কলকাতাৰ পৰা আন্তঃৰাষ্ট্ৰীয় সাংবাদিকতাৰ মঞ্চত ছাৰা আজিজঃ কলমৰ শক্তিৰে পোহৰলৈ আনিছে হেৰাই যোৱা কাহিনী

Story by  atv | Posted by  Munni Begum • 1 h ago
ছাৰা আজিজ
ছাৰা আজিজ
 
শম্পি চক্ৰৱৰ্তী পুৰকায়স্থ
 
সংবাদ শিৰোনাম দখল কৰিবলৈ সদায় পোহৰত থিয় হৈ থাকিব নালাগে।। কেতিয়াবা কেতিয়াবা গভীৰ অন্ধকাৰৰ মাজলৈ দৃষ্টি নিক্ষেপ কৰিও আৰম্ভ কৰিব পৰা যায় প্ৰকৃত সাংবাদিকতাৰ কাম। সেই অন্ধকাৰত হেঁচুকি ৰখা নিমাখিত জনতাৰ কাহিনী বিচাৰি উলিওৱা, নথিপত্ৰৰ স্তূপ ফালি সত্যৰ সন্ধান কৰা আৰু ক্ষমতাশালীসকলক অস্বস্তিত পেলাবলৈ কুণ্ঠাবোধ নকৰা- এনে এক জটিল অথচ নিৰ্ভীক পথকেই কুৰিৰ দেওনা পাৰ হোৱাৰ পূৰ্বেই আঁকোৱালি লৈছে কলকাতাৰ তৰুণ সাংবাদিক ছাৰা আজিজে।
 
২০২৫ চনত ব্ৰিটেইনৰ 'দ্য প্ৰেছ এৱাৰ্ডছ'ত 'ইয়ং জাৰ্নেলিষ্ট অৱ দ্য ইয়েৰ' শাখাত 'Highly Commended' স্বীকৃতি লাভ কৰে ছাৰাই। ২২ মে'ত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত তেওঁ এই সন্মান অৰ্জন কৰে। সেই সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ২৩ বছৰ। কলকাতাৰ পৰা আৰম্ভ হোৱা তেওঁৰ সাংবাদিকতাৰ যাত্ৰাই সেই সময়তে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ পাতত স্থান দখল কৰিছিল।
 
ছাৰা আজিজ
 
ছাৰাৰ সাংবাদিকতাৰ যাত্ৰা খুব বেছি দিনৰ আগৰ নহয়। ২০২৩ চনত কলকাতাত স্নাতক মহলাত পঢ়ি থকা সময়তেই ফ্ৰীলান্স সাংবাদিক হিচাপে তেওঁ কাম আৰম্ভ কৰে। লোৰেটো কলেজত ইংৰাজী সাহিত্যত স্নাতক পঢ়ি থকাৰ সমান্তৰালভাৱে অন্বেষণমূলক সাংবাদিকতাৰ প্ৰতি তেওঁৰ আগ্ৰহ জন্মে। পৰৱৰ্তী সময়ত কলম্বিয়া বিশ্ববিদ্যালয়ৰ গ্ৰেজুৱেট স্কুল অৱ জাৰ্নেলিজমৰ পৰা সাংবাদিকতাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁৰ কৰ্মজীৱনৰ পৰিচয়ত দ্য গাৰ্ডিয়ান, দ্য টেলিগ্ৰাফ, ছাউথ চাইনা মৰ্নিং পষ্ট, দ্য খ্ৰীষ্টান ছাইন্স মনিটৰ, ভইচ অৱ আমেৰিকা আৰু দ্য টাইমছৰ দৰে আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ নাম জড়িত হৈ আছে।
 
কিন্তু ছাৰাৰ পৰিচয়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটো হ'ল তেওঁৰ কৰ্মৰ বিষয়বস্তু। যিবোৰ কাহিনী সাধাৰণতে খবৰৰ ভিৰত হেৰাই যায়, সেইবোৰ কাহিনীকেই তেওঁ বাৰে বাৰে পোহৰলৈ আনিছে। ৰোহিংগীয়া শৰণাৰ্থীৰ দুৰ্দশা, কাৰাগাৰত বন্দী মহিলাৰ ওপৰত হোৱা যৌন নিৰ্যাতন, মানৱ অধিকাৰ উলংঘন, নাৰী স্বাস্থ্য- তেওঁৰ অন্বেষণৰ কেন্দ্ৰবিন্দুত সদায় সমাজৰ দুৰ্বল আৰু নিষ্পেষিত শ্ৰেণীৰ জীৱন আৰু অভিজ্ঞতাই স্থান পাই আহিছে।
 
