অপর্ণা দাস / গুৱাহাটী
পৈলা বৈশাখ (পহিলা বহাগ) হৈছে এটি নতুন আৰম্ভণি, এখন নতুন কেলেণ্ডাৰ আৰু যিয়ে এটি নতুন আশাৰ সূচনা কৰে। কিন্তু এই উৎসৱে লুকুৱাই ৰাখিছে এক চহকী সাংস্কৃতিক পৰম্পৰা, ইয়াৰ অন্যতম ভেটি হৈছে সংগীত। ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা ৰবীন্দ্ৰ সংগীতে যেনেকৈ পুৱাৰে পৰা দিনটো আৰম্ভ হয়, ঠিক তেনেকৈয়ে দিনটোৰ বিভিন্ন সময়ত মেলা, পদপথত সভা, সাংস্কৃতিক অনুষ্ঠান আদিত বাউল গীতে এক আনন্দময় পৰিৱেশৰ সৃষ্টি কৰে। বহাগ আহিলেই যেন চৌপাশে বতাহত বিয়পি পৰে এক চিনাকি সুৰ, কেতিয়াবা "এছো হে বৈশাখ"ৰ গভীৰ আহ্বান আৰু কেতিয়াবা বাউলৰ সহজ অথচ হৃদয় স্পৰ্শ কৰা জীৱনদৰ্শন। এই দুটা ভিন্ন ধাৰাৰ সুৰে যেন একত্ৰিত কৰি ৰাখিছে বঙালীৰ পৰিচয়। পৈলা বৈশাখৰ এই সুৰে হৈছে বঙালী সম্প্ৰদায়ৰ ঐক্য, মানৱতা আৰু সংস্কৃতিৰ প্ৰকৃত পৰিচয়।
পহিলা ব’হাগত সাংস্কৃতিক শোভযাত্ৰাৰ এটি দৃশ্য (ফাইল ফটো)
ৰবীন্দ্ৰনাথ ঠাকুৰৰ "এছো হে বৈশাখ, এছো এছো!" এই গীতটো কেৱল এটি সুৰ নহয়, ই এক গভীৰ দৰ্শন। ইয়াত বৈশাখে নিজৰ উষ্মতা আৰু শক্তিৰে অতীতৰ সকলো ক্লান্তি, দুখ আৰু বেয়া আদি সকলোকে আতঁৰাবলৈ আহ্বান জনায়। "যাক পুৰাতন স্মৃতি, যাক ভূলে যাওয়া গান"— অৰ্থাৎ অতীতৰ দুখ, ক্লান্তি, বিফলতা পাহৰি নতুন জীৱন আৰম্ভ কৰিবলৈ বাৰ্তা প্ৰেৰণ কৰা হয়।
"মুছে যাক গ্লানি, ঘুচে যাক জৰা"— এই শাৰীবোৰে নতুন বছৰৰ কেন্দ্ৰীয় বাৰ্তাটো প্ৰতিফলিত কৰে: পুৰণিক বিদায়, নতুনক স্বাগতম। চহৰৰ সাংস্কৃতিক মঞ্চতেই হওঁক বা গ্ৰাম্য বংগৰ পুৱাৰ শোভাযাত্ৰাতেই হওক, এই ৰবীন্দ্ৰ সংগীতৰ সুৰে বঙালী সম্প্ৰদায়ৰ লোকৰ মাজত নতুন জীৱনৰ আশা জগাই তোলে।
পহিলা ব’হাগৰ সাংস্কৃতিক শোভযাত্ৰাত ৰবীন্দ্ৰ সংগীত পৰিৱেশনৰ লগতে নৃত্য প্ৰদৰ্শন (ফাইল ফটো)
আনহাতে, পৈলা বৈশাখৰ মেলা আৰু উৎসৱত বাউল গীত শুনা যায়, যিয়ে এক সুকীয়া অথচ গভীৰ অনুভূতিৰ উদগনি দিয়ে। লালন ফকীৰৰ বিখ্যাত গীত "সব লোকে কয় লালন কি জাত সংসাৰে"— এই গীতটোত তেওঁ মানৱতাৰ প্ৰকৃত পৰিচয়ক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তাৰ পিছত "মনুষ ভজলে সোনাৰ মনুষ হবি"— এই বাউল দৰ্শনে শিকাইছে যে মানৱতাৰ প্ৰতি প্ৰেমেই হৈছে জীৱনৰ চূড়ান্ত সত্য। জাতি-ধৰ্ম অতিক্ৰম কৰি মানুহক মানুহ হিচাপে চোৱাৰ এই বাৰ্তাই পৈলা বৈশাখৰ আত্মাৰ সৈতে নিখুঁতভাৱে অনুৰণন ঘটায়।
