মালিক আছগৰ হাচমী
২৯ খন টেষ্ট, ১২০ খন এদিনীয়া, ২৪ খন টি-২০... কেইবা ডজনো ৰেকৰ্ড, বতাহত লহক-লহককৈ কঁপা বল আৰু খেলপথাৰত ৰোপণ কৰা সফলতাৰ পতাকা!- যেতিয়া আমি ইৰফান পাঠানৰ এই অমূল্য সফলতাৰ ফালে চাওঁ, তেতিয়া মনলৈ প্ৰথমতে আহে তেওঁৰ কঠোৰ পৰিশ্ৰম, প্ৰেক্টিচত বোৱা অগণন ঘাম আৰু দুৰ্দান্ত উন্মাদনা। নিশ্চিতভাৱে, পৰিশ্ৰম তাত আছিলেই! কিন্তু আপুনি জানেনে যে এখন সৰু চহৰৰ পৰা ওলাই আহি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ উচ্চ শিখৰ স্পৰ্শ কৰাৰ আঁৰত এজন জ্যেষ্ঠ খেলুৱৈৰ এক বিশেষ গুপুত উপদেশ লুকাই আছিল, যিয়ে ইৰফানৰ খেল আৰু জীৱনৰ প্ৰতি থকা দৃষ্টিভংগী চিৰদিনৰ বাবে সলনি কৰি পেলাইছিল?
শেহতীয়াকৈ ‘ছ’নী স্প’ৰ্টছ নেটৱৰ্ক’ত হোৱা এক সাক্ষাৎকাৰত, যেতিয়া তেওঁৰ সৈতে অজয় জাডেজা উপস্থিত আছিল, ইৰফান পাঠানে বছৰ বছৰ পুৰণি এই আকৰ্ষণীয় আৰু অনুপ্ৰেৰণাদায়ক ৰহস্য উন্মোচন কৰিছিল। এই সুন্দৰ কাহিনীটোৰ গভীৰলৈ যাবলৈ হ’লে আমি সময়ৰ চকৰি প্ৰায় ২৩ বছৰ পিছলৈ নিব লাগিব।
বিদেশ ভ্ৰমণ উপভোগ কৰা মুহূৰ্তত ইৰফান পাঠান
কথাটো তেতিয়াৰ, যেতিয়া যুৱ, লাজকুৰীয়া আৰু প্ৰতিভাধৰ ইৰফান পাঠানে তেওঁৰ জীৱনৰ প্ৰথম আন্তৰিক খেলখন খেলিবলৈ অষ্ট্ৰেলিয়াৰ ঐতিহাসিক এডিলৈড খেলপথাৰত উপস্থিত হৈছিল। প্ৰেক্টিচ মেচখনতেই নিজৰ ছুইঙৰ যাদুকৰী প্ৰদৰ্শন দি তেওঁ এটা উইকেট দখল কৰিছিল। মেচখন চলি থকা অৱস্থাতেই অধিনায়ক সৌৰভ গাংগুলী নিজেই তেওঁৰ ওচৰলৈ আহিছিল, তেওঁৰ কান্ধত চাপৰ মাৰি নিজৰ বিশেষ শৈলীৰে কৈছিল- "বাহ য়াৰ! তোহৰি গেন্দ তো তেজি চে আন্দৰ ঘূমটনি হ্যায়!" ("বাহ বন্ধু! তোমাৰ বলটো সোনকালে ভিতৰলৈ সোমাই যায়!")৷ কিন্তু খেলপথাৰৰ বাহিৰত ইৰফান এক অদ্ভূত সংগ্ৰামৰ মাজেৰে পাৰ কৰিব লগা হৈছিল।
