰৰ পৰাই চেষ্টা কৰি আছিলোঁ। আমাৰ এই চেষ্টা কিছু পৰিমানে সফল হৈছে যদিও, যিমানখিনি সফল হ'ব লাগিছিল, সিমানখিনি হোৱা নাই। আজি আমাৰ এই বৈঠকখন আছিল চূড়ান্ত। আমাৰ মাদ্ৰাছা সমূহৰ বাবে পূৰ্বতেও বহুত চৰ্ত বান্ধি দিয়া হৈছিল আৰু নতুনকৈ পুনৰ চৰ্ত দিয়া হৈছে। এই বৈঠকত সিদ্ধান্ত লোৱা হৈছে যে, অহা এমাহৰ ভিতৰত যিসমূহ মাদ্ৰাছাই এই চৰ্তবোৰ পূৰণ নকৰিব, সেই মাদ্ৰাছাবোৰৰ বিৰুদ্ধে তানজিম ব'ৰ্ডে ব্যৱস্থা গ্ৰহণ কৰিব। হয়তো, তেনে মাদ্ৰাছাসমূহক আমি তানজিম ব'ৰ্ডৰ পৰা বহিস্কাৰ কৰি দিম।
ইছলামিক পণ্ডিত মৌলানা নুৰুল আমিন কাছিমিয়ে কয়; আমাৰ অসমত বহু এনেকুৱা মাদ্ৰাছা আছে, যিবোৰ মাদ্ৰাছাই চৰ্তবোৰ একেবাৰেই পালন কৰি চলা নাই। এখন ছোৱালী মাদ্ৰাছা চলিবলৈ হ'লে যিখিনি চৰকাৰী, আইনী আৰু শ্বৰীয়তৰ নীতি-নিয়ম থাকে, সেই আটাইখিনি নীতি-নিয়ম মানি চলিব লাগিব। আৰু সেই নিৰ্ধাৰিত নীতি-নিয়ম নমনাৰ ফলত বিভিন্ন ঘটনাও দেখিবলৈ পোৱা গৈছে। তানজিম ব'ৰ্ডে বান্ধি দিয়া নীতি-নিয়মৰ মাজেদি মাদ্ৰাছাসমূহ পৰিচালনা কৰিব লাগিব। অন্যথা তেনে মাদ্ৰাছাক ব'ৰ্ডৰ পৰা বহিস্কাৰ কৰা হ'ব।"
মাদ্ৰাছা পৰিচালনা কৰাৰ ক্ষেত্ৰত সকলো মাদ্ৰাছা পৰিচালনা কমিটিলৈ সদৌ অসম তানজিম মাদ্ৰাছা ব'ৰ্ডে পূৰ্বতে কিছুমান চৰ্ত বান্ধি দিছিল। সেই পূৰণী চৰ্তাৱলীসমূহ এনেধৰণৰ-
১/ হোষ্টেলৰ চৌহদত দেৱাল থাকিব লাগিব। ছোৱালী হোষ্টেলৰ বাবে পকী দেৱাল বাধ্যতামূলক।
২/ প্রতিজন আবাসিক শিক্ষার্থীক শিক্ষানুষ্ঠানে পৰিচয় পত্ৰ দিব লাগিব।
৩/ আবাসিক ছাত্র-ছাত্রীয়ে সংশ্লিষ্ট তত্ত্বাৱধায়ক আৰু নাজিমে দারুল ইকামা (Hostel Incharge) ৰ লিখিত অনুমতি সাপেক্ষেহে ছাত্রাবাস ত্যাগ কৰিব পাৰিব।
৪/ অনুমতি অবিহনে কোনো শিক্ষার্থীয়ে অতিথি আপ্যায়ন কৰিব নোৱাৰিব।
৫/ ছাত্ৰ-ছাত্ৰীৰ বয়সানুপাতে পৃথকে থকাৰ ব্যৱস্থা কৰিব লাগিব।
