প্ৰতিটো খোজতেই আছিল মৃত্যুৰ হাতবাউলিঃ কাৰ্গিলত কেনেদৰে জয়ী হৈছিল নায়ক দিগেন্দ্ৰ কুমাৰ?

Story by  atv | Posted by  [email protected] • 1 Months ago
নায়ক দিগেন্দ্ৰ কুমাৰ
নায়ক দিগেন্দ্ৰ কুমাৰ
 
বিদুশী গৌৰ / নতুন দিল্লী
 
কিছুমান বিজয়ৰ কাহিনী কেৱল ইতিহাসৰ পৃষ্ঠাতেই আৱদ্ধ নাথাকে, সেইবোৰ চিৰকালৰ বাবে খোদিত হৈ ৰয় সুউচ্চ পৰ্বতৰ বুকুত। কাৰ্গিলৰ বৰফে ঢকা সেই দুৰ্গম উচ্চতাত, য'ত প্ৰতিটো নিশাহত আছিল একোখন যুদ্ধ আৰু প্ৰতিটো খোজতেই লুকাই আছিল মৃত্যুৰ হাতবাউলি, তাতেই নায়ক দিগেন্দ্ৰ কুমাৰে এনে এখন যুদ্ধত অৱতীৰ্ণ হৈছিল যিখন ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ এক নিৰ্ণায়ক মুহূৰ্ত হৈ পৰিছিল।
 
 
এইখন কেৱল অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত শত্ৰু সেনাৰ বিৰুদ্ধে কৰা যুদ্ধ নাছিল; এইখন আছিল হাড় কঁপোৱা হিমচেঁচা বতাহ, তৰোৱালৰ দৰে চোকা শিলৰ পাহাৰ আৰু প্ৰতিটো পলতে খাপ পিটি থকা নিশ্চিত মৃত্যুৰ বিৰুদ্ধে এক অদম্য সংগ্ৰাম। দিগেন্দ্ৰ কুমাৰৰ বাবে অৱশ্যে পিছুৱাই অহাৰ কোনো বিকল্প নাছিল।
 
ৰাজস্থানৰ এটি সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰা দিগেন্দ্ৰই দেশসেৱাক কেৱল এক বৃত্তি হিচাপে নহয়, এক পৱিত্ৰ কৰ্তব্য হিচাপে গণ্য কৰি ডাঙৰ-দীঘল হৈছিল। এই দৃঢ় বিশ্বাসেই অৱশেষত তেওঁক ভাৰতীয় সেনাবাহিনীলৈ লৈ আহিছিল, য'ত তেওঁ নিজৰ সাহস আৰু যুদ্ধক্ষেত্ৰৰ পৰম্পৰাৰ বাবে বিখ্যাত '2 Rajputana Rifles’ ৰেজিমেণ্টৰ অংশ হৈ পৰিছিল।
 
নায়ক দিগেন্দ্ৰ কুমাৰ
 
১৯৯৯ চনৰ গ্ৰীষ্মকালত যেতিয়া কাৰ্গিল যুদ্ধ আৰম্ভ হৈছিল, তেতিয়া তেওঁলোকৰ বেটেলিয়নটোক এই যুদ্ধৰ অন্যতম আটাইতকৈ বিপদজনক অভিযানৰ দায়িত্ব দিয়া হৈছিল। সেইটো আছিল ৰাষ্ট্ৰীয় ঘাইপথ NH 1A ৰ ওপৰত থকা এক গুৰুত্বপূৰ্ণ পাহাৰৰ চূড়া 'টোলোলিং' পুনৰ দখল কৰা। শত্ৰু সেনাই এই উচ্চ স্থানবোৰ দখল কৰি পাহাৰটোক এক অভেদ্য দুৰ্গলৈ ৰূপান্তৰিত কৰিছিল, য'ত বাংকাৰ, মেচিনগান আৰু লুকাই থকা ফায়াৰিং পজিচনবোৰ সাজি ৰখা হৈছিল। দিগেন্দ্ৰ কুমাৰে স্বেচ্ছাই এই আক্ৰমণকাৰী দলটোৰ অংশ হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল।
 