মছজিদৰ ইমাম আব্বাৰ তত্ত্বাৱধানত আৰু মছজিদৰ এটা সৰু কোঠাত ডাঙৰ-দীঘল হোৱা ইৰফানে প্ৰথমবাৰৰ বাবে দেশৰ সীমাৰ বাহিৰত ভৰি দিছিল। সেই সময়ত ড্ৰেছিং ৰুমত প্ৰতিজন খেলুৱৈৰ পচন্দৰ খাদ্য সহজে উপলব্ধ নাছিল। দলটোক খাবলৈ "লাজানা" (Lasagna) দিয়া হৈছিল, যিটো পাস্তা, পনিৰ আৰু আলুৰে তৈয়াৰী এক ইটালিয়ান খাদ্য আছিল।
আমিস খাদ্যৰ নামতো ভাৰতৰ দৰে মচলাযুক্ত মটন বা মুৰ্গীৰ সলনি এক আচৰিত ধৰণৰ উতলোৱা বিদেশৰ খাদ্যহে পোৱা গৈছিল। ভাৰতীয় খাদ্যৰ অনুৰাগী আৰু লাজকুৰীয়া স্বভাৱৰ ইৰফানে সেই "লাজানা" গ্ৰহণ কৰিব পৰা নাছিল। তেওঁ মনে মনে ভাবিছিল- "ইস্! যদি অলপ ভাত আৰু চাটনি পোৱা গ’লহেঁতেন, তেন্তে সুখী হ’লোহেঁতেন!"*
পেটত ভোক লৈ বলিং কৰাটো সম্ভৱ নাছিল, গতিকে ইৰফানে এক সহজ উপায় উলিয়ালে, তেওঁ প্ৰতিদিনে কেৱল গাখীৰ আৰু ভাত খাই পেট ভৰাবলৈ ধৰিলে। তেওঁৰ অলপো ধাৰণা নাছিল যে ড্ৰেছিং ৰুমৰ এটা চুকৰ পৰা কোনোবাই অতি সাৱধানে তেওঁৰ এই দুৰ্দশা লক্ষ্য কৰি আছিল।
এদিন খেল শেষ হোৱাৰ পিছত ইৰফান তেওঁৰ হোটেলৰ কোঠাত ভাগৰুৱা অৱস্থাত জিৰণি লৈ আছিল। হঠাতে ফোনটো বাজি উঠিছিল।
ইৰফানে ফোনটো তুলি ল’লে, "হেল্ল’?" সিফালৰ পৰা এক গম্ভীৰ অথচ অতি আন্তৰিক স্বৰ ভাহি আহিলঃ "মই লক্ষ্মণে (ভি ভি এছ লক্ষ্মণ) কৈছোঁ। ১৫ মিনিটৰ ভিতৰতে লগে লগে সাজু হৈ তললৈ আহিবি, আমি একেলগে খাবলৈ ওলাই যাম।"*
এজন জ্যেষ্ঠ তাৰকা খেলুৱৈয়ে নিজেই নিমন্ত্ৰণ জনাইছে! ইৰফান আনন্দতে সোনকালে সাজু হৈ তললৈ নামি গ’ল।
বিৰল ছবি: চাৰিজন বন্ধু...কাইফ, ইৰফান, জাহিৰ আৰু ভজ্জী
দুয়ো এডিলৈডৰ বিখ্যাত হায়াট হোটেলৰ পৰা ওলাই আহিল। ইৰফানৰ মনটো সুখী হৈ পৰিল। তেওঁ ভাবিলে যে লক্ষ্মণ ভাইয়ো নিশ্চয় এই বিদেশী খাদ্য খাই আমনি পাইছে আৰু তেওঁক কোনো ভাৰতীয় ধাবা বা ইণ্ডিয়ান ৰেষ্টুৰেণ্টলৈ লৈ যাব। কিন্তু লক্ষ্মণে যেতিয়া সন্মুখত থকা এটা ‘থাই ৰেষ্টুৰেণ্ট’ৰ দুৱাৰ মুকলি কৰিলে, ইৰফানৰ অন্তৰখন সেমেকি গ’ল। মনটো একেবাৰে বেয়া হৈ গ’ল- "অ’হ য়াৰ! ইয়াতো একেই বিদেশী খাদ্য!"
