আইচি-নাগোয়া
এছিয়ান গেমছৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতীয় বক্সাৰ তথা অসম সন্তান লাভলীনা বৰগোঁহাইৰ৷ অলিম্পিক পদক জয়ী লাভলীনা বৰগোঁহায়ে সোমবাৰে দক্ষিণ কোৰিয়াৰ ছুয়ন ছঙৰ বিৰুদ্ধে মহিলাৰ ৭৫ কেজি কোৱাৰ্টাৰ ফাইনেলত এছিয়ান গেমছ ২০২৬ৰ অভিযান আৰম্ভ কৰে৷
জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত হোৱা কোৱাৰ্টাৰ ফাইনেলত লাভলীনাই দক্ষিণ কোৰিয়াৰ ছুয়ন ছঙক ৫-০ ত পৰাস্ত কৰে৷ ইয়াৰ লগতে তেওঁ এছিয়ান গেমছত ভাৰতৰ হৈ আন এটা পদক নিশ্চিত কৰিছে। অৱশ্যে স্বৰ্ণ পদকৰ ওপৰতে লাভলীনাৰ দৃষ্টি থাকিব। লাভলীনাই বিগত এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰিছিল।
ভাৰতীয় বক্সাৰগৰাকীয়ে প্ৰতিযোগিতাখনৰ আৰম্ভণিৰে পৰাই বাউটৰ নিয়ন্ত্ৰণ লয়। প্ৰথম ৰাউণ্ডৰ পৰাই আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰি লাভলীনাই দক্ষিণ কোৰিয়াৰ বক্সাৰ ছুয়ন ছঙক চাপত ৰাখিছিল। ছুঙে প্ৰত্যাৱৰ্তনৰ চেষ্টা কৰিছিল যদিও লাভলীনাই শক্তিশালীভাৱে ৰাউণ্ডটো শেষ কৰে আৰু পাঁচোজন বিচাৰকে লাভলীনাৰ পক্ষত সিদ্ধান্ত দিয়ে।
লাভলীনাৰ উপৰিও পাৰবীন হুদা (৬৫ কেজি), অংকুশ পাংঘল (৮০ কেজি) আৰু নৰিন্দৰ বৰৱালেও (৯০ কেজিৰ ওপৰত) ভাৰতৰ হৈ পদক নিশ্চিত কৰিছে। দেওবাৰে নিজা নিজা মেচত জয়লাভ কৰি তিনিওজনে ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছিল।
আজি দুগৰাকী বক্সাৰে পদক নিশ্চিত কৰাৰ সম্ভাৱনা আছে। মহিলাৰ ৬০ কেজি শাখাত প্ৰিয়াই কোৱাৰ্টাৰ ফাইনেলত আৰু পুৰুষৰ ৯০ কেজি শাখাত কপিল পোখাৰিয়াই প্ৰত্যাহ্বান জনাব। যদি এই দুগৰাকী বক্সাৰেও ছেমি ফাইনেলত প্ৰৱেশ কৰাত সফল হয়, তেন্তে বক্সিঙত ভাৰতৰ আৰু দুটা পদক নিশ্চিত হ’ব।