বৰ্ষাকালৰ মাদকতা আৰু বৰ্তমানৰ দুৰ্যোগঃ এক নিৰ্মোহ বিশ্লেষণ

Story by  atv | Posted by  Munni Begum • 20 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
  ৰাজীৱ নাৰায়ণ
 
এনে এটা সময় আছিল যেতিয়া ভাৰতত বৰ্ষাৰ আগমনৰ বতৰা ম’বাইলৰ এলাৰ্ট বা টিভিত জিলিকি থকা খবৰৰ দ্বাৰা নহয়, সিক্ত মাটিৰ সেই সুপৰিচিত আৰু অনন্য সুবাসৰ দ্বাৰাহে পোৱা গৈছিল। ই আছিল ভাৰতীয়সকলৰ সামূহিক স্মৃতিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত এটা ঋতু। ল'ৰা-ছোৱালীয়ে উপচি পৰা পথৰ দাঁতিৰ নলাত কাগজৰ নাও চলাইছিল। পৰিয়ালবোৰে গৰম চাহ আৰু পকোৰাৰ প্লেট লৈ একেলগে আড্ডাত বহিছিল। খেতিয়কসকলে আকাশলৈ চাইছিল এক গভীৰ কৃতজ্ঞতাৰে। নদীসমূহ প্ৰাণৱন্ত হৈ পৰিছিল, জলাশয়বোৰ উপচি পৰিছিল, জলবিদ্যুৎ প্ৰকল্পসমূহত পুনৰ কৰ্মচাঞ্চল্য ঘূৰি আহিছিল আৰু পাহাৰবোৰে সতেজ সেউজীয়া সাজ পিন্ধিছিল।
 
বৰ্ষা আছিল ভাৰতৰ নৱজাগৰণৰ বাৰ্ষিক উৎসৱ। আজিও সেয়া একেই আছে। প্ৰায় ৭৫ শতাংশ বাৰ্ষিক বৰষুণ মাত্ৰ চাৰি মাহৰ ভিতৰতে আহে, যিয়ে নদীসমূহক জীপাল কৰে, জলাশয় পূৰ্ণ কৰে, পথাৰত পানী যোগান ধৰে আৰু কৃষিকৰ্মৰ ওপৰত নিৰ্ভৰশীল আধা বিলিয়নতকৈয়ো অধিক ভাৰতীয়ৰ জীৱিকা চলাই ৰাখে। বৰ্ষা কেৱল এটা ঋতু নহয়। এই বৰ্ষা হৈছে ভাৰতৰ অৰ্থনীতিৰ ৰক্তপ্ৰৱাহ স্বৰূপ, যিয়ে ৪,০০০ বিলিয়ন কিউবিক মিটাৰ পানী প্ৰদান কৰে। তথাপি, সময়ৰ লগে লগে, সেই উৎসৱমুখৰ পৰিৱেশৰ ঠাই এতিয়া আশংকাই দখল কৰিছে, য'ত আকাশত জমা হোৱা প্ৰতিটো ক’লা ডাঁৱৰে আনন্দৰ সমানেই কঢ়িয়াই আনে দুঃশ্চিন্তা।
 
প্ৰতিনিধিত্বমূলক ছবি
 
এতিয়াৰ বৰ্ষা যেন অধিক উগ্ৰ আৰু নিষ্ঠুৰ হৈ পৰিছে, যিয়ে ভাৰতৰ সহনশীলতাৰ পৰীক্ষা লৈছে। এইবাৰৰ বৰষুণে নিজৰ পূৰ্ণ তীব্ৰতা পোৱাৰ আগতেই ভূমিস্খলন, বানপানী, ওফন্দি উঠা নদী আৰু যাতায়াত ব্যাহত হোৱাৰ খবৰ আহিবলৈ ধৰিছে। মুম্বাইত মাত্ৰ চাৰি দিনৰ ভিতৰতে জুলাই মাহৰ গড় বৰষুণৰ ৮০ শতাংশ বৰষুণ হৈছে, যাৰ ফলত পথ আৰু ৰে'ল যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। হিমালয়ৰ পাদদেশত ৰেড আৰু অৰেঞ্জ এলাৰ্টে হিমাচল প্ৰদেশৰ লগতে ছিমলাকো শংকিত কৰি ৰাখিছে, কিয়নো ভূমিস্খলন, পথ অৱৰোধ আৰু হঠাতে অহা বানে সমগ্ৰ যোগাযোগ ব্যৱস্থালৈ ভাবুকি কঢ়িয়াই আনিছে।
 
