আৱাজ-দ্য ভইচ অসম ব্যুৰ
চৌদি আৰবৰ জে'লত সুদীর্ঘ ২০ বছৰ থকাৰ পিচত আজি পবিত্র ঈদ-উল-আজহাৰ দিনাই স্বগৃহত উপস্থিত হৈছে কেৰলমৰ আব্দুল ৰহিম। প্ৰায় দুটা দশক ধৰি আব্দুল ৰহিম কেৰালাৰ এখন সৰু গাঁওখনৰ এটা পৰিয়ালৰ স্মৃতি আৰু প্ৰাৰ্থনাতহে জীয়াই আছিল। তেওঁৰ এই প্রত্যাবর্তনে কেৱল পৰিয়ালতে নহয়, বৰঞ্চ ৰাজ্যখনতে আনন্দৰ বন্যা বৈছে। ঈদৰ দিনাই ফাঁচীকাঠৰ হাত সাৰি ঘৰলৈ আহিবলৈ সক্ষম হৈছে সৌভাগ্যবান আব্দুল। ইয়াৰ বাবে আব্দুলে চৌদি আৰবৰ পৰিচিত 'ব্লাড মানি' হিচাপে ৩৪ কোটি টকা আদায় দিবলগীয়া হৈছে।
তেওঁৰ গৃহপ্ৰত্যাৱৰ্তন কেৱল এজন ব্যক্তিৰ উভতি অহা নাছিল। কেৰালাৰ বহুতৰে বাবে এয়া আছিল সামূহিক মানৱতাৰ জয়, বিশেষকৈ কেৰালাৰ জনতা অৰ্থাৎ মালয়ালীসকলৰ একতাৰ এক ডাঙৰ বিজয়।
চৌদি আৰৱৰ জেলত নিজৰ মালিকৰ বিশেষ ভাবে সক্ষম পুত্ৰৰ মৃত্যুৰ গোচৰত দোষী সাব্যস্ত হৈ প্ৰায় ২০ বছৰ কটোৱাৰ পিছত আব্দুল ৰহিম নিজ গৃহ চহৰত উপস্থিত হয় আৰু শ শ গাঁৱৰ ৰাইজ, আত্মীয় তথা শুভাকাংক্ষীৰ পৰা এক আৱেগিক আদৰণি লাভ কৰে। সমগ্ৰ বিশ্বতে থকা মালয়ালীসকলে ধৰ্ম বা সামাজিক মৰ্যাদা নিৰ্বিশেষে তেওঁৰ মুক্তি নিশ্চিত কৰিবলৈ 'ব্লাড মানি' (ক্ষতিপূৰণ) হিচাপে ৩৪ কোটিতকৈও অধিক টকা সংগ্ৰহ কৰাৰ পিছতহে তেওঁৰ এই মুক্তি সম্ভৱ হৈ উঠিল।
কেৰেলাৰ কোডাম্পোঝাৰ ৰাইজে পুৱতি নিশাৰে পৰা অপেক্ষা কৰি আছিল। পুৱা প্ৰায় ৯:১৫ বজাত আব্দুল ৰহিমক কঢ়িয়াই অনা এছইউভি গাড়ীখন গাঁৱত প্ৰৱেশ কৰাৰ সময়লৈকে তেওঁৰ পূৰ্বপুৰুষৰ ঘৰ 'জীনত মঞ্জিল'লৈ যোৱা ঠেক পথটো মানুহেৰে উপচি পৰিছিল। কণ-কণ ল’ৰা-ছোৱালীবোৰ দেৱালৰ ওপৰত থিয় হৈ আছিল, বৃদ্ধ মানুহবোৰে গেটৰ ওচৰত লাখুটিত ভেজা দি আছিল আৰু মহিলাসকলে বাৰাণ্ডাৰ পৰা মনে মনে চাই আছিল, বহুতে তেওঁক চকুৰে দেখাৰ আগতেই চকুলো মচিছিল।
