আশ্বাৰ আলম
ৰাজস্থানৰ এখন দুৰ্গম গাঁও। এজনী কণমানি ছোৱালীয়ে শ্ৰেণীকোঠাৰ বাহিৰত থিয় দি অন্য ল'ৰা-ছোৱালীয়ে পঢ়ি থকা চাই ৰৈছে। তাইৰো পঢ়িবলৈ বৰকৈ মন, কিন্তু দাৰিদ্ৰ্য, সামাজিক বাধা আৰু পৰিস্থিতিয়ে তাইক বিদ্যালয়ৰ পৰা আঁতৰাই ৰাখিছিল। সমগ্ৰ ভাৰতবৰ্ষৰ লাখ লাখ ছোৱালীৰ বাবে এইটো কোনো ব্যতিক্ৰম বা সাধুকথা নাছিল, এয়া আছিল এক নিষ্ঠুৰ বাস্তৱ। ঠিক তেনে এক সময়তে এগৰাকী মহিলাৰ আগমন ঘটিল, যিগৰাকীয়ে দৃঢ় সংকল্প লৈছিল যে কোনো এজনী ছোৱালীকেই সপোন দেখাৰ অধিকাৰৰ পৰা বঞ্চিত হ'বলৈ দিয়া নহ'ব।
সেই বিশেষ মহিলাগৰাকীয়েই হৈছে ছাফিনা হুছেইন। এগৰাকী শিক্ষাবিদ, সামাজিক উদ্যোগী আৰু সমাজ পৰিৱৰ্তক, যাৰ একাণপতীয়া প্ৰচেষ্টাই লাখ লাখ ছোৱালীৰ জীৱন সলনি কৰি দিছে। তেওঁৰ বেচৰকাৰী সংস্থা 'এডুকেট গাৰ্লছ'ৰ জৰিয়তে তেওঁ ভাৰতত কন্যা-শিক্ষাৰ বাবে আটাইতকৈ প্ৰভাৱশালী তৃণমূল পৰ্যায়ৰ আন্দোলনৰ নেতৃত্ব দিছে। তেওঁ প্ৰমাণ কৰি দেখুৱাইছে যে যেতিয়া এজনী ছোৱালীয়ে শ্ৰেণীকোঠাত প্ৰৱেশ কৰে, তেতিয়া সমগ্ৰ সমাজখনতেই পৰিৱৰ্তন হ’বলৈ আৰম্ভ কৰে।
ছাফিনা হুছেইন তেওঁৰ এগৰাকী ছাত্ৰীৰ সৈতে
ছাফিনাৰ এই যাত্ৰা অত্যন্ত ব্যক্তিগত। আৰ্থিক অনাটনৰ মাজত ডাঙৰ-দীঘল হোৱা আৰু নিজৰ শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত সন্মুখীন হোৱা বাধাসমূহৰ কথা তেওঁ প্ৰায়েই উল্লেখ কৰে। সেই অভিজ্ঞতাসমূহে তেওঁৰ মনত এক গভীৰ সাঁচ বহুৱাইছিল। নিজ পৰিয়ালৰ ভিতৰতে বিদেশত পঢ়িবলৈ যোৱা প্ৰথমগৰাকী ব্যক্তি হিচাপে পৰিগণিত হোৱা ছাফিনাই আমেৰিকাৰ ছান ফ্ৰান্সিস্কোৰ অলাভজনক খণ্ডত বহু বছৰ কাম কৰাৰ পিছত এক জীৱন সলনি কৰা সিদ্ধান্ত লয়। শিক্ষা ব্যৱস্থাই একেবাৰে পাহৰি যোৱা ভাৰতৰ কন্যা সন্তানসকলৰ বাবে কাম কৰিবলৈ তেওঁ নিজ মাতৃভূমিলৈ উভতি আহে।