কেৰালাৰ ৱায়ানাডত ভূমিস্খলন
 
উত্তৰাখণ্ডৰ সকলো জিলাতে নদীসমূহৰ জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু প্ৰবল বৰষুণ হৈছে। কেৰালাত পুনৰ এক ভয়ংকৰ বৰ্ষাৰ আগজাননীৰ মাজতে ৱায়ানাডৰ এক ভয়াৱহ ভূমিস্খলনে সমগ্ৰ অঞ্চলটোক শোকস্তব্ধ কৰি তুলিছে। পশ্চিম আৰু উত্তৰ ভাৰতজুৰি সতৰ্কবাণী জাৰি কৰাটো এতিয়া এক স্বাভাৱিক কথাত পৰিণত হৈছে, যিয়ে এক কঠোৰ বাস্তৱক আঙুলিয়াই দিছে – কালিৰ জলবায়ুৰ বাবে নিৰ্মাণ কৰা আন্তঃগাঁথনিসমূহে আজিৰ বতৰৰ সৈতে মোকাবিলা কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে।
 
প্ৰকৃতিৰ সতৰ্কবাণী
 
বহুদিন ধৰি জলবায়ু বিজ্ঞানীসকলে সতৰ্ক কৰি আহিছে যে পৃথিৱীৰ উষ্ণতা বৃদ্ধি হোৱা মানেই সকলো ঠাইতে সমানে অধিক বৰষুণ হোৱা নহয়। ইয়াৰ অৰ্থ হ'ল অনিয়মীয়া বৰষুণ, অধিক ডাৱৰ বিস্ফোৰণ, প্ৰবল বৰষুণৰ ফলত ব্যাহত হোৱা দীঘলীয়া খৰাং বতৰ আৰু এনে এক বতৰ যাক পূৰ্বানুমান কৰাটো অতি কঠিন। ভাৰতে বৰ্তমান ঠিক এনে এক ভয়ংকৰ পৰিৱৰ্তনৰেই সন্মুখীন হৈছে। কিন্তু বৰ্ষা নিজে কোনো খলনায়ক নহয়।
 
বৰষুণ ভাৰতৰ বাবে নতুন কথা নহয়, কিন্তু যিটো সলনি হৈছে সেয়া হ'ল বৰষুণ পৰা ভৌগোলিক পৰিৱেশটো। মানুহৰ বসতি স্থাপনৰ বাবে পাহাৰবোৰ কাটি পেলোৱা হৈছে। বেদখলৰ ফলত নদীসমূহ ঠেক হৈ পৰিছে। অতিৰিক্ত পানীভাগ শুহি লোৱা জলাহভূমিবোৰ এতিয়া কংক্ৰিটৰ তলত হেৰাই গৈছে। বহু বছৰৰ আগতে নিৰ্মাণ কৰা দুৰ্বল নলা ব্যৱস্থাই বৰ্তমানৰ বৰ্ধিত বৰষুণৰ পানী কঢ়িয়াব নোৱাৰে। পথ, হোটেল আৰু অন্যান্য আন্তঃগাঁথনিৰ মাত্ৰাধিক সম্প্ৰসাৰণ ঘটিছে, যাৰ বাবে বৈজ্ঞানিক পৰিকল্পনা আৰু পৰিৱেশ সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰাটো আগতকৈ বহুগুণে অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে।
 