গাড়ীখন লাহে লাহে ভিৰৰ মাজেৰে আগবাঢ়ি যাওঁতে মানুহবোৰ আগুৱাই আহিল, কিছুমানে প্ৰাৰ্থনা কৰিলে, আন কিছুমানে কেৱল সেই মানুহগৰাকীক চাব বিচাৰিছিল যাৰ কাহিনীয়ে সমগ্ৰ ৰাজ্যখনক জোকাৰি গৈছিল। আব্দুল ৰহিমে গাড়ীৰ খিৰিকীখন নমাই দিয়ে আৰু দুৰ্বলভাৱে হাত জোকাৰিলে। তেওঁৰ মুখত ক্লান্তি, অবিশ্বাস্য ভাব আৰু কৃতজ্ঞতা একেলগে ফুটি উঠিছিল।
গাড়ীৰ পৰা নামি অহাৰ পিছত এক মুহূৰ্তৰ বাবে তেওঁক আগুৰি থকা অজস্ৰ মুখবোৰ দেখি তেওঁ আৱেগিক হৈ পৰা যেন লাগিল। ভিৰৰ মাজৰ অধিকাংশই তেওঁক কেতিয়াও ব্যক্তিগতভাৱে লগ পোৱা নাছিল, তথাপিও তেওঁলোকে তেওঁৰ বিষয়ে এনেদৰে কথা পাতিছিল যেন তেওঁ তেওঁলোকৰ নিজৰ পৰিয়ালৰে এজন সদস্য।
বাৰাণ্ডাত থিয় হৈ আছিল তেওঁৰ বৃদ্ধা মাতৃ ফাতিমা। পুত্ৰই কাৰাগাৰত কটোৱা বছৰবোৰত সময়ে তেওঁৰ মুখত গভীৰ বলিৰেখা পৰিছিল, কিন্তু বৃহস্পতিবাৰে পুৱা তেওঁৰ চকুহাল কেৱল পুত্ৰৰ ওপৰতে স্থিৰ হৈ আছিল। যেতিয়াই আব্দুল ৰহিমে তেওঁৰ ফালে চালে, ফাতিমা ভাঙি পৰিল। এখন টাৱেলেৰে মুখখন ঢাকি তেওঁ উচুপি উঠিল আৰু আত্মীয়সকলে তেওঁক সান্ত্বনা দিবলৈ চেষ্টা কৰিলে। আব্দুল ৰহিমেও ভিৰৰ মাজেৰে মাকৰ ফালে আগবাঢ়ি যাওঁতে চকুলো ৰখাব পৰা নাছিল।
ঘৰৰ ভিতৰত, তেওঁৰ বাবে অপেক্ষা কৰি থকা প্ৰথমসাজ আহাৰ সেইগৰাকী মায়ে তৈয়াৰ কৰি থৈ দিছিল, যিগৰাকী মায়ে এই মুহূৰ্তটোৰ বাবে প্ৰাৰ্থনা কৰি প্ৰায় দুটা দশক পাৰ কৰিছিল।
"মোৰ সুখ বৰ্ণনা কৰিবলৈ মোৰ হাতত কোনো শব্দ নাই," আব্দুল ৰহিমে আবেগিক হৈ ক’লে। "হাজাৰ হাজাৰ দয়ালু লোকৰ প্ৰাৰ্থনা আৰু নিঃস্বাৰ্থ সহায়ৰ বাবেই মই আজি জীয়াই আছোঁ। মই তেওঁলোকৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিম।"
প্ৰায় ২০ বছৰ আগতে আব্দুল ৰহিমে উন্নত জীৱিকাৰ সন্ধানত চৌদি আৰৱলৈ গৈছিল। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ২৬ বছৰ। উপসাগৰীয় দেশখনত উপস্থিত হোৱাৰ কেইসপ্তাহমানৰ ভিতৰতে আব্দুলৰ লগত এই শোকাৱহ ঘটনাটো ঘটিছিল।
