মানৱতাৰ এক উজ্জ্বল নিদৰ্শন: কেৰালাত হিন্দু ব্যক্তিৰ শেষকৃত্য সম্পন্ন মুছলমান মহিলাৰ

Story by  atv | Posted by  Munni Begum • 17 h ago
কেৰালাত হিন্দু ব্যক্তিৰ শেষকৃত্য সম্পন্ন মুছলমান মহিলাৰ
কেৰালাত হিন্দু ব্যক্তিৰ শেষকৃত্য সম্পন্ন মুছলমান মহিলাৰ
 
আৱাজ দ্য ভইচ / নতুন দিল্লী
 
মহৰম ২০২৬ উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা হিন্দু-মুছলমান সম্প্ৰীতিৰ বহু হৃদয়স্পৰ্শী দৃষ্টান্ত পোহৰলৈ আহিছে। ক'ৰবাত হিন্দু সম্প্ৰদায়ে তাজিয়া উলিয়াইছে, আনহাতে ক'ৰবাত ছিয়া আলমৰ শোভাযাত্ৰাক উষ্ম আদৰণি জনোৱা হৈছে। ইয়াৰ মাজতে কেৰালাৰ কাছাৰগোড় জিলাৰ পৰা পোহৰলৈ অহা এক মানৱীয় ঘটনাই লাখ লাখ লোকৰ হৃদয় স্পৰ্শ কৰিছে। ইয়াত এগৰাকী মুছলমান মহিলাই কৰ্কট ৰোগত আক্ৰান্ত এজন হিন্দু ব্যক্তিৰ জীৱনৰ অন্তিম মুহূৰ্তলৈকে যত্ন লোৱাৰ লগতে তেওঁৰ মৃত্যুৰ পিছত হিন্দু ধৰ্মীয় ৰীতি-নীতি অনুসৰি শেষকৃত্য সম্পন্ন কৰি এক অনন্য উদাহৰণ দাঙি ধৰিছে।  
 
এই ঘটনাৰ ছবি আৰু ভিডিঅ' সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। বহুতে ইয়াক মানৱতা, সাম্প্ৰদায়িক সম্প্ৰীতি আৰু সামাজিক দায়বদ্ধতাৰ এক উজ্জ্বল নিদৰ্শন বুলি অভিহিত কৰিছে।  
 
 
মৃত ব্যক্তিজনৰ নাম ৬৪ বছৰীয়া নাৰায়ণন। তেওঁ কেৰালাৰ কাছাৰগোড় জিলাৰ মঞ্জেশ্বৰম অঞ্চলৰ চিগ্ৰুপাডাভুৰ বাসিন্দা আছিল। সংবাদ মাধ্যমৰ তথ্য অনুসৰি, নাৰায়ণন প্ৰায় এমাহ ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। তেওঁৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক হৈ পৰাত কোঝিকোড চৰকাৰী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল। চিকিৎসাধীন অৱস্থাতে বৃহস্পতিবাৰে তেওঁৰ মৃত্যু হয়।  
 
সমগ্ৰ ঘটনাটোত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে কাছাৰগোড় জিলা পঞ্চায়তৰ উন্নয়ন সমিতিৰ অধ্যক্ষ ইৰফানা ইকবালে। ইৰফানাই জনোৱা মতে, প্ৰায় এমাহ পূৰ্বে কাছাৰগোড়ৰ এখন দোকানৰ বাৰান্দাত নাৰায়ণনক অতি দুৰ্বল আৰু অসহায় অৱস্থাত উদ্ধাৰ কৰা হৈছিল। স্থানীয় ৱাৰ্ড সদস্যৰ পৰা খবৰ পোৱাৰ লগে লগে তেওঁ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগক বিষয়টো অৱগত কৰে।
 
ইয়াৰ পিছত এটা স্থানীয় স্বেচ্ছাসেৱী সংস্থাৰ সহযোগত নাৰায়ণনক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়। প্ৰথমে তেওঁক এখন বৃদ্ধাশ্ৰমলৈ পঠিওৱাৰ পৰিকল্পনা কৰা হৈছিল, যদিও চিকিৎসা পৰীক্ষাত তেওঁ চতুৰ্থ স্তৰৰ কৰ্কটত আক্ৰান্ত বুলি ধৰা পৰে। ফলত তেওঁক পোনপটীয়াকৈ কোঝিকোড মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হয়। 
 
