ইছলামিক দৃষ্টিকোণত স্বাধীনতাঃ কেৱল উদযাপন নে এক বৃহৎ দায়িত্ব?

Story by  atv | Posted by  [email protected] • 5 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
ইমান ছাকিনা
 
মানুহে প্ৰায়ে স্বাধীনতাৰ উদযাপনক কেৱল সেই মুহূৰ্তটোৰ সৈতে জড়িত কৰে যেতিয়া এখন দেশে বিদেশী শাসনৰ শিকলিৰ পৰা মুক্তি লাভ কৰে। এনে বিশেষ উপলক্ষে ৰাস্তা-ঘাটবোৰ সুন্দৰ পোহৰেৰে সজাই তোলা হয়, জাতীয় পতাকা উত্তোলন কৰা হয়, উৎসাহেৰে ভৰা ভাষণ প্ৰদান কৰা হয় আৰু দেশৰ স্বাৰ্থত প্ৰাণ আহুতি দিয়া সেই স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগক স্মৰণ কৰা হয়।
 
কিন্তু আমি যদি ইছলামিক দৃষ্টিকোণৰ পৰা চাওঁ, তেন্তে স্বাধীনতাৰ অৰ্থ কেতিয়াও কেৱল কোনো বাহিৰা শাসনৰ পৰা পৰিত্ৰাণ পোৱাখিনিতেই সীমাবদ্ধ নাথাকে। ইয়াৰ পোনপটীয়া অৰ্থ এয়াও যে এতিয়া আমাৰ কিছুমান দায়িত্ব নিৰ্ধাৰিত হৈ গৈছে। এই দায়িত্ব আল্লাহৰ প্ৰতি, আমাৰ নিজৰ সমাজৰ প্ৰতি আৰু আগন্তুক প্ৰজন্মৰ প্ৰতি থাকে।
 
 
পৱিত্ৰ কোৰানে আমাক বাৰে বাৰে সোঁৱৰাই দিয়ে যে স্বাধীনতা আৰু অধিকাৰ প্ৰকৃততে আমাৰ দায়িত্বৰ এক বৃহৎ পৰীক্ষা। আল্লাহ তাআলাৰ ফৰমান হৈছে যে- আল্লাহে তোমালোকক নিৰ্দেশ দিছে যে তোমালোকে আমানতসমূহ তাৰ প্ৰকৃত অধিকাৰীৰ ওচৰত নিৰাপদে অৰ্পণ কৰা আৰু যেতিয়া মানুহৰ মাজত বিচাৰ কৰা, তেতিয়া সম্পূৰ্ণ ন্যায় আৰু নিৰপেক্ষতাৰে বিচাৰ কৰা।
 
এই আয়াতটোৰ পৰা এই কথা স্পষ্ট হৈ পৰে যে স্বাধীনতা এক অতি বৃহৎ আমানত। এবাৰ যেতিয়া কোনো এখন দেশৰ জনসাধাৰণে নিজৰ ওপৰত নিজেই শাসন চলোৱাৰ অধিকাৰ আৰু সুযোগ লাভ কৰে, তেতিয়া তেওঁলোক এই কথাৰ বাবে সম্পূৰ্ণৰূপে জবাবদিহি হৈ পৰে যে তেওঁলোকে নিজৰ এই স্বাধীনতাৰ ব্যৱহাৰ কেনেদৰে কৰিছে।
 
স্বাধীনতা লাভৰ পাছত প্ৰথম আৰু আটাইতকৈ ডাঙৰ দায়িত্বটো হৈছে ন্যায় প্ৰতিষ্ঠা কৰা। যিকোনো এখন দেশক তেতিয়ালৈকে প্ৰকৃত অৰ্থত স্বাধীন বুলি ক'ব নোৱাৰি যেতিয়ালৈকে তাৰ নিজৰ সমাজৰ ভিতৰতে অন্যায় আৰু বৈষম্য বৰ্তি থাকে।
 
ইছলামে কেতিয়াও এই কথাৰ অনুমতি নিদিয়ে যে ন্যায় কেৱল শক্তিশালী আৰু প্ৰভাৱশালী লোকসকলৰ মাজতেই সীমাবদ্ধ হৈ ৰওক আৰু আনফালে দৰিদ্ৰ, দুৰ্বল, মহিলা তথা সমাজৰ প্ৰান্তীয় লোকসকলক আওকাণ কৰা হওক।
 
