কৰোনা মহামাৰীৰ সময়ত যেতিয়া সকলো বিদ্যালয় বন্ধ আছিল, তেতিয়াও ড০ হক আৰু তেওঁৰ সতীৰ্থ শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ পাঠদান স্তব্ধ হ'বলৈ দিয়া নাছিল। শিক্ষকসকলে সভা অনুষ্ঠিত কৰি অনলাইন পাঠদান আৰম্ভ কৰে। হোৱাটছএপ আৰু অন্যান্য অনলাইন মাধ্যমৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকললৈ অধ্যয়নৰ সামগ্ৰী প্ৰেৰণ কৰা হৈছিল। অনলাইন ক্লাচ আৰু পৰীক্ষাও সুচাৰুৰূপে অনুষ্ঠিত কৰা হৈছিলল। আজি নেপালী পাৰা হিন্দী হাইস্কুলৰ সমগ্ৰ ৰূপ একেবাৰে সলনি হৈ পৰিছে।
বিদ্যালয়খনৰ বিশেষত্ব কি?
বিদ্যালয়খনত বৰ্তমান প্ৰায় ৩০ টা কম্পিউটাৰ, ৫ টা স্মাৰ্ট ক্লাছৰুম, বিজ্ঞান পৰীক্ষাগাৰ, কম্পিউটাৰ লেব, Art Gallery, ৫৩ টা শ্ৰেণীকোঠা, ২৯ গৰাকী শিক্ষক আৰু ৩৬০০ তকৈও অধিক ছাত্ৰ-ছাত্ৰী আছে। ল'ৰা আৰু ছোৱালীৰ বাবে সুকীয়া শৌচালয়ৰ সুবিধাও উপলব্ধ। বিদ্যালয়খনৰ ফলাফল বৰ্তমান যথেষ্ট ভাল।
দুৰ্গাপুৰৰ নেপালী পাৰা হিন্দী হাইস্কুল
ড০ কলিমুল হকে নিজৰ দায়িত্ব কেৱল নিজৰ বিদ্যালয়খনৰ মাজতেই আৱদ্ধ কৰি ৰখা নাছিল। শিক্ষাৰ অধিকাৰ আইন (RTE) আৰু একাংশ সমাজকৰ্মীৰ সহযোগত তেওঁ দুৰ্গাপুৰত ১৫ খন নতুন বিদ্যালয় স্থাপনত বিশেষ বৰঙণি যোগাইছে। যিমানেই পাৰি সিমানেই অধিক শিশুৱে যাতে শিক্ষা লাভ কৰিব পাৰে, তাৰ বাবে তেওঁ অহৰহ প্ৰচেষ্টা চলাই গৈছে।
ড০ হকৰ মতে, চৰকাৰী বিদ্যালয়সমূহক সুন্দৰকৈ গঢ়ি তোলাটো কেৱল চৰকাৰৰ দায়িত্ব নহয়। শিক্ষক, ছাত্ৰ-ছাত্ৰী, অভিভাৱক, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু সমাজৰ প্ৰতিজন ব্যক্তিয়ে ইয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা উচিত। তেওঁ নিজৰ সফলতাৰ কৃতিত্ব কেতিয়াও অকলে নলয়। তেওঁৰ মতে, তেওঁৰ লগত কাম কৰা শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য লোকসকলেই তেওঁৰ সপোন বাস্তৱায়িত কৰাত সহায় কৰিছে। তেওঁ কথাৰে নহয়, কৰ্মৰ দ্বাৰাহে শিক্ষা দিয়ে।
ড০ কলিমুল হকে অতি সাধাৰণ আৰু অনুশাসনমূলক জীৱন নিৰ্বাহ কৰে। তেওঁ সময়ৰ প্ৰতি অতি সচেতন আৰু প্ৰতিদিনে নিজৰ কৰ্তব্য সম্পূৰ্ণ নিষ্ঠাৰে পালন কৰে। তেওঁৰ মতে, এজন শিক্ষকে কেৱল ছাত্ৰ-ছাত্ৰীক ভাল কথা ক'লেই নহ'ব, বৰং নিজৰ কৰ্মৰ মাজেৰে সেইবোৰৰ আৰ্হি দাঙি ধৰিব লাগিব। তেওঁ বিচাৰে যে ছাত্ৰ-ছাত্ৰীসকলে তেওঁৰ আদৰ্শ দেখি শিকক আৰু জীৱনত আগুৱাই যাওক।
দৰিদ্ৰ আৰু আৰ্তজনৰ সন্তানে যাতে সুশিক্ষা লাভ কৰে, সেয়াই হৈছে ড০ কলিমুল হকৰ জীৱনৰ আটাইতকৈ ডাঙৰ লক্ষ্য। তেওঁ বিশ্বাস কৰে যে সফলতাৰ বাবে সততা আৰু কঠোৰ পৰিশ্ৰম অতি প্ৰয়োজনীয়। সহজ আৰু ভুল ৰাস্তাবোৰ কেতিয়াবা সাময়িকভাৱে আকৰ্ষণীয় হ'ব পাৰে, কিন্তু প্ৰকৃত সফলতা কেৱল পৰিশ্ৰম আৰু সততাৰ জৰিয়তেহে লাভ কৰিব পাৰি।
ড০ কলিমুল হকে কেতিয়াও নাম আৰু ধন ঘটিবলৈ কাম কৰা নাছিল। তেওঁৰ একমাত্ৰ লক্ষ্য আছিল শিক্ষা ব্যৱস্থাটোক এক নতুন মাত্ৰা প্ৰদান কৰা আৰু শিশুসকলৰ ভৱিষ্যত গঢ়ি তোলা। ড০ কলিমুল হকৰ এই যাত্ৰাই আমাক সোঁৱৰাই দিয়ে যে মানুহে যদি নিজৰ ওপৰত বিশ্বাস ৰাখে, নিঃস্বাৰ্থভাৱে পৰিশ্ৰম কৰে আৰু কেতিয়াও হাৰ নামানে, তেন্তে তেওঁ যিকোনো প্ৰতিকূল পৰিস্থিতিক নিজৰ সপক্ষে থিয় কৰাব পাৰে। এজন প্ৰকৃত শিক্ষকৰ একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমে কেৱল এটি শিশুৰেই নহয়, সমগ্ৰ সমাজ এখনৰেই ভৱিষ্যত সলনি কৰি দিব পাৰে। তেওঁৰ এই আদৰ্শ সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰ বাবে চিৰদিন এক অমোঘ প্ৰেৰণাৰ উৎস হৈ ৰ'ব।