ইয়াৰ ফলাফল কি? যিটো এক প্ৰাকৃতিক বতৰৰ পৰিঘটনা হিচাপে আৰম্ভ হয়, সেয়াই প্ৰায়েই এক মানৱীয় সংকটলৈ ৰূপান্তৰিত হয়। ভাৰতে অতীতৰ দুৰ্যোগসমূহৰ পৰা শিক্ষা লোৱা প্ৰয়োজন। যোৱা দশকটোত বতৰৰ পূৰ্বানুমান কৰাৰ ক্ষমতা উন্নত হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগক উন্নীত কৰা হৈছে, আৰু দুৰ্যোগ-ব্যৱস্থাপনা সংস্থাসমূহক আগতীয়া সতৰ্কবাণী প্ৰেৰণ কৰা আৰু জৰুৰীকালীন সঁহাৰি ব্যৱস্থাৰ জৰিয়তে শক্তিশালী কৰা হৈছে।
 
কিন্তু কেৱল সঠিক পূৰ্বানুমানৰ দ্বাৰাই দুৰ্যোগ ৰোধ কৰিব নোৱাৰি, যদিহে আকাশত ডাৱৰ গোট খোৱাৰ পিছতহে পৰিকল্পনা আৰম্ভ কৰা হয়।
উন্নত প্ৰস্তুতি
 
প্ৰতিটো বৰ্ষাৰ প্ৰকোপে একেটাই অশান্তিকৰ প্ৰশ্নৰ অৱতাৰণা কৰেঃ কিয় ভাৰতে বাৰে বাৰে অহা এই ঋতুভিত্তিক পৰিঘটনাটোক এক জৰুৰীকালীন অৱস্থাৰ দৰে ব্যৱহাৰ কৰি আছে? ইয়াৰ উত্তৰ কাৰোবাক দোষাৰোপ কৰাত নাই। ইয়াৰ উত্তৰ নিহিত হৈ আছে এই কথাটো মানি লোৱাত যে সহনশীলতা আৰু প্ৰস্তুতি কেৱল দুৰ্যোগৰ সময়ত নহয়, বৰং গোটেই বছৰ ধৰি গঢ়ি তোলা উচিত।
 
প্ৰস্তুতি মানে চুবুৰীবোৰ পানীত বুৰ যোৱাৰ পিছত নহয়, বৰষুণ অহাৰ আগতেই নলাবোৰৰ বোকা-জাবৰ চাফা কৰা। ইয়াৰ অৰ্থ হ'ল স্পৰ্শকাতৰ ঢালবোৰ চিনাক্ত কৰা, মাথাউৰিবোৰ শক্তিশালী কৰা, স্পৰ্শকাতৰ অঞ্চলসমূহত নিৰ্মাণকাৰ্য নিয়ন্ত্ৰণ কৰা আৰু দুৰ্যোগ অহাৰ বহু আগতেই লোকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰাৰ পৰিকল্পনা সুনিশ্চিত কৰা। ইয়াৰ অৰ্থ হ'ল বিপদৰ শংকা মূল্যায়নৰ প্ৰক্ৰিয়াটোক কেৱল এক কাৰ্যালয়ৰ আনুষ্ঠানিকতা হিচাপে গণ্য কৰাৰ পৰিৱৰ্তে উন্নয়নৰ এক অবিচ্ছেদ্য অংগ কৰি তোলা।
 
কিছুমান ৰাজ্যই প্ৰবল বৰষুণৰ সৈতে মোকাবিলা কৰিবলৈ যন্ত্ৰপাতি, জৰুৰীকালীন কৰ্মচাৰী আৰু দ্ৰুত-সঁহাৰি দল নিয়োগ কৰি প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে। এনে পদক্ষেপবোৰ প্ৰশংসনীয় কাৰণ ইয়াৰ দ্বাৰা বহুতো জীৱন ৰক্ষা পৰে। কিন্তু প্ৰস্তুতি কেৱল তাৎক্ষণিক প্ৰতিক্ৰিয়ানিৰ্ভৰ হোৱাৰ সলনি অধিক প্ৰাতিষ্ঠানিক হ'ব লাগিব। আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতৰ বলিষ্ঠ পদক্ষেপসমূহৰ সমান্তৰালভাৱে পৰিস্থিতিগত সংবেদনশীলতাও বজাই ৰাখিব লাগিব। উন্নয়ন কেতিয়াও প্ৰকৃতি সংৰক্ষণৰ পৰিপন্থী হ'ব নালাগে। সঠিকভাৱে পৰিকল্পনা কৰিলে দুয়োটা দিশেই ইটোৱে সিটোক শক্তিশালী কৰিব পাৰে।
 