কেৰালাত হিন্দু ব্যক্তিৰ শেষকৃত্য সম্পন্ন মুছলমান মহিলাৰ
 
চিকিৎসকসকলে তেওঁক বচাবলৈ সকলো প্ৰচেষ্টা চলাইছিল যদিও অৱশেষত তেওঁ জীৱনৰ যুঁজত পৰাস্ত হয়। নাৰায়ণনৰ মৃত্যুৰ পিছত আৰক্ষীয়ে তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে যোগাযোগ কৰে। কিন্তু সংবাদ মাধ্যমৰ তথ্য অনুসৰি, পৰিয়ালৰ কোনো সদস্যই তেওঁৰ মৃতদেহ গ্ৰহণ কৰিবলৈ আগবাঢ়ি অহা নাছিল। 
 
এনে কঠিন পৰিস্থিতিত ইৰফানা ইকবালে নিজেই দায়িত্ব গ্ৰহণ কৰে। আৰক্ষীৰ অনুমতি লাভ কৰাৰ পিছত তেওঁ নাৰায়ণনৰ মৃতদেহ গ্ৰহণ কৰি কাছাৰগোড়ৰ উপ্পালাস্থিত হিন্দু শ্মশানত সম্পূৰ্ণ হিন্দু ধৰ্মীয় ৰীতি-নীতি অনুসৰি শেষকৃত্য সম্পন্ন কৰে।
 
বোৰ্খা পৰিহিতা এগৰাকী মুছলমান মহিলাই এজন হিন্দু ব্যক্তিৰ ধৰ্মীয় পৰম্পৰা অনুসৰি শেষকৃত্য সম্পন্ন কৰাৰ ছবি আৰু ভিডিঅ' সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰিত হয়। অসংখ্য লোকে ইৰফানাৰ এই মানৱীয় পদক্ষেপৰ শলাগ লৈছে। বহুতে ইয়াক "মানৱতাৰ বিজয়" বুলি মন্তব্য কৰিছে।  
সাংবাদিক ৱাছিম আক্ৰম ত্যাগীয়েও সামাজিক মাধ্যম 'এক্স'ত এই ঘটনাৰ প্ৰশংসা কৰি লিখিছে যে, নাৰায়ণন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ সৈতে জড়িত আছিল। তথাপিও ইৰফানা ইকবালে কোনো ধৰণৰ ধৰ্মীয় বা মতাদৰ্শগত বিভেদ নকৰি তেওঁৰ চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে মৃত্যুৰ পিছতো সন্মানজনক বিদায় নিশ্চিত কৰিছে।
 
ইৰফানা ইকবালে এই ঘটনাক লৈ ফেচবুকত এক আৱেগিক বাৰ্তা শ্বেয়াৰ কৰি লিখিছে, "তেওঁৰ কোনো ঘনিষ্ঠ আত্মীয় আহি নাপালেহি। মই এগৰাকী জীয়ৰীৰ দৰেই তেওঁৰ শেষকৃত্য সম্পন্ন কৰিলোঁ। মানৱতা ধৰ্ম আৰু ৰাজনীতিৰ ঊৰ্ধ্বত।"
 
তেওঁ লগতে কয় যে, ভৱিষ্যতেও তেওঁ এনেদৰে অসহায় আৰু আশ্ৰয়হীন জ্যেষ্ঠ নাগৰিকসকলৰ কাষত থিয় দিব। তেওঁৰ সংস্থাই পূৰ্বেও বহু অনাথ আৰু দাবীদাৰবিহীন মৃত ব্যক্তিৰ নিজ নিজ ধৰ্মীয় ৰীতি-নীতি অনুসৰি শেষকৃত্য সম্পন্ন কৰি আহিছে।
 
কেৰালাত হিন্দু ব্যক্তিৰ শেষকৃত্য সম্পন্ন মুছলমান মহিলাৰ
 
এই ঘটনাই পুনৰ এবাৰ প্ৰমাণ কৰিলে যে, মানৱীয় অনুভূতি কোনো ধৰ্ম, জাতি বা মতাদৰ্শৰ সীমাত আবদ্ধ নহয়। যেতিয়া নিজৰ মানুহেও মুখ ঘূৰাই লয়, তেতিয়া মানৱতাই আটাইতকৈ ডাঙৰ আশ্ৰয় হৈ উঠে। কেৰালাৰ ইৰফানা ইকবালৰ এই মহান পদক্ষেপ আজিৰ সমাজৰ বাবে এক অনুপ্ৰেৰণাদায়ক উদাহৰণ হৈ পৰিছে।


শেহতীয়া খবৰ