বিহাৰৰ ড০ কলিমুল হকে কেনেকৈ সলনি কৰিলে এখন জৰাজীৰ্ণ চৰকাৰী বিদ্যালয়ৰ ভৱিষ্যত?

Story by  atv | Posted by  Munni Begum • 1 h ago
বিহাৰৰ ড০ কলিমুল হকে কেনেকৈ সলনি কৰিলে এখন জৰাজীৰ্ণ চৰকাৰী বিদ্যালয়ৰ ভৱিষ্যত?
বিহাৰৰ ড০ কলিমুল হকে কেনেকৈ সলনি কৰিলে এখন জৰাজীৰ্ণ চৰকাৰী বিদ্যালয়ৰ ভৱিষ্যত?
 
অৰ্ছলা খান / নতুন দিল্লী
 
সমাজত একাংশ লোকে কেৱল নিজৰ স্বাৰ্থ আৰু ব্যক্তিগত সফলতাৰ বাবে কাম কৰে। কিন্তু তাৰ মাজতো এনে কিছুমান বিৰল ব্যক্তিসত্তাৰ জন্ম হয়, যিয়ে আনৰ জীৱন পোহৰোৱাতেই বিচাৰি পায় জীৱনৰ প্ৰকৃত অৰ্থ আৰু আনন্দ। ঠিক তেনে এগৰাকী ব্যতিক্ৰমী আৰু আদৰ্শৱান শিক্ষক হৈছে ড০ কলিমুল হক। দৰিদ্ৰ আৰু আৰ্তজনৰ সন্তানক সুশিক্ষা প্ৰদান কৰি তেওঁলোকৰ ভৱিষ্যত গঢ়ি তোলাই হৈছে তেওঁৰ জীৱনৰ একমাত্ৰ লক্ষ্য।
 
বিহাৰৰ এটি সাধাৰণ পৰিয়ালৰ পৰা ওলাই আহি পশ্চিমবংগৰ এখন বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ সলনি কৰালৈকে তেওঁৰ এই যাত্ৰা সঁচাকৈয়ে অতি প্ৰেৰণাদায়ক। কঠোৰ পৰিশ্ৰম, সততা আৰু আত্মবিশ্বাসেৰে তেওঁ এখন তথৈবচ অৱস্থাত থকা বিদ্যালয়ৰ সমগ্ৰ ছবিখনো সলনি কৰি পেলায়।
 
 
বিহাৰৰ পৰাই আৰম্ভ হৈছিল যাত্ৰা
 
ড০ কলিমুল হকৰ জন্ম আৰু লালন-পালন বিহাৰতেই হৈছিল। নিজৰ গাঁৱৰ পৰাই তেওঁ মেট্ৰিকলৈকে শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পাছত উচ্চ শিক্ষাৰ বাবে তেওঁ পাটনালৈ যায়। পাটনা বিশ্ববিদ্যালয়ৰ পৰাই তেওঁ উচ্চ শিক্ষা গ্ৰহণ কৰি PhD সম্পূৰ্ণ কৰে। এটা সময়ত তেওঁ অসামৰিক সেৱা পৰীক্ষাৰ বাবেও প্ৰস্তুতি চলাইছিল।
 
এই সময়ছোৱাতেই তেওঁ ছাত্ৰ-ছাত্ৰীক টিউচন কৰিছিল। শিক্ষাৰ্থীসকলক পঢ়ুৱাই থকাৰ মাজতেই তেওঁ অনুভৱ কৰিলে যে এজন শিক্ষক হিচাপে তেওঁ সমাজৰ বাবে বহু মহৎ কাম কৰিব পাৰিব। সেয়েহে তেওঁ শিক্ষকতাকেই নিজৰ পেছা হিচাপে আঁকোৱালি লয়।
 
১৯৯৯ চনত শিক্ষক হিচাপে যোগদান
 
১৯৯৯ চনৰ ১২ ফেব্ৰুৱাৰীত পশ্চিম মেদিনীপুৰৰ খড়গপুৰস্থিত হিতকাৰিণী হাইস্কুলৰ পৰা ড০ কলিমুল হকে নিজৰ শিক্ষকতাৰ জীৱন আৰম্ভ কৰে। কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ বাবে ২০০৪ চনত তেওঁক সেইখন বিদ্যালয়ৰেই সহকাৰী প্ৰধান শিক্ষক হিচাপে নিযুক্তি দিয়া হয়। ইয়াৰ পাছত, ২০১০ চনৰ এপ্ৰিল মাহত তেওঁক দুৰ্গাপুৰৰ নেপালী পাৰা হিন্দী হাইস্কুলৰ প্ৰধান শিক্ষকৰ দায়িত্ব অৰ্পণ কৰা হয়। ইয়াৰ পৰাই তেওঁৰ জীৱনৰ এক নতুন আৰু প্ৰত্যাহ্বানমূলক যাত্ৰাৰ সূচনা হয়।
 