২০০৭ চনত তেওঁ 'এডুকেট গাৰ্লছ' নামৰ অলাভজনক সংস্থাটো প্ৰতিষ্ঠা কৰে। ভাৰতৰ আটাইতকৈ পিছপৰা অঞ্চলসমূহৰ পৰা বিদ্যালয়ৰ বাহিৰত থকা ছোৱালীবিলাকক বিচাৰি উলিয়াই তেওঁলোকক বিদ্যালয়ত নামভৰ্তি কৰোৱাই আছিল এই সংস্থাটোৰ মূল উদ্দেশ্য। ৰাজস্থানত এক সৰু প্ৰচেষ্টা হিচাপে আৰম্ভ হোৱা এই পদক্ষেপে অতি সোনকালেই এক দেশজুৰি আন্দোলনৰ ৰূপ লয়। তেওঁৰ ধাৰণাটো সহজ আছিল, কিন্তু অত্যন্ত শক্তিশালী আছিল: প্ৰতিগৰাকী ছোৱালীয়ে যাতে শিক্ষা লাভ কৰে, সেয়া নিশ্চিত কৰিবলৈ সমাজ, পৰিয়াল, বিদ্যালয় আৰু স্থানীয় স্বেচ্ছাসেৱকসকলৰ সৈতে একেলগে কাম কৰা।
এই প্ৰচেষ্টাৰ মূলতে আছিল এক বিশ্বাস- কন্যা শিক্ষাৰ আটাইতকৈ ডাঙৰ বাধাসমূহ কেৱল অৰ্থনৈতিক নহয়, বৰং সামাজিকহে। বহু গাঁৱত ছোৱালীবিলাকে ঘৰুৱা কাম-কাজত সহায় কৰা, ভাই-ভনীক চোৱা-চিতা কৰা বা সৰুতেই বিয়াত বহাটোৱেই সমাজৰ নিয়ম বুলি ধৰি লোৱা হৈছিল। ছাফিনাই বুজি উঠিছিল যে এই বাস্তৱক সলনি কৰিবলৈ মানুহৰ মানসিকতা সলনি কৰাৰ প্ৰয়োজন। সেয়েহে তেওঁৰ সংস্থাই পোনপটীয়াকৈ পিতৃ-মাতৃ আৰু সমাজৰ নেতাসকলৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰিলে, যাতে তেওঁলোকে কন্যা সন্তানক শিক্ষিত কৰাৰ প্ৰকৃত মূল্য বুজি উঠে।
ছাফিনা হুছেইন
'এডুকেট গাৰ্লছ'ৰ অন্যতম গুৰুত্বপূৰ্ণ দিশটো হ'ল ইয়াৰ সমাজ-কেন্দ্ৰিক আৰ্হি। 'Team Balika’ নামেৰে পৰিচিত হাজাৰ হাজাৰ স্থানীয় স্বেচ্ছাসেৱকে ঘৰে ঘৰে গৈ আধাতে পঢ়া এৰা বা কেতিয়াও বিদ্যালয়লৈ নযোৱা ছোৱালীসকলক বিচাৰি উলিয়ায়। এই স্বেচ্ছাসেৱকসকল নিজৰ সমাজখনৰ বাবেই একোজন সজাগতা সৃষ্টিকাৰী, পৰামৰ্শদাতা আৰু আৰ্হি হৈ পৰে। এই অভিযানত স্থানীয় ৰাইজক অংশীদাৰ কৰি, ছাফিনাই এনে এক আন্দোলন গঢ়ি তুলিলে যিটো কেৱল এটা সংস্থাৰ পৰিসৰৰ মাজতে আবদ্ধ নাথাকি বহুদূৰলৈ সম্প্ৰসাৰিত হ'ল।
ইয়াৰ ফলাফল আছিল অকল্পনীয়। মাত্ৰ ৫০ খন গাঁৱৰ বিদ্যালয়ত আৰম্ভ হোৱা 'এডুকেট গাৰ্লছ'ৰ কাম-কাজ ভাৰতৰ শিক্ষাৰ ক্ষেত্ৰত আটাইতকৈ প্ৰত্যাহ্বানজনক অঞ্চলসমূহৰ ৩০,০০০ ৰো অধিক গাঁৱলৈ সম্প্ৰসাৰিত হৈছে। সংস্থাটোৱে ২০ লাখৰো অধিক ছোৱালীক বিদ্যালয়লৈ ঘূৰাই অনাৰ ক্ষেত্ৰত সহায় কৰিছে আৰু ২৪ লাখৰো অধিক শিশুৰ শিক্ষণৰ ফলাফল উন্নত কৰাত সহায় আগবঢ়াইছে। বিদ্যালয়ত ছাত্ৰীসকলক ধৰি ৰখাৰ হাৰো আশ্চৰ্যজনকভাৱে উচ্চ, যিয়ে প্ৰমাণ কৰে যে ছোৱালীক যদি উপযুক্ত সমৰ্থন দিয়া হয়, তেন্তে তেওঁলোকে কেৱল বিদ্যালয়তে টিকি নাথাকে, বৰং সফলতাৰ শিখৰো চুমিব পাৰে।