তেওঁ চৌদি পৰিয়ালৰ এজন ড্ৰাইভাৰ হিচাপে কাম কৰি আছিল আৰু যাত্ৰাৰ সময়ত মালিকৰ বিশেষভাবে সক্ষম পুত্ৰজনৰ লগত গৈ আছিল। সেই সময়তে গাড়ীৰ ভিতৰত হঠাৎ হোৱা এটা জোকাৰণিৰ বাবে ল’ৰাটোৰ ডিঙিত লাগি থকা এটা চিকিৎসা সংক্ৰান্তীয় খাদ্য নলী খহি পৰে বুলি জানিব পৰা গৈছিল। চৌদি আদালতত আব্দুল ৰহিমে দিয়া ভাষ্য অনুসৰি, তেওঁৰ হাতখন দুৰ্ঘটনাবশতঃ শিশুটিৰ সৈতে সংযোজিত হৈ থকা চিকিৎসা সঁজুলিটোত লাগিছিল। ল’ৰাটোৱে পিছত চেতনা হেৰুৱাই পেলায় আৰু মৃত্যুবৰণ কৰে।
যদিও এই ঘটনাটো অনিচ্ছাকৃত বুলি বৰ্ণনা কৰা হৈছিল, তথাপিও ২০০৬ চনৰ ২৪ ডিচেম্বৰত আব্দুল ৰহিমক গ্ৰেপ্তাৰ কৰা হয়। বহু বছৰ ধৰি চলা আইনী প্ৰক্ৰিয়াৰ পিছত ২০১২ চনত তেওঁক মৃত্যুদণ্ড বিহা হয়।
কেৰালাৰ নিজ গৃহত এই গোচৰটো লাহে লাহে এটা ব্যক্তিগত ট্ৰেজেডীৰ পৰা এক ৰাজহুৱা বিষয়লৈ সলনি হ'ব ধৰিছিল।
যেতিয়া খবৰ বিয়পি পৰিল যে ভুক্তভোগীৰ পৰিয়ালে ১৫ নিযুত চৌদি ৰিয়াল অৰ্থাৎ প্ৰায় ৩৪ কোটি টকাৰ বিনিময়ত আব্দুল ৰহিমক ক্ষমা কৰিবলৈ সন্মত হৈছে, তেতিয়া সাধাৰণ মালয়ালীসকলে অসাধাৰণ ধৰণেৰে একত্ৰিত হ’বলৈ আৰম্ভ কৰিলে। সমগ্ৰ কেৰালা আৰু উপসাগৰীয় দেশসমূহত থকা প্ৰৱাসী সমাজৰ মাজত "ছেভ আব্দুল ৰহিম" অভিযানে গতি লাভ কৰিলে।
এই ধন সংগ্ৰহৰ প্ৰচেষ্টা অতি সোনকালে ৰাজ্যখনে প্ৰত্যক্ষ কৰা সৰ্ববৃহৎ ৰাজহুৱা মানৱীয় অভিযানসমূহৰ ভিতৰত অন্যতম হৈ পৰিল। মছজিদ কমিটি, গীৰ্জা, মন্দিৰ, প্ৰৱাসী শ্ৰমিক, ছাত্ৰ-ছাত্ৰী, দোকানদাৰ, অটো-ৰিক্সা চালক আৰু 'কুদুম্বাশ্ৰী' কৰ্মীসকলৰ পৰা অনুদান আহিবলৈ ধৰিলে।
পুঁজি কমিটিৰ আহ্বায়ক কে কে আলী কুট্টীয়ে মনত পেলায় যে কেনেকৈ মানুহে নিজৰ সাধ্য অনুসৰি অনুদান দিছিল। তেওঁ কয়, "কিছুমানে ১০০ টকা পঠিয়াইছিল, আন কিছুমানে ১,০০০ টকা। বহুতো দৰিদ্ৰ মানুহে তেওঁলোকৰ হাতত থকা অতি কমখিনিৰ পৰাই সহায় আগবঢ়াইছিল।"
এই অভিযানে আচৰিত ধৰণৰ মুহূৰ্তৰ সাক্ষী হৈছিল। ধন সংগ্ৰহৰ এটা পৰ্যায়ত মাত্ৰ ৯ মিনিটৰ ভিতৰতে প্ৰায় ১০ নিযুত (১ কোটি) টকা সংগ্ৰহ হোৱা বুলি জানিব পৰা গৈছে। ৰমজানৰ পঞ্চম দিনৰ ভিতৰত সংগ্ৰহ ৫ কোটি টকা অতিক্ৰম কৰিছিল। কিন্তু প্ৰকৃত জোৱাৰ আহিছিল পবিত্ৰ মাহটোৰ অন্তিম দিনকেইটাত।
