জুবিন ক্ষেত্ৰত বজ্ৰপাত; ভাঙি পৰিল বিশাল কাট আউট

Story by  atv | Posted by  [email protected] • 1 Months ago
জুবিন ক্ষেত্ৰত বজ্ৰপাত; ভাঙি পৰিল বিশাল কাট আউট
জুবিন ক্ষেত্ৰত বজ্ৰপাত; ভাঙি পৰিল বিশাল কাট আউট
 
গুৱাহাটী
 
সোণাপুৰৰ জুবিন ক্ষেত্ৰত সংঘটিত হৈছে এক অঘটন। বজ্ৰপাতত ফলত জুবিনক্ষেত্ৰৰ গছ এজোপা ভাঙি পৰিছে। লগতে এই বজ্ৰপাতত ভাঙি পৰিল জুবিনৰ বিশাল কাট আউট। কাট আউট ভাঙি পৰাৰ বাবে সামাজিক মাধ্যমত বহু অনুৰাগীয়ে দুখ প্ৰকাশ কৰিছে।
 
এই ঘটনাত সামান্যভাৱে আহত হৈছে তিনি গৰাকী মহিলা। এই মহিলা তিনিগৰাকী জুবিনক্ষেত্ৰৰ  পৰিচালনা কৰা কামত নিয়োজিত আছিল।
 
আনহাতে, এই ঘটনাৰ পাছতে জুবিনক্ষেত্ৰৰ বিদ্যুৎ সংযোগ ব্যাহত হৈ আছে বুলি জানিব পৰা গৈছে। সমগ্ৰ ঘঠনাক লৈ জুবিন অনুৰাগীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।