AI ৰ দ্বাৰা নিৰীক্ষণ হ'ব গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান

Story by  atv | Posted by  [email protected] • 1 Months ago
গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান
গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান
 
গুৱাহাটী
 
এতিয়াৰে পৰা AI ৰ দ্বাৰা নিৰীক্ষণ হ'ব গুৱাহাটীৰ কৃত্ৰিম বান। ১ ৰ পৰা ৬ ঘণ্টাৰ পূৰ্বে গুৱাহাটী মহানগবাসীয়ে লাভ কৰিব কৃত্ৰিম বানৰ সম্ভাৱনীয়তাৰ খবৰ। নেদাৰলেণ্ডৰ সহযোগিতাত গুৱাহাটী IIT ৰ গৱেষক অধ্যাপকে প্ৰস্তুত কৰিছে বিশেষ ব্যৱস্থা। এই সন্দৰ্ভত ৰাজ্যৰ মুখ্য সচিব আৰু IIT গুৱাহাটীৰ মাজত অলপতে সম্পন্ন হৈছে বিশেষ বৈঠক।
 
বৰষুণ দিলেই এতিয়া চিন্তা বাঢ়ে গুৱাহাটী মহানগৰবাসীৰ। এজাক বৰষুণ দিলেই এতিয়া বানত বুৰে গুৱাহাটীৰ বিভিন্ন অঞ্চল। দিনক দিনে নতুন নতুন অঞ্চলত সৃষ্টি হৈছে কৃত্ৰিম বানৰ। নিশাৰ এজাক বৰষুণৰ পিছতে বানত বুৰিল গুৱাহাটীৰ বিভিন্ন প্ৰান্ত। ঠায়ে ঠায়ে ৰাজপথত একাঁঠু পৰ্যন্ত পানী। পুৱাৰ বৰষুণৰ ফলত গুৱাহাটীৰ হাতীগড় চাৰিআলি, হাতীগাঁও, ৱায়াৰলেছত সৃষ্টি হয় বান।
 
বানত বুৰিল গণেশগুৰি, পাঞ্জাবাৰী, সিজুবাৰী অঞ্চলো। যাৰ ফলত পুৱা বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰী, কৰ্মস্থলীলৈ যাবলগীয়া লোকসকল যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হয়।
 
ৰুক্মিণীগাঁও, অনিল নগৰ, নবীন নগৰ, ছয়মাইলতো সৃষ্টি হয় কৃত্ৰিম বানৰ। যোৰাবাটত মুষলধাৰ বৰষুণৰ পিছত ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত ঠায়ে ঠায়ে একঁকাল পৰ্যন্ত পানী হয়। যাৰ ফলত যান-বাহনৰ চলাচল স্তব্ধ হৈ পৰে। পানীৰ ফলত সৃষ্টি হয় তীব্ৰ যানজঁট। জীয়াতু ভুগিবলগীয়া হয় সাধাৰণ জনতাই।
 
উল্লেখযোগ্য যে বৰষুণ দিলেই এতিয়া মহানগৰীৰ বহু অঞ্চলৰ লোকসকল চিন্তিত হৈ পৰে। কাৰণ এজাক বৰষুণৰ পিছতে বহু অঞ্চলত সৃষ্টি হয় বানৰ। কৃত্ৰিম বানৰ ৰোধৰ ক্ষেত্ৰত চৰকাৰ-প্ৰশাসনে যিমানেই যি নকওক কিয়, দিনক দিনে যেন বৃদ্ধিহে পাইছে মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা।