'ত্ৰিৰংগা কিনিবলৈ হাতত ধন নাই, কিন্তু স্বাধীনতা দিৱসৰ দিনা নিজৰ ঘৰতো এখন পতাকা উৰুৱাবৰ মন' এনে ইচ্ছা লৈ অহা লোকক খালী হাতে ঘূৰাই নপঠিয়ায় বৰপেটাৰ কলগাছিয়াৰ দৰ্জী পিয়াৰ আলীয়ে। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত পতাকা প্ৰস্তুত কৰাৰ ব্যস্ততাৰ মাজতো আৰ্থিকভাৱে দুৰ্বল লোকসকলক বিনামূলীয়াকৈ পতাকা আগবঢ়াই আহিছে পিয়াৰ আলীয়ে। তেওঁৰ বাবে ত্ৰিৰংগা কেৱল বিক্ৰীৰ সামগ্ৰী নহয়, ই দেশপ্ৰেম আৰু সামাজিক দায়ৱদ্ধতাৰ প্ৰতীক।
‘আৱাজ- দ্য ভাইচ'ৰ সৈতে হোৱা এক বাৰ্তালাপত পিয়াৰ আলীয়ে কয়, "মই প্ৰায় ৩১ বছৰ ধৰি দৰ্জীৰ কাম কৰি আহিছোঁ। দোকান আৰম্ভ কৰাৰ এবছৰ পিছৰ পৰা অৰ্থাৎ প্ৰায় ৩০ বছৰ ধৰি মই ৰাষ্ট্ৰীয় পতাকা চিলাই কৰি আহিছোঁ। আমাৰ ৰাষ্ট্ৰীয় পতাকাখন মোৰ বৰ প্রিয়। এই পতাকাখনে আমাৰ দেশক প্ৰতিনিধিত্ব কৰি আহিছে। কিছুমান মানুহ মোৰ ওচৰলৈ আহে, কিন্তু তেওঁলোকৰ হাতত পতাকা ক্ৰয় কৰিবলৈ পইচা নাথাকে বা কম থাকে। তেনে ক্ষেত্ৰত মই তেওঁলোকক প্ৰায়ে এনেই পতাকা দি দিওঁ। আৰু কওঁ যে, তুমি এইকেইখন লৈ যোৱা, নিজৰ নিজৰ ঘৰত উৰুৱাবা।”
স্বাধীনতা দিৱস ওচৰ চাপি অহাৰ লগে লগে দৰ্জী পিয়াৰ আলীৰ উদ্যোগত এতিয়া পতাকা প্ৰস্তুতৰ কাম পূৰ্ণগতিত চলিছে। কেইবাজনো লোকে মিলি বিভিন্ন আকাৰৰ পতাকা তৈয়াৰ কৰি আছে। দুই-তিনি ফুটৰ সৰু পতাকাৰ পৰা পাঁচ ফুটৰো অধিক ডাঙৰ পতাকালৈকে গ্ৰাহকৰ চাহিদা অনুসৰি বিভিন্ন আকাৰৰ পতাকা প্ৰস্তুত কৰা হৈছে।
পিয়াৰ আলীয়ে কয়, "বিশেষকৈ মই ২৬ জানুৱাৰী আৰু ১৫ আগষ্ট, এই বিশেষ দিন দুটাৰ বাবেই পতাকা চিলাই কৰোঁ। বাকী সময়ত মই সকলো দৰ্জীৰ দৰে কাপোৰ চিলাই কৰোঁ। স্কুল-কলেজ আৰু অন্যান্য প্ৰতিষ্ঠানসমূহত মোৰ এই পতাকা বিক্ৰী কৰোঁ। যিহেতু এই পতাকাখনে আমাৰ দেশক প্ৰতিনিধিত্ব কৰে। গতিকে মই পতাকাৰ বাবদ গ্ৰাহকৰ পৰা বেছি পইচা নলওঁ, কেৱল কাপোৰৰ পইচাটোহে লওঁ। যাতে সকলোৱে কম দামত ভাল পতাকা এখন ক্ৰয় কৰি উত্তোলন কৰিব পাৰে, সেয়াই মোৰ উদ্দেশ্য। এই বৃহত্তৰ কলগাছিয়াত পতাকা কেৱল ময়ে চিলাই কৰোঁ।"
পিয়াৰ আলীৰ মতে, তেওঁৰ ওচৰলৈ কেৱল স্থানীয় গ্ৰাহকেই নহয়, দূৰ-দূৰণিৰ পৰাও লোক আহি পতাকা সংগ্ৰহ কৰে। স্বাধীনতা দিৱসৰ লগতে বিভিন্ন অনুষ্ঠানৰ সময়ত পতাকাৰ চাহিদা বৃদ্ধি পোৱাত বহু সময়ত আগতীয়াকৈয়ে প্ৰস্তুত কৰা সামগ্ৰী শেষ হৈ যায়।
পিয়াৰ আলীয়ে কয়, "ক্ষুদ্ৰ প্ৰচেষ্টাৰে আৰম্ভ কৰা এই কামৰ ব্যস্ততা এতিয়া যথেষ্ট বৃদ্ধি পাইছে। আমি এতিয়া কেৱল বৃহত্তৰ কলগাছিয়াতে নহয়, ইয়াৰ আশে-পাশে থকা বহু অঞ্চল যেনে বৰপেটা, বৰভিটা, মায়ানবাৰী, জয়পুৰ, তাৰকান্দি, বাঘবৰ, গোৱালপাৰা, আৰু বঙাইগাঁও আদি বিভিন্ন জিলালৈ আমাৰ পতাকা যোগান ধৰি আহিছোঁ। চিনাকি ঠাইবোৰলৈও যোগান ধৰোঁ। কেতিয়াবা দুই-তিনি মাহৰ আগতেই কিছুমান সামগ্ৰী শেষ হৈ যায়। বহু দূৰ-দূৰণিৰ পৰাও মানুহ আমাৰ ওচৰলৈ পতাকা বিচাৰি আহে।”
তেওঁ কয়, "পতাকাৰ আকাৰ অনুসৰি মূল্যও পৃথক হয়। দুই ফুট, তিনি ফুট, পাঁচ ফুট বা তাতকৈ ডাঙৰ আকাৰৰ পতাকা গ্ৰাহকৰ প্ৰয়োজন অনুসৰি প্ৰস্তুত কৰা হয়। কিন্তু মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত কেৱল লাভৰ কথাই গুৰুত্ব নাপায়। আমি আমাৰ কাৰখানাত এখন পতাকাৰ প্ৰস্তুতৰ বাবে ব্যয় হোৱা সেই খৰচটোহে গ্ৰাহকৰ পৰা আদায় লওঁ। মই কেতিয়াও গ্ৰাহকৰ পৰা অত্যধিক দাম ল’ব নোখোজোঁ। সাধাৰণ মানুহেও যাতে পতাকা কিনিব পাৰে, সেইটো আমি সদায় লক্ষ্য ৰাখোঁ।”
পিয়াৰ আলীৰ এই উদ্যোগৰ আন এটা উল্লেখযোগ্য দিশ হৈছে আৰ্থিকভাৱে দুৰ্বল লোকৰ প্ৰতি সহায়ৰ হাত আগবঢ়োৱা। কোনোবাই পতাকা ক্ৰয় কৰিবলৈ পৰ্যাপ্ত ধন লৈ আহিব নোৱাৰিলেও দেশৰ জাতীয় পতাকা লাভ কৰাৰ পৰা যাতে বঞ্চিত নহয়, তাৰ প্ৰতি তেওঁ গুৰুত্ব দিয়ে। কেতিয়াবা সম্পূৰ্ণ বিনামূলীয়াকৈ তেওঁ পতাকা দিয়াৰ লগতে সামৰ্থ্য অনুসৰি পিছত ধন পৰিশোধ কৰাৰ সুযোগো দিয়ে।
গণৰাজ্য আৰু স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত পিয়াৰ আলীৰ দোকানৰ দৃশ্য
এখন ত্ৰিৰংগা দেখাত হয়তো কেৱল তিনিটা ৰঙৰ কাপোৰেৰে তৈয়াৰ কৰা এখন পতাকা। কিন্তু তাৰ আঁৰত থাকে বহু হাতৰ পৰিশ্ৰম, সময় আৰু অনুভূতি। পিয়াৰ আলীৰ ক্ষেত্ৰত সেই অনুভূতিয়ে লাভ কৰিছে এক মানৱীয় ৰূপ। ধনৰ অভাৱ যাতে কোনো লোকৰ দেশপ্ৰেম প্ৰকাশৰ বাটত বাধা নহয়, তাৰ বাবেই তেওঁ আগবঢ়াইছে সহায়ৰ হাত।
স্বাধীনতা দিৱসত যেতিয়া বৰপেটাৰ বিভিন্ন ঠাইত ত্ৰিৰংগা উৰিব, তেতিয়া সেই পতাকাৰ প্ৰতিটো চিলাইত কেৱল কাৰোবাৰ পৰিশ্ৰমেই নহয়, পিয়াৰ আলীৰ দৰে উদ্যোগীৰ মানৱীয়তা আৰু দেশপ্ৰেমৰো একো একোটা কাহিনীও লুকাই থাকিব।