সেয়েহে, প্ৰশ্নটো এতিয়া ভাৰতৰ উন্নয়ন হ'ব লাগে নে নালাগে সেয়া নহয়। প্ৰশ্নটো হ'ল ভাৰতৰ উন্নয়ন কেনেকৈ হ'ব লাগে।
 
উৰাবাতৰিৰ কাৰখানা
 
বৰ্ষাৰ লগে লগে আহে আন এক বিপদ, যাৰ বৰষুণৰ সৈতে কোনো সম্পৰ্ক নাই। এই বিপদ আহে আমাৰ হাতত থকা স্মাৰ্টফোনত। যিকোনো ঠাইতে প্ৰবল বৰষুণ আৰম্ভ হোৱাৰ কেইমিনিটমানৰ ভিতৰতেই ছ’চিয়েল মিডিয়া পাহাৰ খহি পৰা, দলং উটি যোৱা বা চহৰ প্ৰলয়ত ধ্বংস হোৱা দাবী কৰা নাটকীয় ভিডিঅ'ৰে ভৰি পৰে। ইয়াৰে কিছুমান সঁচা যদিও সৰহভাগেই মিছা। পুৰণি ভিডিঅ'বোৰ নতুন কেপচনৰ সৈতে পুনৰ প্ৰকাশ কৰা হয়। যোৱা বছৰৰ, আনকি বেলেগ দেশৰ ভিডিঅ'বোৰকো 'ব্ৰেকিং নিউজ' হিচাপে চলোৱা হয়।
 
প্ৰতিনিধিত্বমূলক ছবি
 
যেতিয়া উদ্ধাৰকাৰী দলতকৈ উৰাবাতৰি দ্ৰুতগতিত বিয়পি পৰে, তেতিয়া ইয়াৰ পৰিণাম ভয়াৱহ হয়। পৰিয়ালবোৰ আতংকিত হৈ পৰে। পৰ্যটকসকলে সম্পূৰ্ণ সুৰক্ষিত স্থানলৈও তেওঁলোকৰ বন্ধৰ ভ্ৰমণ বাতিল কৰে। কেৱল পৰ্যটনৰ ওপৰত নিৰ্ভৰশীল হোটেল, ৰেষ্টুৰেণ্ট, টেক্সী চালক, গাইড আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলে জীৱনলৈ ভাবুকি কঢ়িয়াই অনা লোকচানৰ সন্মুখীন হয়। সমানেই উদ্বেগজনক কথাটো হ'ল, চৰকাৰী সংস্থাসমূহৰ প্ৰকৃত সতৰ্কবাণীবোৰ এনে ভুল তথ্যৰ ধামখুমিয়াত হেৰাই যায়।
 
