আজিৰ প্ৰতিযোগিতামূলক যুগত প্ৰতিগৰাকী মেধাৱী তৰুণ-তৰুণীৰ এটা সপোন থাকে- বিশ্বৰ শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰা। তেওঁলোকে বিদেশলৈ গৈ মাষ্টাৰ্ছ, M.Phil বা Ph.D দৰে ডিগ্ৰী অৰ্জন কৰিবলৈ বিচাৰে। কিন্তু, বহু সময়ত আৰ্থিক অনাটন এই সপোনৰ বাটত হেঙাৰ হৈ থিয় দিয়ে। টকাৰ অভাৱত মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালৰ ল'ৰা-ছোৱালীয়ে বাধ্য হৈ নিজৰ সপোনৰ পৰা পিছুৱাই আহিবলগীয়া হয়। বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ মাজত এই সমস্যা অধিক পৰিলক্ষিত হয়।
কিন্তু আপুনি জানেনে যে দৃঢ় ইচ্ছা শক্তি আৰু সঠিক তথ্যৰ সহায়ত এই আৰ্থিক প্ৰতিবন্ধকতাক অতিক্ৰম কৰিব পাৰি? কেন্দ্ৰীয় চৰকাৰৰ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ 'Padho Pardesh’ আঁচনিয়ে বছৰ বছৰ ধৰি এনে হাজাৰ হাজাৰ যুৱক-যুৱতীৰ সপোন বাস্তৱায়িত কৰাত সহায় কৰি আহিছে।
'পঢ়ো পৰদেশ' আঁচনি হৈছে এনে এক বিশেষ পদক্ষেপ যিয়ে আৰ্থিকভাৱে দুৰ্বল সংখ্যালঘু ছাত্ৰ-ছাত্ৰীসকলক বিদেশত উচ্চ শিক্ষা লাভ কৰিবলৈ আৰ্থিক সকাহ প্ৰদান কৰে। এই অভিলাষী আঁচনিখনৰ মূল উদ্দেশ্য হৈছে অধিসূচিত সংখ্যালঘু সম্প্ৰদায়ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা ঋণৰ ওপৰত সুতৰ ৰাজসাহায্য প্ৰদান কৰা।
ইয়াৰ জৰিয়তে মুছলমান, খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চী সম্প্ৰদায়ৰ যুৱক-যুৱতীসকলে বিশ্বস্তৰত আগবাঢ়ি যোৱাৰ উন্নত সুযোগ লাভ কৰে। যেতিয়া কোনো এজন ছাত্ৰই বিদেশত পঢ়িবলৈ বেংকৰ পৰা শিক্ষা ঋণ লয়, তেতিয়া ইয়াৰ ওপৰত আৰোপ কৰা সুত এক বৃহৎ বোজা হৈ পৰে।
কেন্দ্ৰীয় চৰকাৰে এই কাৰ্যসূচীৰ জৰিয়তে সেই সুতৰ সম্পূৰ্ণ খৰচ নিজে বহন কৰে। ইয়াৰ ফলত কেৱল ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালৰ ওপৰত আৰ্থিক চাপ হ্ৰাস পোৱাই নহয়, তেওঁলোকৰ সংস্থাপন লাভৰ সামৰ্থ্যও যথেষ্ট বৃদ্ধি পায়। বিশ্ব দৰবাৰত শিক্ষা লাভ কৰাৰ পিছত এই যুৱক-যুৱতীসকলে দেশ আৰু সমাজৰ নাম উজলাই তোলে।
'পঢ়ো পৰদেশ' আঁচনিৰ অধীনত সুবিধা লাভ কৰিব পৰা বিষয় আৰু ক্ষেত্ৰসমূহৰ পৰিসৰ যথেষ্ট বহল ৰখা হৈছে৷ পৰম্পৰাগত আৰু বিজ্ঞানৰ বিষয়ঃ ইয়াৰ অন্তৰ্গত কলা, মানৱীয় আৰু সমাজ বিজ্ঞানৰ দৰে পৰম্পৰাগত বিষয়সমূহ অধ্যয়ন কৰিব পাৰি। ইয়াৰ উপৰি বাণিজ্য আৰু বিশুদ্ধ বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলকো এই ৰাজসাহায্যৰ সুবিধা লাভৰ বাবে যোগ্য বুলি গণ্য কৰা হয়।