৬/ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নিৰ্ধাৰিত স্থানতেই ৰাতি শুব লাগিব। কর্তৃপক্ষৰ অনুমতি অবিহনে নির্দিষ্ট স্থান পৰিবৰ্তন কৰিব নোৱাৰিব।
৭/ বিনা অনুমতিত মবাইল আদি ৰাখিব নোৱাৰিব আৰু অনুমতি থাকিলেও কেৱল সাধাৰণ মোবাইল ৰখাৰ অনুমতি দিব পাৰিব। এন্ড্রইড মোবাইল ব্যৱহাৰ কৰিব নোৱাৰিব।
৮/ ছোৱালীৰ ক্ষেত্ৰত বিধিসম্মত অভিভাৱক অবিহনে হোষ্টেলৰ পৰা ছুটি দিব নোৱাৰিব।
সদৌ অসম তানজিম মাদাৰিছে কৌমীয়া ব'ৰ্ডৰ সাধাৰণ সম্পাদক মৌলানা আব্দুল কাদিৰ কাছিমি
আনহাতে, শুকুৰবাৰে হোজাইৰ নীলবাগানত অনুষ্ঠিত হোৱা পৰ্যালোচনা সভাত কিছু নতুন চৰ্ত বান্ধি দিয়া হৈছে। সেই নতুন চৰ্তাৱলীসমূহ এনেধৰণৰ-
১/ প্রতিখন বানাত মাদ্ৰাছাত মোহৰিম জিম্মাদাৰৰ এটি যুটি থাকিব লাগিব, যিসকলৰ মাজত মাদ্ৰাখন শ্বৰিয়ত সন্মত ভাবে পৰিচালনা কৰাৰ যোগ্যতা থাকিব লাগিব।
২/ প্রতিখন বানাত মাদ্ৰাছাত কমেও তিনিগৰাকী শিক্ষয়িত্ৰী শিক্ষাদানত ব্রতী থাকিব লাগিব।
৩/ ছাত্ৰীৰ অনুপাতে চৌহদত পেচাৱ, পায়খানা, অজুৰ ব্যৱস্থা তথা নামাজ আদায়ৰ সু-ব্যৱস্থা থাকিব লাগিব।
৪/ মাদ্ৰাছা চৌহদত পৰ্দাৰ সু-ব্যৱস্থা থাকিব লাগিব, মাদ্ৰাছাৰ পৰিৱেশ স্বাস্থ্য সম্মত হ'ব লাগিব।
৫/ শিক্ষাদানৰ ক্ষেত্ৰত শ্বৰিয়ত সন্মত মজবুত আৰু পূৰ্ণ পৰ্দাৰ ব্যৱস্থা থকাটো বাধ্যতামূলক হ'ব।
৬/ পৰীক্ষাৰ সুবিধার্থে তনজিম ব'ৰ্ডে নির্ধাৰণ কৰি দিয়া কেন্দ্ৰতহে পৰীক্ষাত অংশগ্রহন কৰাটো বাধ্যতামূলক হ'ব।
৭/ বানাত মাদ্রাছাত ছাত্রীনিৱাস স্থাপন কৰিবলৈ হ'লে হোষ্টেলৰ বাবে নিৰ্ধাৰিত চৰ্তাৱলীৰ ১০০ শতাংশ উপলবদ্ধ হ'ব লাগিব।
৮/ প্ৰতিখন আৱাসিক মাদ্রাছাত C.C.T.V Camera ৰ ব্যৱস্থা থকাটো বাধ্যতামূলক।
৯/১৫ বছৰ বয়সৰ তলৰ আৱাসিক ছাত্ৰ ছাত্ৰী শুৱৰ বাবে খাট/ পালেঙৰ ব্যৱস্থা থাকিব লাগিব।
১০/ আৱাসিক মাদ্ৰাছাত (Night Guard) ৰাতি প্ৰহৰীৰ ব্যৱস্থা থাকিব লাগিব।