ড০ কলিমুল হক
 
যেতিয়া বিদ্যালয়খনৰ অৱস্থা শোচনীয় আছিল
 
ড০ হক যেতিয়া নেপালী পাৰা হিন্দী হাইস্কুলত উপস্থিত হৈছিল, তেতিয়া বিদ্যালয়খনৰ অৱস্থা একেবাৰেই দুৰ্বল আছিল। বিদ্যালয়খনত বহু প্ৰাথমিক সুবিধাৰ অভাৱ আছিল আৰু পৰিচালনা ব্যৱস্থাও সুশৃংখল নাছিল। দুৰ্গাপুৰ তেওঁৰ বাবে এখন একেবাৰে নতুন চহৰ আছিল। সেয়ে আৰম্ভণিতে তেওঁ বহু বাধা-বিঘিনিৰ সন্মুখীন হ'বলগীয়া হৈছিল। এই সকলোবোৰ তেওঁ কেনেকৈ সলনি কৰিব, সেই লৈ বহুবাৰ তেওঁৰ মনত প্ৰশ্ন উদয় হৈছিল। কিন্তু তেওঁ কেতিয়াও হাৰ মানি যোৱা নাছিল। তেওঁ দৃঢ়তাৰে বিশ্বাস কৰিছিল যে পৰিস্থিতি বেয়া হ'লেও ইয়াক উন্নত কৰিব পাৰি। এই ইতিবাচক চিন্তাই আছিল তেওঁৰ আটাইতকৈ ডাঙৰ শক্তি।
 
সকলোকে একগোট কৰি সলনি কৰিলে বিদ্যালয়ৰ ৰূপ
 
ড০ হকে অকলশৰে কাম কৰাৰ পৰিৱৰ্তে সকলোকে নিজৰ লগত সাঙুৰি লৈছিল। তেওঁ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, স্থানীয় ৰাইজ, প্ৰশাসন আৰু ওচৰ-পাজৰৰ কোম্পানীবোৰৰ সৈতেও আলোচনা কৰিছিল। তেওঁ সকলোকে বুজাইছিল যে এখন বিদ্যালয়ৰ উত্তৰণ কেতিয়াও এজন ব্যক্তিৰ কাম হ'ব নোৱাৰে। যেতিয়া সকলোৱে হাতে-হাত ধৰি আগবাঢ়িব, তেতিয়াহে প্ৰকৃত পৰিৱৰ্তন সম্ভৱ হ'ব। লাহে লাহে মানুহ তেওঁৰ লগত জড়িত হ'বলৈ ধৰিলে। সকলোৱে মিলি বিদ্যালয়খন উন্নত কৰাৰ কাম আৰম্ভ কৰিলে। এই সমূহীয়া শ্ৰম আৰু প্ৰচেষ্টাৰ ফলস্বৰূপেই ২০১৯ চনত নেপালী পাৰা হিন্দী হাইস্কুলে পশ্চিমবংগৰ শ্ৰেষ্ঠ বিদ্যালয়ৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।
 
হোৱাটছএপত লাভ কৰে ৰাষ্ট্ৰীয় বঁটাৰ খবৰ
 
২০২০ চনত ড০ কলিমুল হকক ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত কৰা হয়। তেওঁ এই বিষয়ে পোনপ্ৰথমে হোৱাটছএপত এটা মেছেজ যোগে জানিব পাৰিছিল। কিন্তু তেওঁ ভাবিছিল যে এয়া চাগে কিবা ভুৱা খবৰ, সেয়েহে তেওঁ বিষয়টোক বৰকৈ গুৰুত্ব দিয়া নাছিল। পৰৱৰ্তী সময়ত যেতিয়া শিক্ষা বিভাগে এই কথা নিশ্চিত কৰিলে, তেতিয়া তেওঁ নিজৰ কাণকেই বিশ্বাস কৰিব পৰা নাছিল। তেওঁ অতিকৈ আনন্দিত আৰু আৱেগিক হৈ পৰিছিল। তেওঁৰ দুচকুৰে আনন্দৰ চকুলো নিগৰি আহিছিল। তেতিয়াৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ হাতৰ পৰা তেওঁ এই সন্মান গ্ৰহণ কৰে। এই বঁটা তেওঁৰ পৰিয়াল, বিদ্যালয় আৰু সমগ্ৰ ৰাজ্যৰ বাবেই এক গৌৰৱৰ ক্ষণ আছিল।
 