যেতিয়া আন্ধাৰে পাহাৰবোৰ আৱৰি ধৰিছিল, তেওঁ আৰু তেওঁৰ সতীৰ্থসকলে তেওঁলোকৰ আৰোহণ আৰম্ভ কৰিছিল। প্ৰতিটো খোজ নিঃশব্দে পেলাব লগা হৈছিল। খহি পৰা শিলগুটিয়ে তেওঁলোকৰ অৱস্থান ফাদিল কৰাৰ ভয় আছিল। শত্ৰুৰ এটা গুলীয়েই সৈনিকসকলক তলৰ উপত্যকালৈ বগৰাই পেলাব পাৰিলেহেঁতেন। তথাপি, ৰাতিপুৱাৰ আগতেই চূড়াত উপনীত হোৱাৰ দৃঢ় সংকল্প লৈ তেওঁলোক ইঞ্চি ইঞ্চিকৈ আগবাঢ়িছিল।
 
আৰ্টিলাৰীৰ গোলাবোৰে শিলৰ পাহাৰবোৰ কঁপাই তুলিছিল আৰু হিমচেঁচা বতাহ ফালি গুলীবোৰ পাৰ হৈ গৈছিল। এই ভয়ংকৰ পৰিস্থিতিৰ মাজতো দিগেন্দ্ৰ কুমাৰে অসাধাৰণ সাহসেৰে শত্ৰুৰ বাংকাৰৰ ফালে আগবাঢ়ি গৈছিল। নিৰন্তৰ গুলীচালনাৰ সন্মুখীন হোৱাৰ পিছতো তেওঁ আগবাঢ়ি গৈ কেইবাটাও শত্ৰুৰ ঘাটি ধ্বংস কৰি নিজৰ সতীৰ্থ সৈনিকসকলৰ বাবে পথ মুকলি কৰি দিছিল। যুদ্ধ শেষ হোৱাৰ সময়লৈকে টোলোলিং পুনৰ ভাৰতৰ হাতলৈ আহিছিল।
 
প্ৰাক্তন ৰাষ্ট্ৰপতি কেআৰ নাৰায়নানৰ সৈতে নায়ক দিগেন্দ্ৰ কুমাৰ
 
এই বিজয়ে কাৰ্গিল যুদ্ধৰ এক টাৰ্নিং পইণ্ট হৈ সমগ্ৰ দেশবাসীৰ মনোবল বৃদ্ধি কৰিছিল আৰু পৰৱৰ্তী সফলতাৰ পথ প্ৰশস্ত কৰিছিল। যুদ্ধক্ষেত্ৰত তেওঁৰ এই ব্যতিক্ৰমী সাহস আৰু অনবদ্য নেতৃত্বৰ বাবে নায়ক দিগেন্দ্ৰ কুমাৰক ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ যুদ্ধকালীন বীৰত্ব বঁটা 'মহাবীৰ চক্ৰ'ৰে সন্মানিত কৰা হৈছিল।
 
পিছে, পদকবোৰে তেওঁৰ কাহিনীৰ কেৱল এটা অংশহে প্ৰকাশ কৰে। অগণন সৈনিকৰ দৰেই তেৱোঁ যুদ্ধৰ পৰা উভতি আহিছিল বুকুত লৈ অহা কিছুমান গধুৰ স্মৃতিৰ সৈতে, যিবোৰ কোনো সন্মানেৰে মচি পেলাব নোৱাৰি- ঘূৰি নহা সতীৰ্থসকলৰ মুখবোৰ, যুদ্ধৰ পিছত নামি অহা সেই ভয়ংকৰ নিস্তব্ধতা আৰু দেশৰ হকে কৰা সৰ্বোচ্চ ত্যাগৰ গধুৰ বোজা। তথাপি, তেওঁ কেতিয়াও যুদ্ধৰ কথা কেৱল অহংকাৰেৰে কোৱা নাই।
 
তেওঁ প্ৰায়ে যুৱপ্ৰজন্মক সোঁৱৰাই দিয়ে যে আমাৰ এই স্বাধীনতা সেইসকল সাধাৰণ মানুহৰ দ্বাৰাই সুৰক্ষিত, যিসকলে মাতৃভূমিৰ আহ্বানত অসাধাৰণ সাহসক আঁকোৱালি লয়। প্ৰতিটো বিজয়ৰ আঁৰত লুকাই থাকে ঘৰত উদ্বিগ্নতাৰে অপেক্ষা কৰি থকা পৰিয়াল, বিনিদ্ৰ ৰজনী কটোৱা এগৰাকী মাতৃৰ প্ৰাৰ্থনা আৰু সেইসকল বীৰ সৈনিক যিয়ে কেতিয়াও ঘূৰি নাহিব পাৰে বুলি জানিও মৃত্যুঞ্জয়ী সংকল্পৰে পাহাৰৰ শিখৰলৈ বগাই যায়।