কোৰানৰ স্পষ্ট নিৰ্দেশ হৈছেঃ ''হে ঈমান অনা স্বকল! ন্যায়ৰ ক্ষেত্ৰত দৃঢ়তাৰে থিয় দিয়া আৰু আল্লাহৰ বাবে সাক্ষী হোৱা। প্ৰকৃত স্বাধীনতা কেৱল সেইখন সমাজেই গঢ়ি তুলিব পাৰে য'ত প্ৰতিগৰাকী ব্যক্তিয়ে সম্পূৰ্ণ সন্মান, নিৰাপত্তা আৰু সমতাৰ অধিকাৰ লাভ কৰিব পাৰে।
 
ইয়াৰ পাছত দ্বিতীয়টো আটাইতকৈ ডাঙৰ দায়িত্ব হৈছে ৰাজহুৱা জীৱনত সততা অৱলম্বন কৰা। যেতিয়া সমাজত দুৰ্নীতি, অসততা আৰু চৰকাৰী বা ৰাজহুৱা সম্পদৰ অপব্যৱহাৰ সাধাৰণ ঘটনাত পৰিণত হয়, তেতিয়া সেই স্বাধীনতাৰ সমগ্ৰ অৰ্থই ম্লান পৰি যায়।
 
জাতীয় পতাকা হাতত লৈ স্বাধীনতা দিৱস উদযাপন
 
যিসকল লোকৰ হাতত দেশ বা সমাজৰ শাসনভাৰ অৰ্পণ কৰা হয়, তেওঁলোকে সদায় এই কথা উপলব্ধি কৰা উচিত যে নেতৃত্ব কোনো বিলাসিতা বা বিশেষাধিকাৰ নহয়, বৰং ই হৈছে আল্লাহৰ ওচৰত দাখিল কৰিবলগীয়া এক বৃহৎ দায়িত্ব। আমাৰ প্ৰিয় পয়গম্বৰ হজৰত মহম্মদে এই শিক্ষা দিছে যে প্ৰতিজন মানুহেই এজন তত্ত্বাৱধায়ক আৰু প্ৰতিজন তত্ত্বাৱধায়কেই নিজৰ অধীনস্থসকলৰ চোৱাচিতাৰ বাবে সম্পূৰ্ণৰূপে দায়বদ্ধ।
 
আন এক অত্যন্ত গুৰুত্বপূৰ্ণ দায়িত্ব হৈছে সমাজৰ দুৰ্বল শ্ৰেণীটোক ৰক্ষা কৰা আৰু তেওঁলোকৰ সেৱা কৰা। দৰিদ্ৰ, অনাথ, বিধৱা, বৃদ্ধ আৰু নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ ক্ষমতা নথকা সকলো লোকৰ অধিকাৰৰ ওপৰত ইছলামে অত্যন্ত গুৰুত্ব আৰোপ কৰে।
 
যিকোনো স্বাধীন আৰু সফল দেশৰ প্ৰগতিৰ মাপকাঠী কেৱল সুউচ্চ অট্টালিকা, বহল ৰাস্তা বা অৰ্থনৈতিক পৰিসংখ্যাই হ'ব নালাগে; বৰং এইটোহে চাব লাগে যে সেই ৰাষ্ট্ৰখনে নিজৰ সংগ্ৰামৰত আৰু দৰিদ্ৰ নাগৰিকসকলৰ সৈতে কিমান কৰুণা আৰু সহানুভূতিশীল ব্যৱহাৰ কৰে।
 
সাধাৰণ নাগৰিকৰো দেশৰ প্ৰতি কিছুমান বিশেষ দায়িত্ব থাকে। স্বাধীনতাৰ অৰ্থ কেতিয়াও এয়া নহয় যে কোনোবাই নিজৰ ইচ্ছামতে বিনা জবাবদিহিৰে যিকোনো কাম কৰাৰ মুকলি সুবিধা লাভ কৰে।
 