লক্ষ্মণে নিৰামিষ থাই খাদ্যৰ অৰ্ডাৰ দিলে। মন মৰা অৱস্থাত ইৰফানেও একেই খাদ্য অৰ্ডাৰ কৰিলে। প্ৰথমবাৰৰ বাবে থাই খাদ্য টেষ্ট কৰা ইৰফানে মাত্ৰ প্ৰথমটো গ্ৰাস মুখত দিছিল, এনেতে কাষত বহি থকা ভি ভি এছ লক্ষ্মণে ইৰফানৰ কান্ধত মৰমেৰে হাতখন থ’লে।
লক্ষ্মণৰ চকুত এক গভীৰ অভিজ্ঞতাৰ উজ্জ্বলতা আছিল। তেওঁ ক’লে, "চোৱা ইৰফান, মই বিগত কেইদিনমানৰ পৰা তোমাক চুপে-চুপে কেৱল গাখীৰ আৰু ভাত খোৱা লক্ষ্য কৰি আহিছোঁ। সেইবাবেই মই আজি তোমাক ইয়ালৈ লৈ আহিছোঁ।"
বিৰল ছবি: ইৰফান পাঠানৰ সৈতে ধেমালি কৰা মুহূৰ্তত ভিভিএছ লক্ষ্মণ
লক্ষ্মণ অলপ ৰ’ল আৰু ইৰফানৰ চকুত চকু থৈ সেই বুজাব নোৱাৰা ঐতিহাসিক কথাষাৰ ক’লে, যিটো প্ৰতিজন উদীয়মান এথলেটৰ বাবে এক গুৰুমন্ত্ৰ স্বৰূপঃ "তুমি যদি এজন মহান ক্ৰিকেটাৰ হ’ব বিচাৰা, তেন্তে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ অগণন বিদেশ ভ্ৰমণলৈ যাব লাগিব। কিন্তু এজন উৎকৃষ্ট ক্ৰিকেটাৰ হোৱাৰ আগতে তুমি এজন 'গ্ৰেট ট্ৰেভেলাৰ' হ’ব লাগিব! তুমি প্ৰতিখন দেশৰ, সকলো ধৰণৰ খাদ্য গ্ৰহণ কৰিব লাগিব। যেতিয়ালৈকে তুমি সকলো ধৰণৰ পুষ্টি আহৰণ নকৰিবা, তোমাৰ শৰীৰত সেই শক্তি আৰু ষ্টেমিনা অক্ষুণ্ণ নাথাকিব। গাখীৰ-ভাত খাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ ফিটনেছ ৰক্ষা কৰিব নোৱাৰি! যেতিয়া শৰীৰে সকলো ধৰণৰ পুষ্টি লাভ কৰিব, তেতিয়াহে তুমি ৰ’দত পুৰি দীঘলীয়া স্পেল বলিং কৰিব পাৰিবা আৰু খেলপথাৰত নিজৰ সফলতাৰ জোৱাৰ তুলিব পাৰিবা।"*
লক্ষ্মণৰ এই কথাবোৰ ১৯ বছৰীয়া ইৰফানৰ বুকুত পোনপটীয়াকৈ কাঁড়ৰ দৰে আঘাত কৰিলে। সেই এটা সৰু শিক্ষাই তেওঁৰ মনৰ সকলো দুৱাৰ মুকলি কৰি দিলে।
ষ্টুডিঅ'ত ভিভিএছ লক্ষ্মণ আৰু ইৰফান পাঠান
সেই দিনটোৰ পৰা ইৰফান পাঠানে লক্ষ্মণৰ এই উপদেশ নিজৰ মনত বান্ধি ল’লে। তাৰ পিছত তেওঁ বিশ্বৰ যিকোনো কোণলৈকে নাযাওক কিয়, খোৱা-বোৱাৰ ক্ষেত্ৰত কেতিয়াও কোনো ওজৰ-আপত্তি দেখুওৱা নাছিল। তেওঁ সমগ্ৰ বিশ্বৰ খাদ্যৰ সোৱাদ কেৱল গ্ৰহণেই কৰা নাছিল, অতি তৃপ্তিৰে খাইছিল।
ফলাফল কি হ’ল? খেলপথাৰত তেওঁৰ ছুইঙৰ যাদু বছৰ বছৰ ধৰি গৰজি উঠিল আৰু আজি অৱসৰ লোৱাৰ বহু বছৰৰ পাছতো ইৰফান পাঠানৰ নাম ভাৰতৰ আটাইতকৈ ফিট আৰু আকৰ্ষণীয় প্ৰাক্তন খেলুৱৈ হিচাপে গণ্য কৰা হয়।
কেতিয়াবা জীৱনত ডাঙৰ সফলতা লাভ কৰিবলৈ কেৱল আপোনাৰ দক্ষতা পৰ্যাপ্ত নহয়; এজন জ্ঞানী জ্যেষ্ঠ ব্যক্তিৰ এটা সৰু সঠিক পৰামৰ্শ আৰু আপোনাৰ মুকলি মনৰ দৃষ্টিভংগীয়ে আপোনাক এজন সাধাৰণ ব্যক্তিৰ পৰা 'অসাধাৰণ' কৰি তুলিব পাৰে!