 
শিক্ষাদানত সংযোজন কৰিলে নতুন পদ্ধতি
 
ড০ হকে বিশ্বাস কৰে যে সময়ৰ লগে লগে শিক্ষাদানৰ পদ্ধতিও সলনি হ'ব লাগে। তেওঁ বিদ্যালয়খনত স্মাৰ্ট ক্লাছৰুম আৰম্ভ কৰে। বিজ্ঞানৰ নতুন পৰীক্ষাগাৰ আৰু কম্পিউটাৰ লেব স্থাপন কৰা হয়। পঢ়া-শুনা সহজ আৰু আমোদজনক কৰিবলৈ নতুন প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হ'ল। ইয়াৰ উপৰি তেওঁ Teaching Learning Materials চমুকৈ TLM ৰ ব্যৱহাৰ আৰম্ভ কৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, শিক্ষাদানৰ কিছুমান সামগ্ৰী ছাত্ৰ-ছাত্ৰীসকলে নিজেই প্ৰস্তুত কৰিছিল। যেতিয়া শিশুৱে নিজে শিকাৰ সামগ্ৰী তৈয়াৰ কৰে, তেতিয়া তেওঁলোকৰ আগ্ৰহ আৰু অধিক বৃদ্ধি পায়। ইয়াৰ ফলত শিশুসকলৰ মাজত নতুন চিন্তা, আত্মবিশ্বাস আৰু সৃষ্টিশীলতাৰ বিকাশ ঘটিছিল।
 
পৰিৱেশৰ বাবেও গ্ৰহণ কৰিলে পদক্ষেপ
 
ড০ কলিমুল হকে বিদ্যালয়খনত কেৱল পঢ়া-শুনাতেই গুৰুত্ব দিয়া নাছিল, তেওঁ ছাত্ৰ-ছাত্ৰীসকলক পৰিৱেশ সংৰক্ষণৰ পাঠো দিছিল। বিদ্যালয়ৰ ছাদত এখন সুন্দৰ বাগিচা নিৰ্মাণ কৰা হ'ল। মাটিৰ ব্যৱহাৰ নকৰাকৈ শাক-পাচলি খেতি কৰাৰ এক অভিনৱ প্ৰয়াস কৰা হ'ল, যাক হাইড্ৰ'পনিক খেতি বুলি কোৱা হয়। ইয়াৰ উপৰি বৰষুণৰ পানী সংৰক্ষণৰো ব্যৱস্থা কৰা হ'ল। বৰ্তমান বিদ্যালয়খনৰ পৰিৱেশ অতি পৰিষ্কাৰ আৰু সেউজীয়া। বিদ্যালয়খনৰ প্ৰতিটো চুকে ছাত্ৰ-ছাত্ৰীসকলক নতুন কিবা এটা শিকিবলৈ শিকাইছে।
 
কৰোনাকালতো স্তব্ধ হোৱা নাছিল পাঠদান
 
কৰোনা মহামাৰীৰ সময়ত যেতিয়া সকলো বিদ্যালয় বন্ধ আছিল, তেতিয়াও ড০ হক আৰু তেওঁৰ সতীৰ্থ শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ পাঠদান স্তব্ধ হ'বলৈ দিয়া নাছিল। শিক্ষকসকলে সভা অনুষ্ঠিত কৰি অনলাইন পাঠদান আৰম্ভ কৰে। হোৱাটছএপ আৰু অন্যান্য অনলাইন মাধ্যমৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকললৈ অধ্যয়নৰ সামগ্ৰী প্ৰেৰণ কৰা হৈছিল। অনলাইন ক্লাচ আৰু পৰীক্ষাও সুচাৰুৰূপে অনুষ্ঠিত কৰা হৈছিলল। আজি নেপালী পাৰা হিন্দী হাইস্কুলৰ সমগ্ৰ ৰূপ একেবাৰে সলনি হৈ পৰিছে।
 
বিদ্যালয়খনৰ বিশেষত্ব কি?
 
বিদ্যালয়খনত বৰ্তমান প্ৰায় ৩০ টা কম্পিউটাৰ, ৫ টা স্মাৰ্ট ক্লাছৰুম, বিজ্ঞান পৰীক্ষাগাৰ, কম্পিউটাৰ লেব, Art Gallery, ৫৩ টা শ্ৰেণীকোঠা, ২৯ গৰাকী শিক্ষক আৰু ৩৬০০ তকৈও অধিক ছাত্ৰ-ছাত্ৰী আছে। ল'ৰা আৰু ছোৱালীৰ বাবে সুকীয়া শৌচালয়ৰ সুবিধাও উপলব্ধ। বিদ্যালয়খনৰ ফলাফল বৰ্তমান যথেষ্ট ভাল।
 