বাউল দলৰ বাউল পৰিৱেশৰ এটি মুহূৰ্ত
পাগল কানাইৰ গীত "আমি কোথায় পাবো তাৰে, আমাৰ মনেৰ মানুষ যে ৰে", শ্বাহ আব্দুল কৰিমৰ "গাড়ী চলে না, চলে না," আৰু হাছান ৰাজাৰ "লোকে বলে বলৰে, ঘৰবাৰী ভালো না আমাৰ"— এই সকলোবোৰ বাউলৰ গীতে মানুহৰ অন্তৰ্দৃষ্টি, আত্মা-বিশ্লেষণ, আৰু সাংসাৰিক বিষয়ৰ পৰা এক প্ৰকাৰৰ বিচ্ছিন্নতাক প্ৰতিফলিত কৰে। আৰু নৱবৰ্ষৰ প্ৰেক্ষাপটত এই চিন্তাই এটা গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰে যে, বাহ্যিক ৰূপতকৈ আভ্যন্তৰীণ শান্তি অধিক গুৰুত্বপূৰ্ণ। একতাৰা, দোতাৰা আৰু খোলৰ সুৰৰ জৰিয়তে বাউলসকলে বাৰে বাৰে আমাক সোঁৱৰাই দিয়ে যে, ঈশ্বৰ আমাৰ ভিতৰতে বাস কৰে।
পহিলা ব’হাগৰ এক অনুষ্ঠানত বাউল সংগীত পৰিৱেশৰ এটি মুহূৰ্ত
প্ৰকৃতি, মানৱতা, দৰ্শন একত্ৰিত হোৱা হৈছে ৰবীন্দ্ৰ সংগীত বঙালী সম্প্ৰদায়ৰ লোকৰ আত্মাৰ এক গভীৰ প্ৰকাশ। আনহাতে বাউল সংগীতে সহজ-সৰল, জীৱনৰ গভীৰ সত্যবোৰ সহজ ভাষাত প্ৰকাশ কৰে। বিশেষকৈ উল্লেখযোগ্য যে, সংগীতৰ দুয়োটা ৰূপেই ধৰ্মীয় পাৰ্থক্যক অতিক্ৰম কৰে। বাউলত হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ শিল্পী যেনেকৈ আছে ঠিক তেনেদৰে ৰবীন্দ্ৰ সংগীতো সকলো বঙালীৰ সমানে ভালপোৱা সংগীত। ফলত পৈলা বৈশাখ সংস্কৃতিয়ে ঐক্যৰ সেতু নিৰ্মান কৰাত ভুমিকা পালন কৰে।
ৰবীন্দ্ৰ সংগীতে কবিতা আৰু দৰ্শনৰ পৰিসীমা প্ৰতিফলিত কৰাৰ বিপৰীতে বাউল সংগীতে মুক্ত চিন্তা আৰু আত্মচৰ্চাক মূৰ্ত কৰি তুলিছে। কিন্তু সংগীতৰ দুয়োটা ৰূপৰ কেন্দ্ৰীয় বিষয়বস্তু একেই: মানৱতা আৰু মানৱতাৰ জয়। পৈলা বৈশাখৰ দিনা এই দুটা সুৰ মিলি এক সাংস্কৃতিক পৰিবেশৰ সৃষ্টি কৰে য’ত হিন্দু বা মুছলমানে হওক সকলো বাঙালীয়ে একেলগে নতুন বছৰক আদৰণি জনায়।
গতিকে, শেষত ক’ব পাৰি যে, পৈলা বৈশাখ কেৱল নতুন বছৰৰ আৰম্ভণি নহয়; ই বঙালী সম্প্ৰদায়ৰ আত্মাৰ উদযাপন। ই ধৰ্মৰ নহয়, সংস্কৃতিৰ চাবিকাঠি। আৰু সেই সংস্কৃতিৰ আটাইতকৈ সুন্দৰ প্ৰকাশ ৰবীন্দ্ৰ সংগীত আৰু বাউল সুৰত পোৱা যায়। য'ত সকলো সুৰ শেষত এটা শব্দৰ ওপৰত একত্ৰিত হয়: "মানুহ হওঁক, মানৱতাক ভাল পাওঁক।" ইয়াতেই প্ৰকৃত শান্তি আৰু নতুন বছৰৰ অৰ্থ নিহিত হৈ আছে।