সময়ৰ লগে লগে সলনি হোৱা পৃথিৱীখনত নতুন প্ৰযুক্তিৰ চাহিদা অতি দ্ৰুতগতিত বৃদ্ধি পাইছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এই আঁচনিত ক্ৰায়'জেনিক ইঞ্জিনীয়াৰিং, মেকাট্ৰনিক্স আৰু কৃত্ৰিম বুদ্ধিমত্তাকে ধৰি অট'মেচন ৰবটিক্সকো সামৰি লোৱা হৈছে।
প্ৰতিনিধিত্বমূলক ছবি
লেজাৰ টেকনলজি, ল' টেম্পাৰেচাৰ থাৰ্মেল ডাইনেমিক্স, অপ্ট'মেট্ৰি আৰু আৰ্ট ৰিষ্ট'ৰেচন টেকনলজিৰ দৰে নিৰ্দিষ্ট ক্ষেত্ৰসমূহত মাষ্টাৰ্ছ বা গৱেষণা কৰা ছাত্ৰ-ছাত্ৰীসকলেও ইয়াৰ সুবিধা লাভ কৰে। ডক এণ্ড হাৰ্বাৰ ইঞ্জিনীয়াৰিং, ইমেজিং চিষ্টেম টেকনলজি আৰু কম্পোজিট মেটেৰিয়েল ইঞ্জিনীয়াৰিঙৰ দৰে উচ্চ প্ৰযুক্তিৰ অধ্যয়নৰ বাবেও আৰ্থিক সাহায্য প্ৰদান কৰা হয়। লগতে সৌৰশক্তি বিতৰণ, শক্তি সঞ্চয় আৰু পৰিৱেশ অনুকূল আৱাস নিৰ্মাণৰ সৈতে জড়িত আধুনিক পাঠ্যক্ৰমসমূহো ইয়াৰ অন্তৰ্গত।
তথ্য প্ৰযুক্তি আৰু কম্পিউটাৰ বিজ্ঞানঃ এই দুখন ক্ষেত্ৰ বৰ্তমানৰ যুৱপ্ৰজন্মৰ প্ৰথম পচন্দ। আঁচনিখনত কম্পিউটাৰ ইঞ্জিনীয়াৰিং, ছফ্টৱেৰ নিৰ্মাণ, ছফ্টৱেৰ কোৱালিটি এছিউৰেন্স আৰু নেটৱৰ্কিঙক বিশেষ স্থান দিয়া হৈছে। দুৰ্যোগ ব্যৱস্থাপনাৰ পিছত কাম কৰা যোগাযোগ ব্যৱস্থা আৰু মাল্টিমিডিয়া কমিউনিকেচনৰ অধ্যয়নৰ বাবেও সুতত সাহায্য প্ৰদানৰ ব্যৱস্থা আছে।
এখন কৃষিপ্ৰধান দেশ হিচাপে ভাৰতৰ বাবে এগ্ৰ' টেকনলজিও অতি গুৰুত্বপূৰ্ণ। সেয়েহে কৃষি, এগ্ৰ'নমি, ফ্ল'ৰিকালচাৰ, লেণ্ডস্কেপিং, ফুড ছাইনছ, ফৰেষ্ট্ৰি, হৰ্টিকালচাৰ, প্লান্ট পেথ'লজি আৰু ভেটেৰিনাৰী চাইন্সেছৰ দৰে গুৰুত্বপূৰ্ণ কৃষি বিজ্ঞানৰ বিষয়সমূহকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। চিকিৎসা ক্ষেত্ৰত উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলেও এই ৰাজসাহায্য আঁচনিৰ সুবিধা ল'ব পাৰে।
এই কল্যাণকামী আঁচনিখনৰ সুবিধা ল'বলৈ চৰকাৰে কিছুমান অতি প্ৰয়োজনীয় আৰু স্বচ্ছ নিয়ম নিৰ্ধাৰণ কৰিছে-
প্ৰৱেশ নিশ্চিতকৰণঃ ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে বিদেশৰ কোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানত মাষ্টাৰ্ছ, এম.ফিল বা পি.এইচ.ডি প্ৰগ্ৰেমত নামভৰ্তি কৰাটো বাধ্যতামূলক। তদুপৰি ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালৰ মুঠ বাৰ্ষিক আয় ৬ লাখ টকাতকৈ অধিক হ'ব নালাগিব। সমাজৰ আটাইতকৈ প্ৰয়োজন থকা আৰু আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ মাজলৈ এই সাহায্য লৈ যোৱাৰ উদ্দেশ্যেই এই সীমা নিৰ্ধাৰণ কৰা হৈছে। প্ৰাৰ্থীয়ে ভাৰতীয় বেংক সন্থাৰ নিৰ্দেশনা অনুসৰি যিকোনো অনুসূচিত বেংকৰ পৰা বিদেশী শিক্ষাৰ বাবে ঋণ অনুমোদিত কৰাব লাগিব।