২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত দ্য গাৰ্ডিয়ানত প্ৰকাশিত তেওঁৰ এক অন্বেষণমূলক প্ৰতিবেদনত পশ্চিমবংগৰ কাৰাগাৰত বন্দী মহিলাৰ ওপৰত হোৱা যৌন নিৰ্যাতনৰ অভিযোগ পোহৰলৈ আহে। প্ৰতিবেদনখনত উল্লেখ কৰা হৈছিল যে পুৰুষ আৰু মহিলা বন্দীক পৃথককৈ ৰখাৰ ব্যৱস্থা থকাৰ পিছতো বিভিন্ন কাৰাগাৰত মহিলাৰ নিৰাপত্তাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে। এই প্ৰতিবেদনৰ বাবে স্বয়ং ছাৰাই ক্ষেত্ৰভিত্তিক তথ্য সংগ্ৰহ কৰিছিল। প্ৰতিবেদনখনত তেওঁ নিজে তোলা আলোকচিত্ৰও প্ৰকাশ পাইছিল।
 
ইয়াৰ পিছত ৰোহিংগীয়া শৰণাৰ্থীসকলক লৈ কৰা তেওঁৰ অন্বেষণ অধিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চালৈ আহে। বাংলাদেশত ৰোহিংগীয়াসকলৰ পৰিস্থিতিক লৈ ভইচ অৱ আমেৰিকাৰ হৈ প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়ত তেওঁ শৰণাৰ্থীসকলৰ সৈতে প্ৰত্যক্ষভাৱে কথা পাতে। এই কামেই পৰৱৰ্তী সময়ত তেওঁৰ বঁটা প্ৰাপ্তিৰ অন্যতম ভেটি হৈ পৰে।
 
ছাৰা আজিজ
 
ৰোহিংগীয়া প্ৰসংগত তেওঁৰ কাম ইয়াতেই থমকি ৰোৱা নাছিল। ২০২৫ চনৰ জানুৱাৰী মাহত দ্য গাৰ্ডিয়ানত প্ৰকাশিত এক প্ৰতিবেদনত বাংলাদেশ-ম্যানমাৰ সীমান্তত আৱদ্ধ ৰোহিংগীয়া শৰণাৰ্থীসকলৰ কৰুণ পৰিস্থিতি তুলি ধৰে ছাৰাই। স্থানীয় লোকৰ ভাষ্য, সীমান্তৰ বাস্তৱ অৱস্থা আৰু ৰাষ্ট্ৰীয় নীতিৰ প্ৰভাৱ- এই সকলোবোৰ সামৰি প্ৰতিবেদনখন প্ৰস্তুত কৰা হৈছিল।
 
তেওঁৰ আন এক অন্বেষণমূলক কামে আন্তঃৰাষ্ট্ৰীয় সাংবাদিকতাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। দ্য টেলিগ্ৰাফত প্ৰকাশিত এক প্ৰতিবেদনত দিল্লীত ভাৰতীয় কৰ্তৃপক্ষৰ জিম্মাত থকা এটি ৰোহিংগীয়া শিশুৰ মৃত্যুক লৈ প্ৰশ্ন উত্থাপন কৰা হয়। সেই মাল্টিমিডিয়া অন্বেষণত শিশুটিৰ চিকিৎসা আৰু জিম্মাত থকা অৱস্থাৰ লগতে ভাৰতত ৰোহিংগীয়া শৰণাৰ্থীসকলক আটক আৰু নিৰ্যাতন চলোৱাৰ বৃহত্তৰ ছবিখনো পোহৰলৈ অনাৰ প্ৰয়াস কৰা হৈছিল।
 
এই সাহসী পদক্ষেপসমূহৰ বাবেই ২০২৫ চনৰ 'দ্য প্ৰেছ এৱাৰ্ডছ'ত 'ইয়ং জাৰ্নেলিষ্ট অৱ দ্য ইয়েৰ' শাখাত 'Highly Commended' সন্মানেৰে বিভূষিত হয় ছাৰা। নিজৰ লিংকডইন প'ষ্টত এই স্বীকৃতিৰ কথা প্ৰকাশ কৰি তেওঁ লিখিছিল যে এই সন্মান দ্য টেলিগ্ৰাফ আৰু দ্য গাৰ্ডিয়ানত কৰা তেওঁৰ অন্বেষণমূলক কৰ্মৰ স্বীকৃতিস্বৰূপ। একেটা প'ষ্টতে তেওঁ নিজৰ মাতৃ, ভগ্নী, আইতা, শিক্ষক, সহকৰ্মীৰ লগতে লোৰেটো কলেজ আৰু কলম্বিয়া বিশ্ববিদ্যালয়ৰ শিক্ষকসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। বিশেষভাৱে শ্ৰদ্ধাৰে সোঁৱৰে সেইসকল ৰোহিংগীয়া লোকক, যিসকলে বিশ্বাস কৰি তেওঁলোকৰ জীৱনৰ সংগ্ৰামৰ কথা তেওঁক জনাইছিল।
 