সমাজৰ উত্তৰণত যাতে মানুহে ইতিবাচক অৱদান আগবঢ়ায়, দেশৰ আইনক সম্পূৰ্ণ সন্মান কৰে, ৰাজহুৱা সম্পত্তি ৰক্ষা কৰে, ওচৰ-চুবুৰীয়াক সহায় কৰে আৰু সমাজত ঘৃণা বা বিভাজন সৃষ্টি কৰা যিকোনো কাৰ্যৰ পৰা আঁতৰি থাকে— তাৰ বাবে ইছলামত সদায় অনুপ্ৰেৰণা যোগোৱা হয়। কোৰানত কোৱা হৈছে যে সৎ আৰু পৰোপকাৰৰ কামত এজনে আনজনক সহযোগিতা কৰা, কিন্তু পাপ আৰু অন্যায়ৰ কামত কাৰো সংগ নিদিবা।
 
হয়তো স্বাধীনতাৰ পাছত আটাইতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ দায়িত্বটোৱেই হৈছে পাৰস্পৰিক একতা বজাই ৰখা। অশেষ ত্যাগৰ বিনিময়ত লাভ কৰা এই স্বাধীনতাক পাৰস্পৰিক ঘৃণা, পক্ষপাতিত্ব, স্বাৰ্থপৰতা আৰু আভ্যন্তৰীণ কন্দলৰ জৰিয়তে অতি সহজেই দুৰ্বল কৰি পেলাব পাৰি। পৱিত্ৰ কোৰানে ঈমানদাৰসকলক সদায় এই সকীয়নি দিছে যে তেওঁলোক যাতে কেতিয়াও নিজৰ মাজত বিভক্ত নহয় আৰু সদায় একতাৰ ডোলেৰে দৃঢ়ভাৱে বান্ধ খাই থাকে।
 
এইবাবেই স্বাধীনতাৰ এই উৎসৱ কেৱল উদযাপনৰ মাজতেই শেষ হৈ যাব নালাগে। ইয়াৰ পৰাই আমাৰ নতুন দায়িত্ব আৰু কৰ্তব্যৰ এক নতুন অধ্যায়ৰ সূচনা হ'ব লাগে। আজি আমাৰ সন্মুখত প্ৰকৃত প্ৰশ্নটো এয়া হ'ব নালাগে যে আমি আমাৰ স্বাধীনতা কেনেদৰে অৰ্জন কৰিছিলোঁ, গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে আমি এই প্ৰাপ্ত স্বাধীনতাৰ সঠিক ব্যৱহাৰ কেনেদৰে কৰিছোঁ।
ইছলামৰ দৃষ্টিকোণৰ পৰা এই প্ৰশ্নটোৰ আটাইতকৈ সঠিক উত্তৰটো হৈছে- ন্যায়, সততা, সেৱা, দয়া, একতা আৰু আল্লাহৰ ওচৰত নিজৰ দায়িত্ব স্বীকাৰ কৰা। যিকোনো দেশে নিজৰ স্বাধীনতাৰ প্ৰকৃত সন্মান তেতিয়াহে কৰে, যেতিয়া সেই স্বাধীনতাই মানৱীয় মৰ্যাদা ৰক্ষা কৰাৰ লগতে ইয়াৰ সকলো নাগৰিকৰ মৌলিক অধিকাৰসমূহ পূৰণ কৰাৰ এক মাধ্যম হৈ পৰে। স্বাধীনতা নিঃসন্দেহে আল্লাহৰ এক অতি বৃহৎ নিয়ামত (উপহাৰ), কিন্তু পৃথিৱীৰ নিয়মেই হৈছে যে প্ৰতিটো নিয়ামতেই নিজৰ লগত একোটা ডাঙৰ দায়িত্বও কঢ়িয়াই আনে।
 
(ইমান ছাকিনাঃ দৰ্শন আৰু ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী। বিগত ১৫ বছৰ ধৰি তেওঁ শিক্ষাদানৰ ক্ষেত্ৰখনৰ সৈতে সক্ৰিয়ভাৱে জড়িত আৰু ইছলাম তথা ভাৰতীয় মুছলমানসকলৰ সামাজিক বিষয়সমূহৰ ওপৰত প্ৰভাৱশালী লেখা আগবঢ়াই আহিছে।)


শেহতীয়া খবৰ