ৰমজানৰ ২৭ তম নিশা যাক মুছলমানসকলে 'শ্বব-ই-কদৰ' বুলি গণ্য কৰে। সেই ৰাতিটোত আৱেগ আৰু প্ৰাৰ্থনাবোৰ এক বিশাল ৰাজহুৱা সমৰ্থনলৈ ৰূপান্তৰিত হ’ল। মাত্ৰ এদিনতে প্ৰায় ৯ কোটি টকা সংগ্ৰহ কৰা হয়। অৱশেষত ১২ এপ্ৰিলত যেতিয়া লক্ষ্য থকা ধনৰ পৰিমাণ সম্পূৰ্ণ হ’ল, তেতিয়া কেইমিনিটমানৰ ভিতৰতে আৰু ১ কোটি টকা অহা বুলি জানিব পৰা গৈছিল।
কেৰালাৰ বহুতৰে বাবে এই অভিযান কেৱল ধন সংগ্ৰহতকৈও ডাঙৰ কিবা আছিল। ই ধৰ্ম, শ্ৰেণী আৰু ৰাজনীতিৰ ঊৰ্ধ্বত একতাৰ এক বিৰল মুহূৰ্ত হৈ পৰিছিল।
২০২৪ চনৰ ২ জুলাইত 'ব্লাড মানি' বা ক্ষতিপূৰণৰ চুক্তি সম্পূৰ্ণ হোৱাৰ পিছত চৌদি আদালতে আব্দুল ৰহিমৰ মৃত্যুদণ্ড খাৰিজ কৰে। অৱশ্যে, চৌদি ৰাজহুৱা আইনৰ অধীনত, ২০ বছৰীয়া কাৰাদণ্ডৰ ম্যাদ সম্পূৰ্ণ কৰিবলৈ তেওঁ কাৰাগাৰতে থাকিবলগীয়া হৈছিল।
চৌদি আৰৱত থকা ভাৰতীয় দূতাবাসে পিছত তেওঁৰ মুক্তিৰ কথা নিশ্চিত কৰে আৰু কয় যে বিষয়াসকলে চৌদি কৰ্তৃপক্ষৰ সৈতে ধাৰাবাহিকভাৱে যোগাযোগ বজাই ৰাখিছিল আৰু সমগ্ৰ আইনী প্ৰক্ৰিয়াত আব্দুল ৰহিমৰ কুশলতা পৰ্যবেক্ষণ কৰিছিল। দূতাবাসে ধন সংগ্ৰহ অভিযানৰ জৰিয়তে ভাৰতীয় সম্প্ৰদায়ে আগবঢ়োৱা অসাধাৰণ সমৰ্থনকো স্বীকাৰ কৰে।
বৃহস্পতিবাৰে পুৱা, যেতিয়া আব্দুল ৰহিমে অৱশেষত কোডাম্পোঝাৰ নিজৰ ঘৰটোৰ ভিতৰত বহি মাকৰ হাতেৰে বঢ়াই দিয়া আহাৰ গ্ৰহণ কৰি আছিল, তেতিয়া বাহিৰৰ দৃশ্যবোৰ এক উৎসৱৰ দৰেই আছিল। মানুহবোৰ দলে দলে আহিয়েই আছিল, কিছুমানে ফুল লৈ আহিছিল, আন কিছুমানে কেৱল প্ৰাৰ্থনা কৰিবলৈ আৰু তেওঁৰ সৈতে কৰমৰ্দন কৰিবলৈ বিচাৰিছিল।
গাঁওখনৰ মানুহে বছৰ বছৰ ধৰি ফুচফুচাই কৰা প্ৰাৰ্থনাত তেওঁৰ নাম লৈছিল, সেই গাঁৱত আব্দুল ৰহিম এতিয়া আৰু চৌদি আৰৱৰ কোনো দূৰৈৰ কয়দী হৈ থকা নাই। অৱশেষত তেওঁ নিজৰ ঘৰত ঈদ উদযাপন কৰিলে।