কিন্তু সংখ্যাই কেৱল কাহিনীটোৰ এটা অংশহে প্ৰকাশ কৰে। প্ৰতিটো পৰিসংখ্যাৰ আঁৰত এজনী ছোৱালী আছে, যাৰ ভৱিষ্যত চিৰদিনৰ বাবে সলনি হৈ গৈছে। এদিন বাল্য বিবাহৰ বলি হ'বলগীয়া ছোৱালীজনীয়ে এতিয়া শিক্ষয়িত্ৰী হোৱাৰ সপোন দেখে। পৰিয়ালৰ ভিতৰত প্ৰথমবাৰৰ বাবে বিদ্যালয়লৈ যোৱা ছোৱালীজনীয়ে নিজৰ ভায়েক-ভনীয়েককো বিদ্যালয়লৈ যাবলৈ অনুপ্ৰাণিত কৰে। এগৰাকী যুৱতীয়ে আত্মবিশ্বাস আৰু আৰ্থিক স্বাধীনতা লাভ কৰে, লগতে নিজৰ জীৱনৰ সিদ্ধান্ত গ্ৰহণত মাত মাতিবলৈ সক্ষম হয়। ছাফিনা হুছেইনে কেৱল শিক্ষিত ছোৱালী গঢ়ি তোলাৰ লক্ষ্যৰে কাম কৰা নাছিল, বৰং সমাজক নতুন ৰূপ দিব পৰা সবল আৰু আত্মনিৰ্ভৰশীল নাগৰিক গঢ়ি তোলাৰ লক্ষ্য ৰাখিছিল আৰু এইবোৰেই হৈছে সেই কাংক্ষিত পৰিৱৰ্তন।
ছাফিনা হুছেইন তেওঁৰ ছাত্ৰীসকলৰ সৈতে
তেওঁৰ এই কামে সমাজত দকৈ শিপাই থকা লিংগভিত্তিক পৰম্পৰাগত ধাৰণাসমূহকো প্ৰত্যাহ্বান জনাইছে। বহু সমাজত এদিন কন্যা শিশুক শিক্ষিত কৰাটো অপ্ৰয়োজনীয় বুলি ভবা হৈছিল। অহৰহ প্ৰচেষ্টা আৰু চকুত পৰা সফলতাৰ কাহিনীবোৰৰ জৰিয়তে 'এডুকেট গাৰ্লছে' মানুহৰ দৃষ্টিভংগী সলনি কৰাত সহায় কৰিছে। সংস্থাটোৱে প্ৰমাণ কৰিছে যে ছোৱালীৰ শিক্ষাৰ নামত কৰা বিনিয়োগে পৰিয়াল, সমাজ আৰু সমগ্ৰ অৰ্থনীতিক লাভান্বিত কৰে। সমাজ, চৰকাৰ আৰু অসামৰিক সমাজৰ সন্মিলিত প্ৰচেষ্টাৰে কেনেকৈ সামাজিক পৰিৱৰ্তন আনিব পাৰি, তাৰ এক উৎকৃষ্ট আৰ্হি হৈ পৰিছে এই সংস্থাটোৰ কাম-কাজ।
সমগ্ৰ বিশ্বৰো দৃষ্টি এই ক্ষেত্ৰত আকৰ্ষিত হৈছে। বিশ্বৰ কেইবাটাও জ্বলন্ত সমস্যা সমাধানৰ স্বীকৃতিস্বৰূপে ২০২৬ চনত ছাফিনা হুছেইনক 'TIME’ আলোচনীৰ 'বৰ্ষশ্ৰেষ্ঠ মহিলা' হিচাপে সন্মানিত কৰা হয় আৰু তেওঁ বিশ্বৰ প্ৰভাৱশালী মহিলাসকলৰ তালিকাত স্থান লাভ কৰে। 'TIME’ আলোচনীয়ে লাখ লাখ ছোৱালীক শিক্ষাৰ সুযোগ প্ৰদান কৰাত তেওঁৰ নেতৃত্ব আৰু প্ৰায়ে পিছপৰি ৰোৱাসকলৰ কাষ চাপিবলৈ তেওঁৰ দৃঢ়তাক বিশেষভাৱে আলোকপাত কৰিছে।