দুৰ্গাপুৰৰ নেপালী পাৰা হিন্দী হাইস্কুল
 
ড০ কলিমুল হকে নিজৰ দায়িত্ব কেৱল নিজৰ বিদ্যালয়খনৰ মাজতেই আৱদ্ধ কৰি ৰখা নাছিল। শিক্ষাৰ অধিকাৰ আইন (RTE) আৰু একাংশ সমাজকৰ্মীৰ সহযোগত তেওঁ দুৰ্গাপুৰত ১৫ খন নতুন বিদ্যালয় স্থাপনত বিশেষ বৰঙণি যোগাইছে। যিমানেই পাৰি সিমানেই অধিক শিশুৱে যাতে শিক্ষা লাভ কৰিব পাৰে, তাৰ বাবে তেওঁ অহৰহ প্ৰচেষ্টা চলাই গৈছে।
 
ড০ হকৰ মতে, চৰকাৰী বিদ্যালয়সমূহক সুন্দৰকৈ গঢ়ি তোলাটো কেৱল চৰকাৰৰ দায়িত্ব নহয়। শিক্ষক, ছাত্ৰ-ছাত্ৰী, অভিভাৱক, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু সমাজৰ প্ৰতিজন ব্যক্তিয়ে ইয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা উচিত। তেওঁ নিজৰ সফলতাৰ কৃতিত্ব কেতিয়াও অকলে নলয়। তেওঁৰ মতে, তেওঁৰ লগত কাম কৰা শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য লোকসকলেই তেওঁৰ সপোন বাস্তৱায়িত কৰাত সহায় কৰিছে। তেওঁ কথাৰে নহয়, কৰ্মৰ দ্বাৰাহে শিক্ষা দিয়ে।
 
ড০ কলিমুল হকে অতি সাধাৰণ আৰু অনুশাসনমূলক জীৱন নিৰ্বাহ কৰে। তেওঁ সময়ৰ প্ৰতি অতি সচেতন আৰু প্ৰতিদিনে নিজৰ কৰ্তব্য সম্পূৰ্ণ নিষ্ঠাৰে পালন কৰে। তেওঁৰ মতে, এজন শিক্ষকে কেৱল ছাত্ৰ-ছাত্ৰীক ভাল কথা ক'লেই নহ'ব, বৰং নিজৰ কৰ্মৰ মাজেৰে সেইবোৰৰ আৰ্হি দাঙি ধৰিব লাগিব। তেওঁ বিচাৰে যে ছাত্ৰ-ছাত্ৰীসকলে তেওঁৰ আদৰ্শ দেখি শিকক আৰু জীৱনত আগুৱাই যাওক।
 
দৰিদ্ৰ আৰু আৰ্তজনৰ সন্তানে যাতে সুশিক্ষা লাভ কৰে, সেয়াই হৈছে ড০ কলিমুল হকৰ জীৱনৰ আটাইতকৈ ডাঙৰ লক্ষ্য। তেওঁ বিশ্বাস কৰে যে সফলতাৰ বাবে সততা আৰু কঠোৰ পৰিশ্ৰম অতি প্ৰয়োজনীয়। সহজ আৰু ভুল ৰাস্তাবোৰ কেতিয়াবা সাময়িকভাৱে আকৰ্ষণীয় হ'ব পাৰে, কিন্তু প্ৰকৃত সফলতা কেৱল পৰিশ্ৰম আৰু সততাৰ জৰিয়তেহে লাভ কৰিব পাৰি।
 
ড০ কলিমুল হকে কেতিয়াও নাম আৰু ধন ঘটিবলৈ কাম কৰা নাছিল। তেওঁৰ একমাত্ৰ লক্ষ্য আছিল শিক্ষা ব্যৱস্থাটোক এক নতুন মাত্ৰা প্ৰদান কৰা আৰু শিশুসকলৰ ভৱিষ্যত গঢ়ি তোলা। ড০ কলিমুল হকৰ এই যাত্ৰাই আমাক সোঁৱৰাই দিয়ে যে মানুহে যদি নিজৰ ওপৰত বিশ্বাস ৰাখে, নিঃস্বাৰ্থভাৱে পৰিশ্ৰম কৰে আৰু কেতিয়াও হাৰ নামানে, তেন্তে তেওঁ যিকোনো প্ৰতিকূল পৰিস্থিতিক নিজৰ সপক্ষে থিয় কৰাব পাৰে। এজন প্ৰকৃত শিক্ষকৰ একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমে কেৱল এটি শিশুৰেই নহয়, সমগ্ৰ সমাজ এখনৰেই ভৱিষ্যত সলনি কৰি দিব পাৰে। তেওঁৰ এই আদৰ্শ সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰ বাবে চিৰদিন এক অমোঘ প্ৰেৰণাৰ উৎস হৈ ৰ'ব।