বাক স্বাধীনতা কেতিয়াও সমাজত ভয় বা শংকা সৃষ্টি কৰাৰ অনুজ্ঞাপত্ৰ হ'ব নোৱাৰে। আৰু চেন্সৰশ্বিপ বা বাধা আৰোপ কৰাটো ইয়াৰ সমাধান নহয়; ইয়াৰ সমাধান হ'ব লাগে গতি, নিৰ্ভৰযোগ্যতা আৰু জবাবদিহিতা। কৰ্তৃপক্ষই সঠিক সময়ত তথ্যৰ সত্যতা নিৰূপণ কৰিব লাগিব আৰু ৰাইজক বাৰ্তা প্ৰদান কৰিব লাগিব। ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহেও দুৰ্যোগ সম্পৰ্কীয় ভুৱা বা বিভ্ৰান্তিকৰ বিষয়বস্তুৰ বিৰুদ্ধে দ্ৰুত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ইয়াৰ লগতে নাগৰিকসকলৰো এক বিশেষ দায়িত্ব আছেঃ যিকোনো এটা ভয় লগা ভিডিঅ' ফৰৱাৰ্ড কৰাৰ আগতে, সেয়া সাম্প্ৰতিক সময়ৰ হয় নে নহয়, সঁচা হয় নে নহয় আৰু কোনো নিৰ্ভৰযোগ্য কৰ্তৃপক্ষৰ পৰা আহিছে নেকি, সেয়া পৰীক্ষা কৰিবলৈ অন্ততঃ ক্ষন্তেক ৰ'ব লাগে। আতংকিত হোৱাটো প্ৰস্তুতিৰ অংশ নহয়।
 
সচেতন জীৱনধাৰণ
 
ভাৰতে বৰ্ষাক কেতিয়াও বাধা দিব নোৱাৰে। আৰু তেনে ইচ্ছা কৰাটোও আমাৰ বাবে অনুচিত। এই বৰষুণেই হৈছে আমাৰ পথাৰ, নদী, অৰণ্য আৰু জলাশয়বোৰৰ জীৱনৰেখা। ই জীৱিকা চলাই ৰাখে, ভূগৰ্ভস্থ পানীৰ স্তৰ বৃদ্ধি কৰে আৰু প্ৰকৃতিৰ ছন্দৰ ওপৰত নিৰ্ভৰশীল আমাৰ অৰ্থনীতিক যুগে যুগে পুষ্টি যোগাই আহিছে। ভাৰতে যিটো সলনি কৰিব পাৰে সেয়া হৈছে কেৱল নিজৰ প্ৰস্তুতি আৰু সজাগতা।
 
আমাৰ ভৱিষ্যত প্ৰতিটো ক’লা ডাঁৱৰক ভয় কৰাত নিহিত হৈ থকা নাই, বৰং সেই ডাঁৱৰে আমাক যি শিকাইছে তাক সন্মান জনোৱাতহে নিহিত আছে। এক বৈজ্ঞানিক পৰিকল্পনা, দুৰ্যোগ-সহনশীল আন্তঃগাঁথনি, পৰিৱেশ-বান্ধৱ উন্নয়ন, জনসাধাৰণৰ মাজত সজাগতা আৰু বিশ্বাসযোগ্য যোগাযোগ ব্যৱস্থাই একেলগ হৈ প্ৰতি বছৰ দুৰ্যোগৰ সময়ত আচৰিত হোৱাতকৈ এক অধিক শক্তিশালী প্ৰতিৰক্ষা গঢ়ি তুলিব পাৰে। আধুনিক বৰ্ষাৰ আটাইতকৈ ডাঙৰ শিক্ষাটো হয়তো এয়াই – দুৰ্যোগ কেৱল প্ৰবল বৰষুণৰ বাবেই নাহে, সমাজৰ অপ্ৰস্তুতিৰ বাবেহে আহে।
 
যেতিয়া এইবাৰৰ বৰ্ষাই তীব্ৰ ৰূপ ধাৰণ কৰিব- আৰু সেয়া নিশ্চিতভাৱে কৰিব, তেতিয়া ভাৰতে ইয়াক সেই একেই আনন্দেৰে আদৰণি জনাব লাগে যি আনন্দ এদিন ই কঢ়িয়াই আনিছিল। এই বিশ্বাসৰ সৈতে নহয় যে আকাশখন অধিক শান্ত হৈ পৰিছে, বৰং এই আত্মবিশ্বাসেৰে যে আমাৰ দেশখন এতিয়া অধিক জ্ঞানী আৰু প্ৰস্তুত হৈ উঠিছে।
 
(লেখক এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু যোগাযোগ বিশেষজ্ঞ।)