এক ঐতিহাসিক ক্ষণ তেতিয়া আহি পৰিল যেতিয়া এছিয়াৰ সৰ্বোচ্চ সমাজসেৱা সন্মান হিচাপে বিবেচিত 'ৰমন মেগছেছে বঁটা' লাভ কৰা 'এডুকেট গাৰ্লছ' প্ৰথমটো ভাৰতীয় বেচৰকাৰী সংস্থা হৈ পৰিল। কন্যা সন্তানক নিৰক্ষৰতাৰ পৰা মুক্ত কৰা, সাংস্কৃতিক বাধাসমূহক প্ৰত্যাহ্বান জনোৱা আৰু যুৱতীসকলক নিজৰ ভৱিষ্যত গঢ়ি তুলিবলৈ দক্ষতা, আত্মবিশ্বাস আৰু ক্ষমতা প্ৰদান কৰাৰ ক্ষেত্ৰত সংস্থাটোৱে দেখুওৱা দায়বদ্ধতাক এই বঁটাই স্বীকৃতি প্ৰদান কৰিলে।
ছাফিনা হুছেইন তেওঁৰ ছাত্ৰীসকলৰ সৈতে
ইমানবোৰ সন্মান আৰু স্বীকৃতি লাভ কৰাৰ পিছতো ছাফিনাৰ দৃষ্টি কিন্তু এতিয়াও সম্পূৰ্ণ হ'বলৈ বাকী থকা কামবোৰৰ ওপৰতেই নিবদ্ধ। সমগ্ৰ বিশ্বতে এতিয়াও লাখ লাখ ছোৱালী যে বিদ্যালয়ৰ পৰা বঞ্চিত হৈ আছে, সেই কথা তেওঁ বিশ্ববাসীক প্ৰায়েই সোঁৱৰাই দিয়ে। তেওঁৰ লক্ষ্য কেৱল সফলতাক লৈ গৌৰৱ কৰাই নহয়, অনাগত দশকত ১ কোটি শিক্ষাৰ্থীৰ কাষ চপাৰ লক্ষ্যৰে এই প্ৰভাৱক আৰু অধিক প্ৰসাৰিত কৰাটোহে তেওঁৰ মূল উদ্দেশ্য।
ছাফিনা হুছেইনৰ এই কাহিনী সঁচাকৈয়ে কিয় ইমান প্ৰেৰণাদায়ক জানেনে? কাৰণ এই কাহিনী কেৱল বঁটা, স্বীকৃতি বা ব্যক্তিগত সফলতাৰ কাহিনী নহয়। এয়া হৈছে নেৰানেপেৰা অধ্যৱসায়ৰ কাহিনী। প্ৰতিগৰাকী কন্যা সন্তানৰো যে এক সুকীয়া গুৰুত্ব আছে, সেই দৃঢ় বিশ্বাসৰ কাহিনী। এয়া সম্ভাৱনাক সংকুচিত কৰা পুৰণি পৰম্পৰাক প্ৰত্যাহ্বান জনোৱা আৰু তাৰ ঠাইত দিগন্তলৈ সম্প্ৰসাৰিত কৰা নতুন সুযোগৰ সৃষ্টি কৰাৰ কাহিনী।
যিসকল ছোৱালীৰ জীৱন শিক্ষাৰ দ্বাৰা আলোকিত হৈছে, তেওঁলোকৰ বাবে ছাফিনা হুছেইন কেৱল এগৰাকী সমাজকৰ্মী নহয়, তেওঁ তাতোকৈ বহুত বেছি। এজন দৃঢ়মনা ব্যক্তিয়ে যে মানুহৰ ভাগ্যৰ লিপি সলনি কৰিব পৰাকৈ এক শক্তিশালী আন্দোলনৰ সূচনা কৰিব পাৰে, তাৰেই এক জীৱন্ত প্ৰমাণ হৈছে ছাফিনা। আৰু সমগ্ৰ বিশ্বৰ বাবে হয়তো এয়াই তেওঁৰ আটাইতকৈ ডাঙৰ শিক্ষাঃ যেতিয়া আপুনি এজনী ছোৱালীক শিক্ষিত কৰে, তেতিয়া আপুনি কেৱল এটা জীৱন সলনি নকৰে, আপুনি গোটেই প্ৰজন্মকেই সলনি কৰি দিয়ে।