ছাৰাৰ সেই প'ষ্টটোৰ এটি অংশ বিশেষভাৱে তাৎপৰ্যপূৰ্ণ। তেওঁ লিখিছে যে এগৰাকী সাংবাদিক হিচাপে কঠিন সময়ৰ মাজতো নিজকে অধিক কঠোৰ কৰি তুলিবলগীয়া হয়। বঁটা গ্ৰহণৰ বাবে যুক্তৰাজ্যলৈ যোৱাৰ প্ৰস্তুতি চলোৱাৰ পিছতো আমেৰিকা যুক্তৰাষ্ট্ৰত তেওঁৰ ছাত্ৰ ভিছা সম্পৰ্কীয় এক জটিলতাৰ বাবে শেষ মুহূৰ্তত যাত্ৰা বাতিল কৰিবলগীয়া হৈছিল। সেয়েহে এই বঁটা তেওঁৰ বাবে কেৱল এটা ট্ৰফী নহয়, বৰং এগৰাকী সাংবাদিক হিচাপে আগবঢ়া যাত্ৰাপথৰ এক গুৰুত্বপূৰ্ণ স্বীকৃতি।
 
ছাৰাৰ পৰিচয়ৰ আন এটা দিশো কম আকৰ্ষণীয় নহয়। তেওঁ কেৱল এগৰাকী সাংবাদিকেই নহয়, এগৰাকী কবি আৰু চিত্ৰশিল্পী হিচাপেও কাম কৰে। 'পয়েট্ৰি ফাউণ্ডেচন'ৰ প্ৰফাইলত তেওঁক ভাৰতীয় কবি, সাংবাদিক আৰু ইলাষ্ট্ৰেটৰ হিচাপে পৰিচয় দিয়া হৈছে। তাত তেওঁৰ কবিতাও প্ৰকাশ পাইছে।
 
ছাৰা আজিজ
 
কলকাতাৰ এখন মহাবিদ্যালয়ৰ ছাত্ৰী হিচাপে সাংবাদিকতাত ভৰি দিয়া ছোৱালীজনীৰ লেখনি কেইবছৰমানৰ ভিতৰতেই বিশ্বৰ শীৰ্ষস্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পাবলৈ ধৰিলে। কিন্তু ইমান সফলতাৰ পিছতো তেওঁৰ কৰ্মৰ কেন্দ্ৰবিন্দু সলনি হোৱা নাই। আজিও তেওঁ এনেকুৱা মানুহৰ কাহিনী বিচাৰি ফুৰিছে, যাৰ কণ্ঠস্বৰ বহু সময়ত ক্ষমতাৰ বলিষ্ঠ প্ৰভাৱত হেৰাই যায়।
 
নিজৰ পেছাদাৰী পৰিচয়ত ছাৰাই উল্লেখ কৰিছে যে অন্বেষণমূলক সাংবাদিকতা আৰু ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় গুৰুত্বসম্পন্ন মানৱ অধিকাৰ সম্পৰ্কীয় বিষয়ৰ ওপৰত কাম কৰিবলৈ তেওঁ সদায় আগ্ৰহী। নাৰী স্বাস্থ্য, ৰোহিংগীয়া শৰণাৰ্থী সংকট, মানৱ সৰবৰাহ আৰু খিলঞ্জীয়া লোকৰ সমস্যা আদি বিষয়ৰ ওপৰত তেওঁ বিস্তৃতভাৱে কাম কৰি আহিছে।
 
তেওঁৰ এই যাত্ৰা সেয়েহে কেৱল কলকাতাৰ এগৰাকী তৰুণ সাংবাদিকে আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ সাধাৰণ কাহিনী নহয়। ই হৈছে এনে এক প্ৰজন্মৰ সাংবাদিকতাৰ বলিষ্ঠ প্ৰতিচ্ছবি, যিয়ে ডিজিটেল মাধ্যমক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিও তৃণমূল পৰ্যায়ৰ মানুহৰ কাষলৈ যাবলৈ বিচাৰে, নথিপত্ৰৰ মাজত সত্য বিচাৰে আৰু নিৰ্ভীকভাৱে প্ৰশ্ন কৰিবলৈ সাহস কৰে।
 
কলকাতাৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাপথ এতিয়া বহুদূৰ আগবাঢ়িছে। বয়স এতিয়াও তেনেই কম, সন্মুখত পৰি আছে এক সুদীৰ্ঘ সময়। কিন্তু ছাৰা আজিজে ইতিমধ্যেই সমগ্ৰ বিশ্বক দেখুৱাই দিছে যে সাংবাদিকতাৰ প্ৰকৃত শক্তি কেৱল দ্ৰুতগতিত খবৰ সম্প্ৰচাৰ কৰাতেই আৱদ্ধ নাথাকে; কেতিয়াবা এই শক্তি লুকাই থাকে এনে এটা কাহিনী বিচাৰি উলিওৱাৰ মাজত, যিটো কাহিনী কোনেও শুনিবলৈ বিচৰা নাছিল। ছাৰাৰ কলমে আজি সেই হেৰাই যোৱা কাহিনীবোৰকেই সজীৱ কৰি তুলিছে।