আঁচনিৰ নিৰ্দেশনা অনুসৰি, ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ অধ্যয়নৰ প্ৰথম বছৰৰ ভিতৰতেই এই সুতৰ ৰাজসাহায্যৰ বাবে আবেদন কৰিব লাগিব। দ্বিতীয় বৰ্ষ বা তাৰ পিছত পোৱা আবেদনসমূহ বিবেচনা কৰা নহয়।
স্বচ্ছতা আৰু 'ডিজিটেল ইণ্ডিয়া'ক আগবঢ়াই নিয়াৰ বাবে এই আঁচনিৰ আৰ্থিক সুবিধাসমূহ পোনে পোনে বেংক একাউণ্ট আৰু পৰিচয় ব্যৱস্থাৰ সৈতে সংযুক্ত কৰা হয়। ইয়াৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ নথিপত্ৰসমূহৰ স্ব-প্ৰমাণীকৰণ বা নিজে সত্যাপন কৰিব পাৰে, যিয়ে 'ন্যূনতম চৰকাৰ আৰু সৰ্বাধিক শাসন'ৰ সংকল্প পূৰণ কৰে। অনলাইন আবেদন প্ৰক্ৰিয়াটো অতি সৰল কৰি ৰখা হৈছে যাতে দুৰ্গম গাঁৱৰ ছাত্ৰ-ছাত্ৰীসকলেও ছাত্ৰ প'ৰ্টেলৰ জৰিয়তে সহজেই সংযুক্ত হ'ব পাৰে।
প্ৰতিনিধিত্বমূলক ছবি
মহিলা সৱলীকৰণক উদগনি যোগাবৰ বাবে এই আঁচনিত আন এক সুন্দৰ ব্যৱস্থা কৰা হৈছে। মুঠ উপলব্ধ আসনৰ ৩৫ শতাংশ আসন সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰীসকলৰ বাবে সংৰক্ষিত কৰি ৰখা হয়। চৰকাৰে বিশ্বাস কৰে যে যেতিয়া এজনী কন্যা শিক্ষিত হয়, তেতিয়া তাই সমগ্ৰ পৰিয়ালটোৰ অনাগত প্ৰজন্মক সলনি কৰি দিয়ে। যদি কোনো কাৰণত যোগ্য ছাত্ৰীৰ আবেদন পোৱা নাযায়, তেন্তে সেই আসনসমূহ ছাত্ৰসকললৈ হস্তান্তৰ কৰা হয়।
অৱশ্যে, চৰকাৰে বাজেট আৰু অগ্ৰাধিকাৰৰ পৰিৱৰ্তনৰ বাবে ২০২২-২৩ বৰ্ষৰ পৰা এই আঁচনিখন বন্ধ কৰাৰ জাননী জাৰি কৰিছিল। ইয়াৰ পিছতো, ইয়াৰ মূল্যায়ন আৰু প্ৰভাৱ নিৰ্ধাৰণৰ প্ৰতিবেদনসমূহে প্ৰমাণ কৰে যে ই সংখ্যালঘু সমাজৰ মাজত শিক্ষাৰ প্ৰতি এক নতুন সজাগতাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।
প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ নতুন পোন্ধৰ-দফীয়া কাৰ্যসূচীৰ অধীনত ২০০৬ চনত আৰম্ভ হোৱা এই আঁচনিখনৰ উত্তৰাধিকাৰে আজিও যুৱপ্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। এই আঁচনিখনেই হৈছে আটাইতকৈ ডাঙৰ প্ৰমাণ যে যদি আপোনাৰ মাজত প্ৰতিভা আৰু যোগ্যতা আছে, তেন্তে দৰিদ্ৰতা কেতিয়াও আপোনাৰ পথত হেঙাৰ হ'ব নোৱাৰে।
শিক্ষাই হৈছে সেই প্ৰকৃত সম্পদ যাৰ সহায়ত মানুহে জীৱনৰ সৰ্বোচ্চ শিখৰ চুব পাৰে। আজিৰ যুৱপ্ৰজন্মই চৰকাৰী প্ৰচেষ্টাসমূহৰ এই গাঁথনিবোৰ বুজি পোৱা উচিত। শিক্ষা ঋণ আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন সা-সুবিধাসমূহৰ বিষয়ে তেওঁলোক সজাগ হ'ব লাগিব। যেতিয়া আপুনি নিজৰ অধিকাৰৰ বাবে সম্পূৰ্ণ একাগ্ৰতাৰে পৰিশ্ৰম কৰিব, তেতিয়া সফলতাৰ সকলো বন্ধ দুৱাৰ স্বয়ংক্ৰিয়ভাৱে খোল খাই পৰিব।