পশ্চিম বংগৰ ঘৰে ঘৰে সপোনৰ ‘প্ৰস্তুতি’ বিলাইছে পাপিয়া চুলতানাই; আৰক্ষী হোৱাৰ সপোন দেখিছে ছাত্ৰীসকলেও

Story by  atv | Posted by  Munni Begum • 54 m ago
আৰক্ষী অধীক্ষক পাপিয়া চুলতানা
আৰক্ষী অধীক্ষক পাপিয়া চুলতানা
 
তৰুণ নন্দী / কলকাতা
 
পশ্চিম বংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে ৰাজ্যিক আৰক্ষীত বহু নতুন চাকৰি দিয়াৰ কথা ঘোষণা কৰিছে। ইয়াৰ লগতে মহিলাৰ সুৰক্ষাৰ বাবেও তেওঁ কেইবাটাও পদক্ষেপ ল’ব বুলি জনাইছে। এই উদ্দেশ্যে মহিলা কনিষ্টবল নিযুক্তি দিয়াৰ পৰিকল্পনাও কৰিছে। মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছৰে পৰা সমগ্ৰ ৰাজ্যতে নতুন চাকৰি পোৱাৰ আশা জাগি উঠিছে যুৱক-যুৱতীসকলৰ মনত।
 
এইবাৰ পশ্চিম মেদিনীপুৰ জিলাৰ আৰক্ষী অধীক্ষক পাপিয়া চুলতানাই এক অনন্য পদক্ষেপ গ্ৰহণ কৰিছে। জিলা আৰক্ষীৰ উদ্যোগত আনুষ্ঠানিকভাৱে 'প্ৰস্তুতি' নামৰ এক নতুন আঁচনি আৰম্ভ কৰা হৈছে।
 
 
পশ্চিম মেদিনীপুৰৰ কেশপুৰ ব্লকৰ আনন্দপুৰ স্কুল খেলপথাৰত এই ঐতিহাসিক পৰীক্ষামূলক প্ৰকল্প ‘প্ৰস্তুতি’ৰ শুভাৰম্ভ কৰা হয়। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, এই আঁচনিত কেশপুৰ আৰু আনন্দপুৰৰ বিভিন্ন স্কুলৰ প্ৰায় ৫০০ৰ পৰা ৬০০ গৰাকী ছাত্ৰ-ছাত্ৰীক নামভৰ্তি কৰোৱা হৈছে। ইয়াৰ ভিতৰত প্ৰায় ৩৫০ গৰাকীয়েই হৈছে ছাত্ৰী। তেওঁলোকৰ বহুতৰে মনত মুখ্যমন্ত্ৰীৰ মহিলা সুৰক্ষা আৰু মহিলা কনিষ্টবল নিযুক্তিৰ চিন্তাধাৰাই এক নতুন আশাৰ সঞ্চাৰ কৰিছে।
 
পশ্চিম মেদিনীপুৰৰ আৰক্ষী অধীক্ষক পাপিয়া চুলতানাৰ ভাষণৰ পিছত এই আঁচনিক লৈ সমগ্ৰ জিলাখনতে ব্যাপক উৎসাহ দেখা গৈছে। আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে কেৱল চাকৰিৰ সুযোগ দিয়াই নহয়, গাঁৱৰ মেধাৱী আৰু পৰিশ্ৰমী ল’ৰা-ছোৱালী যাতে সঠিক পথৰ সন্ধান পাই তাৰ বাবেই এই ব্যৱস্থা কৰা হৈছে।
 
ইয়াত প্ৰশিক্ষক হিচাপে কাম কৰিছে বৰ্তমান কাৰ্যৰত অভিজ্ঞ আৰু সুদক্ষ আৰক্ষী কৰ্মীসকলে। খবৰ অনুসৰি, ‘প্ৰস্তুতি’ আঁচনিৰ মূল বিশেষত্ব হৈছে ইয়াৰ দুমুখীয়া প্ৰশিক্ষণ ব্যৱস্থা। আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ চাকৰি পাবলৈ যিবোৰ প্ৰস্তুতিৰ প্ৰয়োজন, সেই সকলোবোৰ ইয়াত একেলগে পোৱা যাব।
 
আৰক্ষী অধীক্ষক পাপিয়া চুলতানা এগৰাকী ছাত্ৰীৰ সৈতে
 
তেওঁ কয় যে এই প্ৰশিক্ষণ শিবিৰত অংশ লোৱা ছাত্ৰ-ছাত্ৰীসকলক আৰক্ষী কনিষ্টবল আৰু অৰ্ধসামৰিক বাহিনীৰ চাকৰিৰ বাবে প্ৰয়োজনীয় শাৰীৰিক ব্যায়াম, দৌৰ আদিৰ লগতে লিখিত পৰীক্ষাৰ বাবেও প্ৰস্তুত কৰা হ’ব। ভৱিষ্যতে এই আঁচনিখন লাহে লাহে সমগ্ৰ পশ্চিম মেদিনীপুৰ জিলাতে আৰম্ভ কৰাৰ পৰিকল্পনা আছে। আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে বৰ্তমানৰ আৰক্ষী কৰ্মীসকলে নিজৰ অভিজ্ঞতাৰে ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰিব।
 
পৰীক্ষাৰ বাবে কেনেকৈ সঠিকভাৱে প্ৰস্তুতি চলাব লাগে, সেই বিষয়ে তেওঁলোকে পথ দেখুৱাব। ইয়াৰ উপৰি তেওঁ কয় যে আৰক্ষী যে সাধাৰণ মানুহৰ প্ৰকৃত বন্ধু, এই কামটোৱেই তাৰ প্ৰমাণ। বিশেষকৈ ছাত্ৰীসকলক উদ্দেশ্যি তেওঁ কয়, "সুৰক্ষা, আত্মনিৰ্ভৰশীলতা আৰু নিজাকৈ উপাৰ্জন কৰিবলৈ হ’লে এনে প্ৰশিক্ষণ অতি প্ৰয়োজনীয়। সেই উদ্দেশ্যেই এই কাম আৰম্ভ কৰা হৈছে।"
 
আনহাতে অনুষ্ঠানলৈ অহা বহু ছাত্ৰীয়ে কয় যে এই প্ৰশিক্ষণে তেওঁলোকৰ মনত নতুন আত্মবিশ্বাস যোগাইছে। সৰুৰে পৰা এনেকৈ সঠিক বাট আৰু উৎসাহ পালে ভৱিষ্যতে নিজৰ ভৰিত নিজে থিয় হোৱাটো বহু সহজ হ’ব।
 
অনুষ্ঠানত উপস্থিত ছাত্ৰীসকল
 
জানিব পৰা মতে, এই প্ৰশিক্ষণত শাৰীৰিক ব্যায়ামৰ লগতে সাধাৰণ জ্ঞান আৰু জেনেৰেল ইণ্টেলিজেন্স আদিকে ধৰি বিভিন্ন বিষয় শিকোৱা হ’ব। আনন্দপুৰ আৰু কেশপুৰৰ খেলপথাৰত এতিয়া যুৱক-যুৱতীয়ে নতুন সপোন দেখিবলৈ আৰম্ভ কৰিছে।
 
আৰক্ষী অধীক্ষক পাপিয়া চুলতানাই আশ্বাস দিছে যে অনাগত দিনত ‘প্ৰস্তুতি’ৰ এই পোহৰ সমগ্ৰ পশ্চিম মেদিনীপুৰ জিলাতে বিয়পি পৰিব। চিন্তাবিদ তথা বিশ্লেষকসকলৰ মতে, জিলা আৰক্ষীৰ এই বলিষ্ঠ পদক্ষেপৰ বাবে এদিন জংঘলমহলত চাকৰিৰ পৰিস্থিতি সম্পূৰ্ণ সলনি হৈ পৰিব।